অৱচেতন-নিবেদিতা শৰ্মা 

জীৱন প্ৰবাহৰ বিলুপ্ত চেতনাত 

জাগ্ৰত হোৱা  বাসনাবোৰ

এটা সময়ত শুই পৰে নিঃপালি দি 

নৈৰাশ্যই আবৰি ধৰা অস্তিত্বৰ বাসনাত

জন্ম লয় এজাক উৰনীয়া জীয়া

ৰং বিৰঙেৰে উদ্ভাসিত হয় সাতৰঙৰ সপোন

অঙ্কুৰিত হয় অতীত আৰু বৰ্তমানৰ ছবি

পঙ্কিলতা আৰু কদৰ্যময় পৰিবেশত ৷

প্ৰতিটো ক্ষণত দোদুল্যমান বাস্তৱে

সোঁৱৰায় মোৰ একাকীত্ব

কিমান নিঃসহায় মই

ভাসমান তৃনকুটা যেন বিশাল সাগৰত 

নাই লক্ষ্য নাই কোনো গন্তব্যস্হান ৷

সপোনৰ তামিঘৰৰ

বেৰৰ জোলোঙাৰে দৃষ্টিগোচৰ হয়

অজানা অদুৰ ভবিষ্যত।

বাস্তৱতাৰ থুনপাকত উৱলি যোৱা

বাৰিষাৰ সজল বৃষ্টি ধাৰাত

উদ্ভাসিত হয়  নানান অবাস্তৱ সপোন

হয়তো মোৰ বাবে সেয়েই

বৰ্তমান আৰু অতীতৰ সৰল ৰেখাৰ সমীকৰন 

তথাপি কিয় জানো 

শয়নে সপোনে শুনো

ৰিক্ততাৰ এখনি ভগা ছবি

বুকুভঙা হৃদয়ৰ ক্ৰন্দন

যত আছে এৰি অহা অতীত আৰু বৰ্তমান 

পোৱা নোপোৱা হেৰোৱাৰ স্পন্দন।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *