সংখ্যাটোৰ আঁৰৰ কথা

প্ৰথমে সকলোলৈ আমাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু অভিবাদন জনালো, যদিওবা বৰ্ত্তমান বিপৰ্যয়ৰ পৰিস্থিতিয়ে আমাৰ সকলোকে শাৰীৰিক আৰু মানসিক ভাৱে জুৰুলা কৰি তুলিছে,তথাপিও আমি সাহসেৰে যুঁজিবই লাগিব। দুৰ্যোগে সকলো কাঢ়ি নিলেও আমাক একতাৰ এখন ঘৰ দিলে, মানৱতাৰ ধৰ্ম দিলে। অনাগত দিনত এই একতাই আমাৰ সকলোকে আৰু অধিক শক্তিশালী কৰি তুলিব।

আমাৰ সম্পাদনাৰে “শব্দচিত্ৰ—জীৱন জিজ্ঞাসা” ই- আলোচনীখনৰ পঞ্চম বৰ্ষৰ তৃতীয় সংখ্যাৰ আঁৰৰ কথা ক’বলৈ গ’লে বহুতো ভাল লগা অনুভৱেই জড়িত হৈ আছে, যাক শব্দৰে প্ৰকাশ কৰিবলৈয়ো কম হয়।

৬ জুলাইৰ ৰাতিৰ ৯ বাজি ১০ মিনিটৰ কথা, উৎকট গৰমৰ দিন। মই তেতিয়া কিতাপ এখন পঢ়াত  ব্যস্ত আছিলো। গান বাজি থকা চাইলেণ্ট ফোনটোৰ গানটো আধাতে ৰৈ যোৱা দেখি ফোনটোলৈ চকু গ’ল, স্ক্ৰীণত অৰবিন্দ গোস্বামী দাদাৰ পৰা অহা ফোন কলৰ সংকেত। প্ৰথমে কাৰোবালৈ লগাব খুজি ভুলতে মোৰ নাম্বাৰ ডায়েল হ’ল বুলি ভাবিছিলো, নহ’লেনো বিশেষ কিনো কাৰণ হ’ব পাৰে। অৱশ্যে ‘ইতি তোমাৰ মৰমৰ’ ( নিৰ্মোহ প্ৰেমৰ ইতি কথা ) উপন্যাসখন লিখি থকাৰ কথা গম পাই তেখেতে মোক প্ৰায়েই যোগাযোগ কৰিছিল। উপন্যাসখন লিখি থকাৰ সময়ত “কৃষ্ণচূড়া ডায়েৰী” শীৰ্ষক মোৰ গল্প এটা অন্য গ্ৰুপ, মোৰ ব্যক্তিগত প্ৰফাইলৰ লগতে ‘শব্দচিত্ৰ’ গ্ৰুপতো শ্বেয়াৰ কৰিছিলো। তাৰ কিছুদিন পাছত গ্ৰুপত গল্পটিৰ তলত এটি কমেণ্টত উপাসা ভাগৱতী বাইদেউৰ পৰা আলোচনীৰ বাবে লেখা এটিৰ আহ্বান পাইছিলো। এটা নিৰ্দিষ্ট দীঘল কাহিনীৰ মাজত সোমাই পৰি লিখি থকাৰ মাজত অন্য কিবা এটা লিখা মানসিকভাৱে মোৰ বাবে সম্ভৱ নাছিল, তথাপি চেষ্টা কৰি অণুগল্প এটি লিখি যোগাযোগৰ বাবে দিয়া নাম্বাৰত পথালো। নাম্বাৰটো চিনাকি আছিল, মানে অৰবিন্দ দাদাৰ। বহুদিন যোগাযোগ নাছিল যদিও গ্ৰুপত বহুদিন আগত কিবা-কিবি সৰু-সুৰা লিখা-মেলাৰ সংক্ৰান্ততে তেখেতৰ সৈতে যোগাযোগ আছিল বাবে নাম্বাৰটো ছেভ আছিল। সেই সময়ত লেখাবোৰক লৈ তেওঁ যথেষ্ট প্ৰেৰণা আৰু উৎসাহ দিছিল। আলোচনীৰ লেখাটো দিওঁতে কথাৰ মাজতে মোৰ লিখি থকা উপন্যাসখনৰ কথা তেখেতক কৈছিলো। ফোনৰ সংযোগ থকা মোৰ নাম্বাৰ বিচাৰি লৈ তেখেতে মোক ফোন কৰিছিল।উপন্যাসখনৰ কাহিনী, বিষয় বস্তু সকলোখিনি কথা সুধি উপন্যাসখন ‘শব্দচিত্ৰ” গ্ৰুপত প্ৰচাৰ কৰাৰ প্ৰস্তাৱ ৰাখিছিল। উপন্যাস খনি লিখা কিমান আগবাঢ়িছে প্ৰায়েই খবৰ ৰাখিছিল। মোৰ উপন্যাস “ইতি তোমাৰ মৰমৰ ( নিৰ্মোহ প্ৰেমৰ ইতি কথা ) তেখেতৰ কথা ৰাখিয়েই যোৱা বছৰ ‘শব্দচিত্ৰ’ গ্ৰুপত প্ৰকাশ কৰিছিলো। 

মানুহৰ কটু কথা আৰু নেতিবাচক সমালোচনাৰ কথা ভাবি সেই সময়ত নিজৰ লেখা সামাজিক মাধ্যমত প্ৰচাৰ কৰাটো মোৰ বাবে জটিল আৰু ভয়ৰ কাৰণ আছিল। কিন্তু মোৰ ধাৰণা ভুল আছিল, অন্য বহুজনৰ দৰে এই গ্ৰুপটিত কুমকুম বাইদেউ, ইলি বাইদেউ, কুঞ্জ বাইদেউ, চিত্ৰলেখা বাইদেউ,ৰেখা খাটনীয়াৰ হাজৰিকা বাইদেউ,

জুমণি পাঠক বাইদেউ,সংগীতা পাচনি বাইদেউ, মামনি দাস বাইদেউ,লিলি বৰদলৈ বাইদেউ,কমলা দাস বাইদেউ আৰু অৰবিন্দ দাদাৰ আগ্ৰহখিনিয়ে মোক যথেষ্ট সহজ কৰি তুলিলে।

প্ৰতিদিনে খণ্ড আপলোড কৰি এপ্ৰ’ভেলৰ বাবে ফোন এটা কৰি কোৱাৰ বাবে অন্য কোনো বাৰ্তালাপ নাছিল। সেইদিনা ফোনটো ৰিং হৈ কাট খাবলৈ লোৱাৰ শেষ পৰ্যায়ত, কি ঠিক মোলৈকে কিজানি কৰিছে বুলি ফোনটো ৰিচিভ কৰিলো। ভাল বেয়াৰ বাৰ্তালাপৰ পাছতে উপন্যাসখনৰ কিতাপৰ কথা কি চিন্তা কৰিছো নাই বুলি মোক সুধিলে। পৰিকল্পনাখিনি কোৱাৰ পাছত তেখেতৰ লেখাখিনিৰ কথাও ক’লে, তাৰ পাছতে তেখেতে এটি প্ৰস্তাৱ দিলে ‘শব্দচিত্ৰ ই- আলোচনী’ খনৰ পঞ্চম বৰ্ষৰ তৃতীয় সংখ্যাৰ সম্পাদনাৰ বাবে। পোনচাতেই নাকচ ন’কৰিলেও সম্পাদনাৰ জ্ঞান- অভিজ্ঞতা যে মোৰ নাই আৰু মই সিমান খিনিৰ নহয়, তেখেতক বুজাই কৈছিলো।লেখাক লৈ থকা সংশয়ৰ কথাও ক’লো। তেখেতে সকলোখিনি বুজাই আশ্বাস দিলে। অৱশ্যে 

এই বছৰো মই দীঘল কাহিনী এটিৰ সৈতে ব্যস্ত আছিলো আৰু দীঘল কাহিনী লিখি থকাৰ সময়ত অন্য শিতানত সোমাবলৈ অসুবিধা পাওঁ যদিও ন’কলো। প্ৰস্তাৱটি স্বীকাৰ কৰি ল’লো। সম্পাদনাৰ দৰে এটি দায়িত্ব মোৰ চিন্তাৰ বাহিৰৰ, কোনোদিন ভাবিব নোৱাৰা এটি গভীৰ দায়িত্ব। তেখেতে মোক এটি নতুন অভিজ্ঞতা ল’বলৈ আৰু নতুন কথা শিকিবলৈ এটি সুযোগ দিলে। যিটো মোৰ বাবে কেতিয়াও পাহৰাটো অসম্ভৱ। যোৱা বছৰ জুলাইৰ আৰম্ভনিতে লেখাৰ জৰিয়তে তেখেতে মোক গ্ৰুপটিৰ মানুহখিনিৰ মাজলৈ লৈ গ’ল আৰু এইবছৰ জুলাইৰ আৰম্ভনিতে গ্ৰুপটোৰ ই – আলোচনী খনৰ জৰিয়তে এটি নতুন পৰিচয় দিলে। তাৰ বাবে অৰবিন্দ গোস্বামী দাদাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’লো। যাৰ বাবে তেখেতক ‘ধন্যবাদ’ এটি সৰু শব্দ হ’ব।

