‎বৰষুণ : এটি প্রেমৰ পদ্য-নিকুঞ্জ শৰ্মা

‎বৰষুণ নামি আহিল, ‎যেন তোমাৰ নামটোহে মিঠা সুৰত বাজি উঠিল, ‎পানীৰ বিন্দুবোৰে মোক সুধিলে— ‎”তোমাৰ এতিয়াও মনত আছে নে তাইক?” ‎ ‎আকাশৰ ঢৌবোৰ যে আজি কোমল, ‎সিহঁতে হয়তো জানে ‎যি অনুভৱ মই বুজাব নোৱাৰোঁ— ‎তুমি থাকিলেও যেন কিবা এটা অপূর্ণ। ‎ ‎নিঃশব্দ ধেমালিত তোমাৰ ওঁঠৰ হাঁহি, ‎চকুৰ কোণত সপোনবোৰ ওলমি থাকে, ‎তুমি যে মোৰ অন্তৰৰ সেউজ পথাৰ, ‎য’ত প্ৰেম ফুলে অহৰহ, অবিৰত! ‎ ‎তুমি এতিয়াও আহা যেন বতাহৰ চুমাত, ‎এজনী মায়াবিনী হৈ যেন ‎গোপনে মোৰ চুলি স্পৰ্শ কৰা, ‎তোমাৰ সোঁৱৰণি

Read more

ফাগুনৰ আগমনত-মানসী শৰ্মা

মাঘৰ আঁচল উৰুৱাই  শীতৰ ঠেঁটুৱৈ ধৰা দিনক বিদায় জনাই ধূলিয়ৰি আকাশত ৰং চটিয়াবলৈ  আকৌ আহি পালেহি ফাগুন। ফাগুনৰ পৰশত  ন যৌৱনমতি গাভৰুৰ দৰে  অবুজ শিহৰণ জাগিল  লঠঙা প্ৰকৃতিৰ বুকুত। বাউলি ফাগুনক আদৰিবলৈ মদাৰ, শিমলুও সাজি-কাচি ওলাল সেন্দূৰীয়া হৈ, প্ৰকৃতিৰ বুকুলৈ আহিলে  ফাগুন  আশা ভৰা এখনি ৰঙীন দলিচা হৈ। উচুপি উঠা সৰাপাতত  ফাগুনৰ উতনুৱা বতাহজাকে  চুমা দি কৈ যায়, নকৰিবা চিন্তা তুমি, আহিছোঁ মই আকৌ নতুন প্ৰতিশ্ৰুতি লৈ প্ৰকৃতিক ন কৈ সজাবলৈ। ৰুক্ষ ফাগুনৰ বুকুত সোমাই আহে  সৃষ্টিৰ নৱ নতুন চিন্তাৰ

Read more

শ্ৰীমন্ত শঙ্কৰদেৱ-কুমকুম শৰ্মাবৰুৱা

অসমৰ আকাশত কাল অমানিশা                  চৌদিশে ঘোৰ অন্ধকাৰ,  তিমিৰ নাশি আলোক প্ৰকাশি উদিত                   এক উজ্বল জ্যোতিষ্কৰ।  ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাত                      উপজিল শ্ৰীমন্ত শঙ্কৰ,  আইতা খেৰসুঁতী মাতৃ সত্যসন্ধ্যা                       ধন্য হ’ল পিতৃ কুসুম্বৰ।  নিচেই সৰুতেই শ্ৰীমন্ত শঙ্কৰদেৱ                           পিতৃ-মাতৃহাৰা হ’ল,  বুঢ়ীমাক খেৰসুঁতী ধাইমাক চন্দৰী                    শঙ্কৰৰ অভিভাৱক হ’ল।  আইতাই নাম লিখাই গুৰুগৃহত                     মহেন্দ্ৰ কন্দলি হ’ল গুৰু,  ‘ক’ ফলা শিকি ৰচে ‘কৰতল কমল’                     কৃষ্ণৰ বন্দনা কল্পতৰু। এক দেৱ এক সেৱ কৃষ্ণ বিনে নাই কেৱ                             দেৱগুৰুৰ ধৰ্মকথা,  নামঘৰ, বৰগীত, কীৰ্তন, ভাগৱত             ভাওনা, অংকীয়া, চিহ্নযাত্ৰা।  ধৰ্মৰ প্ৰচাৰ আৰু

Read more

চʼত মাহৰ এটা দুপৰীয়া-দীপাংকৰ মহন্ত 

সৰা পাতবোৰে কিয় মন টানে , লঠঙা ডালবোৰেদি সৰকি অহা বতাহজাকে বিষাদৰ যেন সুৰ এটা তোলে । ফাগুনৰ স্মৃতি উৰি উৰি আহি বুকুত গোঁজ পুতি বহে , পাতবোৰ গচকি আহোঁতে তোমালৈ ইমান মনত পৰিছে । পদূলিতে থমকিল ব’হাগ কুঁহিপাত এটাৰ অপেক্ষাত , কুলি চৰাই ক’তনো হেৰাল , সিৰাত শিপাই থকা মাত ! কাটি পেলোৱা গছজোপাই সপোনতো বিন্ধে , বসন্ত কেতিয়াবা যদি দেৰিকৈও নাহে (?) *******

Read more

দাপোন-অচ্যুত কৃষ্ণ বৰদলৈ

একাজঁ‌লি হেঁপাহৰ ৰঙে ৰঙীয়াল দাপোনখনত হেন্দোলদোপে উজায় আহিল এক আলহী প্ৰতিমিম্বৰ জাক, সপোনৰ সুহুৰি মাৰি আৱেগৰ মোহনা খুলি সাতোৰঙে সজাইছিলো এক অচিন  মেঘবুলীয়া ৰাগ।। আকাশৰ সীমনা খেদি‌,পৰিসৰৰ প্ৰাচীৰ ভাঙি পুৱতি সূৰুজৰ ৰং দাপোনখনত উঠিছিল ভাঁ‌হি, ভাল লাগিছিল চাই নদীত উটা সৰাপাতৰ হিচাপ ৰাখি, ভাল লাগিছিল শুনি ফাগুণত গাভৰু হোৱা সুৱদি সুৰীয়া বাঁ‌হী।। কিন্তু আজি কেনেকৈ জানো? হঠাতে টুকুৰা  হৈ পৰিল দাপোনৰ অৰ্ধাংশ চকুলোৰে বাউলি হ’ল প্ৰতিটো প্ৰহৰ পৃষ্ঠা, আন্ধাৰ মাথো আন্ধাৰে খোদিত হ’ল এক নতুন জীৱনী, স্বপ্নক্লান্ত হৈ পৰিল বিষাদৰ

Read more

স্মৃতি-নৱনীতা চৌধুৰী

তোমাৰ স্মৃতিবোৰেই  মোৰ এতিয়া অক্সিজেন চিলিণ্ডাৰ। তোমাৰ প্ৰাণে বিদায় মগাৰ দিনাই মই পণ কৰিছিলোঁ তোমাৰ পৰশত প্ৰাণ পাই উঠা প্ৰতিটো জীৱ, জড় বস্তুতেই মই মোৰ অক্সিজেন গোটাম। সেয়ে কওঁ……  মই পিতৃহাৰা নহওঁ, পিতৃ মোৰ নহয় স্মৃতি  পিতৃ মোৰ জীৱনৰ সৰ্বশক্তি।। *******

Read more

বসন্ত-নিবেদিতা শৰ্মা 

বাসনাৰ ফুল মোৰ সৃষ্টিৰ অমল উৎস কিদৰে বৈ আহে ফেনে ফোটোকাৰে আশাবোৰ তোমাৰ বুকুত…… হঠাৎ ওফন্দি উঠে মোৰ দেহ প্ৰতি পলে পলে ঘন উশাহবোৰত মই দেখোঁ তোমাৰ বহল বুকু  কি যে এক সুন্দৰ সতেজ বসন্ত  হোৱা…….. তুমি আৰু তোমাৰ সুবাস বিয়পি যায় মনে মনে ঘনে ঘনে!! হঠাৎ তুমি পাহোৱাল হোৱা……. চকুৰ পলকত তুমি দূৰৰপৰা দূৰলৈ যোৱা……. ঘূৰি ঘূৰি চাওঁ, মোৰ চকুৰ পলক নপৰে এই যে চাওঁ আৰু দেখোঁ দেহত ঢৌ তুলি মোক আহ্বান জনোৱা  যেন চকুৰ আগতে গলি গ’ল, বৈ

Read more

পৰিক্ৰমা-কবিতা কৃষ্ণা বৰা

এটি পৰিক্ৰমা, পাৰ হৈ গুচি যাব খুজিছে..! উভটিও আহিব খোজা নাই। সপোনৰ অগোচৰে অগোচৰে। দিঠকে দিঠকে মনৰ মাজত দুলি ৰয়… ভাৱনাৰ ভৱিষ্যত। নিথৰ দেহত, বিৰিঙিব খোজে অনুৰণ। যেতিয়া আন্ধাৰ নামে সূৰ্যৰ চৌদিশে,  তেতিয়াইতো বয় ধূলিৰ ধুমুহাবোৰ হৃদয়ৰ মাজত…! আৰু স্থিৰ হৈ পৰে জীৱনৰ এটি পৰিক্ৰমা। *******

Read more

দাম্পত্য::আবেলিৰ সুৰ::চকামকা সুখৰ গান-মৃণাল নাথ

সৌৱা, কুহুমীয়া বেলিৰ মিচিকি হাঁহি আহা একেলগে ৰ’দাও বিয়লি বেলাৰ দুখৰ আঁচল, সুখৰ ভৰা কলহ সামৰি থওঁ দুখৰ আখলতেই ব্যঞ্জন সজাওঁ। কন্যাই বিদায় ল’লে সমাজক মানি পুত্ৰইও কৰিলে ৰগৰ, সব একেই কাহিনী। কিনো থাকিল বাকী মিছা এই সংসাৰ, দুয়ো দুয়োকো এৰি দিলেই যেন  আমাৰ সকলো অসাৰ।  সকলো গ’লেও য’ক মোৰ বাবে তুমি আছা তোমাৰ বাবে মই,  তাৰ বাবেই চাগে আনিছিলোঁ আদৰি তোমাক,  অনাহাৰে, উজাগৰে সম্পূৰ্ণ এৰাতি হোমৰ জুই পুৱাই। জীৱনৰ বিয়লিত তুমিয়েই মূল বাকীবোৰ নামতহে জানা নামতহে তেজ, নামতহে কুল। 

Read more

তুমি বেয়া পোৱা যদিও ফাগুন  মোৰ প্ৰিয়-মৌচুমী হাজৰিকা 

ৰুক্ষ শীতৰ শূন্যতা শেষ কৰি বতাহে বতাহে বিয়পে উন্মনা ফাগুনৰ সুৱাস। পলাশ  মদাৰ শিমলুৱে ৰিক্ত আকাশত জুই সিঁচে । ফাগুন আহে , শৈশৱৰ চিলা হৈ । ফাগুন আহে , ষোড়শীৰ আচঁল উৰুৱাই গোপনে নিজানে। লঠঙা ডালত ওলমি থকা জোনবাইৰ স্নিগ্ধ জোনাকে বৃদ্ধাৰ চকুতো সপোন সিঁচে, উলতী আহে সোঁৱৰণী সময়বোৰ হৈ পৰে বাংময়। আকৌ আহিছে সেই হেঁপাহৰ  ফাগুন.. শুষ্কতা ধূলিয়ে আমনি কৰিলেও ফাগুন মোৰ প্ৰিয়। নিজানত বহি  মদাৰৰ ডালৰ ফাঁকেৰে বৈ অহা কুলিৰ মাত শুনিবাচোন তুমিও পৰিবা ফাগুনৰ প্ৰেমত। *******

Read more
1 2 3 4 5 12