শৰৎ আহিল চুচুক-চামাককৈ-হৰিচন্দ্ৰ ডেকা

শাৰদী ৰাণী মোৰ হিয়াৰ পদুম নিৰলা কুটীৰৰ হেঁপাহ চাৱনিত সৰে মেঘৰ দুন্দুভি দুচকুত বিজুলীৰ চমক৷ নিকুঞ্জ বনত হেৰাল  ডাৱৰৰ বাতৰি সৰগত হেৰাল তুমি অহাৰ বতৰা৷ উশাহ নিশাহৰ খলা-বমা, মৃদঙ্গৰ অহিৰ ভৈৰৱ এয়াও পিৰীতিৰ সৰগ মোৰ বাৰমহীয়া শৰৎ আকাশে-বতাহে দেৱী নামি অহাৰ শঙ্খধ্বনি ক’ত জানো হেৰাল সুৰভি! সময়েও কৰে প্ৰতাৰণা, শাৰদী ৰাণীৰ প্ৰেমিক যে আনমনা৷ এয়াও সময়ৰ গান স্মৃতিয়ে বুজি নাপায় আন, সুৰভিত বাজে  তোমাৰ জয়গান৷ *******

Read more

জোনাকী গাঁথা-কুশল মহন্ত

টুলুঙা নাৱৰ টিঙত বহি শুনিবানে  জোনাকৰ জীৱন গাঁথা?  পূৰ্ণিমাৰ জোনো যে গলে , নিৰৱে,অকলে .. বিৰহী প্ৰেমৰ কৰুণ স্মৃতিত , ঈশ্বৰেও টোকে চকুপানী … মুৰুলীৰ সপ্ত সুৰত বাজে বিৰহৰ ৰাগিণী। সকলো আপোন হোৱাৰ ভাৱত , ভাৱৰীয়া। মায়াৰ জালত বন্দী, মানৱতা।   সময়ে সকলো কয় , তথাপিও চেষ্টা, জোনাকী কাৰেং-ঘৰত, উষাৰ তিমিৰ ফালি পোহৰৰ অনিৰুদ্ধ যাত্ৰা  গোপনে গোপনে, আজীৱন! *******

Read more

আইতাৰ দুখ-ৰাজু কুমাৰ নাথ

অ’ আইতা, জেঠৰ প্ৰখৰতা শৰতত যে দেখিলো! আইতা, এইবাৰ কাতিমহীয়া শুকুৱাম দেই কলাখাৰ।   বোপাই, আমাৰেই মূঢ়তা, প্ৰকৃতিয়ে কৰিছে শত্ৰুতা, ছিৰালফাট দিছে চাগৈ আহিনৰ গাভিনী পথাৰ।   সোণটোৱে ক’লে, সুমেৰু হেনো গলিছে, কুমেৰুও গলিছে, চৌপাশে দুঠেঙীয়াই জ্বলাইছে জুই।   বেচিদিন আৰু নাই বেপেৰুৱা নহ’বি ভাই, নহৱ যদি তহঁত সচেতন, ইয়াৰ ঔষধো পাবলৈ নাই নাথাকিবি দেই শুই।   এডাল কাটিলে দহডাল ৰুবি পিতায়েৰাই আদৰ্শ দেখুৱাই থৈ গ’ল।   পিতায়েৰাও মৰিল তহঁতৰ বচনো লৰিল, সকলো ভৰপূৰ বাৰী কৰি তহিলং মৰুভূমি হেন হ’ল।

