‎হেৰোৱা বাটৰ আঁত-মৌচুমী হাজৰিকা 

হাতত টিকটটো লৈ ভৈৰৱীয়ে আকৌ ভাবিলে যোৱা উচিত হ’বনে ইমান দিনৰ মুৰত!! তাই নিজৰ বিবেক আবেগেৰে বুজায়।সকলো মানুহ এতিয়াও যন্ত্ৰ হোৱা নাই, তাইৰ আবেগ-অনুভূতিবোৰ সিহঁতে বুজিব। আজিকালি তাইৰ ৰাতি টোপনি নহা হৈছে; অকণমান আহিলেই তাইক গাঁৱৰ সেই শৈশৱৰ দিনবোৰৰ সপোনে আমনি কৰে। তাই যাব…… ‎আহিয়েই তাই পথাৰলৈ লৰ মাৰিলে।চেন্দেলযোৰ খুলি তাই সেউজীয়া আলিটোত খোজ দিলে। ‎সেই মুহূৰ্তটোত তাই অনুভৱ কৰিলে—বহুদিনৰ পিছত তাই প্ৰকৃততে মাটিক স্পৰ্শ কৰিছে। চহৰৰ কংক্ৰিটৰ পথত খোজ দি দি তাই যেন তাইৰ ভৰিৰ সংবেদনশীলতা হেৰুৱাই পেলাইছিল।আজি কোমল

Read more

হলিডে’-নন্দিতা ভাণ্ডাৰ কায়স্থ 

ইচ্ছা নাছিল যদিও ৰাতিপুৱা পাঁচ বজাতে এলাৰ্ম লগাই থলো। কাইলৈ দেওবাৰ, সকলোৰে বন্ধ। মোৰো বন্ধ। পিছে ঘৰ চফা কৰিবলগীয়া আছে। সেয়েহে উঠিবই লাগিব।বাকী কেইদিন মিলাবই নোৱাৰোঁ। চাকৰি কৰো, ক’তনো সময় থাকে। তাতে আকৌ ঘৰৰপৰা ত্ৰিশ কিলোমিটাৰ আঁতৰৰ স্কুলত নিতৌ বাছেৰে অহা যোৱা কৰা হয়। ধেমালি নহয় দেই।মুখেৰে চাকৰি ওলাই যায় কেতিয়াবা। তথাপি গিৰীহঁতৰ লগতে সন্তান দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই চাকৰিটো কৰি আছোঁ। কিবা আংবাং সোপা ভাবি ভাবি কেতিয়ানো নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিলোঁ গমকে নাপালোঁ। ঘড়ীটোৱে বিপ বিপ কৰাত

Read more

প্ৰেমিক হোৱাটো সহজ কিন্তু পতি হোৱাটো…… নমি ফুকন বৰা

শৰতৰ হিমশীতল বতাহজাকে বাৰে বাৰে দি থৈ যায় এৰি অহা দিনবোৰৰ স্মৃতি। স্মৃতিবোৰ শুকান সৰাপাত হোৱা হ’লে মৰহি শেষ হৈ গ’লহেঁতেন।কিন্তু ই বসন্তৰ নকুঁহিপাতৰ দৰে ঠন ধৰি উঠে। সিদিনা আছিল শৰতৰেই কোনোবা এটি দিন।বিয়া এখনত নীলাঞ্জনাৰ স’তে চিনাকি হৈছিলোঁ।চিনাকি,বন্ধুত্ব আৰু এদিন প্ৰেম। প্ৰায় পাঁচবছৰ প্ৰেমৰ বাত গা জুৰাই শৰতৰ কোনোবা এটি দিনতেই সমাজক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলোঁ।   ক্ৰমে  দিন বাগৰিল।পত্নীৰ ধৰ্ম পালন কৰাত তিলমানো ইফাল-সিফাল নকৰাকৈ  ঘৰখন নিয়াৰিকৈ চলাই নিলে।শহুৰ-শাহু আৰু দেওৰ-ননদৰে ভৰা ঘৰখনত সকলোকে মৰমৰ বান্ধোনেৰে বান্ধি তাই  হৈ পৰিল

