অসমভূমিৰ মুকুটবিহীন সংগীত সম্ৰাট জুবিন গাৰ্গ-অৰবিন্দ গোস্বামী

মই…..মৰিম যিদিনা ঐ…… একেডাল বাঁহকে তিনিচেও কৰি লৈ ঐ….. মাজৰ চেও খচালিৰ কামি….. চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলৈ বুলি…মোৰ মনাই ঐ নৈৰ ঘাটলৈ বুলি……..                                         _____জুবিন গাৰ্গ____ অনাদি কালৰেপৰা পৃথিৱীত মানুহৰ জন্ম হৈছে আৰু এদিন মানুহে জীৱন নামৰ এই নাটখনিৰ যৱনিকা পেলাই পৃথিৱীৰপৰা মেলানি মাগিছে।এইদৰে পৃথিৱীলৈ সীমাহীন মানুহৰ সোঁত বৈ আছে আৰু আগলৈও বৈ থাকিব।এনে সীমাহীন মানুহৰ মাজত মুষ্টিমেয় কিছু সংখ্যকে জীৱন কালত এনে কিছুমান কাম কৰে,যাৰ বাবে তেওঁ এই ধৰাত অমৰ হৈ ৰয়।এনে

Read more

জুবিন যুগৰ বিষণ্ণ শৰৎ-কুঞ্জ খাউণ্ড

প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক’ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা  যদিও প্ৰকৃতিগতভাৱে কঁহুৱাৰ লগতে শেৱালিও ফুলিলে তথাপি এইবাৰ যেন শৰৎ বিষণ্ণ। এতিয়া শৰৎ যাবৰেই হ’ল।তথাপি একোতে আনন্দ দিব নোৱাৰিলে। এইবাৰ কাতি বিহুৰ ৰঙালী ৰূপ দীপাৱলীৰ চকু চাট মাৰি ধৰা পোহৰ আৰু কাণ তাল মৰা শব্দৰ ঠাইত  দেখিলোঁ কঙাল কাতি বিহু আৰু আন্ধাৰৰ দীপান্বিতা। তুমি কোৱাৰ দৰে ‘এন্ধাৰো সঁচা মোৰ  বহুত দিনৰে আপোন’ বুলি প্ৰমাণ কৰি দিলে। বোধহয় জুবিন গাৰ্গ আছিল এই শতিকাৰ শ্ৰেষ্ঠ ট্ৰেজিক চৰিত্ৰ যাৰ

Read more

ঢেঁকীশালৰ চকুলো-হিমাংশু গগৈ  

পূৰ্বতে অসমৰ প্ৰতিখন সম্ভ্ৰান্ত পৰিয়ালৰ এখন চিনাকি মুখ আছিল ঢেঁকী। সংস্কৃতিৱান বহুলোকৰ ঘৰত চ’ৰাঘৰ, আখলঘৰ, গোহালিঘৰ, ভঁড়ালঘৰ, তাঁতশাল, বাটচ’ৰা থকাৰ দৰে ঢেঁকীশালৰো আছিল এক অনন্য মাদকতা। এই ঢেঁকীশাল ব্যৱহাৰ কৰিয়েই অসমীয়া থলুৱা চহা লোকসকলে আমন্ত্ৰণ জনাইছিল অসমীয়াৰ বাপতিসাহোন বিহুক। ঢেঁকীৰ আছিল অসমীয়া কৃষিজীৱি জীৱনৰ লগত এক এৰাব নোৱাৰা সম্পৰ্ক। বিহু অহাৰ লগে লগেই‌ যেন  ঢেঁকীৰ সোণত সুৱগাহে চৰে। গাঁওখনৰ সকলোৰে ঘৰত ঢেঁকী নাথাকে বাবেই বহুলোকে ঢেঁকীশালৰ গৰাকীৰ ঘৰত পুৱাৰপৰাই খাপ দি ৰৈ থাকে।  ৰ’বলৈ অলপো আহৰি নাপায়। জীয়ৰী-বোৱাৰীহঁতৰ ভৰিৰ গচকত

Read more

সংঘাতেও জীৱনক তৰংগায়িত কৰে-বিৰিঞ্চি মহন্ত

মানুহৰ জীৱনত সংঘাত, হতাশা, নিৰাশা এই অনুভূতিসমূহ জীৱনৰ সুখ-দুখৰ দৰে একে মুদ্ৰাৰে গঢ়া। এনে কোনো মানুহ নাই, যি জীৱনত কোনো সংঘাতৰ সন্মুখীন হোৱা নাই অথবা সংঘাতৰ হেঁচাত হতাশাগ্ৰস্ত হোৱা নাই। আচলতে নোহোৱাটোহে অস্বাভাৱিক। এই কাৰণেই অস্বাভাৱিক বুলি কৈছোঁ – আমি তেজ-মঙহেৰে গঠিত, আৱেগ-অনুভূতিৰে সংপৃক্ত আৰু ভাল-বেয়াক উপলব্ধি কৰিব পৰা জীৱ। আমাৰ জীৱনলৈ অহা বিভিন্ন পৰিস্থিতিয়ে অথবা বাস্তৱৰ কঠিনতাৰ মেৰপেচে কঢ়িয়াই অনা সংঘাতে আমাক বহুসময়ত হতাশ কৰে আৰু নিৰাশাত ভোগায়। হতাশ হ’লে মানুহ ভাগি পৰে, আনকি সংঘাত আৰু হতাশাই মানুহক নিজৰ

Read more

আচাৰ্য বিনোৱা ভাৱে-কুঞ্জ খাউণ্ড

বিনোৱা ভাৱেৰ জীৱনী সম্বন্ধে ভাৰতৰ নিচেই কম সংখ্যক লোকেহে জানিবলৈ সক্ষম হৈছে। তেখেতে নিজৰ জীৱনী লিখিবলৈ কাকো উৎসাহ দিয়া নাছিল। আচলতে মানুহৰ কৰ্তব্যইহে মানুহৰ ভিতৰত লুকাই থকা মহৎ আত্মাৰ পৰিচয় দিয়ে। জ্ঞানৰ প্ৰদীপৰ পৰশলৈ আহিলেহে প্ৰকৃত অমৃতৰ সন্ধান পোৱা যায়। ঠিক সেইদৰে বিনোৱা ভাৱেও আছিল প্ৰদীপৰ প্ৰতীক। ১৮৯৫ চনৰ ১১ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ কোঙ্কনৰ ৰায়গড় জিলাৰ গাগোডে গাঁৱত জন্ম হৈছিল বিনোৱাৰ। পিতৃৰ নাম আছিল নৰহৰি সম্ভুৰাও ভাৱে আৰু মাতৃৰ নাম আছিল ৰুক্মিণী দেৱী। সৰুৰেপৰা আধ্যাত্মিকতাক বিশ্বাস কৰিছিল বিনোৱা ভাৱেই। তেওঁৰ  শিক্ষা

Read more

মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ-ববিতা শৰ্মা

আধুনিক অসমীয়া শিশু সাহিত্যৰ ধাৰাটো সবল কৰি তুলিবলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পাছত যি কেইগৰাকী ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল তাৰ ভিতৰত সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত অন্যতম। ঊনৈশ শতিকাৰ শেষ ভাগৰপৰা কুৰি শতিকাৰ আৰম্ভণিলৈ জোনাকী, বিজুলী, বাঁহী, চেতনা আদি কাকত-আলোচনীয়ে গঢ়ি তোলা বৌদ্ধিক পৰিৱেশৰ দ্বাৰা অনুপ্ৰাণিত হৈ মহন্তদেৱে এক বুজন সংখ্যক গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰি গ’ল।অসম সাহিত্য সভাৰ উদ্বোধনী গীতৰূপে পৰিৱেশিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতটিৰে হাজাৰ-বিজাৰজনৰ মনত ভাষা-জননীৰ প্ৰতি অনুৰাগ জগাই তুলিবলৈ সক্ষম হোৱা মিত্ৰদেৱ মহন্ত একাধাৰে এজন সফল নাট্যকাৰ,

Read more

অসমীয়া লোক সাহিত্যত ফকৰা-যোজনা (নামনি অসমৰ)- ইলি তালুকদাৰ

মনৰ ভাব প্ৰকাশ কৰিবলৈ আমি ভাষা ব্যৱহাৰ কৰোঁ।এই ভাষাৰো আকৌ দুটা ৰূপ থাকে।এটা কথিত ভাষা আৰু আনটো লিখিত ভাষা।অঞ্চল ভেদে কথিত ভাষাৰ ৰূপ বেলেগ যদিও এইবোৰৰ মাজত বৰ বেছি পাৰ্থক্য নাই।কিন্তু আজি এই কথিত ভাষাৰ যেন বিলুপ্তি ঘটিবলৈ লৈছে।তাৰ কাৰণ খুচৰিবলৈ নাযাওঁ।কথিত ভাষা শ শ বছৰীয়া পুৰণি ভাষা।নামনি অসমত এতিয়াও কথিত ভাষাৰ ব্যৱহাৰ হয়।এই ভাষা এসময়ত জতুৱা ঠাঁচ,ফকৰা-যোজনা,পটন্তৰ,সাধুকথাৰ মেটমৰা সম্ভাৰ আছিল।কিন্তু দুৰ্ভাগ্যক্ৰমে এইবোৰ ব্যৱহাৰ নকৰাৰ ফলত ই বৰ্তমান মৃতপ্ৰায় অৱস্থাত।অসমীয়া লোকসাহিত্যক সুৱলা কৰা মিঠা মিঠা শব্দেৰে গঠিত ফকৰা-যোজনাবোৰ আমি সংৰক্ষণ

