দান আৰু দানৰ মহত্ব-বিজয়া শৰ্মা

আমাৰ ধৰ্ম গ্ৰন্থসমূহত দানৰ মহত্ব সুন্দৰ কৈ বৰ্ণনা কৰি গৈছে। দান কেৱল ধনেই নহয় অন্ন, বস্ত্ৰ, বিদ্যা, জ্ঞান, শ্ৰম, ৰক্ত দান সকলোৱেই দানৰ ভিতৰত পৰে। সংস্কৃতত  দানৰ ওপৰত অসংখ্য শ্লোক আছে। এটা শ্লোকত কোৱা হৈছে…… “অন্ন দানং পৰং দানং বিদ্যা দান মতঃ পৰম্। অন্নেন ক্ষণিকা তৃপ্তি যাৰ্ব জীবং চ বিদ্যয়া।। অন্ন দান পৰম দান, বিদ্যা দান তাতকৈও শ্ৰেষ্ঠ। কাৰণ অন্ন দানৰ দ্বাৰা ক্ষণিক তৃপ্তি হে পোৱা যায়, কিন্তু বিদ্যাৰ দ্বাৰা যেতিয়ালৈকে জীৱিত থাকে তেতিয়ালৈকে তৃপ্তি পোৱা যায়। দান সদায় নিঃস্বাৰ্থ আৰু

Read more

সাত বিহুত পালিত লোকাচাৰত প্ৰয়োগ হোৱা উদ্ভিদ আৰু শৰীৰত ইয়াৰ প্ৰভাৱ-উপাসা ভাগৱতী

ফাগুনৰ পছোৱাই ৰঙালী বিহুৰ বাতৰি কঢ়িয়াই আনে। চাওঁতে চাওঁতে চ’ত পাৰ হৈ ব’হাগ পালেহি। ৰঙালীৰ ৰঙেৰে মনবোৰ সকলোৰে ৰঙীয়াল হৈ পৰে। পথাৰ আৰু ভঁড়ালত থকা মানিকী মধুৰীয়ে মনবোৰ ফাগুনৰ কমোৱা তোলাৰ দৰে  পাতল কৰি তোলে। ব্যস্ততাৰ অন্ত পৰাত এনে লাগে যেন মনটো উৰুৱাই নিব। বৰদৈচিলজাকে কঢ়িয়াই আনে বহাগৰ বৰষুণজাক। জীপাল হৈ উঠে প্ৰকৃতি। ফাগুনে লঠঙা কৰা গছত এটি দুটিকৈ কুঁহিৰে সেউজ কৰি সকলোৰে মন শীতল কৰি তোলে। এই প্ৰকৃতি মানুহৰ প্ৰতিটো ক্ষেত্ৰতে অংগাংগীভাৱে জড়িত হৈ আছে। মানুহৰ জীৱনৰ প্ৰতিটো আচাৰ-অনুষ্ঠান,উৎসৱ

Read more

বৌদ্ধ দৰ্শনত মন বা আত্মাৰ ধাৰণা-সংহিতা ভট্টাচাৰ্য্য

বৌদ্ধ দৰ্শনত মন (চিত্ত) অত্যন্ত গুৰুত্বপূর্ণ বিষয়।গৌতম বুদ্ধৰ মতে মন হৈছে মানুহৰ জীৱনৰ মূল চালিকা শক্তি। মনে চিন্তা কৰে, অনুভৱ কৰে, ইচ্ছা কৰে আৰু কৰ্মৰ দিশ নিৰ্ধাৰণ কৰে। বুদ্ধই কৈছিল, “মনেই সকলো বস্তুৰ আগত থাকে, মনেই মুখ্য, মনৰ দ্বাৰাই সকলো গঢ়া হয়।” বৌদ্ধ ধৰ্ম মতে মানুহৰ সুখ-দুখ, বন্ধন-মোক্ষ, পাপ-পুণ্য—সকলোৰ মূল হৈছে মন। বাহ্য জগতৰ বস্তুতকৈ মনক অধিক শক্তিশালী ধৰা হয়। ধম্মপদ (Dhammapada)ত কোৱা হৈছে— “মনোপুব্বঙ্গমা ধম্মা” অৰ্থাৎ মনেই সকলো ক্ৰিয়াৰ আগত থাকে।মানুহে যি ভাবে, সেইমতে কথা কয়, কাম কৰে। বৌদ্ধ

