মাই লেগচি (My Legacy)-মাৰ্কণ্ড কিশোৰ কৌশিক

চ’চিয়েলিষ্ট হোৱাৰ মন,

ইউকেলিপ্টাছ জোপাৰ দৰে বগাই গৈ,

আকাশ ঢুকি পোৱাৰ চেষ্টা।

এই পানীৰ কায়া।

ধূসৰ বালিচন্দাত অনাই-বনাই ঘূৰি,

চিকমিক কৰি থকা ৰ’দৰ ফুলবোৰ খৰাহিৰে কঢ়িয়াই,

মৰমেৰে ঘটি যোৱা আপোনবোৰৰ মাজত,

 বিলাই দিয়াৰ অক্লান্ত হেঁপাহ।

হেঁপাহ হৃদয় জিনাৰ,

হেঁপাহ মৰমৰ দোলেৰে আপোনৰ মালা গঁথাৰ।

সেই মালাই হ’ব শিকলি,

তাৰেই সাজিম জখলা,

জখলাৰে বগাই গৈ চুমিম কাঞ্চনজংঘা।

আকাশৰ চাদৰখন দুহাতেৰে আজুৰি,

পাৰি লম ধৰণীত, 

সৰিব নিয়ৰৰ মুকুতা।

নক্ষত্ৰবোৰৰ মাজত আমি একেলগে ওমলিম,

বিয়পি পৰিব সুৰৰ বন্যা।

সাগৰত নামিছোঁ আজি,

এখন জনসাগৰ!

যেনিবা ময়েই লুইত, ময়েই বৰাক।

সাঁতুৰি-নাদুৰি জলকেলি কৰি তাতেই ওমলোচোন আজি।

আবেলিৰ ৰ’দালি হেৰাই যাবলৈ এতিয়াও বহুপৰ।

আবেলি আহিব, ৰৈ ৰৈ বিনাব, 

নাহৰে, তগৰে আমোলমোল বিলাব,

পাৰত বহি বিধাতাই মোৰ ক্ষণ গণিব।

মোৰ প্ৰতি খোজত পৃথিৱী কঁপিব,

আইলৈ সেইবেলি মোৰ বৰকৈ মনত পৰিব।

লাহে লাহে মই পাৰলৈ খোজ ল’ম,

এৰি থৈ এজাক ধুমুহা,

যি ধুমুহাই আজি মোক পাৰলৈকে খেদিব।

যাবলৈ খুজিও মোৰ দুভৰি থমকিব,

কেনেকৈ বুজাম অ’ তঁহতক!

আহিছিলোঁ যেতিয়া, এদিনতো যাব লাগিব।

বেজাৰ নকৰিবি হঁত,

কিমান আৰু কান্দিবি,,,?

যাঃ! মোৰ চ’চিয়েলিষ্ট মনটোক তহঁতকেই গতালোঁ,

সযতনে ৰাখিবি দেই!

বিধাতাই কৰিলে আকৌ ঘূৰি আহিম,

তহঁতৰ উকি বোৰৰ মাজত নিজকে বিচাৰি পাবলৈ,

তহঁতৰ বাবে আৰু নতুন নতুন গীত গাবলৈ।।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *