জন্মদাত্ৰী বনাম মৃণ্ময় মূৰ্ত্তি-চন্দ্ৰপ্ৰভা বৰুৱা
“মা, তই এইখিনিতে ৰ, পূজাথলীত দেখিছনে কিমান ভিৰ।তই সোমাব নোৱাৰিবি।তাতে বৰষুণো দি আছে, তই যাব নালাগে।ময়ে তোৰ আৰু ঘৰখনৰ মঙ্গল কামনা কৰি চাকি এগছি দি আহো।” কথাকেইটা কৈ সি অলপো পলম নকৰি ভিৰৰ মাজত সোমাই পৰিল।কিনকিনীয়া বৰষুণে ইতিমধ্যে মূষলধাৰৰ ৰূপ ল’লে। তেওঁ ৰৈ থকা দোকানখনত মানুহৰ ভিৰ। সকলোৱে বৰষুণৰপৰা নিজকে বচোৱাৰ বৃথা চেষ্টা কৰিছে। এসময়ত বৰষুণ শাম কাটিলে।ৰৈ থকা মানুহবিলাক খৰধৰকৈ দোকানৰপৰা ওলাই ঘৰমুৱা হ’ল।এতিয়াহে যেন তেওঁ ভালকৈ উশাহ ল’ব পাৰিছে।ইফালে সিফালে কেউফালে চালে তেওঁ, জানোছা পুতেকক দেখা পায়। ক’তো
Read more