Read more

প্ৰতিশ্ৰুতি-শুভ বৰা শইকীয়া

হৰকান্ত  মৌজাদাৰ এজন নেতৃস্থানীয় ব্যক্তি হ’লেও তেওঁৰ কাৰ্যকলাপ বোৰ সকলো মানুহৰ সহ্য নহয়। তেওঁৰ এটা বদগুণ আছিল মানুহক তৎক্ষণাৎ গালি-গালাজ পাৰি মনত অসহনীয় যন্ত্ৰনা দিবলৈ দ্বিধাবোধ নকৰিছিল।স্থান কাল পাত্ৰ বিচাৰ কৰিব নোৱাৰে। ওলোটাই তেওঁক তিৰস্কাৰ কৰিলেও তেওঁ সুৰসুৰীয়া হয়।লাজ কি বস্তু তেওঁ বুজিবলৈ চেষ্টা নকৰে। তেওঁ নিজৰ ল’ৰা ছোৱালীৰ সমান মেধাবী ছাত্ৰ ছাত্ৰী অঞ্চলটোত নাই বুলি ফিতাহি মাৰি ফুৰে।তেনে জহমাৰি ফুৰিলে কাৰ্যক্ষেত্ৰত লাজ পাব বুলি বিবেচনা নকৰে।পৰীক্ষাৰ ফলাফলত তিনিওটা সন্তানেই তৃতীয় স্থান পাই উৰ্ত্তীণ হ’ল যদিও তেওঁ টিঙৰ পৰা নমা

Read more

চেনিৰ তিতা-উপাসা ভাগৱতী

যিমান পাৰে খৰধৰকৈ লিমাই হাত চলালে। গেছৰ এটা চুলাত চাউলকেইটা ধুই পানী দি দিলে উতলিবলৈ। সিজিলে মাৰ কাঢ়ি দিব। এই কামটো আগতে মাকক কৰা দেখিছিল। ডাঙৰ চচপেন এটাত ভাত বঢ়াই এটা সময়ত এটা বাতি বা চৰিয়াত মাৰ কাঢ়ি দিয়ে । তাই আৰু ভায়েকে সেই ভাতৰ মাৰখিনিত মিঠাতেল আৰু নিমখ অকণ দি খাই বৰ ভাল পায়। সদায় সেইবাবে হেতা-ওপৰা লাগে। মাৰখিনি কাঢ়িবলৈ লৈ কথাবোৰ মনত পৰি মুখেৰে মিচিকি হাঁহি এটা ওলাই গ’ল তাইৰ।  এই প্ৰেচাৰ কুকাৰ নামৰ বস্তুবিধ হোৱাৰপৰা পলকতে সকলো

Read more

স্থিৰ বৰ্ত্ম-মাৰ্কণ্ড কিশোৰ কৌশিক

মাটিৰ বুকু ফালি দুডাল ফটা শিৰাৰ দৰে শুই থকা অনন্ত ৰে’ল ট্ৰেকডালৰ পাৰত, এক নিমাওমাও উপনগৰীয় ষ্টেচন। আকাশখনক যেন দুপৰীয়াৰ সূৰ্যৰ এটা ক্ৰোধিত চকুৱেহে চাই আছে।বতাহত কোনো প্ৰাণ নাই।জৰুৰী কাম নথকা মানুহৰ বাবে এইয়া জিৰণি লোৱা সময়। কিন্তু দুজন পুৰুষ, অৰূপ আৰু মানস, সেই পুৰণি কাঠৰ বেঞ্চখনত বহি আছিল।জেঠমহীয়া প্ৰখৰ ৰ’দে তেওঁলোকৰ কপালেৰে ঘাম বিৰিঙাই তুলিছে। তেওঁলোক দুয়োজনৰে মুখত ভাগৰতকৈ বেছি গভীৰ কিবা এক অস্তিত্বৰ, শূন্যতাৰ চাপ হে পৰিছিল।অৰূপৰ পিন্ধনত আছিল এটা বগা টি-চাৰ্ট, বুকুৰ ঠাই ডোখৰত ডাঙৰ-ডাঙৰ ক’লা আখৰেৰে

Read more

বিধাতাৰ লিখন-গীতামণি দত্ত

যশোদাৰ আজি ৰতনলৈ বৰ মনত পৰিছে।হাতত তুলি লোৱা কামখিনি যেন কৰিবলৈ তাই অপৰাগ।আজি দিনটোতে তাই ৰতনৰ লগত মুখামুখি হৈছিল আৰু দুয়োৰে মাজত চাৰিচকুৰ মিলন হৈছিল। যশোদাহঁতৰ গাৱঁখনৰ ভিতৰত ৰতনহঁতেই আটাইতকৈ ধনী।লক্ষী-সৰস্বতী দুয়োজনৰে যেন বসতি স্থান ৰতনহঁতৰ ঘৰখন।ৰতন ঘৰখনৰ ডাঙৰ ল’ৰা। সৰুৰেপৰাই ৰতন খেলা-ধূলা পঢ়াশুনা সকলো পিনে আগৰনুৱা।সৰুৰেপৰাই ৰতনে টাউনৰ স্কুলতে পঢ়া শুনা কৰা।সেইবাবে যশোদাহঁতে ৰতনক চিনি নাপায়,যদিও একেখন গাৱঁৰে আছিল। ৰতনৰ পৰিয়ালৰ লগত যশোদাহঁতৰ পৰিয়ালটো নিমিলে।একেবাৰে সাধাৰণ পৰিয়ালৰ ছোৱালী যশোদা। যশোদাৰ মাকে ৰতনৰ ঘৰত দিন হাজিৰা কৰিছিল। তাৰে সিহঁতৰ পৰিয়ালটো

