হলিডে’-নন্দিতা ভাণ্ডাৰ কায়স্থ 

ইচ্ছা নাছিল যদিও ৰাতিপুৱা পাঁচ বজাতে এলাৰ্ম লগাই থলো। কাইলৈ দেওবাৰ, সকলোৰে বন্ধ। মোৰো বন্ধ। পিছে ঘৰ চফা কৰিবলগীয়া আছে। সেয়েহে উঠিবই লাগিব।বাকী কেইদিন মিলাবই নোৱাৰোঁ। চাকৰি কৰো, ক’তনো সময় থাকে। তাতে আকৌ ঘৰৰপৰা ত্ৰিশ কিলোমিটাৰ আঁতৰৰ স্কুলত নিতৌ বাছেৰে অহা যোৱা কৰা হয়। ধেমালি নহয় দেই।মুখেৰে চাকৰি ওলাই যায় কেতিয়াবা। তথাপি গিৰীহঁতৰ লগতে সন্তান দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই চাকৰিটো কৰি আছোঁ। কিবা আংবাং সোপা ভাবি ভাবি কেতিয়ানো নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিলোঁ গমকে নাপালোঁ। ঘড়ীটোৱে বিপ বিপ কৰাত এলাৰ্ম অফ কৰি এঙামুৰি এটা মাৰি গাটো বেঁকা বেকি কৰি উঠি বহিলো। শ্ৰীমানৰ নাকৰ ঘোৰঘোৰণি, নাকটো টিপি দিব মন যায় পায়। গোটেই ৰাতি সেইডাল বাজিয়েই থাকে। এতিয়াও মানে?? উস্! চুলিকোছা বান্ধি বিছনাৰ পৰা উঠি আহিলো। খিড়িকীৰ পৰ্দাবোৰ আঁতৰাই দুখনমান খুলি দিলোঁ। বাহিৰৰ শীতল বতাহ এছাটিয়ে গা জুৰ পেলাই দিলে। মে’ মাহ। অলপ অলপ গৰম পৰিছে যদিও ফেন লগাই শুব পৰা সময় এটাও আহি পৰা নাই। ঝাৰুডাল হাতত লৈ গোটেই ঘৰটো ভালকৈ সাৰিলো। পূৰা এঘন্টা লাগিল। কাম কৰা দিদিজনীয়ে সাৰে, পিছে টেবুলৰ তল, বিছনাৰ তলৰ জাবৰ তাতেই থাকি যায়।ক’লেও কাণসাৰ নাই।সেয়ে আজি নিজেই ভালকৈ সাৰিলো। আজি আকৌ তাই নাহেও। কোনোবা সম্পৰ্কীয় মানুহ এঘৰত আলহী খাবলৈ যাব। সেয়ে আজি ছুটী। আজি বুলি নহয় মাহৰ তিনি চাৰি দিন তাই আমুকৰ ঘৰত বিয়া তামুকৰ ঘৰত বেমাৰীৰ খবৰ ল’বলৈ যোৱা,আই ঔ! কিমান যে তাইৰ কামত নহা অজুহাত। অৱশ্যে এইবোৰ তাই মোৰ বন্ধৰ দিনতেই কৰে। সেইখিনি বাৰু তাই ঠিকেই বুজি পায়। ঘৰটো সাৰি মুখ ধুই চাহৰ কাপটো হাতত লৈ বহিছো হে, তেনেতে জিলি (মোৰ জীয়ৰী) হামিয়াই হামিয়াই মোৰ ওচৰ পালেহি,

“অ’ মা তোমাক ক’বলৈ পাহৰিছিলো।আজি শ্ৰেয়া আৰু ধৃতিশা আহিব দুপৰীয়া। সিহঁতৰ দুয়োৰে মাক দেউতাক ক’ৰবাত যাব। আমাৰ ঘৰলৈ আহে হেনো। মই ভাত খোৱাকৈ আহিব দিলো। অ’ ‘মা চিকেন পোলাও বনাবা। সিহঁতে চিকেন খাই বৰ ভাল পায়।অলপ ফ্ৰুট চালাডো বনাবা দেই।” 