তাৰ পাছত লেখা সংগ্ৰহৰ কথা আহি পৰিল, লেখাৰ বাবে আহ্বান কৰি দিয়া পোষ্টটিত সদায় লিখাৰ ক্ষেত্ৰত উৎসাহ প্ৰেৰণা দি অহা কুমকুম বাইদেউৰ পৰা আশ্বাস পালো। প্ৰথম লেখাটো পালো মৌচুমী হাজৰিকাৰ পৰা, তাৰ পাছতেই দুটাকৈ লেখা কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেউৰ। বৰ্ণাশুদ্ধিৰ বাবে নিৰ্দিষ্টকৈ কেইগৰাকী মানক ঠিক কৰি দিয়া হ’ল, এই সময়ছোৱাত তেখেতসকলৰ বহুতো ব্যক্তিগত সমস্যাও চলি থকাৰ কথা অৱগত কৰিছিল। কাৰোৰে অসুবিধা নোহোৱাকৈ লেখাৰ মাপ চাই নিৰ্দিষ্ট কৰি দিয়া সকললৈ পঠালো। বৰ্ণাশুদ্ধিৰ ক্ষেত্ৰত সহায় কৰা ইলি তালুকদাৰ, ববিতা শৰ্মা, মাতু কুকুৰাছোৱা, কংকণা গোস্বামী এই সকলোলৈকে অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। ববিতা শৰ্মা বাইদেউৱে নিজৰ লেখাৰ ওপৰি আলোচনীখনৰ খাতিৰত ব্যক্তিগত ভাৱেও লেখা সংগ্ৰহ কৰি আমালৈ পঠাইছিল, তাৰ বাবে পুনৰ আন্তৰিক ধন্যবাদ তেখেতলৈ। বৰ্ণাশুদ্ধি টিমৰ সকলোৰে অসুবিধালৈ লক্ষ্য ৰাখি অধিকতম লেখা ইলি তালুকদাৰ বাইদেউলৈ পঠাইছিলো। ইমানখিনি লেখাৰ তেখেতে অলপো বিৰক্তি অনুভৱ নকৰি 

সকলো লেখাই ভালদৰে চোৱাৰ ওপৰি প্ৰতি মূহূৰ্তত আলোচনীখনৰ খবৰ ৰাখি সু পৰামৰ্শ আগবঢ়ায় গ’ল। তেখেতৰ এই নিষ্ঠাই যথেষ্ট অনুপ্ৰাণিত কৰিলে, বহুতো কথাই তেখেতৰ পৰা শিকিলো। সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা তেখেতে নিজেই লোৱাৰ দৰে আমাকো শিকাই গ’ল। এইখিনি মোৰ বাবে অত্যন্ত ভাল লগা, মোক ইমান খিনি শিকাই বুজাই সমৃদ্ধ কৰাৰ বাবে তেখেতলৈ কৃতজ্ঞতা আৰু ধন্যবাদ সদায় থাকিব।

এখন আলোচনীত প্ৰতিজন লেখকৰে আটাইতকৈ ডাঙৰ ভূমিকা থাকে। তেখেতসকলৰ ভূমিকা অবিহনে এখন আলোচনীৰ কল্পনাই অসম্ভৱ। সাহিত্যৰ বিভিন্ন ৰসাল আমোদৰ সৈতে, আপোনালোকৰ আৰ্জিত অভিজ্ঞতা আৰু জ্ঞান আলোচনী খনিৰ জৰিয়তে সমূহ পাঠকৰ বাবে আগবঢ়ালে, আপোনালোকৰ এইখিনি ত্যাগে এই ই- আলোচনীখন সমৃদ্ধ কৰি তোলাৰ লগতে পাঠকৰ বাবে জ্ঞান, আমোদৰ বাবে এটি সুযোগ দিলে। তাৰ বাবে আপোনালোকৰ ওচৰত অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল লগতে আপোনালোকৰ লেখাৰে আলোচনীখনৰ আগন্তুক প্ৰতিটো সংখ্যা সমৃদ্ধ কৰি যাবলৈ আমাৰ বিনম্ৰ অনুৰোধ থাকিল। তাৰোপৰি যিখিনি লেখা আমাৰ মাজলৈ আহি পৰিছিল, সেইয়া এখন আলোচনীৰ বাবে পৰ্যাপ্ত নাছিল। ব্যক্তিগত চিনাকি লেখকৰপৰা লেখা আহ্বান কৰিবলৈ উপাসা ভাগৱতী বাইদেউৰ ফালৰপৰা পৰামৰ্শ আহিছিল যদিও বানে বিধ্বস্ত কৰা এই সময় খিনিত সকলোবোৰ উদ্বিগ্ন হৈ পৰিছিল, মানুহবোৰ সাহায্যৰ চিন্তাত আছিল। সেই সময়ত কাৰোৰে লিখাৰ মানসিক পৰিৱেশ একপ্ৰকাৰৰ নোহোৱা অৱস্থা। এই পৰিস্থিতিত বিশ্বাস ৰাখি লেখা বিচাৰিব পৰা দুই এজনেই আছিল। আমি ব্যক্তিগত ভাৱে আস্মা ইয়াছমিন, নয়নমণি শৰ্মা আৰু কংকনা দেৱীৰ পৰা লেখা বিছাৰিলো। আমাৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাৰ বাবেই তেওঁলোকে এই উদ্বিগ্ন পৰিস্থিতিৰ মাজতো কম সময়ৰ ভিতৰত লেখা প্ৰস্তুত কৰি আমালৈ পঠালে। আলোচনীখনত তেওঁলোকৰ লেখা প্ৰথম। তেওঁলোকলৈয়ো অশেষ ধন্যবাদ।