Read more

শেষ পৰিণতি -পিকু শইকীয়া

“হে-ৰি আপুনিনো ইমানকৈ কি চিন্তা কৰিছে ?”   “চিন্তা , কিনো চিন্তা কৰা দেখিলা তুমি ?”   “হে-ৰি, আপুনি মোৰ পৰা লুকুৱাব নালাগে।মই সকলো বুজি পাওঁ।”   “হে-ৰা ,চাওঁতে চাওঁতে আমি ঘৰৰ পৰা ওলাই অহা আজি এবছৰেই হ’ল।তথাপি কিন্তু সিহঁতে এবাৰো আমাৰ খবৰ এটাকে নল’লে।নাতিকেইটালৈ আজি বৰ মনত পৰিছে অ’।জানা,সিহঁতক এবাৰ চাবলৈ মোৰ মনটোৱে যে হাহাকাৰ কৰি উঠিছে।”   “হে-ৰি আপুনি নিজৰ স্বাস্থ্যটোৰ কথা  নাভাবে কিয়?এই বয়সত বৰকৈ চিন্তা কৰি নিজকে মনোকষ্ট নিদিবচোন। তাতে আপোনাৰ স্বাস্থ্যটোও বৰ ভাল নহয়।” “এৰা,তুমি

Read more

অমৰ প্ৰেম গাঁথা-ইভা শইকীয়া গোহাঁই

পাহাৰৰ তলত এটা সুন্দৰ উপত্যকা। নদীৰ দুয়োফালে দুখন গাঁও।এখন কলংগাঁও, আনখন মধুৰীপুৰ। প্ৰতি বছৰে এই দুই গাঁৱৰ সীমান্তত অনুষ্ঠিত হয় বসন্ত উৎসৱ—ঢোল, পেপা, বাঁহীৰ সুৰে পাহাৰ-উপত্যকা গুঞ্জৰি উঠে। ডেকা গাভৰুৱে মিলি নাচ গান কৰে। এনে এটা দিনতেই প্ৰথমবাৰ লক্ষ্মী আৰু হিৰণৰ এজনৰ আনজনৰ ওপৰত চকু পৰিল। লক্ষ্মী আছিল কলংগাঁৱৰ, লাহিপাহি গাভৰু ,গাঁৱৰ সকলো অনুষ্ঠানত ধুনীয়াকৈ কাপোৰ পিন্ধি নাচিবলৈ যায়। হিৰণ আছিল মধুৰীপুৰৰ যুৱক,যাৰ বাঁহীৰ সুৰে পাহাৰৰ সকলোৰে অন্তৰ জয় কৰিব পাৰিছিল ।তেওঁ এজন নিপুণ শিল্পী। উৎসৱৰ দিনা সমূহীয়া নৃত্যত লক্ষ্মীক

Read more

ডুবিবলৈ ধৰা বেলি-গীতামণি দত্ত

:বাইদেউ আমাৰ আবাক দেখিছিলে নেকি? প্ৰাত:ভ্ৰমণ কৰিবলৈ অহা উৰ্মিলা বাইদেউক ৰুবীয়ে  বাটতে পাই সুধিলে। : এই ছোৱালী জনীয়ে কাক বিচাৰিছে ! উৰ্মিলাৰ গিৰীয়েক অৰ্ণৱে উৰ্মিলাক সুধিলে। :ৰুবী আমাৰ স্কুলৰ এজনী মেধাৱী ছাত্ৰী আছিল। আমাৰ স্কুলৰ সহকাৰী শিক্ষক নিজামুদ্দিন আহমেদ ছাৰৰ ছোৱালী।তেখেতে অৱসৰ লোৱা কেইবা বছৰো হ’ল। মই তেতিয়া স্কুলখনত সোমাইছোঁহে।একেবাৰে নতুন।সেই কেইদিনতে পোৱা ছাৰৰ  সান্নিধ্য আজিও মনত আছে।ছাৰ বৰ পৰিপাটি আৰু নিয়মানুবৰ্তিতা মানি চলা লোক আছিল। ৰুবী ,আহমেদ ছাৰৰ একমাত্ৰ ছোৱালী।ৰুবী বৰ্তমান জাৰ্মানীৰ বিশ্ববিদ্যালয় এখনত অধ্যাপিকা হিচাপে কৰ্মৰত। আহমেদ ছাৰৰ

Read more
1 2 3 13