বোৱাৰী সংবাদ-পূৰ্ণিমা শইকীয়া গগৈ

ৰাতুলৰ চাকৰি পোৱাৰ খবৰটো কম সময়তে অঞ্চলটোত বিয়পি পৰিল। তিনি আলিত দিনটো কেৰম খেলি সময় পাৰ কৰা কেইটাই আলোচনা কৰিবলৈ ধৰিলে।  “আমিহে তাক বুৰ্বক বুলি ভাবিছিলো,  দেখিলি সি চৰকাৰী চাকৰি লগাই দিলে।”  সাবিত্ৰীৰ কষ্টৰ সাৰ্থক হ’ল। নিয়োগ পত্ৰ আনিবলৈ ওলাই পুতেক ৰাতুলে মাকৰ সেৱা লৈ নিশাৰ বাছত গুৱাহাটীলৈ গ’ল। বিছনাত পৰি পৰি সাবিত্ৰীয়ে ভাবিলে ‘পুতেকৰ ভাল খবৰটো পাবলৈ বাপেকটো জীয়াই নেথাকিল। জীয়াই থকা হ’লে পুতেকৰ উপাৰ্জন টকাৰে চিকিৎসা কৰি মানুহটো কিছুদিন জীয়াই থাকিল হেঁতেন।’ তিনি আলিৰ কেৰম খেলি থকা কেইটাই

Read more

কবিতাৰ সংজ্ঞাৰ আঁত ধৰি-ৰঞ্জিত কুমাৰ শৰ্মা

কবিতাক সংজ্ঞাৰে বান্ধি ৰাখিব পাৰিনে?কবিতা ৰচনাৰ বাবে কোনেও কোনো ধৰাবন্ধা নিয়ম বা শৈলী নিৰ্ধাৰণ কৰি নিদিলেও বিভিন্ন সময়ত কবি- সমালোচক, দাৰ্শনিক পণ্ডিতে কবিতাৰ সংজ্ঞা দি থৈ গৈছে৷কাশ্মীৰী কবি, সাহিত্যিক-সমালোচক আনন্দবর্ধনে এক হাজাৰ বছৰৰ আগতেই ইঙ্গিতেই কবিতা বুলি কৈ গৈছে৷ ইংৰাজ কবি, নাট্যকাৰ, সাহিত্য সমালোচক টি.এছ. এলিয়টে কবিতাই অর্থ বুজি পোৱাৰ আগতেই পাঠকক কিবা এটা দিয়ে বুলি কৈ গৈছে৷প্রায় আঢ়ৈ হাজাৰ বছৰৰ আগতে এৰিষ্টটলে দিয়া কবিতাৰ সংজ্ঞামতে — ‘Poetry is a recreation of reality’. ইংৰাজ কবি, সমালোচক মেথিউ আর্ণল্ডে কৈ গৈছে—

Read more

‎বৃদ্ধকালৰ জীয়া ছবি : ‘অস্তৰাগ’- ববিতা শৰ্মা

 ‎ সংক্ষিপ্ততে অস্তৰাগ ‎ গ্ৰন্থৰ প্ৰকাৰ : উপন্যাস ‎ গ্ৰন্থকাৰ : হোমেন বৰগোহাঞি ‎ প্ৰকাশক : শ্ৰীভূমি পাবলিচিং কোম্পানী ‎ ৭৯ মহাত্মা গান্ধী ৰ’ড ‎ কলকাতা — ৭০০০০৯ ‎ প্ৰথম প্ৰকাশ : আগষ্ট ১৯৮৬ ‎ দ্বিতীয় প্ৰকাশ : এপ্ৰিল, ১৯৮৯ ‎( ইতিমধ্যে গ্ৰন্থখনৰ নটা সংস্কৰণ প্ৰকাশ পাইছে । ২০১৮ চনৰ অক্টোবৰত গ্ৰন্থখনৰ নৱম সংস্কৰণটো  ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰি উলিয়াইছে । ) ‎মূল্য : ১১০ টকা    ‎পৃষ্ঠা : ১২৬ ‎OLD AGE : THE  ‎CROWN OF LIFE, OUR ‎PLAY’S LAST ACT . ‎বাৰ্ধক্য

Read more

বৃদ্ধাশ্ৰম-গীতামণি দত্ত

ঘৰৰ কাষতে মানে নাতি দূৰত নতুনকৈ পতা বৃদ্ধাশ্ৰম খনলৈ  প্ৰাত: ভ্ৰমণলৈ অহা যোৱা কৰোঁতে দুয়ো ঘূৰি ঘূৰি চাই যায় জানোচা কোনোবা চিনাকি আৱাসী আছে নেকি! হেৰা!ভালকৈ সুধি পুছি ল’ব লাগিব।কি ঠিক আজিৰ ব্যস্ত পৃথিৱীত এদিন এইখনেই আমাৰ শেষ ঠিকনা হ’ব পাৰে ! *******

Read more

শীতৰ বিষণ্ণতা-কল্যাণী দেৱী গোস্বামী

অভিমানী বৰ্ষা তোমাৰ হিয়াৰ বিননিত আনন্দৰ উল্লাস মৰহি যায়, নিশ্চুপ হুমুনিয়াহ কাঢ়ি বিষাদময় বিচ্ছেদত তপ্ত অশ্ৰুৰ বন্যা নামে গোপনে সময়চক্ৰত আবতৰীয়া ঋতুৰ বিষণ্ণতা । আলিমূৰৰ কেঁকুৰিত হেৰায় শৰৎ-হেমন্ত স্মৃতি ভৰা সৰাপাতত বাট চাই ৰওঁ আকৌ আহিব দুনাই । শীতৰ বিষণ্ণতা কুঁৱলীঘন নিশাৰ ৰহস্যত, পুৱতিৰ বেলিৰ আন্ধাৰ-পোহৰৰ মালিতা, পুৰণি নিহালিৰ ঠেহ কপাহ কোমল উম হেৰুৱায় নিছলাৰ শেতেলিত। গাভৰু নৈখনে বিনায় শীৰ্ণকায় হৈ পৰা দেহটোত স্নিগ্ধ-সেউজ আৱৰণ খহি জিলিকিছে বিষণ্ণতাৰ ৰঙ অথচ ভৰুণ হালধীয়া পথাৰত শুনো কলৰৱ আকাংক্ষিত সাত সাগৰৰ সিপাৰৰ আলহী

Read more

সম্পাদকীয়

জয়জয়তে শ্ৰদ্ধাৰ ই-আলোচনীখনৰ লগত জড়িত প্ৰত্যেকগৰাকী সদস্য সদস্যা,”শব্দচিত্ৰ_জীৱন জিজ্ঞাসা”ত নিজৰ লেখা প্ৰকাশ কৰিবলৈ দি আমাক উৎসাহিত কৰা শ্ৰদ্ধাৰ প্ৰতিগৰাকী কবি,লেখক,লেখিকালৈ আমাৰ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ থাকিল। আমাৰ বাবে যোৱা সময়ছোৱা বিশেষকৈ ২০২৫ বৰ্ষটোৰ শেষলৈকে আমি অসমৰ বহুকেইগৰাকী শিল্পী, সাহিত্যিক আৰু অসমৰ পুৰোধা ব্যক্তিক হেৰুৱালো। তাৰে ভিতৰত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ,ৰাজীৱ শদিয়া,চৈয়দ চাদুল্লা,দীপক শৰ্মা,প্ৰফুল্ল গোবিন্দ বৰুৱা,ৰামচৰণ ভৰালী,জ্ঞানদা কাকতি,অনুভৱ তুলসী,হেমন্ত দত্ত,ফাইলাও বসুমতাৰী,তিমথী দাস হাঞ্চে,গায়ত্ৰী হাজৰীকা,নলিনী বৰুৱা,সমৰ হাজৰীকা,প্ৰদীপ বৰুৱাকে আদি কৰি পুণ্যাত্মাসকলে আমাক এৰি থৈ পৰলোকলৈ  গতি কৰিলে।এই বিদেহী পুণ্যাত্মাসকলৰ চিৰশান্তি কামনাৰে

Read more

সংখ্যাটোৰ আঁৰৰ কথা

পোন প্ৰথমেই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ ওলগ যাচিলোঁ। সংখ্যাটোৰ আঁৰৰ কথা ক’বলৈ যাওঁতে প্ৰথমেই আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামীদেৱৰ নামটোৱেই ল’ব লাগিব।যোৱা ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহৰ সন্ধিয়া এটাত মোলৈ এটা ফোন কল আহিছিল।কুশল মংগল ভাৱ বিনিময়ৰ পাছতে তেওঁ মোলৈ এটা প্ৰস্তাৱ আগবঢ়ালে। “শব্দচিত্ৰৰ_ জীৱন জিজ্ঞাসা” ই-আলোচনীখনৰ পঞ্চম বৰ্ষৰ,প্ৰথম সংখ্যাৰ সম্পাদকৰ দায়িত্বটো ল’ব লাগে। মই একেকোবেই না কৰিলো।কাৰণ মোৰ ই-আলোচনীৰ সম্পাদনাৰ বিষয়ে জ্ঞান শূণ্য।তেওঁ নেৰে,বোলে আপুনি পাৰিব।মই সকলোবোৰ কথা শিকাই দিম।অৱশেষত ‘সাহেই সিদ্ধি’ বুলি তেখেতৰ মতকে সন্মান

