নিস্তব্ধতাৰ বাৰ্তালাপ-সমীৰ কাশ্যপ বৰা

মাজ নিশা মোৰ কোঠাৰ খিৰিকীখন খুলি দিলোঁ

শীতল  বতাহ এজাক ভিতৰলৈ বৈ আহিল

বাউলি হৈ পৰা খিৰিকীৰ পৰ্দাবোৰে 

এফালৰপৰা আনফালে 

বাৰে বাৰে কোবাই গ’ল,

আকাশলৈ জুমি চাই দেখোঁ

সীমাহীন নিস্তব্ধতাত

জোনাকবোৰ নিথৰ হৈ ৰৈ আছে।

উফ্……

সুখৰ সংজ্ঞা বিচাৰি হাহাকাৰ কৰা মোৰ চকু হালত এয়া চোন

এক শান্তিৰ নিশ্বাস।

দুৱাৰ খুলি বাহিৰলৈ বুলি ওলাই গ’লোঁ,

চিগাৰেট এটি জ্বলাই 

আকাশৰ ফালে একেথৰে চাই ৰ’লোঁ।

ওঁঠৰ ফাঁকেৰে ধোঁৱাবোৰ

 আকাশৰ ফালে অকোৱা পকোৱা কৈ

বতাহৰ বুকুত হেৰাই গ’ল।

এনেকৈ বহুতো নিশা নিজৰ মাজত হাজাৰটা উত্তৰ বিহীন প্ৰশ্নৰে

নিজৰ লগতেই বাৰ্তালাপ কৰোঁ, 

এই সময়খিনি একান্তই ব্যক্তিগত। 

বতাহজাক লাহে লাহে কোবাল হৈ পৰিছে

দুৱাৰখনে কোবাই যোৱা শব্দবোৰে নীৰৱতাৰ তাল ভাঙি

সময়বোৰ জগাই গ’ল।

কিন্তু মই কিয় এতিয়াও সাৰে আছোঁ !

পাহাৰ বগাব খোজা বহুতো সপোন 

আৰু 

নিজক হেৰুৱাই নিথৰ হৈ পৰা মই….

তাৰ মাজত এডাল শিকলি বান্ধি দিলে

বিচাৰি নাপাম ইমূৰ আৰু সিমূৰ।

এনেকৈয়ে নিজক হেৰুৱাই 

কত ৰাতি নিজক বিচাৰি ফুৰোঁ।

বাহিৰত চিৰিপ-চিৰিপ শব্দ, পদূলিৰ সৰু নাহৰজোপাই অথালি পথালিকৈ

বতাহত দিকবিদিক হেৰুৱাব খুজিছে।

এই বতাহ জাক ক্ষন্তেকীয়া

যুঁজিবলৈ সাহস কৰ,

ভয় ন’কৰিবি….

ধুমুহাৰ সতে যুঁজি যুঁজি

বতাহৰ ভয় মই কাহানিবাই পাহৰিছোঁ….

তইয়ো পাৰিবি। 

ভিতৰলৈ সোমাই গ’লোঁ

দৰ্জা-খিৰিকী জপাই

পুনৰ বিছনাত বাগৰ দিলোঁ।

লাহে লাহে দুচকুৰ পতা বন্ধ হৈ গ’ল

মনৰ মাজত উৰি ফুৰা ৰঙীন হেঁপাহবোৰ

সপোন হৈ আহি দুচকু সাৱটি ধৰিলে।

অলপ আগত বাহিৰত এৰি আহিলোঁ

এখন বাস্তৱ পৃথিৱী, 

এতিয়া আকৌ এখন সপোনৰ ৰঙীন পৃথিৱী।

সঁচা আৰু মিছাৰ দোমোজাত আঁত বিচাৰি

হুমুনিয়াহত মই প্ৰতি নিশা এনেকৈয়েই শুই পৰোঁ।

*******

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *