শীতৰ বিষণ্ণতা-কল্যাণী দেৱী গোস্বামী

অভিমানী বৰ্ষা তোমাৰ হিয়াৰ বিননিত আনন্দৰ উল্লাস মৰহি যায়, নিশ্চুপ হুমুনিয়াহ কাঢ়ি বিষাদময় বিচ্ছেদত তপ্ত অশ্ৰুৰ বন্যা নামে গোপনে সময়চক্ৰত আবতৰীয়া ঋতুৰ বিষণ্ণতা । আলিমূৰৰ কেঁকুৰিত হেৰায় শৰৎ-হেমন্ত স্মৃতি ভৰা সৰাপাতত বাট চাই ৰওঁ আকৌ আহিব দুনাই । শীতৰ বিষণ্ণতা কুঁৱলীঘন নিশাৰ ৰহস্যত, পুৱতিৰ বেলিৰ আন্ধাৰ-পোহৰৰ মালিতা, পুৰণি নিহালিৰ ঠেহ কপাহ কোমল উম হেৰুৱায় নিছলাৰ শেতেলিত। গাভৰু নৈখনে বিনায় শীৰ্ণকায় হৈ পৰা দেহটোত স্নিগ্ধ-সেউজ আৱৰণ খহি জিলিকিছে বিষণ্ণতাৰ ৰঙ অথচ ভৰুণ হালধীয়া পথাৰত শুনো কলৰৱ আকাংক্ষিত সাত সাগৰৰ সিপাৰৰ আলহী

Read more

নদীয়াল-কুশল মহন্ত

অৰণ্যৰ সিপাৰে আন্ধাৰ নামিলে। উৰুখা পঁজাত , ভাগৰুৱা পথিক এতিয়া, শেতেলিত টোপনিত লালকাল। সপোনত বন কুকুৰাই খোঁচৰে ইতিহাস। বুকুৰ শুকাবলৈ ধৰা ঘাঁ ডোখৰত সময়ৰ আঁচোৰ…. সজীৱ যাতনাত ছটফটাই কেঁচা কলিজাই , নৈৰ যুঁৱলিত হেৰুৱাই , এৰি অহা ঘৰৰ ভেটিত, এতিয়া, নৈখনৰ বালিৰ পলস ! শিপাৰ সন্ধানত, মন-পখিলা উৰি যায় , জোনাকী বাট বিচাৰি.. কি জানিবা ? পলসত এটি অংকুৰিত বীজে থিতাপি লৈ গঢ়ে এডৰা সেউজীয়া…   *******

Read more

জীৱন-ঋতুপৰ্ণা দত্ত

ক’ৰবাত কিবা এটা হ’ল। এটা বেলি হ’ব খোজা আত্মা খহি পৰিল। কিবা এটা নিস্তেজ হ’ব খোজা সতেজ ধৰফৰণিয়ে  আঁকুহী গ’ল ভিতৰখন… জীৱনত কেতিয়াও সংযোগ নঘটা সত্বাৰ বাবে  টোপনিবোৰ পলাল… বুকুত এটা প্ৰচণ্ড বা-মাৰলিৰ তাণ্ডৱ। সময়… আকুতি কৰিছোঁ তোমাক আহা, ধুই নিয়া মোৰ সমস্ত টোপনিহীন ৰাতি। তাৰ ঠাইত ৰুই দিয়া এজোপা শেৱালি। যি জীৱনে দিব আশা… ,ভৰসা.. আৰু জীয়াই থকাৰ বাসনা। জীৱন.. মোক মোৰ দৰে জীয়াবলৈ দিয়া  প্লিজ…  *******

Read more

অৱচেতন-নিবেদিতা শৰ্মা 

জীৱন প্ৰবাহৰ বিলুপ্ত চেতনাত  জাগ্ৰত হোৱা  বাসনাবোৰ এটা সময়ত শুই পৰে নিঃপালি দি  নৈৰাশ্যই আবৰি ধৰা অস্তিত্বৰ বাসনাত জন্ম লয় এজাক উৰনীয়া জীয়া ৰং বিৰঙেৰে উদ্ভাসিত হয় সাতৰঙৰ সপোন অঙ্কুৰিত হয় অতীত আৰু বৰ্তমানৰ ছবি পঙ্কিলতা আৰু কদৰ্যময় পৰিবেশত ৷ প্ৰতিটো ক্ষণত দোদুল্যমান বাস্তৱে সোঁৱৰায় মোৰ একাকীত্ব কিমান নিঃসহায় মই ভাসমান তৃনকুটা যেন বিশাল সাগৰত  নাই লক্ষ্য নাই কোনো গন্তব্যস্হান ৷ সপোনৰ তামিঘৰৰ বেৰৰ জোলোঙাৰে দৃষ্টিগোচৰ হয় অজানা অদুৰ ভবিষ্যত। বাস্তৱতাৰ থুনপাকত উৱলি যোৱা বাৰিষাৰ সজল বৃষ্টি ধাৰাত উদ্ভাসিত হয় 

Read more

এজন লেখকৰ মৃত্যু , এটা কলমৰ মৃত্যু-ৰুনাল্ডো টাইদ 

(বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ছাৰৰ প্ৰতি ) “Dead people Receive more flowers than the living one, because Regret is more stronger than gratitude “-  Anne Frank  যুগস্ৰষ্টা নায়কজন গ’লগৈ, কোনেও মানিব নোখোজে এই কথা এজন বুদ্ধৰ মৃত্যু হৈছে, কোনেও শুনিব নোখোজে এই কথা শোকত ম্ৰিয়মান চাৰিকড়ীয়া নৈ খন ম’হঘুলি চাপৰিৰ আজাৰবোৰে উচুপিছে  ম’হ গুৱালে শোকত কাবান জুৰিছে। বুকুখন শিল হ’ল  ভাৱনাবোৰ  ধোঁৱা হৈ উৰি গ’ল বিনা মেঘে ব্ৰজপাতত মানুহবোৰ বোবা হ’ল ! এজন লেখকৰ মৃত্যু, এখন নদীৰ মৃত্যু এজন লেখকৰ

Read more

মাই লেগচি (My Legacy)-মাৰ্কণ্ড কিশোৰ কৌশিক

চ’চিয়েলিষ্ট হোৱাৰ মন, ইউকেলিপ্টাছ জোপাৰ দৰে বগাই গৈ, আকাশ ঢুকি পোৱাৰ চেষ্টা। এই পানীৰ কায়া। ধূসৰ বালিচন্দাত অনাই-বনাই ঘূৰি, চিকমিক কৰি থকা ৰ’দৰ ফুলবোৰ খৰাহিৰে কঢ়িয়াই, মৰমেৰে ঘটি যোৱা আপোনবোৰৰ মাজত,  বিলাই দিয়াৰ অক্লান্ত হেঁপাহ। হেঁপাহ হৃদয় জিনাৰ, হেঁপাহ মৰমৰ দোলেৰে আপোনৰ মালা গঁথাৰ। সেই মালাই হ’ব শিকলি, তাৰেই সাজিম জখলা, জখলাৰে বগাই গৈ চুমিম কাঞ্চনজংঘা। আকাশৰ চাদৰখন দুহাতেৰে আজুৰি, পাৰি লম ধৰণীত,  সৰিব নিয়ৰৰ মুকুতা। নক্ষত্ৰবোৰৰ মাজত আমি একেলগে ওমলিম, বিয়পি পৰিব সুৰৰ বন্যা। সাগৰত নামিছোঁ আজি, এখন জনসাগৰ!

Read more

শব্দ-বিজয় ভৰাঁলী

নিৰ্জনতা ভংগ কৰা তোমাৰ জাননী নিজানত সুৰ এৰে পোহৰৰ বাটৰে,  উৰি যোৱা ৰিঙা মন ৰৈ যাব খোজে!  তুমি যে আহিলে মোৰ কাষলে, মৌনতাত যে তুমি থাকিব নোৱাৰা,  তোমাৰ জগতত উশৃংখলতা।  তোমাৰ অবিহনে কোনোবা অপ্ৰিয় প্ৰিয় সৃষ্টিৰে জগোৱা কোলাহলত। নিৰৱতাৰ বাবেই যে বিপৰীতত তুমি,  তোমাক এৰি নিৰৱে থাকিব নোৱাৰি।  তোমাৰ অবিহনেই যে মৌন জগতত মানৱেই সৃষ্টি কৰিব পৰা শব্দ। *******

Read more

শিশু মনৰ আমাৰ জুবিনদা -অনামিকা(সংগীতা)কলিতা

এটা যুগৰ অৱসান ঘটিল এনে অনুভৱ প্ৰতিটো দিনৰ দিনলিপি  সময়ৰ গতিশীল জীৱনৰ পৰিচয় ঠিকনাবিহীন হৈ গুচি গ’ল আমাৰ সকলোৰে মৰমৰ জুবিন দা ধৰ্মৰ প্ৰচীৰ ভাঙি একতাৰ দোলেৰে গাঁঠিছে শিশুৰ দৰে পবিত্ৰ মন নাই কোনো কলুষতা বিচাৰি  যায় মানুহৰ মৰম। আজি তেওঁ আমাৰ মাজৰপৰা হেৰাই গ’ল কিন্তু যুগে যুগে অনুৰাগীৰ হৃদয়ত উজ্জ্বলি থাকিব আকৌ নতুন দিগন্ত হৈ আহিব জগতক পোহৰ বিলাবলৈ………….. *******

Read more

এদিন ওলাবা সখী-বিনীতা উপাধ্যায়

সকলো মান অভিমান কাতি কৰি থৈ  এদিন ওলাবা সখী  লগ হ’ম  সেই ছোৱালী স্কুলৰ  সন্মুখৰ ঘাঁহনিত।  বহিম সকলোৱে মিলি  কথা পাতিম  মনৰ কথা,সুখ-দুখ  আৰু বেদনাৰ কথা  লিখিম কবিতা  হাঁহিৰ কবিতা  দুখৰ কবিতা  প্ৰেমৰ কবিতা—–। একেলগে  বজ্ৰকণ্ঠে নিনাদিত হ’ব  আকাশ বতাহ  কঁপাই তুলিব  আমাৰ প্ৰতিবাদী উদাত্ত কণ্ঠ —– সমাজত চলি থকা অপকৰ্মৰ বিৰুদ্ধে  শোষণৰ বিৰুদ্ধে ! পবিত্ৰ আত্মাৰ শান্তিৰ কামনা কৰিম ধূপ চাকি জ্বলাই  আৰু কৰিম হাতত অগ্নিশিখা লৈ  শান্তি সমদলেৰে  নীৰৱ প্ৰতিবাদ  সমাজৰ কুৰীতিৰ বিৰোধিতা কৰি —–। তুমি জানানে সখী 

Read more

ধৰাত সৰগৰ পৰশ -নিবেদিতা শৰ্মা

মুকুতাৰ দৰেই হিমবোৰ পৰি পৰি যেতিয়া ধৰাত সৰগৰ পৰশ দিয়ে, সচাঁকৈ লাগে যেন স্বৰ্গ নামিছে ‛ধৰা’ত.. তুষাৰৰ টোপালবোৰে সেউজীয়া বোৰ আৱৰি যেতিয়া শুকুলা আঁচল মেলে, প্ৰকৃতিও মুগ্ধ হয় ‛সৌন্দৰ্য্য’ত.. বৰফাবৃত জুপুৰীত আশাৰ এগছি বন্তি জ্বলাই হৃদয় খন উমাল কৰি ৰখাৰ বৃথা প্ৰয়াস ইতি পৰে ‛আনন্দ’ত.. তুমি অবিহনে একোৱেই যেন ভাল নালাগে, হাঁহিবোৰ হতাশাই গ্ৰাস কৰে, সুখবিলাক হেৰাই ‛হুমুনিয়াহ’ত.. নিশাবোৰ গভীৰ হয়, চপৰা চপৰে বৰফবোৰ খহে, তপত অশ্ৰুবোৰে  বুকুখন পাতলাই বৈ যায় ‛হিমবাহ’ত.. গাড়ীৰ ইঞ্জিনটোৰ দৰে কলিজাৰ তৰঙ্গবোৰো স্তব্ধ হৈ যোৱাৰ

Read more
1 2 3 12