সম্পাদকীয়
জয়জয়তে শ্ৰদ্ধাৰ ই-আলোচনীখনৰ লগত জড়িত প্ৰত্যেকগৰাকী সদস্য সদস্যা,”শব্দচিত্ৰ_জীৱন জিজ্ঞাসা”ত নিজৰ লেখা প্ৰকাশ কৰিবলৈ দি আমাক উৎসাহিত কৰা শ্ৰদ্ধাৰ প্ৰতিগৰাকী কবি,লেখক,লেখিকালৈ আমাৰ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ থাকিল। আমাৰ বাবে যোৱা সময়ছোৱা বিশেষকৈ ২০২৫ বৰ্ষটোৰ শেষলৈকে আমি অসমৰ বহুকেইগৰাকী শিল্পী, সাহিত্যিক আৰু অসমৰ পুৰোধা ব্যক্তিক হেৰুৱালো। তাৰে ভিতৰত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ,ৰাজীৱ শদিয়া,চৈয়দ চাদুল্লা,দীপক শৰ্মা,প্ৰফুল্ল গোবিন্দ বৰুৱা,ৰামচৰণ ভৰালী,জ্ঞানদা কাকতি,অনুভৱ তুলসী,হেমন্ত দত্ত,ফাইলাও বসুমতাৰী,তিমথী দাস হাঞ্চে,গায়ত্ৰী হাজৰীকা,নলিনী বৰুৱা,সমৰ হাজৰীকা,প্ৰদীপ বৰুৱাকে আদি কৰি পুণ্যাত্মাসকলে আমাক এৰি থৈ পৰলোকলৈ গতি কৰিলে।এই বিদেহী পুণ্যাত্মাসকলৰ চিৰশান্তি কামনাৰে
Read more