Read more

সাময়িকীঃ সময়ৰ প্ৰসঙ্গৰে পৰিবৰ্তনবোৰ-জয়ন্ত গগৈ

আঘোণৰ সোণসেৰীয়া পৰিৱেশটো প্ৰায়ে শেষ হ’ল। এতিয়া গাঁৱৰ চহাজীৱি সকলো ব্যস্ত সোণোৱালী শইচ সোণগুটিবোৰ মৰণা মাৰি ভঁৰালত সাঁচি ৰখাৰ ব্যৱস্থা কৰাত। কিছুলোকে পৰিকল্পনাৰ আঁচনি অনুসৰি অৰ্থৰ জোৰা মাৰিবলৈ ধান দোকানত দিয়াৰ যো-জা চলাইছে বা কোনোৱে ইতিমধ্যেই দোকানীৰ গুদাম ঘৰত মজুত কৰি আহিলগৈয়ে। এইকেইদিনত গাঁৱৰ যি ফালেই যোৱা যায় সেইফালেই ধান মৰা মেচিনৰদ্বাৰা ধান মৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। সেই আগৰ দিনৰ দৰে গৰু বা ম’হেৰে মৰণা মৰাৰ দৃশ্য আজি খুব কমেইহে দেখা পোৱা যায় আৰু  ই অতি ৰ্দূলভো। ধান মৰা

Read more

টুচু পৰৱ-ড° মৃদুস্মিতা ফুকন

চাহ শ্ৰমিকসকলৰ মাজত বহু প্ৰচলিত এক পৰৱ হৈছে টুচু পৰৱ বা টুচু পূজা।অসম ভূমিত মাঘ বিহু নামে জনাজাত এই পৰৱ প্ৰধানত: নাৰীকেন্দ্ৰিক যদিও পুৰুষসমাজেও ইয়াৰ ৰং-ৰহইচত ভাগ লয়।মাঘ বিহুৰ লগত সামঞ্জস্য থকা এই পৰৱৰ সুন্দৰ বুৰঞ্জীমূলক আখ্যান আছে।ভাৰতবৰ্ষৰ খিলজি বংশৰ প্ৰতাপী ৰজা আলাউদ্দিন খিলজিয়ে সুন্দৰী ৰাণী পদ্মিণীৰ লোভত চিতোৰ আক্ৰমণ কৰে।সাহসী পদ্মিণীয়ে শত-সহস্ৰ ৰমণীৰ লগলাগি ‘জহৰব্ৰত’ গ্ৰহণ কৰে।আলাউদ্দিন খিলজিয়ে তেনে সময়তে পঞ্জাৱৰ ৰজা বীৰবলৰ কন্যা ৰুক্মিণীৰ ৰূপ-গুণৰ কথা শুনি তেওঁৰ সৈতে বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।মুছলমান ৰজাক নিজ কন্যাক বিয়া দিব লাগিব

Read more

নীলা খামৰ চিঠি-ইলি তালুকদাৰ

মৰমৰ,         মৰম ল’বা।কেনে আছা?মৰম ল’বলৈ কৈছোঁ যদিও মোৰ মৰম ল’বলৈ তোমাৰ সময়,ইচ্ছা আছে নে নাই সেয়াও নাজানো।তোমালৈ আজি কি লিখোঁ ভাবি পোৱা নাই।কয় নহয় বোলে অন্তৰ যেতিয়া ভাবেৰে পূৰ্ণ হৈ থাকে তেতিয়া শব্দ নোলায়,শব্দ কম হয়।মোৰো আজি একেই অৱস্থা।তথাপিও মনৰ কথাবোৰ পাতল কৰিবলৈ আগৰ দৰেই আজিও কলম তুলি লৈছোঁ। আজি বহুত পুৰণি কথা মনত পৰিছে অ’।মোৰ তেতিয়া বয়সনো কিমান?পুষ্পিতা হৈ উঠিছোঁ হে। আমাৰ সেই দিনত পুষ্পিতা হোৱাৰ চাৰিদিনৰ দিনা তোলনী বিয়া পাতিছিল।কলগছৰ তলত নোৱাই-ধোৱাই কইনাৰ সাজেৰে সজাই পৰাই তোলা দেহটো

Read more
1 2 3 4