Read more

কবিতাৰ সংজ্ঞাৰ আঁত ধৰি-ৰঞ্জিত কুমাৰ শৰ্মা

কবিতাক সংজ্ঞাৰে বান্ধি ৰাখিব পাৰিনে?কবিতা ৰচনাৰ বাবে কোনেও কোনো ধৰাবন্ধা নিয়ম বা শৈলী নিৰ্ধাৰণ কৰি নিদিলেও বিভিন্ন সময়ত কবি- সমালোচক, দাৰ্শনিক পণ্ডিতে কবিতাৰ সংজ্ঞা দি থৈ গৈছে৷কাশ্মীৰী কবি, সাহিত্যিক-সমালোচক আনন্দবর্ধনে এক হাজাৰ বছৰৰ আগতেই ইঙ্গিতেই কবিতা বুলি কৈ গৈছে৷ ইংৰাজ কবি, নাট্যকাৰ, সাহিত্য সমালোচক টি.এছ. এলিয়টে কবিতাই অর্থ বুজি পোৱাৰ আগতেই পাঠকক কিবা এটা দিয়ে বুলি কৈ গৈছে৷প্রায় আঢ়ৈ হাজাৰ বছৰৰ আগতে এৰিষ্টটলে দিয়া কবিতাৰ সংজ্ঞামতে — ‘Poetry is a recreation of reality’. ইংৰাজ কবি, সমালোচক মেথিউ আর্ণল্ডে কৈ গৈছে—

Read more

অহমিকাৰ বীজত অহংকাৰৰ বটবৃক্ষ-বিৰিঞ্চি মহন্ত

“অহংকাৰে মানুহক কেতিয়াও মহান নকৰে বৰং ই লাহে লাহে মানুহক নিসংগ কৰি তোলে।” ( ৰবীন্দ্ৰনাথ ঠাকুৰ) সৰুতে এটা সাধু শুনিছিলোঁ। এটা অহংকাৰী কুকুৰা আছিল। সি থকা ঠাইখিনিত তাৰ সমান ডাঙৰ অৰ্থাৎ হৃষ্ট-পুষ্ট চেহেৰা আন কুকুৰা নাছিল বাবে অন্য কুকুৰাবোৰে তাক সমীহ কৰিছিল। তাৰ কাষলৈ কোনো আহিলেও, সি যুঁজ কৰি আঁতৰাই পঠিয়াইছিল। সি কাৰো লগ ল’বলৈ বিচৰা নাছিল। সি পুৱাই ডাক দিয়াৰ লগে লগে ঘৰৰ গৃহস্থই সাৰ পাইছিল। গৃহস্থই তাৰ খোৱা-বোৱাত যত্ন লৈছিল। আনবোৰতকৈ তাক প্ৰাধান্য দিয়া বুলি ভাবি সি লাহে

Read more

নদী দ্বীপ মাজুলীৰ কথাৰে-কল্যাণী দেৱী গোস্বামী

​সূৰ্য্য অস্তমিত লুইতৰ বুকুত তেতিয়া হেজাৰ তৰঙ্গৰ খলকনি। শুকান বাঁহেৰে সজোৱা পার্কুপাইনবোৰে সগৌৰৱে নদীখনৰ বুকুত আশে-পাশে থিয় হৈ যেন ক’ব বিচাৰিছে – এয়া চোৱা বুঢ়া লুইতক ভেটিবলৈ আমাৰ নেৰানেপেৰা প্ৰয়াস। ভৰা নৈৰ প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৱে  আমাৰ বুকুত খুন্দা মাৰি পাৰ পায়গৈ মানে শক্তি কমি যোৱাত গৰাখহনীয়াৰ প্ৰকোপ কিছু হলেও কমে। ​এতিয়া এই মুহূর্তত লুইতৰ জলধাৰা শান্ত, সমাহিত। ভাবিব পৰা নায়ায় এই গভীৰ পানীৰ বক্ষত জাহ গৈছিল কতজনৰ আশা-আকাঙ্ক্ষা, কাৰোবাৰ আশাৰ চাকি সমৰ্পিত হৈছিল এই লুইতৰ বুকুত। ডুবন্ত জাহাজখনত কতজনে কঢ়িয়াই

Read more

ভোগালী বিহুৰ তাৎপৰ্য-ইভা শইকীয়া গোহাঁই   

সৰুতে মাঘ বিহু বুলি কলে বহুত দিনৰ আগৰেপৰাই ৰঙত মতলীয়া হৈ থাকো। সেই সময়ত বস্তুৰ অভাৱ নাছিল। নামঘৰত সকলোৱে লগলাগি ভোজৰ আয়োজন কৰে।আমি লৰাছোৱালী বোৰে ঘৰে ঘৰে বাচন বৰ্তন, হেতা আদি সংগ্ৰহ কৰি ফুৰো। সেইবোৰ আনি নামঘৰত থকা ডাঙৰ সকলক চমজাই দিওঁহি।আমি কাৰ ঘৰৰ পৰা কি আনিছো, সকলো কাগজত লিখি ৰাখো। তেতিয়া আমি সেই বিহুৰ তাৎপৰ্য সিমান বুজি পোৱা নাছিলো। বস্তুবোৰ গোটাই ফুৰোতে পিঠাপনা ঘৰে ঘৰে খাই ফুৰো। মুঠতে ভোগালীৰ ভোগকহে চিনি পাইছিলো। বিহু ৰচনা লিখোতে, বিহু আমাৰ জাতীয় উৎসৱ