Read more

নিস্তব্ধতাৰ বাৰ্তালাপ-সমীৰ কাশ্যপ বৰা

মাজ নিশা মোৰ কোঠাৰ খিৰিকীখন খুলি দিলোঁ শীতল  বতাহ এজাক ভিতৰলৈ বৈ আহিল বাউলি হৈ পৰা খিৰিকীৰ পৰ্দাবোৰে  এফালৰপৰা আনফালে  বাৰে বাৰে কোবাই গ’ল, আকাশলৈ জুমি চাই দেখোঁ সীমাহীন নিস্তব্ধতাত জোনাকবোৰ নিথৰ হৈ ৰৈ আছে। উফ্…… সুখৰ সংজ্ঞা বিচাৰি হাহাকাৰ কৰা মোৰ চকু হালত এয়া চোন এক শান্তিৰ নিশ্বাস। দুৱাৰ খুলি বাহিৰলৈ বুলি ওলাই গ’লোঁ, চিগাৰেট এটি জ্বলাই  আকাশৰ ফালে একেথৰে চাই ৰ’লোঁ। ওঁঠৰ ফাঁকেৰে ধোঁৱাবোৰ  আকাশৰ ফালে অকোৱা পকোৱা কৈ বতাহৰ বুকুত হেৰাই গ’ল। এনেকৈ বহুতো নিশা নিজৰ মাজত হাজাৰটা

Read more

বাৰিধাৰ-ড০ মৃদুস্মিতা ফুকন

শাশ্বত নিৰাকাৰ  কোমল মসৃণ  বাৰিধাৰ।  মানুহৰ সিৰে সিৰে  মানুহৰ তেজে তেজে  বৈ আছে এধাৰ বাৰি,  যিধাৰ বাৰিৰ পৰশত  মৰুভূমি জীপাল হৈ উঠে  সেউজীয়াবোৰ হৈ উঠে ঘনঘোৰ।  বাৰিধাৰ……… দূৰণিৰ মেঘ হৈ  ৰিমঝিম বৰষুণ হৈ  হিম চেঁচা  নিয়ৰৰ টোপাল হৈ  পাখি মেলি উৰি আহে  এটি বাখৰুৱা প্ৰাণ হৈ,  অশান্ত সাগৰ সমান  মৰম বিচাৰি।  Be like water  It is the softest  But it can destroy the hardest. *******

Read more

মায়াৱিনী ৰাতিৰ গান-কল্পনা দেৱী গোস্বামী

সুমধুৰ কণ্ঠত  বাজি উঠিছিল আৰ্তজনৰ দুখৰ হুমুনিয়াহ। ৰ’দৰ  ছাঁ বিচাৰি পাখি পাখি লগা থুনুকা মনেৰে মানুহ বিচাৰি ফুৰা সপ্ত সুৰৰ অৱসান। ছাই হৈ গ’ল নিমিষতে সোণাপুৰৰ কমাৰকুছিত। লুণীয়া সাগৰৰ পানীত, জনতাৰ সাগৰত সাঁতুৰি  মহানায়ক গুচি গল  জোনবাইৰ  দেশলৈ। তোমাৰ ঠিকনা  সলনি হ’ল। তোমাৰ গানৰ সুৰেৰে   গানৰ মাজতে জ্বলি জ্বলি শেষ  হ’ল তোমাৰ পাৰ্থিৱ  শৰীৰ। জন সমুদ্ৰৰ জোৱাৰত নিনাদিত কণ্ঠত মায়াৱিনী  ৰাতিৰ গান। ইমান মানুহৰ অন্তৰ  মাথোঁ গানেৰে জয় কৰিব পৰা উদাত্ত কণ্ঠৰ গৰাকী তুমি ঈশ্বৰৰ সন্তান। হেজাৰ লক্ষ জন গুণমুগ্ধ,

Read more

মধ্যবিত্ত-কুশল মহন্ত

মধ্যবিত্তৰ চোলাটো পিন্ধি, এৰি অহা পদপথত আধৰুৱা সপোন.. আন্ধাৰত জোনাকী বাট খেপিয়াই, পুৱাৰ হুমুনিয়াহ আৰু টুথপেষ্টৰ টিউৱ চেপি-চেপি আত্মবিভোৰ! সন্মুখত টিপ্ টিপ্ কৈ পানী পৰা নলৰ লগত একাত্ম। মাৰ মাতত তন্দ্ৰা ভাঙি, গৰম চাহৰ তপত ধোঁৱাত উৰি যায় বসন্তৰ আনন্দ.. ভন্টিৰ পঢ়া টেবুলত পৰি ৰয় উকা পৃষ্ঠাৰ দস্তাবেজ। দেউতাৰ পুৰণি কামিজৰ বুটাম চিলাই পাৰ হয় মাৰ জীৱন। ককাদেউতাৰ আৰামী চকীত অলৰ-অচৰ আইতায়ে মাৰে শুকান কাহ… বৈদ্যুতিক বিল, ৰন্ধন গেছৰ চিলিণ্ডাৰ, মোবাইল, টিভিৰ ৰিচাৰ্জৰ উপৰিও দেউতাৰ মন মগজুত বাহ লয় আৰু

