নিউৰ’টিক-চিৰঞ্জীত বড়া
চিগাৰেটৰ ধোঁৱাবোৰ উৰি ফুৰে,
নাঙঠ দেহত আৱৰণ সানে
উকা কলিজাত অকণ ৰঙা তেজ!
হৃদয় কঁপাই জী উঠে
অতীতৰ ভঙা ৰাজহাড়।
গছৰ এখিলা শুকান পাত
নিস্তেজ হৈ পৰি ৰয়
আলিবাটত;
কোনোবাই এদিন তুলি লয়
আৰু ৰূপ দিলে মহাকাব্যৰ।
মাৰ্চেল প্ৰুষ্টৰ কথাষাৰলৈ মনত পৰিল।
চিটি বাছৰ ভিতৰত
এজন নিউৰ’টিকক দেখি সকলোৰে মনত আতংক।
তেওঁ ক’লে ভয় নকৰিবা
মই লিখি আছোঁ।।
*******

1:38 PM
সুন্দৰ কাব্যিকতা।