গোপীয়ে এটা শিক্ষা পালে- কুমকুম শৰ্মাবৰুৱা
(Gopi Learns a Lesson ) এখন গাঁৱত গোপী নামৰ এটা ল’ৰা আছিল।সি পঢ়া-শুনা কৰিও ভাল নাপাইছিল আৰু কাম-কাজতো বৰ এলেহুৱা আছিল।তাৰ দেউতাক সৰুতেই ঢুকাইছিল। তাৰ মাকে অতি কষ্টেৰে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি ঘৰখন যেনেতেনে চলাই আছিল।গোপীয়ে মাকক কোনো কামতে সহায় নকৰিছিল।মাকৰ তাক লৈয়েই বৰ চিন্তা হৈছিল।সি স্কুললৈও নগৈছিল বা কোনো কাম-বন শিকিবও নুখুজিছিল।সি গোটেই দিনটো লগ- সমনীয়াৰ লগত মাৰ্বল খেলি কটাইছিল অথবা ৰাস্তাত এনেয়ে অনাই-বনাই ঘূৰি ফুৰিছিল। এনেদৰে সময়বোৰ অবাবতে নষ্ট কৰি থকা দেখি গোপীৰ মাকে এদিন গোপীক ক’লে, “বাছা, মই
Read more