ডিজিটেল পৃথিৱীত সাহিত্য চৰ্চা…ই-আলোচনীৰ কথাৰে-ড০ মৃদুস্মিতা ফুকন

সৃষ্টিশীল সাহিত্যৰ চৰ্চা কৰোঁতাসকলে তেওঁলোকৰ সৃষ্টি উপযুক্ত বুলি ভাবিলে সাধাৰণতে তাক আন দহজনৰ জ্ঞাতাৰ্থে প্ৰকাশৰ ইচ্ছা কৰে৷ এই সৃষ্টিশীল সাহিত্যবোৰ প্ৰকাশৰ প্ৰথম মাধ্যম হ’ল ছপা মাধ্যম৷ সেয়া সংবাদপত্ৰ বা আলোচনীও হ’ব পাৰে বা কিতাপো হ’ব পাৰে৷ সাধাৰণতে এনে অধিক সংখ্যকে সংবাদপত্ৰ বা আলোচনীকে সাৰথি কৰি লয়৷ অৱশ্যে এটা সময়ত সংবাদপত্ৰ বা আলোচনীৰ সংখ্যা তাকৰ হোৱা বাবে, স্বাভাৱিকতে সৃষ্টিশীল লেখকসকলৰ বাবে ছপা কিতাপেই আছিল তেওঁলোকৰ সৃষ্টি প্ৰকাশৰ প্ৰধান বিকল্প৷ অসম আৰু অসমীয়া ভাষাৰ প্ৰেক্ষাপটত দেখা যায়, ‘অসম আন্দোলন’ৰ সময়ৰেপৰা অসমত সংবাদপত্ৰৰ

Read more

সম্পাদকীয়

ফুল!  কিমান যে কোমল শব্দ এটা!  শব্দটোতেই যেন সোমাই আছে  অন্তহীন কোমলতা! ফুলক কেন্দ্ৰ কৰিয়েই অলেখ কাহিনী ৰচিত হৈছে আৰু হৈ থাকিব। ফুল ভাল নোপোৱা মানুহ চাগৈ এই পৃথিৱীত নায়েই। উপহাৰস্বৰূপে এপাহ ফুল পালে আমাৰ কিমান যে আনন্দ লাগে!কম বেছি পৰিমাণে সকলোৱে ফুল ভাল পায়। ৰং-বিৰঙী ধুনীয়া ধুনীয়া ফুলবোৰ ৰমকজমককৈ বাগিচা শুৱাই ফুলি থকা দেখিলে আমাৰ মনবোৰ খুবেই আনন্দ লাগে। নয়ন সাৰ্থক হয়।  মধুৰ বতাহত হালি জালি বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰা সেই ধুনীয়া ফুলবোৰ সুন্দৰ কৈ ফুলাবলৈ গৃহস্থই কৰা আদৰ

Read more

সম্পাদকীয়

সময়ে বাগৰ সলাই আকৌ এটা নতুন বৰ্ষত প্ৰৱেশ কৰিলে আৰু সেয়ে পোনপ্ৰথমে মই সকলোলৈকে নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।কালচক্ৰৰ লগতে আমাৰ জীৱনত সুখ আৰু দুখৰো এক চক্ৰ অবিৰাম গতিশীল হৈ আছে,যেন এটা আনটোৰ পৰিপূৰক। সুখ- দুখ বুলি কওঁতেই কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ কবিতা এফাকি মনলৈ আহিল—-                          “সুখ সুখ বুলি মানুহ বলিয়া                নেদেখে সুখৰ মুখ,                 সুখ বিচাৰোতে পায় সংসাৰত                 দুখৰ ওপৰি দুখ।” আচলতে সুখ মানেনো কি?আমি  ইয়াক কিয়  ইমানকৈ খেদি ফুৰো?সুখ বিচাৰি ফুৰোতেই আমাৰ অমূল্য জীৱনটো কেনেকৈ  পাৰ