Read more

মোবাইলত বন্দী জীৱন-নিবেদিতা শৰ্মা 

গোলোকীয় পৃথিৱীৰ বৰ্তমান সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধেই হৈছে মোবাইল ফোন।এই মোবাইল ফোনৰ কৃপাতেই আঙুলিৰ এটা টিপাতে পৃথিৱীৰ সকলো খবৰ তথা ছবি  আমাৰ চকুৰ সন্মুখত ধৰা দিয়ে।সকলো বস্তু ব্যৱহাৰৰ ভাল বেয়া দুটা দিশ থাকে।যদিওবা আমি মোবাইল ফোন ব্যৱহাৰ কৰা বাবে বহু ক্ষেত্ৰত সুবিধা হৈছে তাৰ বিপৰীতে অত্যাধিক ইয়াক ব্যৱহাৰ কৰাৰ বাবে আমাৰ কিছুমান অসুবিধাও হোৱা দেখা যায়।মূৰৰ বিষ,নিদ্ৰাহীনতা, চকুৰ পাৱাৰ কমা এনেধৰণৰ কিছুমান বেমাৰ বেছি সময় মোবাইল ব্যৱহাৰ কৰা বাবেই হোৱা দেখা যায়।দুই মিনিটকৈ অধিক সময় মোবাইলত কথা পাতিলে কাণৰ লগতে

Read more

শৰৎ স্তুতি-উপাসা ভাগৱতী

ঋতু আহে ঋতু যায়।বছৰটোৰ অন্তৰ্গত প্ৰতিটো ঋতুৱে আমাৰ মনলৈ ন-উদ্যম,ন-উন্মাদনা কঢ়িয়াই আনে।এই ঋতুসমূহৰ ভিতৰত দুটি ঋতুৱে আমাৰ ওপৰত অধিক ক্ৰিয়া কৰে।সেইবাবেই এই ঋতু দুটিৰ এটিক আমি ঋতুৰাজ আৰু আনটোক ঋতুৰাণী বুলি অভিহিত কৰো।বছৰটোৰ প্ৰাৰম্ভতে বসন্তই যিদৰে মনলৈ এক সুকীয়া ভাৱ কঢ়িয়ায়, সেইদৰে শৰতে অনা সুগন্ধিত বতাহজাকে কঢ়িয়াই আনে সেউজ কোমল কুসুমৰ লালিত্য।গ্ৰীষ্মৰ উষ্ণতাই ডেই পুৰি নিয়া শৰীৰক শৰতৰ সুগন্ধিত মলয়া,শেৱালি,বকুলৰ পৰশ আৰু কঁহুৱাৰ শুভ্ৰতাই মনলৈ প্ৰশান্তি আনে।জলাশয়ৰ নিৰ্মল স্ফটিক ধাৰা আৰু সুনীল গগণত উৰি থকা শুভ্ৰ কপহুৱা মেঘে মনত ন-শিহৰণ

Read more

কৰম পৰৱ -ড° মৃদুস্মিতা ফুকন

কৰম পৰৱ হৈছে চাহ-শ্ৰমিকসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ। এই উৎসৱৰ অন্তৰ্নিহিত উদ্দেশ্য নি:সন্দেহে বৃক্ষপূজা। ভাদ মাহৰ শুক্লা একাদশীত আয়োজন কৰা এই কৰম পূজাৰ অন্যতম আকৰ্ষণ হৈছে এই উপলক্ষে পৰিবেশন কৰা ঝুমুৰ নৃত্য-গীত। সেয়ে ভাদ মাহ সোমোৱাৰ লগে লগে চাহ-শ্ৰমিকসকলৰ ‘ উড়ল মন থিৰ নাহি।’ গতিকে সকলোৱে এই নৃত্য-গীতত ভাগ লয়। পূজাৰ তিনি, পাঁচ বা সাত দিনৰ আগতে উপবাসে থকা গাভৰুসকলে গা-পা ধুই নদীৰ ঘাটত ঢোল,তাল,বাঁহী আদি বজাই ধূপ-ধুনা জ্বলাই আৰতি কৰি নতুন কুলা বা পাচিত এটাত সকলোৱে একো আঁজলিকৈ বালি ভৰায়

Read more
1 2 3 5