তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ-সমুজ্জ্বল ডেকা
শব্দৰে নক’লেও মোৰ
অন্তৰত কেৱল
তুমি আৰু তুমি।
নিশাৰ সপোনৰ
ৰাজ্যত ভাঁহি আহে
মাথোঁ তোমাৰেই প্ৰতিচ্ছবি।
সৰস্বতী পূজাত ৰঙা
গোলাপজনী হৈ দিয়া
তোমাৰ মিচিকিয়া
হাঁহিয়ে মোৰ হৃদয়ত
মৰমৰ জোৱাৰ তুলিছিল।
জ্বলি উঠিছিল ভালপোৱাৰ শিখা।
বতাহৰ আলিংগনত
লাজুকী চৰাইজাকে
তোমাৰ কোলাত
জিৰণি লৈ
প্ৰেমৰ কথা পাতিছিল।
একবিংশ শতিকাৰ কোনো
এটা দিনত সুমধুৰ ক্ষণত
তোমাৰ বিবাহৰ আয়োজন চলিব।
বন্ধুৱে হঠাৎ আহি খবৰ দিব,
অই, তই জাননে?
তাইৰ বিয়া নহয় ব’হাগত…
তেতিয়া মই নিশ্চিতভাৱে ক’ম যে
তোমাৰ বিয়াৰ নিমন্ত্ৰণী
পত্ৰখনৰ ডিটিপি
ময়েই কৰিছিলোঁ।
এনেদৰেই প্ৰেমৰ ৰণাংগনত
সৈনিক হৈ জীৱন নামৰ পৃষ্ঠা
লুটিয়াই গৈ থাকিম
তোমাৰ অপেক্ষাত,
কিজানি প্ৰণয়ত
আকৃষ্ট হৈয়েই যোৱা।
*******

1:56 PM
বৰ ভাল পালোঁ।