সম্পাদকীয়

শৰৎ! মন মোহা অনাবিল আনন্দৰ ঋতু। কুঁৱলীৰ ৰহস্যময় আচ্ছাদন, কঁহুৱা আৰু তলসৰা শেৱালিৰ সৈতে নিয়ৰৰ আলিংগন। নীলা আকাশৰ বুকুত শুভ্ৰ  ডাৱৰৰ লুকাভাকু। জোনটিৰ কাষত নিত্য নতুন তৰাৰ আবিৰ্ভাৱ, যেন সোণালী ফুলৰহে মেলা! শৰৎ ঋতুত মৰ্ত্যতো আনন্দৰ জোৱাৰ উঠে। ঢাক-ঢোল, মংগলাচাৰণৰ শব্দত মুখৰিত হয় মৰ্ত্যৰ বতাহ। পৰম্পৰাগত প্ৰথাৰে দেৱীৰ আৰাধনা কৰে। এয়াই সংস্কৃতি।

সংস্কৃতি প্ৰবাহমান, নদীৰ দৰে বৈ আহে আৰু বৈ যায়। ক'ৰবাত সুঁতি সলায়। প্ৰকৃতিও একেই। কোনো সময়ত নতুনৰ সংযোজন হয়। নতুন আৰু পুৰণিৰ সংমিশ্ৰণত পৰিৱৰ্তন আহে আৰু এই পৰিৱৰ্তনে পৰম্পৰাত শিথিলতা আনে। পৰিৱৰ্তনেই প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিয়ে আমাক বুজাই দিয়ে যে পৰিৱৰ্তন অৱশ্যম্ভাৱী, প্ৰকৃতিৰ বুকুতো আৰু মানুহৰ জীৱনতো। কিন্তু সকলো পৰিৱৰ্তন স্বীকাৰ্য নে? প্ৰকৃতি নিজৰ নিয়মৰ বাহিৰত পৰিৱৰ্তিত নহয়। কিন্তু আমি মানুহে কৰিছোঁ কি? পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম বুলি দোহাই দিওঁ ঠিকেই, কিন্তু আমি প্ৰকৃতিৰ ঊৰ্দ্ধত গৈ নিজৰ লগতে প্ৰকৃতিকো পৰিৱৰ্তিত কৰিবলৈ চেষ্টা কৰা নাই নে?

বিগত সময়ছোৱাত প্ৰকৃতিৰ বুকুত চৌদিশে তাণ্ডৱ উঠিছে। বানৰ কবলত, ভূমিকম্পত হাজাৰজনৰ সপোন নিঃশেষ হৈছে। এফালে দেৱীৰ অৰ্চনাৰ বৈদিক শ্লোকৰ ধ্বনি আৰু আনফালে ন্যায়ৰ দাবীত জনতাৰ আৰ্তনাদ। কোনোজনে অদৃষ্টক ধিয়াইছে আৰু কোনোজনে কাৰোবাক দোষাৰোপ কৰিছে। কিন্তু প্ৰকৃততে এয়া অদৃষ্টৰ বিচাৰ নে মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসযজ্ঞৰ নিৰ্মালি অথবা প্ৰকৃতিয়ে দিয়া প্ৰত্যুত্তৰ? কথাবোৰ আমি চিন্তা কৰিবৰ হ'ল।

মহিষমৰ্দিনীয়ে অন্যায় আৰু অযুক্তিৰ প্ৰতীক মহিষাসুৰ বধৰ সময়তে, শৰতৰ মনোমুগ্ধকৰ ৰূপৰ বুকুতে দেশত অন্যায়-অবিচাৰৰ কত কচৰৎ চলি গ'ল। বৰাকত, অসমৰ বুকুতে অসমীয়া সংস্কৃতিক অৱমাননা কৰা হ'ল। সংস্কৃতিৰ বাহক আৰু সেই বাহকক লৈ সংস্কৃতিক আগুৱাই লৈ যাব খোজাসকলৰ ওপৰত অত্যাচাৰ চলিল এইখন অসমতে। কিমান লজ্জাজনক কথা! অসমতে আজি অসমীয়া নিৰাপত্তাহীন। কিমান পৰিতাপৰ কথা! আজিৰ মানুহে পাৰ্থিৱ বস্তুৰ বাবেই হত্যাৰ দৰে নিকৃষ্ট কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে।  আজিৰ সময়ত প্ৰতিটো উৎসৱতেই  একোটা নাভূত নাশ্ৰুত ঘটনা ঘটা যেন তেনেই স্বাভাৱিক কথা। আচলতে আমি মানুহ নামৰ জীৱশ্ৰেষ্ঠ জীৱবিধ কোন দিশে গৈ আছোঁ? আমি আমাৰ উত্তৰসূৰীক কি দিছোঁ বা কি দি থৈ যাম? নিজৰ সন্তানক নিৰাপত্তা দিবলৈ গৈ আনৰ সন্তানক সৰ্বস্বান্ত কৰাৰ যুক্তি বা অধিকাৰ ক'ত? এবাৰ আমাৰ নিজকে সুধিবৰ হ'ল।

