শৈলশৃংগ-সমুজ্জ্বল কাশ্যপ

                              (১) মহাৰাজ সুদক্ষিণৰ সোণালী ৰাজত্বকাল। পাটকাই পাহাৰৰ এক নিভৃত, দুৰ্গম অথচ স্বৰ্গীয় কোণত অৱস্থিত সৰু চহৰ ‘মেঘগড়’। চাৰিওফালে অভ্ৰভেদী পৰ্বতমালা, শিখৰবোৰে অহৰহ আকাশৰ সৈতে কথা পাতিছে। পাহাৰৰ বুকু ফালি কুল্-কুল্ বৈ গৈছে প্ৰাচীন দিহিংগিয়া নৈখন। নদীৰে বৈ অহা স্ফটিকৰ দৰে পানীয়ে কঢ়িয়াই আনিছে সুদূৰ হিমবাহৰ শীতলতা আৰু অৰণ্যৰ সুবাস। পাহাৰৰ শিখৰত অৱস্থিত দেৱতা গিৰিশ্বৰৰ প্ৰাচীন শিলৰ মন্দিৰটো। মন্দিৰৰ প্ৰধান পুৰোহিত দেৱেশ্বৰ ভট্টাচাৰ্য – এজন ধৰ্মপ্ৰাণ

Read more

‎‎মৰুতৃণ-সমুজ্জ্বল কাশ্যপ

‎ছোৱালীজনীৰ নাম মৃণালিকা দত্ত। উত্তৰ অসমৰ এখন সৰু গাঁৱৰপৰা আহি মধ্যপ্ৰাচ্যৰ বালিৰে ঘেৰাও কৰি থকা মহানগৰীখনত উপস্থিত হৈছিল, দুচকুত উচ্চ শিক্ষাৰ স্বপ্ন লৈ।  ‎‎তৈলনগৰীত তাইৰ প্ৰথম অনুভৱ……. ‎”আকাশখনৰ ৰংটো মাটিৰ দৰে; ‎ৰ’দখিনি যেন আগ্নেয়গিৰিৰ মুখৰ পৰা ওলাই অহা একুৰা জুই।” ‎‎তাই পঢ়িবলৈ অহা বিশ্ববিদ্যালয়খন আধুনিক, চহৰখনৰ মানুহবোৰো অত্যন্ত ব্যস্ত, কিন্তু মৃণালিকাৰ মনটো সদায় ব্ৰহ্মপুত্ৰৰ পাৰত। মাকৰ হাতৰ জেতুকাৰ গোন্ধ, দেউতাকৰ সন্ধিয়া বাতৰি শুনাৰ অভ্যাস— এইবোৰ স্মৃতি মনত সামৰি, নতুন পৰিৱেশত নিজকে খাপ খুৱাই ল’বলৈ প্ৰথমতে তাইৰ যথেষ্ট কষ্ট হৈছিল যদিও

Read more

অন্য এক উৰ্মিলাৰ কথকতা-চিত্ৰলেখা দেৱী

                                (মহাভাৰতৰ কাহিনীৰ আধাৰত) (১)  শুভ্ৰ শৱাচ্ছাদন কিঞ্চিত আঁতৰাই মুখ দৰ্শন কৰোৱাৰ তৎমূহুৰ্ততেই মাতৃ সুভদ্ৰা মূৰ্চ্ছিত হৈ পৰিল।বিশেষ দ্ৰব্যৰে সংৰক্ষণ কৰি ৰখা অভিমন্যুৰ শৱদেহৰ দাহ কাৰ্য্যৰ বাবে ইতিমধ্যে চিতা প্ৰস্তুত কৰা হৈ গৈছে।মাত্ৰ মাতৃ সুভদ্ৰা আৰু পত্নী উত্তৰাৰ বাবে অপেক্ষাৰত হৈ আছিল পাণ্ডৱকূল।যুদ্ধ ভূমিৰ বিৰতিৰ সন্ধ্যাৰ শোকাকুল পৰিবেশ।কেওফালে হাঁহাকাৰ ধ্বনি।অদূৰৰ জংঘলত মাংসাহাৰী শিয়াল-কুকুৰৰ আৰাও।নিয়তি পক্ষীৰো কুৰুলি….যেন অট্টহাস্য দৈনিক ৰণত পৰা শত-সহস্ৰ দুৰ্ভগীয়াৰ;ৰণত পৰা সৈন্যসকলৰ মৃতদেহৰ