Read more

অন্য এক উৰ্মিলাৰ কথকতা-চিত্ৰলেখা দেৱী

                                (মহাভাৰতৰ কাহিনীৰ আধাৰত) (১)  শুভ্ৰ শৱাচ্ছাদন কিঞ্চিত আঁতৰাই মুখ দৰ্শন কৰোৱাৰ তৎমূহুৰ্ততেই মাতৃ সুভদ্ৰা মূৰ্চ্ছিত হৈ পৰিল।বিশেষ দ্ৰব্যৰে সংৰক্ষণ কৰি ৰখা অভিমন্যুৰ শৱদেহৰ দাহ কাৰ্য্যৰ বাবে ইতিমধ্যে চিতা প্ৰস্তুত কৰা হৈ গৈছে।মাত্ৰ মাতৃ সুভদ্ৰা আৰু পত্নী উত্তৰাৰ বাবে অপেক্ষাৰত হৈ আছিল পাণ্ডৱকূল।যুদ্ধ ভূমিৰ বিৰতিৰ সন্ধ্যাৰ শোকাকুল পৰিবেশ।কেওফালে হাঁহাকাৰ ধ্বনি।অদূৰৰ জংঘলত মাংসাহাৰী শিয়াল-কুকুৰৰ আৰাও।নিয়তি পক্ষীৰো কুৰুলি….যেন অট্টহাস্য দৈনিক ৰণত পৰা শত-সহস্ৰ দুৰ্ভগীয়াৰ;ৰণত পৰা সৈন্যসকলৰ মৃতদেহৰ

Read more

সাক্ষাৎকাৰ

(অসমৰ এগৰাকী বিশিষ্ট কবি,সাহিত্যিক,সমালোচক,ঔপন্যাসিক,গল্পকাৰ,নিবন্ধকাৰ,আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া ডo নন্দ সিং বৰকলাৰ সৈতে এটি সাক্ষাৎকাৰ। বিষয়:মানুহ আৰু সমাজৰ চেতনা) অসমীয়া সমাজ, সাহিত্য, সংস্কৃতিৰ জগতৰ চিনাকি নাম ড০ নন্দ সিং বৰকলা। তেখেতৰ মাটি আৰু মানুহ চেতনা সমাজৰ বিনন্দীয়া বাট। তেওঁৰ কলমত নিৰ্গত হয় মাটিবিলাসী মানুহৰ শ্ৰমচেতনাৰ বাংময়তা। অমৱস্যাৰ ভয় লগা দিনকালৰ বুকুৰপৰা পূৰ্ণিমাৰ জোনটোক প্ৰকাশিবলৈ তেওঁ পান কৰে সমাজৰ যাতনাৰ বিহ। তেওঁৰ প্ৰিয় বিষয় মানুহ আৰু মাটি। মানুহ আৰু মাটিৰ স্বাৰ্থতে তেওঁ ঘুৰি-ফুৰে দিহিঙে-দিপাঙে। তেওঁৰ জীৱন অভিধানত জাত-পাত-বৰ্ণ, ধৰ্মীয় গোড়ামিক কোনোদিনে প্ৰশ্ৰয়

Read more

গোপীয়ে এটা শিক্ষা পালে- কুমকুম শৰ্মাবৰুৱা

(Gopi Learns a Lesson ) এখন গাঁৱত গোপী নামৰ এটা ল’ৰা আছিল।সি পঢ়া-শুনা কৰিও ভাল নাপাইছিল আৰু কাম-কাজতো বৰ এলেহুৱা আছিল।তাৰ দেউতাক সৰুতেই ঢুকাইছিল। তাৰ মাকে অতি কষ্টেৰে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি ঘৰখন যেনেতেনে চলাই আছিল।গোপীয়ে মাকক কোনো কামতে সহায় নকৰিছিল।মাকৰ তাক লৈয়েই বৰ চিন্তা হৈছিল।সি স্কুললৈও নগৈছিল বা কোনো কাম-বন শিকিবও নুখুজিছিল।সি গোটেই দিনটো লগ- সমনীয়াৰ লগত মাৰ্বল খেলি কটাইছিল অথবা ৰাস্তাত এনেয়ে অনাই-বনাই ঘূৰি ফুৰিছিল। এনেদৰে সময়বোৰ অবাবতে নষ্ট কৰি থকা দেখি গোপীৰ মাকে এদিন গোপীক ক’লে,  “বাছা, মই

Read more
1 2 3 74