মধ্যবিত্ত-কুশল মহন্ত
মধ্যবিত্তৰ চোলাটো পিন্ধি,
এৰি অহা পদপথত আধৰুৱা সপোন..
আন্ধাৰত জোনাকী বাট খেপিয়াই,
পুৱাৰ হুমুনিয়াহ আৰু টুথপেষ্টৰ টিউৱ চেপি-চেপি আত্মবিভোৰ! সন্মুখত টিপ্ টিপ্ কৈ পানী পৰা নলৰ লগত একাত্ম।
মাৰ মাতত তন্দ্ৰা ভাঙি,
গৰম চাহৰ তপত ধোঁৱাত উৰি যায় বসন্তৰ আনন্দ..
ভন্টিৰ পঢ়া টেবুলত পৰি ৰয় উকা পৃষ্ঠাৰ দস্তাবেজ।
দেউতাৰ পুৰণি কামিজৰ বুটাম চিলাই পাৰ হয় মাৰ জীৱন।
ককাদেউতাৰ আৰামী চকীত অলৰ-অচৰ আইতায়ে মাৰে শুকান কাহ…
বৈদ্যুতিক বিল, ৰন্ধন গেছৰ চিলিণ্ডাৰ, মোবাইল, টিভিৰ ৰিচাৰ্জৰ উপৰিও দেউতাৰ মন মগজুত বাহ লয় আৰু এটি চিন্তাই..
শেঁতা হাঁহি,
সময় চক্ৰ আগুৱাই নীৰৱে-নিতালে..
বে-তাল জীৱনৰ সুখ-দুখ সামৰি দুহাতেৰে…।
*******