প্ৰথমৰ পৰা সু-পৰামৰ্শৰে আলোচনীখনৰ ক্ষেত্ৰত উপাসা ভাগৱতী বাইদেউৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। তাৰ বাবে তেখেতৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো। সাক্ষাৎকাৰ শিতানটোৰ জৰিয়তে বিশিষ্ট লেখিকা তথা শব্দচিত্ৰ গ্ৰুপটিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত কুমকুম শৰ্মা বৰুৱা বাইদেউৰ এটি সাক্ষাৎকাৰ গ্ৰহণ কৰি পাঠকক তেখেতৰ বিষয়ে কিছু কথা জনাৰ সুযোগ দিয়াৰ বাবে শব্দচিত্ৰৰ অন্যতম প্ৰশাসক উপাসা ভাগৱতী বাইদেউ আৰু সমীৰণ শৰ্মা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনালোঁ।

আলোচনী খনৰ কাৰিকৰী ভাৱে নিৰ্মাণ কৰি প্ৰতিবাৰৰ দৰেই এইবাৰো দেৱজিৎ শৰ্মা ডাঙৰীয়াৰ যি গুৰুত্বপূৰ্ণ ভূমিকা, তাৰ বাবে তেখেতলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল।ইয়াৰ লগতে সুন্দৰ বেটুপাত অংকনেৰে আলোচনীখনক আকৰ্ষণীয় ৰূপ দিয়াৰ বাবে প্ৰাঞ্জল বৰা দাদালৈও মোৰ আন্তৰিক ধন্যবাদ থাকিল।

মূখ্য ব্যৱস্থাপক অৰবিন্দ গোস্বামী ডাঙৰীয়া প্ৰমুখ্যে গ্ৰুপৰ সমূহ প্ৰশাসক আৰু সমূহ সদস্যলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আপোনালোক সকলো এই শব্দচিত্ৰ আলোচনী আৰু গ্ৰুপটিৰ মূল চালিকা শক্তি। আপোনালোকৰ অশেষ পৰিশ্ৰম, ত্যাগ আৰু মৰমত এই গ্ৰুপটিৰ লগতে আলোচনীখনে ঠন ধৰি বৰ্তমানৰ পৰ্যায়ত আহি পালেহি। ইয়াত আপোনালোকৰ সীমাহীন আৱেগ আৰু অৰিহণা আছে। সম্পাদনা এটি আনুষ্ঠানিক দায়িত্বহে মাথোঁ। ইয়াত আপোনালোক সকলোৰে কষ্ট ত্যাগ বেছি। আপোনালোকৰ বাবেই আমাৰদ্বাৰা এইখিনি সম্ভৱপৰ হ’ল, আপোনালোকৰ বাবেই আমাৰ এইখিনি সৌভাগ্য হ’ল। সকলোৱে আশা কৰাৰ দৰে আমাৰ সম্পাদনাৰে এখন সৰ্বাঙ্গসুন্দৰ সংখ্যা হয়তো উপহাৰ দিব পৰা নাই, তাৰ বাবে সকলোৰে ওচৰত আমি দুঃখিত। কোনোবা খিনিত অজানিতে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে আমি সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী।

শেষত সকলোলৈ শলাগ আৰু কৃতজ্ঞতাৰে আমাক এই সুযোগ দিয়াৰ বাবে ঋণী আৰু কৃতজ্ঞ হৈ ৰ’লো।

                                    

সমীৰ কাশ্যপ বৰা

সম্পাদক

শব্দচিত্ৰ— জীৱন জিজ্ঞাসা

পঞ্চম বৰ্ষ, তৃতীয় সংখ্যা

4 Comments

  • বৰষা ডেকা

    সহজ-সৰল ভাষাৰে সুন্দৰকৈ লিখিছে বৰ ভাল লাগিল ।

    Reply
  • Lily Bordoloi

    সহজ-সৰল ভাষাৰে সম্পাদকীয় লেখাটো পঢ়ি ভাল লাগিল ।

    Reply
  • Anonymous

    সুন্দৰ সম্পাদকীয়

    Reply
  • গীতা মণি দত্ত ।

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *