বাৰিধাৰ-ড০ মৃদুস্মিতা ফুকন
শাশ্বত নিৰাকাৰ
কোমল মসৃণ
বাৰিধাৰ।
মানুহৰ সিৰে সিৰে
মানুহৰ তেজে তেজে
বৈ আছে এধাৰ বাৰি,
যিধাৰ বাৰিৰ পৰশত
মৰুভূমি জীপাল হৈ উঠে
সেউজীয়াবোৰ হৈ উঠে ঘনঘোৰ।
বাৰিধাৰ………
দূৰণিৰ মেঘ হৈ
ৰিমঝিম বৰষুণ হৈ
হিম চেঁচা নিয়ৰৰ টোপাল হৈ
পাখি মেলি উৰি আহে
এটি বাখৰুৱা প্ৰাণ হৈ,
অশান্ত সাগৰ সমান
মৰম বিচাৰি।
Be like water
It is the softest
But it can destroy the hardest.
*******

8:57 PM
খুব সুন্দৰ কবিতা লিখিছে,পঢ়ি ভাল পালোঁ।