ভিক্ষুকৰ জীৱিকা পৰিবৰ্তন,মূলঃ অমিতাভ প্ৰামাণিক,অনুবাদ-মামণি কলিতা
মই শিয়ালদহ ষ্টেচনৰ মূল শাখাৰ নিয়মীয়া যাত্ৰী। যোৱা পোন্ধৰ বছৰ ধৰি কৰ্মসূত্ৰে সেইটো লাইনৰ ট্ৰেইনত অহা-যোৱা কৰি আছোঁ। ট্ৰেইনৰ বহুসংখ্যক নিতৌ অহা-যোৱা কৰা লোক, হকাৰ আনকি ভিক্ষাৰী কেইজনৰো মুখ চিনাকি হৈ গৈছে। ভিক্ষাৰী কেইজনৰ ভিতৰত এজনৰ নাম আছিল মাধাই, পোন্ধৰ ষোল্ল বছৰ বয়সৰ পৰা তেওঁক মই দেখি আহিছোঁ। তেওঁ জন্মান্ধ। বাৰাকপুৰৰ পৰা দমদমলৈ অহা বাটছোৱাত ট্ৰেইনত ভিক্ষা খোজে। লাহে লাহে মাধাই ডাঙৰ হোৱা দেখিলোঁ, জীৱনসংগী বিচাৰি পোৱাও দেখিলোঁ, আনকি তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হোৱাও দেখিলোঁ। স্বামী-স্ত্ৰী অন্ধ হ’লেও সন্তানটি
Read more