Read more

তথাপিও হোৱা নাই ক্লান্ত-গীতামনি দত্ত

মাৰ ঘৰৰ কাষৰ বাৰীখন উদং হৈ বহু দিন পৰি আছিল।প্ৰায় তিনি কঠামান মাটি হ’ব!আমাৰো ভাল লাগে ঘৰৰ কাষতে খালী বাৰীখন থকাৰ বাবে কাৰণ গৰমৰ দিনত ৰিব্ ৰিব্ কৈ বৰ সুন্দৰ মলয়া বতাহ এজাক গাত লাগে,মনটো শাত পৰি যায়।ঠিক তেনেকৈ শীতৰ দিনতো আগফালৰ বাৰাণ্ডাখনত গোটেই দিনটো ৰ’দ জাক পৰি থকাত গোটেই পৰিবেশটোৱেই ফৰকাল হৈ থাকে।কেতিয়াবা মনতে ভয়ো লাগে জানোচা বাৰীখনত মস্ত ওখ পকী বেৰ এখন দিলে কি হ’ব!আনৰ বাৰী,ক’বতো নোৱাৰি কেতিয়া কি কৰে।বাৰীখন আন কাৰো নহয়, আমাৰ সকলোৰে হিয়াৰ আমঠু জ্যোতিপ্ৰসাদ

Read more

হাতো নেমেলিবি ফুলো নিছিঙিবি-চিত্ৰলেখা দেৱী

(প্ৰথম খণ্ড) চলৌপ-চলৌপ-চলৌপ,চলৌপ-চলৌপ-চলৌপ….ভৰ দুপৰীয়া কেউফালে নিজান,আন শব্দৰ পয়োভৰ নাই। ৰংমনে ব’ঠাপাত আৰু জোৰেৰে মাৰিবলৈ চেষ্টা কৰিছে…সোনকালে ঘৰ পাবগৈ লাগে।আজি এবছৰ দিন ধৰি আই-পিতাই,ককাই-ভাই কাকো দেখা নাই।কিমান হেঁপাহেৰে চাগৈ ৰংমন আহিব আহিব বুলি তেওঁলোকে বাটলৈ চাই আছে!তাতোকৈ…তাৰ কলিজাৰ এফাল তেজীজনীকো যে কিমান দিন লগ পোৱা নাই!আজি এবছৰে তাই চাগৈ ৰঙে-ৰূপে  পাটগাভৰুজনী হৈ পৰিছে।তাইৰ মুখখন এবাৰ প্ৰাণ ভৰি চাবলৈ ৰংমনৰ মনটো ব্যাকুল হৈ পৰিল।ইতিমধ্যে সাউদৰ বৰনাও বুকুত মেটমৰা বোজা লৈ লুইতৰপৰা দিখৌৰ মোহনাৰে সোমাই পৰিল।উজাই নাও বাবলৈ কিছু কষ্ট হয় যদিও কষ্টৰ

Read more

বহুদিন বকুলৰ মালা গঁথা নাই -সমুজ্জ্বল কাশ্যপ

                                                       (১) বকুল আৰু মালা।  মথাউৰিটোৰ তললৈ বৃহৎ গছজোপাৰ পিছফালে নীৰৱে বৈ থকা নৈখন সম্মুখত লৈ দুয়োটা বহিছে। নৈৰ পানীৰপৰা ছিটিকি আবেলিৰ বেলিটোৰ ৰাঙলী আভাখিনি তেতিয়া দুয়োৰে গালে মুখে।  মুখত এটাৰো মাত নাই। মালাৰ সোঁহাতখন হাতৰ মাজত আলফুলে সাবটি বকুলে তাইৰ অনামিকা আঙুলিটোত পিন্ধি থকা কণমানি আঙুঠিটো লিৰিকি বিদাৰি আছে। তাৰ বাওঁকান্ধত মূৰটো পেলাই

Read more

নিস্তব্ধ নিশাৰ কোলাহল-পল্লবী কৌশিক শৰ্মা

                                                       (১) চিপচিপিয়া বৰষুণ এজাক গাতে লৈ কৰ্মস্থানৰ পৰা ঘৰ অভিমুখে ৰাওনা হৈছে চন্দ্ৰমিতা । সন্ধিয়াৰ এই সময়খিনি বজাৰখনৰ মাজেৰে তাই সাধাৰণতে খোজ কাঢ়ি আহিয়েই ভাল পায় । এনেই পাতলীয়া ভিৰ থাকে যদিও আজি হয়তো বৰষুণজাকৰ বাবেই মানুহৰ সমাগম একেবাৰে কম । দুই এজনে হাততে ছাতি এটা লৈ ব্যস্ততাৰে তাইক পিছ পেলাই আগুৱাই গৈছে