মই কিবা কোৱাৰ আগতেই জিলিয়ে ‘মই মুখ ধুই আহোঁ হাঁ’…. বুলি কৈ বেচিনৰ ওচৰ পালে। ছোৱালীৰ বান্ধৱী আহিব। ভালকৈ আপ্যায়ন নকৰিলে হ’ব জানো? ৰন্ধা- বঢ়া কৰি বে‌য়া নাপাওঁ মই।যোগাৰ কৰাত কোনোবাই সহায় কৰি দিলে পটাপট বনাব পাৰোঁ। জিলিয়ে কিছু কৰি দিব। পিছে তাই বৰ লেহেম। হাতেই নচলে।বেছি কামো নকৰে যে। চাহ খাই উঠি মপাৰডালেৰে ঘৰটো মচিলো।শ্ৰীমানৰ উঠিব হোৱাই নাই। ইপিনে পুত্ৰ ঋষিও মূৰে গায়ে কাপোৰ লৈ কম স্পীডত ফেন লগাই শুই আছে। আমাৰ ৰূমটো মচি থাকোঁতে শ্ৰীমানক হেচুকি জগাই দিলোঁ। ঋষিকো মাতিলো। মোৰ মচি শেষ হয় মানে দুয়ো বাপেক পুতেক শোৱাপাটি এৰি মুখ ধুই ‘চাহ হৈছে নে?’…..বুলি  চিঞৰ ধৰে। ‘ইস্ উঠিয়ে ৰাজকুমাৰহঁতক চাহ লাগে। হৈছে আৰু”….ময়ো সমানে চিঞৰি উত্তৰ দিওঁ।চাহ খাই থাকোঁতে শ্ৰীমানক মাছ মাংস আনিবলৈ কওঁ।লগতে কল, আপেল, চেৰি ইত্যাদি ফলমূল আনিবলৈ কৈ থ’লো। তেওঁ ইমান ফল-মূল কেলৈ….বুলি সোধোঁতে জিলিৰ বান্ধৱী আহিব বুলি ক’লো। মই মিঠাই অলপ আনি থ’বলৈও ক’লো। তেনেতে আমাৰ কথা শুনি থকা ঋষিয়ে মাজতে মাত দিয়ে,

“হেৰী নহয় মা, মোৰ লগত যে পঢ়ে কৌশিক, সি দুপৰীয়া আমাৰ ইয়াতে ভাত খাব।ককাকৰ অসুখ।মাক দেউতাক গাঁৱৰ ঘৰলৰে যাব। অ’ মা, সি মিছা মাছ খাই বৰ ভাল পায়। মচমচীয়া কৈ ফ্ৰাই কৰি দিবা হা।দেতা তুমি মিছা মাছ অকণ আনিবা দেই।” 

মই কি নো ক’ম?অসুবিধাত পৰিহে লগৰীয়াৰ ঘৰলৈ আহিব খুজিছে আহক। এওঁক বজাৰৰ লিষ্ট এখন কৰি দি সোনকালে বজাৰলৈ যাব ক’লো। গাটো ধুই গোসাঁই থাপনাত চাকি জ্বলাই আটা মথি ৰুটি বনালো।ঋষিয়ে আলু পৰঠা খাম বুলি কোৱাত তাক আলু পৰঠা তিনিখন বনাই দিলোঁ। তেৰ বছৰীয়া ল’ৰা। খাবই তিনিখন। এওঁ পৰঠা নাখায়। আমাৰ কাৰণে আলু ভাজিলো। ৰাতিপুৱাৰ আহাৰ খায়ে মই এওঁ অনা মিছা মাছ চাফা কৰিলো। অ’হ তাৰ আগতে মাংস খিনি ধুই থলো। আটাইবোৰ যোগাৰ কৰোঁ মানে চাৰে এঘাৰ বাজিয়ে গ’ল। জিলি আহি আলু পিয়াঁজ কাটি দিলে। যিহে কামৰ নমুনা।ময়ে কৰিম বুলি ক’লো।আমাৰ মা জিলিৰ বয়সত দুটাকৈ ল’ৰা ছোৱালীৰ মাক হৈছিল। আৰু এইজনী।মুখতে ভোৰভোৰালো।শ্ৰীমানে পাকঘৰত সোমাই কি কৰিব একো উৱাদিহ নাপায়।কিবা কৰিম বুলি ভাবি বাচনবোৰহে পেলায়।মই তেওঁক নামাতোৱেই। প্ৰায় চাৰে বাৰ বজাত দুয়োৰে বন্ধু বান্ধৱী আহি পালে। চাহ নাখায় বুলি কোৱাত সিহঁতক জুছ মিঠাই মিক্সাৰ যতনাই দিলো। কথাৰ মহলা মাৰি আটাইখিনি খালে তিনিও। জিলিয়ে গিলাছ প্লেটবোৰ আনি ধুই থ’লে। মই মুখেৰে একো নকলো। অলপ দেৰিকৈ ভাত বাঢ়িব কোৱাত মই মেখলা এখনত লগাবলৈ আনি থোৱা ফলছ্ টোকে লগাবলৈ ধৰিলো। আঢ়ৈ বজাত ল’ৰা-ছোৱালী কেইটাক ভাত বাঢ়ি দিলোঁ। কথাত মচগুল বাচাহঁতে ভাত খাওঁতে বিশ মিনিটৰ ওপৰ লগালে। এওঁ ইমান দেৰি ৰ’ব নোৱাৰে। দুই বজাতে খাই পেপাৰ হাতত লৈছে। শ্ৰীমানক চাওঁ। কি বিন্দাচ। ভাত বনাই আগত দিছোঁ।খাইছে আৰু আৰামত বহি পেপাৰত চকু ফুৰাইছে। আৰু মই? উঠাৰপৰা এক মিনিটো সময় পোৱা নাই। চুলিত ফণিখন লগাবই পৰা নাই।পাকঘৰতে সময় পাৰ কৰিছো। বন্ধ বুলি অলপ ৰেষ্ট লম সেইকণ সৌভাগ্য মোৰ নহ’ল।শাহু -শহুৰ থাকোঁতে আলহী অতিথিক শুস্ৰুষা কৰোঁতেই গ’ল। আৰু এতিয়া ল’ৰা ছোৱালীৰ নহ’লে বা শ্ৰীমানৰ। ভাত খাই পাকঘৰৰ কাম সামৰি বাহিৰৰ কাপোৰ চপাওঁ মানে চাৰি বাজিবৰে হ’ল।জিলি আহি কফি বনাবলৈ কৈ গল।প’ৰ্টিক,ডাইনিং ৰূমটো সাৰি চাহৰ চচপেন উঠাই দিলোঁ। কফি বনাই ভুজিয়াৰে সিহঁতক আবেলিৰ খানা আগবঢ়াই দিলোঁ।কফি খাই আটাইকেইটা খোজকাঢ়িবলৈ ওলাই গ’ল। শ্ৰীমানেও….”অলপ ফুৰি আহো ব’লা”………বুলি লগ ধৰিছিল।পিছে দিনটো টাকুৰি ঘূৰাদি ঘূৰি থকা মানুহজনীৰ গাত সান্ধ্যভ্ৰমণ কৰিবলৈ শকতি নাই আৰু। মোক এৰি এওঁ অকলেই ওলাই গ’ল। মই মূৰটো আঁচুৰি বিছনাতে বাগৰ দিলো।আস্ বিছনাখনত গাটো এৰি কি যে এক সুখানুভুতি অনুভৱ কৰিলো। চকু দুটা মুদ খাই গ’ল।মনত মাথোঁ সৰু থাকোঁতে বন্ধ পালেই আওৰোৱা বাক্য এষাৰি মনলৈ আহি থাকিল,

“আজি স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ।”

তাহানিৰ হলিডে’ বোৰেই ভাল আছিল। এতিয়া হলিডে’ মানে কেৱল আহৰি নোপোৱা কাম।‌মুখেৰে বিৰক্তি এসোপা ওলাই গ’ল।

*******

3 Comments

  • BK8866.info Seems to have been around for a while. Anyone used it? Any good? Might give it a go : bk8866

    Reply
  • Okay, I admit it, I misspelled Winbet as ‘winbey’ at first but I found the correct site anyway! It’s fun, it’s fast, and you might just win big. See the REAL Winbet here: winbey

    Reply
  • Slotomania slots are my guilty pleasure. So many different themes… its so easy to lose track of time . Hope the new games work well. slotomania slots

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *