বহাগীৰ চিঠি-নমী ফুকন বৰা

এই নীলাঞ্জনা, বহাগৰ নপানীটুপিতে জুবুৰিয়াই ল’বাচোন  এবাৰ  আধা পোৰা কলিজাটো। নিকা হৈ পৰিব  লিকটা মৰা দাগবোৰ, আৰু — আৰু নিঃশব্দে সৰি পৰিব বেদনাৰ তৰপবোৰ। বহাগী পুৱাতেই আঁকি ল’বা পাৰিলে  এমুঠি ৰ’দালীৰ আল্পনা  চাবাচোন সপোনবোৰে পুনৰ গুণগুণাই উঠিব ক’ৰবাৰ পৰা বৈ অহা বতাহ এজাকে শিমলু তুলাৰ দৰে উৰাই নিব সেই পুৰণি দুখবোৰ, দূৰ- দিগন্তলৈ। মনত পুনৰ অংকুৰিত হ’ব  এমুঠি সেউজীয়া আশা।  মাথোঁ হাঁহি এটি বুলাই ৰাখিবা মুখখনিত চাবাচোন বসন্তই  নিজেই লিখি যাব ভালপোৱাৰ অনেক কাহিনী।         *******

Read more

‎আবেলিৰ ৰং-নূপুৰ গোস্বামী

‎যোৱাবাৰ জেংবিহু নচা গছডালত    ‎আকৌ কপৌফুল ফুলিছে। ‎পথৰুৱা বতাহজাক যে কেনে ডেও লগা ‎গাৰ চাদৰখনো উৰুৱাই নিব খোজে। ‎কেতিয়াবা কিছুমান কথা মনত পৰিলে মনটোও দেখোন থৌকি-বাথৌ হৈ পৰে। ‎কিমান যে কথা ক’ত জানো হেৰাই যায়,  ‎ক’ৰ কথা ক’ত গৈ কেনেকৈ ওলাই ‎তাৰো একো ঠিকনা নাই। ‎সেই যে খাপ পিতি ৰৈ থকা কথাবোৰে বাটত অকলে পাই এদিন কৈছিল ‎পেটৰ কথাবোৰে বুকুত হেঁচা মাৰি ধৰিলে  ‎মূৰটো চেৰেকীৰ পাকৰ দৰে ঘূৰায়।  ‎মুখ ফুটি ওলালেহে হাঁহিবোৰ ওলায়। ‎মনটোও ফৰকাল লাগে ‎ঠিক জোনটোৰ দৰে। ‎বোকাত

Read more

ভালৰ ধৰ্ম-বেয়াৰ ধৰ্ম-সুৰেন গোস্বামী

যিয়ে ভালটো কি নাজানে,  সিনো কেনেকৈ বুজিব হেৰা বেয়াটো কি? তাৰ মতে বেয়াই ভাল, ভালেই বেয়া। সি বেয়া কথা কৈ ভাল পায়, ভাল কথাক বেয়া ভাবি বেয়া গালি দিয়ে; বেয়া মাত মাতে, বেয়া বাক্য লিখে,                     ভালক পাৰে বেয়া গালি, বেয়াই তাৰ ভাল। তাক বেয়া বুলিলেই বেয়া পায়, তাৰ ভুল ধৰি শুদ্ধকৈ ক’লে সি সহ্য নকৰে, সেয়াই তাৰ ধৰ্ম, সেয়াই তাৰ ব্যক্তিত্ব,  সেয়াই তাৰ চৰিত্ৰ ভালৰ আগত।   ভালে মনে মনে পথেৰে গ’লে, গাঁ‌ৱৰ এজাক কুকুৰে একেলগে ভোকে, সেয়াই সিহঁ‌তৰ ধৰ্ম,

Read more

ব’হাগ অহাৰ বতৰা-মণি গোস্বামী

এজাক পখীৰ কুঞ্জনত সাৰ পাই উঠিল ‎এটি বিষণ্ন গধূলি। ‎নীলিমাৰ বুকুত ডেউকা কোবাই ‎পাহাৰৰ দাঁতিয়েদি নীড়মুখী পখীজাকে ‎বতৰা বিলাইছিল ব’হাগ অহাৰ। ‎ৰ’দে পোৰা পথাৰে আকাশলৈ চাই আছিল কিজানিবা ধৰিত্ৰীৰ বুকুত সৰি পৰে ‎মেঘালীৰ আতুৰতা। ‎ব’হাগ অহাৰ উছাহত কুঁহিপাতৰ স’তে গোপনে আলাপ কৰিছিল মৌপিয়াজাকে। ‎গধূলিৰ জোন গলা সময়ত  ‎বসন্তৰ কোমল পৰশত ‎নাহৰৰ নতুন পাতে সুহুৰি বজায় উলাহতে। ‎আৰু ঠিক তেতিয়াই ‎ডাৱৰ আৰু জোনাকৰ আলিংগনত ‎ধৰালৈ নামি আহে বৰদৈচিলাজাক ‎ব’হাগ অহাৰ বতৰা দিবলৈ। প্ৰকৃতিৰ বুকু ভৰাই ঢোলে ডগৰে  ‎বৰপীৰা পাৰি ল’লে পৃথিৱীৰ

Read more

সাগৰ মন-সমীৰ কাশ্যপ বৰা

পুখুৰীৰো এটি সাগৰ মন থাকে সাগৰ বিশাল! শেষ সীমাৰ দূৰত্ব অদূৰ… অথচ পুখুৰীৰো এটি সাগৰ মন থাকে। বুকুত পানীৰ ভৰ লৈ পুখুৰীয়েও ভাবে মই জানো সাগৰ হ’ব নোৱাৰোঁ!  জন আলাপৰ তীৰ্যক দৃষ্টি দেখি সামৰি লয় ঔদাস্য হাঁহি…   হুমুনিয়াহৰ আত্ম বুজনিত বাৰে বাৰে মন ভাঙে, অথচ আকাশ খন সন্মুখত! নিঃকিন ভাৱৰ বিশ্বাসৰ উত্তৰ মই সাগৰ ন’হব পাৰোঁ! অথচ মোৰো সাগৰ এটি মন। উত্তাল ঢৌ প্ৰকাণ্ড লহৰৰ সাগৰৰ ধেমালি দেখি অলস্য ভাৱে পুখুৰীয়েও কয়  ক্ষুদ্ৰ এটি ভৰুণ গতি মোৰ বুকুতো সমাৱেশ 

Read more

ছাঁ-কুশল মহন্ত

আন্ধাৰৰ মাজে মাজে ঘূৰি ফুৰা অবয়ৱবোৰৰ শুকান মুখখনৰ অমৰা গুটি সদৃশ চকুযুৰিত, সেয়া কিহৰ চাৱনি? ভোক!  নে , আন কিবা ? সিহঁতৰ কামিহাড় আঁজুৰি হৃদযন্ত্ৰৰ তেজ পিবলৈ ৰৈ থকা শিয়ালে আন্ধাৰৰ সুযোগতে সিহঁতৰ মুখত ঢালি দিয়ে একলহ নিচা। এতিয়া সিহঁত দিকভ্ৰষ্ট ! সকলো হেৰুৱাই , অলিয়ে -গলিয়ে আন্ধাৰত খেপিয়াই ফুৰে নিজৰ ছাঁ । আৰু , ওখ দেৱালৰ সিপাৰে  ক্ৰমাৎ, আন্ধাৰত বিলীন হয়,  আন এটি ছাঁ .. গোপনে। *******

Read more

প্ৰেমিকাৰ নাম ব’হাগী-ড০ ববিতা বৰ্মন

সোণজনী, ব’হাগ পালেহি জানিছানে নাই? তোমাৰ চেনায়ে যে আছে বাট চাই   মুগা সাজ পিন্ধি বিহুতলীলৈ আহিলে, ৰিহাৰ ভাঁ‌জতেই নাচনীৰ জোখ-মাপ ল’ম কাজল সনা দুচকুত হৃদয়ৰ খবৰ সুধিম জেতুকা সনা দুহাতত গামখাৰু পিন্ধাওঁতেই  লাৱনী হাতৰ পৰশত ৰোমাঞ্চিত হ’ম পাহাৰ বগাই অনা কপৌফুল খোপাত গুজি, সমস্ত ভালপোৱা গোপনে উজাৰি দিম  পখিলাৰ দৰে কঁকাল ঘূৰাই নাচোঁতে ঢুলীয়া আৰু পেঁপুৱৈ হৈ তোমাক নচুৱাম সঁচাকৈ মোৰ অনাবিল প্ৰেমৰ ৰাগীত চিৰদিন মতলীয়া হ’বানে তুমি ?  মোৰ হিয়াখনো ৰঙালীৰে ৰঙীন হৈ পৰিব জানা॥ *******

Read more

হৃদয়ৰ ঠিকনা বিচাৰি-নিতুল নাথ

তোমাৰ কাজল সনা সজল নয়নৰ আশাৰ ৰেঙণিৰপৰা  কোনোমতেই ওভোটাই আনিব পৰা নাই মোৰ নিঠৰ দুচকু। বাৰে বাৰে বিচাৰি বিচাৰি চলাথ কৰিছোঁ তোমাৰ হৃদয়লৈ যোৱাৰ ধূলিময় পথৰ আদিম ঠিকনা। ফাগুনৰ বা-মাৰলি পছোৱাই অকাই-পকাই উৰুৱাই নিয়া সোঁৱৰণিৰ সৰাপাতৰ বিষাদবোৰ সামৰি সাৱটি বুটলি ল’ম নিভৃত কোণত। আঁউসীৰ আন্ধাৰৰ পুৱতি নিশাত নির্জন জয়ালতাৰ বুকু ভাঙি গৰজি উঠে পূৰ্ণিমাৰ জোন যেন তোমাৰ মুখখন, হাবাথুৰি খাই বিচাৰি যাওঁ চাতক চৰাইৰ চুবুৰীত তোমাক বিচাৰি, বিচাৰি। আহিবা,ৰান্ধনি বেলিৰ ক্ষণত হ’লেও তুমি অহাৰ পথত ফুলি ৰ’ব গধূলি গোপাল, মোৰ

Read more

কবিতা ভালপোৱা মানুহজন-নীলাক্ষী মিশ্ৰ

কবিতা ভালপোৱা মানুহ এজনৰ লগত হঠাতেই মুখামুখি হল  কিন্তু কেনেকৈ নো কম!! তেওঁ নিজেই এটা কবিতা  দেখোন সহজ,সমান্তৰাল, খোকোজা নলগা এটা সহজ কবিতা কিন্তু… কবিতাৰো নিজশ্ব  কাহিনী থাকে সেই কাহিনীকে তেওঁ কৈ  গ’ল আৰু ময়ো হৈ পৰিলো প্ৰেমিক চৰাই……. সেই কবিতা ভাল পোৱা মানুহজনে হেনো বুকুত কঢ়িয়াই ফুৰে হাজাৰ প্ৰেমৰ সফুৰা তেওঁ কয়- “যিমান দূৰ একেলগে গলে পাৰ হব পাৰি সকলো নদী সকলো পাহাৰ সকলো সাগৰ অথবা জীৱনৰ সকলো চাকনৈয়া, তেনে বিশ্বাস আছে যদি আজীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰোঁ

Read more

শীতৰ বিষণ্ণতা-কল্যাণী দেৱী গোস্বামী

অভিমানী বৰ্ষা তোমাৰ হিয়াৰ বিননিত আনন্দৰ উল্লাস মৰহি যায়, নিশ্চুপ হুমুনিয়াহ কাঢ়ি বিষাদময় বিচ্ছেদত তপ্ত অশ্ৰুৰ বন্যা নামে গোপনে সময়চক্ৰত আবতৰীয়া ঋতুৰ বিষণ্ণতা । আলিমূৰৰ কেঁকুৰিত হেৰায় শৰৎ-হেমন্ত স্মৃতি ভৰা সৰাপাতত বাট চাই ৰওঁ আকৌ আহিব দুনাই । শীতৰ বিষণ্ণতা কুঁৱলীঘন নিশাৰ ৰহস্যত, পুৱতিৰ বেলিৰ আন্ধাৰ-পোহৰৰ মালিতা, পুৰণি নিহালিৰ ঠেহ কপাহ কোমল উম হেৰুৱায় নিছলাৰ শেতেলিত। গাভৰু নৈখনে বিনায় শীৰ্ণকায় হৈ পৰা দেহটোত স্নিগ্ধ-সেউজ আৱৰণ খহি জিলিকিছে বিষণ্ণতাৰ ৰঙ অথচ ভৰুণ হালধীয়া পথাৰত শুনো কলৰৱ আকাংক্ষিত সাত সাগৰৰ সিপাৰৰ আলহী

Read more
1 2 3 13