Read more

দ্যা ফেল’নি( The_Felony)-বিস্মিতা শৰ্মা

(১) কিনকিনিয়া বৰষুণৰ মাজেৰে দুমহলীয়া ঘৰটোৰ সুবিশাল চৌহদটোৰ সন্মুখত ক’লা ৰঙৰ মটৰ চাইকেল এখন আহি ৰ’লহি৷আৰোহীজনে গেটৰ বাহিৰৰপৰাই কিছুপৰ ঘৰটোলৈ চালে।এটা কোঠা বাদ দি ঘৰটোৰ বাকী অংশ অন্ধকাৰত ডুব গৈ আছে৷ ঘৰটো বহুবছৰ আগতে বনোৱা যদিও ঘৰটোৰ কাৰুকাৰ্যত পুৰণি আভিজাত্য বিদ্যমান।আৰোহীজন চহৰখনৰ কেন্দ্ৰত থকা সদৰ থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিমন্যু কাশ্যপ৷ মটৰ চাইকেলখন চৌহদটোৰ ভিতৰৰ দেৱদাৰু এজোপাৰ তলত ৰাখি অভিমন্যুৱে পকেটৰপৰা ৰুমাল এখন উলিয়াই মুখখন মচি ল’লে৷ ঘৰটোৰ ভিতৰৰপৰা ভায়োলিনৰ এটি কৰুণ সুৰ ভাঁহি আহিছে৷ অভিমন্যুৱে কলিংবেলটো বজাব লওঁতেই দুৱাৰখন

Read more

নীৰৱ ঘাতক(ৰহস্য উপন্যাসিকা)-অৰবিন্দ গোস্বামী

                                                          (১) : তোমাৰ নাম? : আইমী….আইমী পায়েং। : মোৰ নাম বকুল…বকুল গগৈ। : জানো,অকণিয়ে কৈছে মোক। কিছু সময় নিস্তব্ধতা।মনৰ ভিতৰত যেন বহু কিবাকিবি শব্দই খুন্দা মাৰিছেহি কিন্তু মুখেৰেহে একো কথা ওলাই অহা নাই।সেই নিস্তব্ধতা ভাঙি বকুলেই মাত লগালে…. : এতিয়া আমি কিয় আহিছো গম পাইছানে? : পাইছোঁ। : তোমাৰ কিবা আপত্তি?

Read more

অভিশপ্ত ঘৰ-কুশল মহন্ত 

(পুনশ্চ::::::::::::::ৰক্তিম বৰুৱাই আত্মহত্যা কৰিছিল।আপাতদৃষ্টিত ৰক্তিমৰ দেউতাকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল যদিও প্ৰকৃততে ৰক্তিম বৰুৱাৰ দেউতাকক ৰক্তিমেই হত্যা কৰিছিল।মাকে কৰিছিল এই ষড়যন্ত্ৰ।ৰক্তিমে ভাবিছিল দেউতাকে মাকক মিছাকৈ পৰপুৰুষৰ লগত সন্দেহ কৰি মাৰধৰ কৰে।সিদিনাও ৰক্তিমৰ দেউতাকে মাকক মাৰধৰ কৰিছিল।হিতাহিত জ্ঞান হেৰুৱাই ৰক্তিমে দেউতাকক ক্ৰিকেট বেটেৰে কোবাই হত্যা কৰিছিল।ৰক্তিমে পিছতহে গম পালে যে আচলতে তাৰ মাকৰহে সম্পৰ্কীয় খুৰাকৰ সৈতে অবৈধ সম্পৰ্ক আছে।এয়া সি নিজ চকুৰে দেখিছিল।এক ভয়ানক পৰিকল্পনা কৰি ৰক্তিমে নিজৰ মাককো হত্যা কৰে।ৰক্তিমৰ মাকৰ মৃত্যুৰ পিচত ৰক্তিমৰ মানসিক ভাৰসাম্যতা হেৰাইছিল।তাক যেন মাক আৰু দেউতাকে

Read more
1 2