জুবিন যুগৰ বিষণ্ণ শৰৎ-কুঞ্জ খাউণ্ড

প্ৰতি শৰতৰ প্ৰভাতী ফুলে

ক’ব তোমাকেই মোৰ কথা

প্ৰতি মেঘালী নিশা জোনে

ক’ব তোমাকেই মোৰ বেথা 

যদিও প্ৰকৃতিগতভাৱে কঁহুৱাৰ লগতে শেৱালিও ফুলিলে তথাপি এইবাৰ যেন শৰৎ বিষণ্ণ। এতিয়া শৰৎ যাবৰেই হ’ল।তথাপি একোতে আনন্দ দিব নোৱাৰিলে। এইবাৰ কাতি বিহুৰ ৰঙালী ৰূপ দীপাৱলীৰ চকু চাট মাৰি ধৰা পোহৰ আৰু কাণ তাল মৰা শব্দৰ ঠাইত  দেখিলোঁ কঙাল কাতি বিহু আৰু আন্ধাৰৰ দীপান্বিতা। তুমি কোৱাৰ দৰে ‘এন্ধাৰো সঁচা মোৰ  বহুত দিনৰে আপোন’ বুলি প্ৰমাণ কৰি দিলে। বোধহয় জুবিন গাৰ্গ আছিল এই শতিকাৰ শ্ৰেষ্ঠ ট্ৰেজিক চৰিত্ৰ যাৰ আছিল আকাশচুম্বী জনপ্ৰিয়তা, অভিলেখ সংখ্যক গীত গোৱাৰ ইতিহাস, হিমালয়সম গ্লেমাৰ। সংগীতৰ জগতখনৰ এজন ৰজা। যিজন ৰজাই কেতিয়াবা গতানুগতিকতাৰ হেৰফেৰ কৰিলেও কোনেও বেয়া নাপায়। জুবিন আছিল এজন দাৰ্শনিক আৰু বৌদ্ধিক প্ৰজ্ঞাৰ পূজাৰী, যাৰ আশে পাশে যাব পৰাকৈ কোনো নাছিল। প্ৰায় বাৰ হাজাৰৰো অধিক গ্ৰন্থ অধ্যয়ন কৰিছিল । Folk culture of Eastern Europe দাম – ১১০০ ইউৰো।ভাৰতীয় হিচাপত প্ৰায় এক লাখ ত্ৰিশ হাজাৰ টকা।এতিয়া কোনোবাই ভাবিব পাৰে নে ,অসম নামৰ এই ক্ষুদ্ৰ,আওহতীয়া ঠাইখনত এজন সাধকে পূব ইউৰোপৰ লোক সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিছে বুলি।জীৱন বৰঠাকুৰৰপৰা জুবিন গাৰ্গ এনেয়ে হোৱা নাছিল।বিশ্ব সংস্কৃতিৰ ইতিহাস আৰু বৰ্তমানৰ বিষয়ে জ্ঞান নাথাকিলে সংগীতৰ নব্য ধাৰা এটাৰ সূচনা কৰিব নোৱাৰিলেহেঁতেন।গুৱাটেমালাৰ এটা বিশাল আৰু অত্যাধুনিক ষ্টুডিঅ,সেইটো আছিল হলীউডৰ এটা অংশ।হলীউডৰ চিনেমাৰ আৱহ সংগীত তথা সংগীতৰ কাম হয় তাত আৰু তাত কাম কৰা প্ৰায় প্ৰত্যেকজন সংগীতজ্ঞ আৰু বিশেষজ্ঞই জুবিনৰ বিশাল প্ৰতিভাৰ বিষয়ে জানে।সেইটো মিউজিক ষ্টুডিঅ’ৰ কোনো এটা প্ৰজেক্টৰ বাবেই এই অসম মুলুকৰ এটা কোণত বহি জুবিন গাৰ্গে কিবা কাম কৰি দিছিল।কি আছিল এই প্ৰতিভা!প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ,নিজৰ প্ৰতিভাক বিশ্বই মান্যতা দিবলৈ বাধ্য কৰিবলৈ প্ৰচুৰ মেধা আৰু প্ৰজ্ঞাৰ প্ৰয়োজন,যিটো জুবিনৰ আছিল। অকল গীতেই নহয়, তেওঁৰ শব্দৰ ভঁড়ালত ৰচিত হৈছিল বহুত কবিতাও। প্ৰতিটো গীতৰ কথাই সময়ৰ লগত খোজ দি শেষ মুহূৰ্ত্তলৈকে মিলাই গাইছিল।এটা ঐশ্বৰিক শক্তিৰে শক্তিশালী জুবিনৰ কণ্ঠত আছিল সৰস্বতী।জুবিনৰ কথা সুৰ,কণ্ঠশৈলী,বাদ্য সংযোজন,গায়নশৈলী, উচ্চাৰণ সকলোতে আছিল অভিনৱত্ত্ব আৰু নিজস্ব এক শৈলী। তেওঁৰ সুৰৰ মায়াজালত বন্দী হৈছিল প্ৰকৃতি ,জীৱ জন্তু আৰু চৰাই-চিৰিকতি আনকি নদীও।মানৱ দৰদী শিল্পী জনাই স্ব-উপাৰ্জিত ধনৰ সিংহ ভাগেই ভগাই দিছিল কাৰোবাৰ চিকিৎসাৰ নামত নাইবা আন প্ৰয়োজনত।প্ৰায় ৩৮ হাজাৰৰো অধিক গীত গাই বিশ্ব ৰেকৰ্ড কৰা শিল্পী জনেই আছিল জুবিন গাৰ্গ। তদুপৰি চল্লিশটা ভাষাত গীত গাইছিল আৰু প্ৰায় এঘাৰ বিধ বাদ্য নিখুঁতকৈ বজাব পাৰিছিল।

মায়া নগৰী মুম্বাইত থিতাপি লৈও জাতি আৰু মাতৃ ভাষাৰ মোহত ল’ৰাটো ঘূৰি আহিছিল ঘৰলৈ।যি কৰিব মাতৃভূমিত থাকিয়েই কৰিব বুলি। মৃতপ্ৰায় অসমীয়া বোলছবিৰ উদ্যোগটো তেওঁৰ সোণালী হাতৰ পৰশত প্ৰাণ পাই উঠিল। অসমীয়া চিনেমা চাবলৈ পাহৰি যোৱা মানুহক চিনেমা চাবলৈ ঢপলিয়াই যোৱা কৰিলে। মানুহৰ লগতে প্ৰকৃতি আৰু জীৱ- জন্তুক ভালপোৱা শিল্পী আছিল জুবিন।কথাবোৰ খাৰাংখাচ।কালৈকো ভয় আৰু খাটিৰ নকৰা বিধৰ। কিন্তু হৃদয়খন আছিল  বিশাল আকাশৰ দৰে। ৰজা হ’লেও মনটো আছিল একেবাৰে শিশু সুলভ।কাৰোলৈকে কপটতা নৰখা সৰল মনটোৰ সুবিধা লৈয়ে তেওঁৰ আশে পাশে বাঢ়িছিল ৰঘুমলাৰ দৰে পৰজীৱী এক শ্ৰেণীৰ লোক।ইউক্লিপটাচ গছৰ দৰে ওখ হ’ব খোজা মানুহজন হিমালয় সদৃশ উচ্চ স্থান পালেগৈ। আগতে ৰজা আছিল,এতিয়া মৃত্যুৱে সম্ৰাট কৰি বেছি শক্তিশালী কৰিলে।অসমীয়াৰ হিয়াৰ আমঠুক কোনেও একো দিয়াৰ প্ৰয়োজন  নহ’ল। তেওঁহে  অসমবাসীক চহকী কৰি থৈ গ’ল বিশ্বত চিনাকি দিব পৰাকৈ । প্ৰতিটো গীতৰ কথাৰ লগতে সংগতি ৰাখিয়েই জীৱন নাটৰ সামৰণি মাৰিলে।

“আকাশে গাতে ল’বৰে মন, 

সাগৰ তলিত শুবৰে মন…….”  কৰি তাকেই কৰিলা। জুবিন এজন ব্যক্তি নহয় এটা সত্বা আছিল। তুমি কিমান শক্তিশালী আছিলা এতিয়াহে বুজি পাইছোঁ।কাম কৰি কৰি ভাগৰি পৰা দেহাটোক এতিয়া বিশ্ৰামৰ প্ৰয়োজন। তুমি শান্তিত থাকা। তোমালৈ অশ্ৰু অঞ্জলি যাচিলো। এতিয়া অসমৰ ৰাইজে তোমাৰ কথা ৰাখি ৰৈ ৰৈ বিনাই আছে আৰু বিনাই থাকিব। তুমি নথকাৰ অনুভৱে অশ্ৰুক বাধা দি ৰাখিব পৰা নাই। তোমাৰ সমাধিত মাজ নিশাও মানুহ সাৰে থাকে, যেনেকৈ সৃষ্টিৰ খাতিৰত তুমি গোটেই ৰাতি সাৰে আছিলা।

*******

One comment

  • বৰষা ডেকা

    বৰ ধুনীয়া হৈছে বাইদেউ। ঘূৰাই যে তেখেতক আৰু কোনোকালে নাপাওঁ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *