‎বিচিত্র-কপিল দেৱ গোস্বামী

চিত্ৰ – ১

 

দুপৰ নিশা ৰিণি ৰিণি শুনিছোঁ

‎এটি কাতৰ চিঞৰ। 

‎কাণপাতি শুনিলোঁ,

‎সেয়া যেন কান্দোন অসহায় যুৱতীৰ

‎কোনো অমানুহৰ কুটিল স্পৰ্শই গিলিছে

‎তাইৰ শৰীৰ। 

 

চিত্ৰ – ২

 

দুখন শীৰ্ণকায় হাতৰ জনসমুদ্রত বিচৰণ 

‎নুমুৱাবলৈ ভোকৰ জুঁই

‎হঠাৎ যেন এটি হাঁহি বাগৰি পৰিল

‎কদৰ্যময় আৱৰ্জনাত যেন পালে, 

‎এটুকুৰা ৰুটিৰ সন্ধান।

 

চিত্ৰ – ৩

 

হঠাৎ চাইৰেন বাজি উঠিল

‎ৰাষ্টাৰ যানজঁটবোৰ নিমিষতে নাইকিয়া হ’ল 

‎পাৰ হ’ল বেগেৰে এজাক বতাহ, 

‎শুকুলা বৰণৰ গাড়ীৰ সমদল। 

‎মন্ত্ৰীয়ে বোলে, ৰজা এইদৰেই যায়, 

‎প্ৰজাৰ দুৰ্গতি চাই পথৰ ধূলি উৰুৱায়। 

চিত্ৰ – ৪

 

‎হিচাপবোৰ লিখি গৈছে 

‎ঔষধবোৰ শেষ, মাকেও ফোনত জনালে

‎কোনফালে জোৰা-টাপলি মাৰিব

‎উৱাদিহ পোৱা নাই। 

‎এসাঁজ ভাতেৰে তিনিদিন থকা দেহাটোৰে

‎মহানগৰৰ ভাড়াঘৰৰ মজিয়াত শুই পৰে।

 

*******

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ

    Reply
  • Kumkum Sarmabaruah

    চাৰিওটাই বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *