বহাগীৰ চিঠি-নমী ফুকন বৰা
এই নীলাঞ্জনা,
বহাগৰ নপানীটুপিতে জুবুৰিয়াই ল’বাচোন
এবাৰ আধা পোৰা কলিজাটো।
নিকা হৈ পৰিব লিকটা মৰা দাগবোৰ,
আৰু —
আৰু নিঃশব্দে সৰি পৰিব বেদনাৰ তৰপবোৰ।
বহাগী পুৱাতেই আঁকি ল’বা পাৰিলে
এমুঠি ৰ’দালীৰ আল্পনা
চাবাচোন সপোনবোৰে পুনৰ গুণগুণাই উঠিব
ক’ৰবাৰ পৰা বৈ অহা বতাহ এজাকে
শিমলু তুলাৰ দৰে উৰাই নিব
সেই পুৰণি দুখবোৰ, দূৰ- দিগন্তলৈ।
মনত পুনৰ অংকুৰিত হ’ব
এমুঠি সেউজীয়া আশা।
মাথোঁ হাঁহি এটি বুলাই ৰাখিবা মুখখনিত
চাবাচোন বসন্তই নিজেই লিখি যাব
ভালপোৱাৰ অনেক কাহিনী।
*******
