সময়ৰ কথকতা-ববিতা শৰ্মা

প্ৰায় তিনি বিঘা মাটিৰ বাৰীখনক লৈ  প্ৰকাণ্ড চৌহদটো।চৌহদটোৰ মাজতে আছে ওখ পকা ভেঁটিৰ কাঠৰ বাটাম দিয়া প্ৰকাণ্ড ঘৰটো।বাঁহৰ কামিৰ ওপৰত বিলাতী মাটিৰ প্ৰলেপ সানি মজবুতকৈ সজা বেৰবোৰত চূণ সানি দেখনিয়াৰ কৰি তোলা হৈছিল।বাটামত সনা হৈছিল ক’লা ইন্দ্ৰকূট। খিৰিকীবোৰ আহল-বহল।সন্মুখৰ কাঠৰ দুৱাৰখনত দুপাহ পদুম ফুল।এতিয়া অৱশ্যে যত্নৰ অভাৱত ঘৰটোৰ এফাল জহি-খহি গৈছে।আগফালে আৰু পাছফালে দুখন বেচ আহল-বহল চোতাল। পাছচোতালখন আগচোতালতকৈ তুলনামূলকভাৱে অলপ বেছি বহল।ঘৰটোৰ একাষে এটা ভঁৰাল। উৱলি যোৱা বেৰকেইখন আৰু খুটা চাৰিটাৰে সাক্ষী গোপাল ভঁৰালটোৰ আকাৰ-প্ৰকাৰ চায়ে এসময়ত যে বেচ বুজনেই

Read more

মহাজন-হৰিচন্দ্ৰ ডেকা

: খুখ্না কা দেখোন! চুঁচি-মাজি কেনিনো যোৱা? বোৱাৰীৰ মৰমে চাগৈ চহৰৰ পৰা হাত বাউল দি মাতিছে? : এৰা অ’ বাপধন ! পিছে বোৱাৰীৰ মৰমত বুলিয়ে কৱ নে নাতিৰে মোহ নাজানো, সিহঁতৰ আকৌ বাৰীৰ শাক পাচলি অথবা পুখুৰীৰ মাছ নহ’লে পেটেই নভৰে। দেখিছই নহয়, চিকনে সময় নাপাই বুলিহে, বাপধনে অকলে কিমান কৰিব?হওঁতে পাচলিৰ ফাৰ্মখনত গাঁৱৰে কিমানজন বেকাৰ ল’ৰাই কাম কৰি আছে, এয়া গাঁওখনৰে কাৰণে মঙ্গলৰ কথা নহয়নে বাপধন? তাতেই আজি মৈমনচিঙিয়া জালোৱা মাতি ফিচাৰীৰ পৈণত মাছবোৰ বিক্ৰী কৰি দিলে৷ বোলো এই

Read more

আনন্দৰ অশ্ৰু-নয়নমণি শৰ্মা

প্ৰভাতৰ প্ৰথম সুৱৰ্ণ ৰশ্মিটো যেতিয়া বন্ধ খিৰিকীৰ ফাঁকেৰে আহি ৰূপমৰ মেজত থকা  পুৰণি, ধূলিয়ৰি ডায়েৰীখনৰ ওপৰত পৰিল, সি তেতিয়াও নিদ্ৰা বিহীন চকুৰে খিৰিকীখনলৈ চাই আছিল। চকুৰ তলৰ গাঢ় ক’লা দাগবোৰে স্পষ্টকৈ কৈছিল—এইটো মাত্ৰ এটা  উজাগৰী নিশা নহয়, ইয়াৰ আঁৰত আছে বহুতো নিশাৰ স্বপ্ন, কঢ়িয়াই ফুৰা হৈছে বহু বছৰৰ নীৰৱ সংগ্ৰাম, ভাগৰ আৰু অগণন বিফলতাৰ গধুৰ ইতিহাস। ​ৰূপম আছিল এক নিভৃত গাঁৱৰ অতি সাধাৰণ ডেকা। সৰুতেই দেউতাকৰ ছাঁটো মূৰৰ পৰা আঁতৰি যোৱাৰ পিছত, জীৱনৰ কঠিন বাস্তৱৰ সৈতে সি আৰু তাৰ মাকে

Read more

অস্ত্ৰ -নন্দিতা ভাণ্ডাৰ কায়স্থ

অনলাইন ক্লাছ শেষ কৰি  কীৰ্তিয়ে কিতাপ বহী  সামৰি থ’লে। তাই দৌৰাদৌৰিকৈ মাক-দেউতাকৰ শোৱনি কোঠা সংলগ্ন বাথৰুমলৈ খোজ লৈছিল হে মাত্ৰ। ঠিক সেই সময়তে এটা মিঠা সুহুৰিৰে কলিং বেলটো বাজি উঠিল। দুৱাৰ খুলি দিয়াতকৈও বাথৰুমলৈ যোৱাটো তাইৰ বাবে যেন বেছি জৰুৰী হৈ পৰে। বহু সময় অধ্যয়নত ব্যস্ত থকা হেতুকে তাই প্ৰকৃতিৰ আহ্বানক নেওচা দি আছিল। বাথৰুমৰপৰা পৰা ওলাই দুৱাৰ খুলিবলৈ পৰ্টিকলৈ যাবলৈ খোজোঁতেই মোবাইলটো বাজি উঠে। মাকৰ কল। ফোনটো ৰিচিভ কৰিলে তাই। “কীৰ্তি মা, মোৰ নামত এমাজনৰ পাৰ্চেল এটা আহিছে নেকি

Read more

আন্ধাৰত পোহৰৰ বাট-মমী বৰা

আবতৰীয়া বৰষুণজাকে প্রতিমাৰ পৃথিৱীখন তচ্-নচ্ কৰি পেলালে। পাতলীয়া ধুমুহা এজাকে কোনোমতে লাগি থকা পিছফালৰ চালিখনো এৰুৱাই নিলে। ছাগলীৰ বেবনি, গাই দুজনীৰ হেম্বেলনীয়ে তাইৰ কাণ দুখন তাল মাৰি ধৰে। এনেকুৱা বতৰ হ’লে গৰু-গাই পুহিবৰ মন নাযায়। কিন্তু গৰুৰ গাখীৰকণ, ছমাহে বছৰেকে ছাগলী পোৱালী দুটা বেচাৰ টকাকেইটাই কিমান যে ততৰ মাৰে। পদূলিলৈ ওলাই আহে প্রতিমা। আজি পূব আকাশ মুকলি। খৰধৰকৈ পদূলিমুখত এনেয়ে বগাই থকা নার্জীফুলজোপাৰ পৰা আগকেইটামান ছিঙি ছাগলীৰ গৰালটোলৈ দলিয়াই দিয়ে। হাততে পোৱা বন-পাত-লতাবোৰো বৰকৈ বাঢ়িল এইকেইদিনতে। হেপা মেলি তাৰো দুডালমান

Read more

চিঠিখন-বৰষা ডেকা

আহিন মাহৰ শেষ। আকাশত ডাৱৰৰ লুকাভাকু। ৰাতি বাৰ বাজিবলৈ তেতিয়াও পাঁচ মিনিট বাকী। বাহিৰত ধাৰাসাৰ বৰষুণে চোতালখন ধুই আছে, লগতে বিজুলীৰ চমকনি! মাজে মাজে দুই এটা ঢেৰেকণিয়ে পুৰণি ঘৰটোৰ বেৰত কঁপনি তুলিছে। কাৰেণ্ট গ’ল দুঘণ্টামান আগতেই। মই কেৰাচিনৰ লেম্প এটা জ্বলাই পুৰণি কাঠৰ চকীখনত বহি দেউতাৰ ডায়েৰীখন লুটিয়াই আছিলোঁ।  দেউতা ঢুকোৱা দহ বছৰ হ’ল। তেওঁ আছিল এই গাঁৱৰ একমাত্ৰ স্কুলখনৰ হেড মাষ্টৰ। তেওঁৰ মৃত্যুৰ লগে লগে এই ঘৰলৈ চিঠি-পত্ৰ অহাও বন্ধ হ’ল। মানুহে কয়, মৰা মানুহৰ ঘৰলৈ ভাল খবৰ নাহে।

Read more

অৱসৰ-সংগীতা পাচনি

‎নীলকান্ত গোঁহাই ভাৰতীয় ষ্টেট বেংকৰ এজন বেংক মেনেজাৰ আছিল। চাকৰিৰ পৰা অৱসৰ লোৱা আজি ছয় মাহ হ’ল। এই ছয় মাহ তেওঁ দেখিছে তেওঁৰ লগত পত্নী আইতুৱে যেনেকৈ ব্যস্ত হৈছিল এতিয়া দুই পুত্ৰ-বোৱাৰী আৰু তিনিওটি নাতিক লৈ সেই একে ব্যস্ততাৰ সীমা নাই। সুদীৰ্ঘ ৩৭ বছৰ কাল নীলকান্ত গোহাঁয়ে অসমৰ বিভিন্ন বেংকত কৰ্মজীৱন পাৰ কৰিলে। বৰ্তমান তেওঁ নিগাজিকৈ থাকিবলৈ লোৱা চহৰখনৰ বেংকটোত অৱসৰ লোৱাৰ আগৰ চাৰিবছৰ একেৰাহে কাৰ্যনিৰ্বাহ কৰিলে। তেওঁলোকৰ তিনি সন্তান অবিনাশ, কিশোৰ আৰু একমাত্ৰ জীয়ৰী নন্দিনী। নন্দিনীক বিয়া দিছে মৰিগাঁৱলৈ।