Read more

সম্পাদকীয়

জয়জয়তে মই ‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ লেখক, পাঠক আৰু সকলো কৰ্মকৰ্তাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ সুৱদী-সুৰীয়া অসমীয়া ভাষাটোৰ এটা নিজা লালিত্য আছে। যিটো পৃথিৱীৰ আন কোনো ভাষাতে পোৱা নাযায়। চাৰিটা আখৰ ক্ৰমে শ, ষ, স আৰু ‘ৱ’ৰ ব্যৱহাৰ লিখাতেই নহয়, উচ্চাৰণতো আন ভাষাত উদাহৰণ পাবলৈ নাই। প্ৰথমৰেপৰাই আমাৰ ভাষাটোৱে বহুখিনি ঠেকা-ঠুকলি খাইহে নিজৰ স্থিতি পাবলৈ সক্ষম হৈছে। ভালেমান গুণীলোকে ইয়াৰ বাবে আশাসুধীয়া প্ৰচেষ্টা চলাইছিল। প্ৰথমেই আমি নাম ল’ব লাগিব খৃষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে অহা আমেৰিকান বেপ্তিষ্ট মিছনেৰী নাথান ব্ৰাউনৰ। ১৮৩৬ খৃষ্টাব্দত শ্ৰদ্ধেয়

Read more

সম্পাদকীয়-ইলি তালুকদাৰ

চিৰ চেনেহী মোৰ ভাষা জননী।  বিদ্যালয়ত পঢ়ি থাকোঁতে ইংৰাজী সাহিত্যত ফ্ৰান্সৰ প্ৰখ্যাত সাহিত্যিক আলফন্স ডাউডেডে  (Alphonse Dauded) লিখা ‘The last lesson’ নামৰ পাঠ এটা পঢ়াৰ সুযোগ মিলিছিল। সেই বয়সতে পাঠটো পঢ়ি মাতৃভাষা কিমান আপোন হ’ব পাৰে আৰু আপোন ভাষাটো হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে সেই কথা অনুধাৱন কৰি বুকুখন শোকে খুন্দা মাৰি ধৰিছিল। প্ৰুছিয়াৰ হাতত ফ্ৰান্সৰ পৰাজয়ৰ পাচত আলচেছ (Alsace) আৰু লোৰেইন(Lorraine)ৰ শিক্ষানুষ্ঠান সমূহত ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা প্ৰচলনৰ বাবে বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছিল। তাৰেই পটভূমিত ৰচিত এই

Read more

সম্পাদকীয়

  পুৱাৰ সূৰুয যেনেদৰে পূব আকাশত উদিত হয়, একেদৰে নিৰ্দিষ্ট সময় হ’লে ই পশ্চিম আকাশত মাৰ যায়। এয়া সময় অথবা কালচক্ৰৰ অমোঘ বিধান। একেদৰে মানৱ জীৱন জন্মৰে আৰম্ভ হয় আৰু ইয়াৰ মৃত্যুত সমাপ্তি ঘটে। আজিৰেপৰা কুৰি বৰ্ষৰ আগলৈকে বাৰ্ধক্য কোনোধৰণে সংশয়ৰ কাৰণ নাছিল। এনে নহয় যে তেতিয়া ৰোগ-ব্যাধিবোৰ নাছিল। ৰোগ-ব্যাধি মানুহৰ তেতিয়াও আছিল, আজিও আছে আৰু আগলৈও থাকিব। পাৰ্থক্য ইমানেই যে আজিৰ দিনৰ ৰোগ-ব্যাধিবোৰৰ স্বৰূপ বহু পৰিমাণে সলনি হ’ল। আজিৰ দিনত বাৰ্ধক্য মানেই যেন ৰোগ হ’বই। আশী আৰু নব্বৈৰ দশক

Read more

সম্পাদকীয়-নয়নমণি হালৈ

যোৱা বছৰৰ গ্ৰীষ্মৰ কোনো এটা অলস আৰু বিমৰ্ষ দুপৰীয়া| মোৰ মন গ’ল কোনোবা এখন শান্ত নিৰিবিলি ঠাইত বহি ‘বীয়েৰ’ (পানী আৰু চাহৰ পিচতেই ই হেনো সৰ্বাধিক জনপ্ৰিয় পানীয়!) এটা হাতত লৈ দুপৰীয়াটো কটাই দিবলৈ| প্ৰকৃতিগতভাৱে মানুহ বান্ধোন মনা জীৱ নহয়| পৰিৱেশ আৰু পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যই মানুহক বান্ধোনমুখী কৰি তুলিছে| এই দায়িত্ব আৰু কৰ্তব্যই সীমিত কৰি অনা পৰিসীমাৰ ভিতৰতে বহু মানুহৰ আদিম আকাংক্ষা আৰু হেঁপাহৰ ফল্গুধাৰা শুকাই কৰকৰীয়া হৈ গৈছে| অসংখ্য ইচ্ছা, আকাংক্ষা মনত ঢৌ তুলি সি বুৰবুৰণি হৈ এদিন

Read more
1 2