আমি মানুহ নামৰ জীৱবিধ জীৱশ্ৰেষ্ঠ হোৱাৰ কাৰণ এটাই, আমাৰ বিচাৰ-বুদ্ধি আৰু চেতনা শক্তি আছে। আন ক্ষেত্ৰত আমি জৈৱিকভাৱে আন প্ৰাণীৰ দৰেই। চিন্তা কৰিব পৰা শক্তি আছে বাবেই  অথবা চেতনা বোধ আছে বাবেই আমাৰ সমস্যা আছে আৰু সমাধান কৰিব পৰা ক্ষমতাও আছে। বিচাৰ-বুদ্ধি আছে বাবে শুদ্ধ-অশুদ্ধ বিচাৰ আমি কৰিব পাৰোঁ। মানুহ বাবেই আমি মানৱীয় গুণসম্পন্ন। কিন্তু এই গুণসমূহক আৰু আমাৰ বিচাৰ-বুদ্ধি আৰু চেতনা শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিছোঁনে বা আমাৰ উত্তৰসূৰীক কৰিবলৈ শিকাইছোঁনে? এয়াও আমি নিজকে এবাৰ প্ৰশ্ন কৰি চোৱাৰ সময় সমাগত। নহ'লে আমি এদিন আমাৰ উত্তৰসূৰীৰ ওচৰত জবাবদিহি হ'ম। 

সময় এতিয়া স্পৰ্শকাতৰ। আমি মানসিকভাৱে শক্তিশালী হৈ সঠিক পথত অগ্ৰসৰ হ'লেহে আমাৰ পিছৰ প্ৰজন্মই সঠিক পথৰ সন্ধান পাব। আমি আমাৰ সন্তানক দেৱীক বন্দনা কৰাৰ সমান্তৰালকৈ মানৱ বন্দনাক সোঁৱৰাই দিয়াৰো সময় এয়া। নহ'লে পিতৃ-মাতৃ হিচাপে, অভিভাৱক হিচাপে আমি বিফল হৈ ৰ'ম।

সেয়ে শৰতৰ এই পোহৰৰ উৎসৱত আমি কেৱল দেৱীকেই নহয়, নিজৰ বিবেককো প্ৰণাম কৰোঁ আহক। দীপাৱলীৰ এগছি চাকিয়ে  আন্ধাৰ আঁতৰোৱাৰ লগতে আমাৰ মনৰ হিংসা, লোভ আৰু স্বাৰ্থপৰতাৰ আন্ধাৰো আঁতৰাই পেলাওক। প্ৰকৃতিক ভাল পাবলৈ, মানুহক মানুহ বুলি সন্মান কৰিবলৈ আৰু উত্তৰসূৰীৰ বাবে এখন নিৰাপদ, সুন্দৰ পৃথিৱী এৰি থৈ যাবলৈ আমি আজিৰ পৰাই প্ৰতিজ্ঞাবদ্ধ হওঁ আহক। কাৰণ দেৱীৰ আৰাধনা তেতিয়াহে সাৰ্থক হ'ব, যেতিয়া তাৰ সমান্তৰালকৈ মানৱতাৰ আৰাধনাও  হ'ব।

পৰিশেষত সকলোকে দীপাৱলীৰ শুভকামনা যাচিলোঁ। দীপাৱলীৰ পোহৰে সকলোৰে জীৱন পোহৰময় কৰি তোলক।

"জয়তু শব্দচিত্ৰ জীৱন জিজ্ঞাসা।"

 

সম্পাদিকা

শব্দচিত্ৰ_জীৱন জিজ্ঞাসা

পঞ্চম বৰ্ষ,চতুৰ্থ সংখ্যা

5 Comments

  • সমুজ্জ্বল

    অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ

    Reply
  • Mridusmita Phukan

    অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ 💐

    Reply
  • সমীৰ কাশ্যপ বৰা

    সুন্দৰ সম্পাদকীয়, পঢ়ি আপ্লুত হ’লো।

    Reply
  • Kumkum Sarmabaruah

    সুন্দৰ সম্পাদকীয়। শৰৎ ঋতু প্ৰকৃতিৰ সৌন্দৰ্য্য ময়ী ঋতু।

    Reply
  • Kalyani Goswami

    সম্পাদকীয় পঢ়ি আপ্লুত হ’লো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *