শৰৎ আহিল চুচুক-চামাককৈ-হৰিচন্দ্ৰ ডেকা
শাৰদী ৰাণী মোৰ হিয়াৰ পদুম
নিৰলা কুটীৰৰ হেঁপাহ
চাৱনিত সৰে মেঘৰ দুন্দুভি
দুচকুত বিজুলীৰ চমক৷
নিকুঞ্জ বনত হেৰাল
ডাৱৰৰ বাতৰি
সৰগত হেৰাল
তুমি অহাৰ বতৰা৷
উশাহ নিশাহৰ খলা-বমা,
মৃদঙ্গৰ অহিৰ ভৈৰৱ
এয়াও পিৰীতিৰ সৰগ
মোৰ বাৰমহীয়া শৰৎ
আকাশে-বতাহে
দেৱী নামি অহাৰ শঙ্খধ্বনি
ক’ত জানো হেৰাল সুৰভি!
সময়েও কৰে প্ৰতাৰণা,
শাৰদী ৰাণীৰ প্ৰেমিক যে আনমনা৷
এয়াও সময়ৰ গান
স্মৃতিয়ে বুজি নাপায় আন,
সুৰভিত বাজে তোমাৰ জয়গান৷
*******

12:37 PM
বৰ সুন্দৰ অনুভৱ