বিচিত্র-কপিল দেৱ গোস্বামী
চিত্ৰ – ১
দুপৰ নিশা ৰিণি ৰিণি শুনিছোঁ
এটি কাতৰ চিঞৰ।
কাণপাতি শুনিলোঁ,
সেয়া যেন কান্দোন অসহায় যুৱতীৰ
কোনো অমানুহৰ কুটিল স্পৰ্শই গিলিছে
তাইৰ শৰীৰ।
চিত্ৰ – ২
দুখন শীৰ্ণকায় হাতৰ জনসমুদ্রত বিচৰণ
নুমুৱাবলৈ ভোকৰ জুঁই
হঠাৎ যেন এটি হাঁহি বাগৰি পৰিল
কদৰ্যময় আৱৰ্জনাত যেন পালে,
এটুকুৰা ৰুটিৰ সন্ধান।
চিত্ৰ – ৩
হঠাৎ চাইৰেন বাজি উঠিল
ৰাষ্টাৰ যানজঁটবোৰ নিমিষতে নাইকিয়া হ’ল
পাৰ হ’ল বেগেৰে এজাক বতাহ,
শুকুলা বৰণৰ গাড়ীৰ সমদল।
মন্ত্ৰীয়ে বোলে, ৰজা এইদৰেই যায়,
প্ৰজাৰ দুৰ্গতি চাই পথৰ ধূলি উৰুৱায়।
চিত্ৰ – ৪
হিচাপবোৰ লিখি গৈছে
ঔষধবোৰ শেষ, মাকেও ফোনত জনালে
কোনফালে জোৰা-টাপলি মাৰিব
উৱাদিহ পোৱা নাই।
এসাঁজ ভাতেৰে তিনিদিন থকা দেহাটোৰে
মহানগৰৰ ভাড়াঘৰৰ মজিয়াত শুই পৰে।
*******

2:04 PM
সুন্দৰ
9:20 AM
চাৰিওটাই বৰ ভাল লাগিল।