Read more

প্ৰহৰী-উপাসা ভাগৱতী

হঠাতে খুব পাতলকৈ কাণত বাজি উঠা শব্দটোৱে চিলমিলকৈ টোপনি আহিব খোজা চকুকেইটা মেল খোৱাই দিলে। এইকেইদিন প্ৰায়েই ৰাতি টোপনি ক্ষতি। সেইবাবে বিছনাখনত পৰি দিয়াৰ লগে লগেই টোপনিয়ে হেঁচা মাৰি ধৰিছিল।শব্দটো হোৱাৰ ফালে চাওঁতেই দেখিলে দেউতাকে পালেঙৰ বাৰডালত হাতখনেৰে যিমান পাৰে সিমান শব্দ কৰি তাক জগাবলৈ চেষ্টা কৰি আছে। সি একেজাপে থিয় হৈ দেউতাকৰ ওচৰ পালেগৈ। চকুত কৰুণ অভিব্যক্তি আৰু খং তথা হতাশাবোৰৰ চিটিকনি স্পষ্ট হৈ পৰিছে মুখখনত।সি ওচৰ পাওঁতে বহু কষ্ট কৰি বুজাবলৈ যত্ন কৰিলে বহু সময়ৰ পৰা মাতি আছিল বুলি।মাতটো

Read more

বিহুৱান-নীলাঞ্জনা পাচনি

গলধনটো সোঁহাতখনেৰে পিটিকি পিটিকি ময়ূৰী তাঁতশালখনৰ পৰা উঠি আহিল।সেই দুপৰীয়া ভাত খোৱাৰ পাছৰে পৰা বহা।আজি কলেজ বন্ধ আছিল বাবেহে … । নহ’লে দেখোন তাঁতখন ব’বলৈ তাইৰ  সময়ৰে টনাটনি।এনেতে  কুলিৰ মাত শুনি  তাই হাতৰ আঙুলী পাৱত হিচাপ কৰি চালে বিহুলৈ মাত্ৰ সাতোটা দিন আছে। মাকে বকিয়েই আছে, কি বুলিনো তাই এইবাৰ এহেজাৰ পকোৱা সূতাৰ গামোচাৰ তাঁতযুতি লগাই ল’লে জানো! এতিয়া বিহুচেৰা নহ’লেই ৰক্ষা !এনেয়ে তাই বৰকৈ শালৰ কাষ নাচাপে।মাজে মাজে থাপ মাৰি একোহালি দুকোহালি বোৱাৰ দৰেহে। পঢ়াৰ বোজাটো আছে নহয়! তাতে এইবাৰ তাই স্নাতকৰ শেষ পৰীক্ষাটো

Read more

সি আজিও নাহিল-সমীৰ কাশ্যপ বৰা

পৃথিৱীখনে কত দিন যে বৰষুণৰ মুখ নেদেখাকৈ পাৰ কৰি ধূলিময় হৈ পৰিছিল তাৰ হিচাপ নাই। অপেক্ষা শেষ কৰি ফাগুনৰ শেষত অহা বৰষুণছাটিয়ে যেন সকলো সলনি কৰি দিলে। এতিয়া কেৱল মাথো বৰষুণ, বেলিটিও ভালকৈ নেদেখা বহুদিনেই হ’ল। বৰষুণজাক বৰ আচৰিত, নহয়নে! নহাকৈয়ো বহুদিন থাকে আৰু আহিলেও যাবলৈকে পাহৰে।পৃথিৱীখনেও যেন এতিয়া নিজৰ বৰণ সলাবলৈ  হয়তো বৰষুণৰ অপেক্ষাতেই আছিল। ফাগুনে লঠঙা কৰা বিৰিখত এতিয়া লাহে লাহে বসন্তৰ কোমল বসন। বসন্তৰ আগমনিৰ বতাহজাক লাগিলেই গাঁৱৰ কোনোবা এটি প্ৰান্তৰ পৰা ভাহি অহা ঢোলৰ ৰগৰে গাঁৱৰ

Read more
1 2 3 15