ভোট চিলি-প্ৰদীপ বৰা

কি বস্তু এইটো?পঢ়ুৱৈসকল নিশ্চয় আচৰিত হৈছে। আচৰিত হ’বৰে কথা।আমেৰিকাৰ এগৰাকী সুন্দৰীক যদি আপুনি ভোট জলকীয়াক প্ৰসাধনৰ সামগ্ৰী হিচাবে উপহাৰ দিয়ে তেন্তে আপুনি কি বুলি তাইক বুজাব? তাইতো অসমীয়া নুবুজে! চিলি বুলি ক’লে হয়তো জলকীয়া বুলি বুজিব কিন্তু প্ৰেমানন্দইতো ভোট জলকীয়াৰ ইংৰাজী  নাজানে! গতিকে অৰ্ধ শতকৰ জপনাৰ কাষত অৰ্ধাংগিনী হিচাবে মনোনয়ন দিবলৈ মনোযোগ দিয়া বিদেশিনী জয়শ্ৰী স্মৃথক প্ৰেমানন্দই ভোট জলকীয়াৰে নিৰ্মিত অদ্ভুত প্ৰসাধনৰ সামগ্ৰীবিধৰ কথা ভোট চিলি বুলিয়েই হোৱাটচএপৰ জৰিয়তে প্ৰকাশ কৰিলে।কিন্তু জয়শ্ৰীয়ে বুজা নাই। : হোৱাট ইজ ভোট চিলি? তাকো

Read more

‘বি এম’ৰ ৰন্ধন কলা-প্ৰদীপ বৰা

‘বি এম’ মানে ব্ৰাঞ্চ মেনেজাৰ হয় নে নহয় মই খাটাংকৈ একে উশাহতে কৈ দিব নোৱাৰো কিন্তু বি এম মানে বিশ্ব মহন্ত যে সেইটো ধ্ৰুৱ সত্য৷মহন্তই আজি কিছুদিন ধৰি ফেচবুকত এটা সাংঘাতিক গ্ৰুপৰ আৱিষ্কাৰ কৰি গ্ৰুপৰ ৰীতিনীতি পৰম্পৰা মৰ্যাদা আদি পৰিষ্কাৰ কৰি দিছে৷সেই কাৰণে তেওঁ  বহুতৰেপৰা নমস্কাৰ আৰু বহুতৰে পৰা পুৰস্কাৰো পাইছে। ফেচবুকৰ এখন বিশাল সাম্রাজ্যত তেওঁৰ গ্ৰুপটো জাতিষ্কাৰ হোৱাৰ পথত৷এই বিশ্ব বিখ্যাত গ্ৰুপটোৰ নামাকৰণ কৰিছে “ৰন্ধন কলা প্ৰসূত সাহিত্য” বুলি।তেওঁ ৰন্ধনত ব্যৱহৃত  উপাদানসমূহ হ’ল বিভিন্ন ধৰণৰ জীৱ-জন্তু…মেৰুদণ্ডী প্ৰাণী, অমেৰুদণ্ডী প্ৰাণী,

Read more

ফাট দিয়া বসুমতী পাতালে লুকাওঁ-নিবেদিতা শৰ্মা

পুৱা ঘৰৰ নিত্য নৈমত্তিক কামবোৰ লৰালৰিকৈ কৰি গৃহস্থ আৰু সৰু ল’ৰাটোক খুৱাই বুৱাই বিদ্যালয়লৈ পঠিয়াই সমাজ সেৱিকা জ্যোতিয়ে সভা এখনত উপস্থিত হ’বলৈ ঘৰৰপৰা বিশ কিলোমিটাৰ দূৰত্বৰ হোজাইলৈ বুলি ৰাওনা হ’ল। এঘাৰ বজাৰপৰা আৰম্ভ হ’বলগীয়া সভাখনৰ বাবে যথা সময়তে জ্যোতি সভাগৃহত উপস্থিত হ’লগৈ।নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ আৰম্ভ  হোৱা “নাৰী সৱলীকৰণ”ৰ সভাখনত সভাপতিত্ব  জ্যোতিয়ে কৰিব লগা হ’ল।গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০সুৰঞ্জনা দত্তকে ধৰি কেইবা গৰাকী বিশিষ্ট অতিথিয়ে  বক্তব্য প্ৰদান কৰাৰ লগতে দুই এটা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী থকা বাবে সভা সমাপ্তি

Read more

ৰাসৰ লিমাৰিক-হৰিচন্দ্ৰ ডেকা

(১) নলবাৰীৰ ৰাস প্ৰতি বছৰে চাওঁ মূৰ্তিবোৰ চাই সঁচাকৈয়ে মজা পাওঁ উজনিৰো ৰাস চাই বৰ মজা লাগে পাই গোপ গোপিনীৰ নৃত্য দেখি ভোল যাওঁ ৷ (২) নলবাৰীৰ ৰাসত টিকট  নালাগে থিয়েটাৰৰ কথা মই কৈছিলোঁ চাগে থিয়েটাৰ যদি চাই টিকট হ’লে নাপায় নলবাৰীৰ মানুহে কাটে আগে ভাগে ৷ (৩) উজনিৰ  ৰাসলৈ  যাবলৈ মন যায় সেয়েহে বন্ধুবোৰৰ আছোঁ মুখ চাই কোনেও একো নকয় সেয়েহে মোৰ সংশয়  এইবাৰো এনেকৈয়ে যাব নেকি ভাই ? (৪) উজনিৰ ৰাস সকলোৱে  ভাল পায় মাজুলীৰ  ৰাসত সেয়ে  টিকট 

Read more
1 2