সম্পাদকীয়
পোন প্ৰথমেই সকলোকে শীতকালীন অভিবাদন জনালোঁ..।লগতে দেৰিকৈ হ’লেও ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ শুভকামনা যাচিলো। শেহতীয়াকৈ সাহিত্যতত্বৰ বিষয় এটা পঢ়ি থাকোঁতে ‘কুইয়ৰ তত্ব’ৰ সম্পৰ্কত গল্প এটা পঢ়িছিলোঁ যিয়ে মোক চকুপানী উলিয়াই দিলে।গল্পটো আছিল গল্পকাৰ অজন্তাৰ ‘কিন্নৰ’ শীৰ্ষক গল্পটি।বৰ্তমান সময়ত সাহিত্যত ‘কুইয়ৰ তত্ব’ এটা সৰ্বস্ব চৰ্চিত বিষয় যদিও আমাৰ সমাজত এতিয়াও সেই বিষয়টো প্ৰেক্টিকেলী সকলোৱে আদৰি ল’ব পৰা নাই। মানুহ বুলি ক’লে আমি ‘পুৰুষ’ আৰু’নাৰী’ এই ধাৰণাই কৰোঁ। আচলতে,’মানুহ’ নামৰ শব্দটোৰ ভিতৰত এটা উভয়লিংগ সূচক ধাৰণাই সোমাই আছে।মানুহৰ ‘পুৰুষ’ আৰু ‘নাৰী’
Read more