Read more

নিউৰ’টিক-চিৰঞ্জীত বড়া  

চিগাৰেটৰ ধোঁৱাবোৰ উৰি ফুৰে, নাঙঠ দেহত আৱৰণ সানে উকা কলিজাত অকণ ৰঙা তেজ! হৃদয় কঁপাই‌ জী উঠে অতীতৰ ভঙা ৰাজহাড়। গছৰ এখিলা শুকান পাত নিস্তেজ হৈ পৰি ৰয় আলিবাটত; কোনোবাই এদিন তুলি লয়  আৰু ৰূপ দিলে মহাকাব্যৰ। মাৰ্চেল প্ৰুষ্টৰ কথাষাৰলৈ মনত পৰিল। চিটি বাছৰ ভিতৰত  এজন নিউৰ’টিকক দেখি সকলোৰে মনত আতংক। তেওঁ ক’লে ভয় নকৰিবা‌ মই লিখি আছোঁ।। *******

Read more

তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ-সমুজ্জ্বল ডেকা 

শব্দৰে নক’লেও মোৰ  অন্তৰত কেৱল  তুমি আৰু তুমি। নিশাৰ সপোনৰ ৰাজ্যত ভাঁহি আহে  মাথোঁ তোমাৰেই প্ৰতিচ্ছবি। সৰস্বতী পূজাত ৰঙা  গোলাপজনী হৈ দিয়া  তোমাৰ‌ মিচিকিয়া  হাঁহিয়ে‌ মোৰ হৃদয়ত  মৰমৰ জোৱাৰ তুলিছিল। জ্বলি উঠিছিল ভালপোৱাৰ শিখা। বতাহৰ আলিংগনত লাজুকী চৰাইজাকে তোমাৰ কোলাত  জিৰণি লৈ  প্ৰেমৰ কথা পাতিছিল। একবিংশ শতিকাৰ কোনো  এটা দিনত সুমধুৰ ক্ষণত  তোমাৰ বিবাহৰ আয়োজন চলিব। বন্ধুৱে হঠাৎ আহি খবৰ দিব, অই, ত‌ই জাননে?  তাইৰ বিয়া নহয় ব’হাগত… তেতিয়া মই নিশ্চিতভাৱে ক’ম যে তোমাৰ বিয়াৰ নিমন্ত্ৰণী  পত্ৰখনৰ ডিটিপি  ময়েই কৰিছিলোঁ।

Read more

‎বিচিত্র-কপিল দেৱ গোস্বামী

চিত্ৰ – ১   দুপৰ নিশা ৰিণি ৰিণি শুনিছোঁ ‎এটি কাতৰ চিঞৰ।  ‎কাণপাতি শুনিলোঁ, ‎সেয়া যেন কান্দোন অসহায় যুৱতীৰ ‎কোনো অমানুহৰ কুটিল স্পৰ্শই গিলিছে ‎তাইৰ শৰীৰ।    ‎ চিত্ৰ – ২   দুখন শীৰ্ণকায় হাতৰ জনসমুদ্রত বিচৰণ  ‎নুমুৱাবলৈ ভোকৰ জুঁই ‎হঠাৎ যেন এটি হাঁহি বাগৰি পৰিল ‎কদৰ্যময় আৱৰ্জনাত যেন পালে,  ‎এটুকুৰা ৰুটিৰ সন্ধান।   ‎চিত্ৰ – ৩   হঠাৎ চাইৰেন বাজি উঠিল ‎ৰাষ্টাৰ যানজঁটবোৰ নিমিষতে নাইকিয়া হ’ল  ‎পাৰ হ’ল বেগেৰে এজাক বতাহ,  ‎শুকুলা বৰণৰ গাড়ীৰ সমদল।  ‎মন্ত্ৰীয়ে বোলে, ৰজা এইদৰেই

Read more
1 2 3 4 12