অভিশপ্ত ঘৰ-কুশল মহন্ত

(এক) ঘৰটোলৈ অহা মোৰ বেছিদিন হোৱা নাই।এটা দুমহলীয়া ঘৰ  আৰু বৰ্তমানৰ ইয়াৰ একমাত্ৰ আৱাসী মই।ঘৰটো লোৱাৰেপৰা ওচৰ চুবুৰীয়াই মোক আচহুৱাকৈ চায়, তেওঁলোকে হয়তো মোক সহজভাৱে ল’ব পৰা নাই। নল’বলগীয়া কথাই ,কাৰণ তেওঁলোকৰ বাবে সেই ঘৰটো অভিশপ্ত বা ভূত-প্ৰেতৰ বাসস্থলী।ঘৰটোত হেনো ৰাতি ভূত-প্ৰেত ওলায়।বহুজনে দেখিছে বুলি মই শুনিবলৈ পাইছোঁ।ঘৰটো মোৰ বন্ধু এজনৰ আছিল।ঘৰটোত তাৰ বাহিৰে কোনো নাছিল।পিছলৈ সি ডিপ্ৰেচনৰ চিকাৰ হৈ ঘৰটোতেই চিপ লৈ আত্মহত্যা কৰিছিল।তেতিয়াৰপৰাই ঘৰটোলৈ যাবলৈ মানুহে ভয় কৰিছিল আৰু যেতিয়া ঘৰটোৰ দ্বিতীয় আৱাসী ভাড়াতীয়া এজনেও আত্মহত্যা কৰিছিল,তেতিয়া ওচৰ

Read more

পাপুৰ কথাৰে -সমুজ্জ্বল কাশ্যপ 

আকাশখন গোমা। সন্ধিয়াৰ আগতেই চৌদিশ অন্ধকাৰ হৈ আহিছে। হয়তো এজাক বৰষুণ  ডাঙৰকৈয়ে আহিব। গৌৰী মাষ্টৰ এতিয়াও স্কুলৰ পৰা অহা নাই৷ কণমানিটোক বুকুত বান্ধি মঞ্জুৰ মনত চিন্তা। পথাৰৰ মাজৰ অকলশৰীয়া টিঙৰ চালিৰ ঘৰটোত তেওঁৰ অকলে বৰ ভয় লাগে। তাতে আজি বতৰটো যেনেকৈহে আহিছে! : মাষ্টৰ বোপা এতিয়াও অহা নেকি আই?  : অ’…… আমৈ আহিছ! তেওঁচোন আহিয়েই পোৱা নাই৷ পাঁচ বাজিবৰ হ’ল। ইফালে পাপু স্কুলৰপৰা আহিয়েই ওলাই গ’ল, এতিয়াও ঘৰ সোমোৱা নাই। মোৰ বৰ চিন্তা হৈছে। : তহঁতৰ গৰুদুটা আনি পিচফালে বান্ধি

Read more

ভাল পাওঁ বুলি এবাৰো নাপালা কৈ-সমুজ্জ্বল কাশ্যপ

ফুল সা খিল কে পাস আ দিল কে দূৰ সে মিলকে চেইন না আয়ে অউৰ কব তক মুঝে তৰপায়েগী তু….. মেৰে সপনো কি….ৰাণী কব… আয়েগী তু… আই ৰুত…..মস্তানি…. বাছৰ স্পীকাৰত কিশোৰ কুমাৰৰ গীতটো উচ্চ স্বৰত বাজি আছিল। গীতৰ কলিটো অমিতেও মুখৰ ভিতৰতে গুণগুণাই চালে। প্ৰিয় গীতটোৰ তালে তালে নিজকে ৰাজেশ খান্না আৰু সম্মুখৰজনী শৰ্মিলা ঠাকুৰৰ দৰে লাগিল তাৰ। পাৰ্থক্য মাথো, ৰাজেশ খান্নাৰ দৰে সমান্তৰালকৈ জীপৰ ওপৰত নাথাকি সি যেনিবা নায়িকাৰ লগত একেখন বাছতেই বহি আছে। যান-জঁটৰ বাবে বাছখনৰ গতি যথেষ্ট

Read more

ডেজা ভূ (déjà vu)-যোগেশ ভট্টাচাৰ্য

(প্ৰথম খণ্ড) খপজপকৈ সাৰ পাই উঠিল সি। প্ৰায়েই সেই সপোনটো দেখে সি। মংগল গ্ৰহৰ আকাশত এয়াৰবাইক খন লৈ সি ঘূৰি ফুৰে। পলমকৈ অফিচত সোমায়েই সি বছৰ সন্মুখীন হ’ল। “আজিও দেৰিকৈ সাৰ পালা নেকি স্বপ্নীল?” তাৰ লগত বছৰ খুবেই ভাল সম্পৰ্ক। দায়িত্বৰ কামখিনি নিয়াৰিকৈ কৰে বাবে পলম হলে বা কেতিয়াবা ছুটী ল’লেও বছে বেয়া নাপায় তাক। অফিচটোত সিয়েই একমাত্ৰ ব্যক্তি যাৰ লগত বছে ব্যক্তিগত কথাও পাতে মাজে সময়ে। “আজি আকৌ সেই সপোনটো দেখিছিলোঁ, চাৰ।” “মংগল গ্ৰহৰ সপোনটো? হেঃহেঃ।” “হমম… মংগল গ্ৰহত

Read more

বৰষা_যেতিয়া_নামে-সমুজ্জ্বল কাশ্যপ

দুপৰীয়া ডেৰমান বাজিছে। বাহিৰত প্ৰখৰ ৰ’দ। আনদিনাৰ দৰে আজিও সি অফিচৰ পৰা দৌৰাদৌৰিকৈ ওলাই আহিল৷ উদ্দেশ্য, স্মিতাক লগ কৰা। : ছেঃ আজিও দেৰি হ’ল। পাঁচ মিনিটৰ বাট যদিও এইটো সময়ত যান-জঁটৰ বাবে পঁচিছ মিনিটমান লাগে। তাই প্ৰায়েই ৰৈ থাকিবলগীয়া হয়। কিবা এটা খোৱাৰ অজুহাত লৈ দুয়ো স্মিতাৰ অফিচৰ সম্মুখৰ ৰেষ্টোৰাখনত একেলগে অলপ সময় বহে। স্মিতাৰ মানসিক অৱস্থাটোৰ কথা ভাবি অন্যমনষ্ক হৈ থকা সিদ্ধাৰ্থৰ কাষেৰে কাৰ এখন সাউৎকৈ পাৰহৈ ঠিক তাৰ আগতে ৰৈ গ’ল। যেনে তেনে ব্ৰেকডাল টানিহে সি খুন্দা নলগাকৈ

Read more
1 2