বোৱাৰী সংবাদ-পূৰ্ণিমা শইকীয়া গগৈ
ৰাতুলৰ চাকৰি পোৱাৰ খবৰটো কম সময়তে অঞ্চলটোত বিয়পি পৰিল। তিনি আলিত দিনটো কেৰম খেলি সময় পাৰ কৰা কেইটাই আলোচনা কৰিবলৈ ধৰিলে। “আমিহে তাক বুৰ্বক বুলি ভাবিছিলো, দেখিলি সি চৰকাৰী চাকৰি লগাই দিলে।” সাবিত্ৰীৰ কষ্টৰ সাৰ্থক হ’ল। নিয়োগ পত্ৰ আনিবলৈ ওলাই পুতেক ৰাতুলে মাকৰ সেৱা লৈ নিশাৰ বাছত গুৱাহাটীলৈ গ’ল। বিছনাত পৰি পৰি সাবিত্ৰীয়ে ভাবিলে ‘পুতেকৰ ভাল খবৰটো পাবলৈ বাপেকটো জীয়াই নেথাকিল। জীয়াই থকা হ’লে পুতেকৰ উপাৰ্জন টকাৰে চিকিৎসা কৰি মানুহটো কিছুদিন জীয়াই থাকিল হেঁতেন।’ তিনি আলিৰ কেৰম খেলি থকা কেইটাই
Read more