সম্পাদকীয়

জয়জয়তে শ্ৰদ্ধাৰ ই-আলোচনীখনৰ লগত জড়িত প্ৰত্যেকগৰাকী সদস্য সদস্যা,”শব্দচিত্ৰ_জীৱন জিজ্ঞাসা”ত নিজৰ লেখা প্ৰকাশ কৰিবলৈ দি আমাক উৎসাহিত কৰা শ্ৰদ্ধাৰ প্ৰতিগৰাকী কবি,লেখক,লেখিকালৈ আমাৰ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ থাকিল। আমাৰ বাবে যোৱা সময়ছোৱা বিশেষকৈ ২০২৫ বৰ্ষটোৰ শেষলৈকে আমি অসমৰ বহুকেইগৰাকী শিল্পী, সাহিত্যিক আৰু অসমৰ পুৰোধা ব্যক্তিক হেৰুৱালো। তাৰে ভিতৰত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ,ৰাজীৱ শদিয়া,চৈয়দ চাদুল্লা,দীপক শৰ্মা,প্ৰফুল্ল গোবিন্দ বৰুৱা,ৰামচৰণ ভৰালী,জ্ঞানদা কাকতি,অনুভৱ তুলসী,হেমন্ত দত্ত,ফাইলাও বসুমতাৰী,তিমথী দাস হাঞ্চে,গায়ত্ৰী হাজৰীকা,নলিনী বৰুৱা,সমৰ হাজৰীকা,প্ৰদীপ বৰুৱাকে আদি কৰি পুণ্যাত্মাসকলে আমাক এৰি থৈ পৰলোকলৈ  গতি কৰিলে।এই বিদেহী পুণ্যাত্মাসকলৰ চিৰশান্তি কামনাৰে

Read more

সম্পাদকীয়-নিবেদিতা শৰ্মা 

“কিতাপ নথকা জাতিক  গামোচাই বচাব নোৱাৰে ”                                        __জুবিন গাৰ্গ__ জয় জয়তে সম্পাদকীয়ৰ বুলনি চ’ৰাতে অসমবাসীৰ হিয়াৰ আমঠু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত  “শব্দ চিত্ৰ জীৱনৰ ক’লাজ” সাহিত্য চৰ্চা গ্ৰুপৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। “শব্দচিত্ৰ জীৱন জিজ্ঞাসা” ই-আলোচনীৰ সম্পাদিকা হিচাপে সম্পাদকীয় কলমৰ প্ৰাৰম্ভতে গোটৰ শ্ৰদ্ধাৰ মুখ্য প্ৰশাসক,প্ৰশাসকবৃন্দৰ লগতে সমূহ সন্মানীয় সদস্য/সদস্যাক শ্ৰদ্ধা নিবেদিছোঁ। এই সংখ্যাৰ ই-আলোচনীখনৰ বাবে আমাক যোগ্য বিবেচিত কৰি আলোচনীখন সম্পাদনাৰ দায়িত্ব আমাক  দিয়া বাবে গোটৰ মুখ্য প্ৰশাসক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামী ডাঙৰীয়া প্ৰমুখ্যে সন্মানীয় সতীৰ্থবৃন্দক

Read more

‎সম্পাদকীয়-‎কংকনা গোস্বামী

‘‎শব্দচিত্ৰ জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ সম্পাদকীয় লিখনিৰ নঙলামুখতে শব্দচিত্ৰ গোটৰ প্ৰশাসকবৃন্দৰ লগতে সমূহ সদস্য-সদস্যাক ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই ই-আলোচনীখনৰ সম্পাদিকা হিচাপে সেৱা আগবঢ়াবলৈ পাই মই নিজকে ধন্য মানিছোঁ। লগতে মোৰ দৰে এগৰাকী অভাজনক সম্পাদিকাৰ দৰে এটি গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ বাবে শব্দচিত্ৰ গোটৰ মুখ্য প্ৰশাসক অৰবিন্দ গোস্বামী দাদা প্ৰমুখ্যে গোটৰ সকলো সদস্য-সদস্যাকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।  ‎‎“সাহিত্য হৈছে এটা জাতিৰ দাপোণস্বৰূপ”। এইশাৰী উক্তি জনগণৰ মুখত উচ্চাৰিত হ’লেই সাহিত্য সৃষ্টি নহয়। সাহিত্য সৃষ্টি কৰিবলৈ হ’লে অধ্যয়ন কৰাটো অপৰিহাৰ্য। লেখকৰ

Read more

অসমীয়া আৰু কিছু চিন্তা=কুশল মহন্ত

আমাৰ চোতালত অতি আদৰৰ ৰঙালী বিহু।এটা নতুন অসমীয়া বছৰ।চ’তৰ দোমাহীৰপৰা আৰম্ভ কৰি গোটেই ব’হাগ মাহৰ উপৰিও  জেঠ মাহৰ শেষলৈকে বিহুৰ নামত বিভিন্ন অনুষ্ঠান পাতি আনন্দ উল্লাস কৰি নাচি-বাগি থকাৰ যি অপসংস্কৃতি গঢ়ি উঠিছে,সেইটো আমাৰ বাবে ভাল লক্ষণ নহয়। এই কাৰ্য্যই যে আমাৰ জাতিটোৰ মান- সন্মান,গৌৰৱ ভৱিষ্যত, অন্ধকাৰৰ গৰাহলৈ ঠেলি দিছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁনে?বিহুৰ নামত ঘৰৰ কপৌফুল জোপাও যে বহিৰাগতসকলৰ কাৰণে ব্যৱসায় হৈ পৰিছে,আমি ভাবি চাইছোঁনে?অসমীয়া গহনা আৰু গামোচাৰ নামত শ শ কোটি টকা বহিঃৰাজ্যই লৈ যোৱাৰ  আমি খবৰ

Read more

কিতাপ, কিতাপৰ বছৰ আৰু কিছু প্ৰাসংগিক কথা….

সম্পাদকীয়ৰ বাটচ’ৰাতে ‘শব্দচিত্ৰ…জীৱনজিজ্ঞাসা’ ই আলোচনীৰ শ্ৰদ্ধাৰ লেখক, পাঠক তথা সকলো কৰ্মকৰ্তাকে সশ্ৰদ্ধ  প্ৰণাম জনোৱাৰ লগতে পলমকৈ হ’লেও ইংৰাজী নৱবৰ্ষ আৰু  ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। কিতাপৰ প্ৰতি সজাগতা অসমীয়া মানুহৰ মুঠেই সন্তোষজনক নহয়।সেয়েহে অসমত কিতাপৰ ব্যৱসায়ো আশানুৰূপ নহয়।অসমত এতিয়ালৈকে এটা উল্লেখযোগ্য গ্ৰন্থবিপ্লৱৰে সূচনা হোৱা নাই।এইবোৰ কাৰণতে হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে ২০২৫ বৰ্ষটি ‘কিতাপৰ বছৰ’ ৰূপে পালনৰ কথা ঘোষণা কৰিছে।যোৱাটো বছৰৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।জনসাধাৰণৰ বিশেষকৈ নতুন প্ৰজন্মৰ মাজত

Read more

সম্পাদকীয়

পোনপ্ৰথমতেই মই আটাইলৈ শীতকালীন অভিবাদন জনালোঁ।’শব্দচিত্ৰ জীৱন—জিজ্ঞাসা’ৰ লেখক,পাঠক আৰু সকলো কৰ্মকৰ্তাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।ভাষা-সাহিত্য,সংস্কৃতি হ’ল এটা জাতিৰ দাপোন।ভাষা,সাহিত্য,সংস্কৃতিৰ উন্নতিয়েই হ’ল সমাজ,জাতিৰ উন্নতিৰ মূল চালিকাশক্তি।অসমীয়া ভাষা,সাহিত্য, সংস্কৃতি জীয়াই ৰখাটো অসমী আইৰ সন্তান হিচাপে আমাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব তথা কৰ্তব্যও।  ‘শব্দচিত্ৰ–জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ প্ৰকাশৰ কাম-কাজ কৰি থকা সময়তে সমগ্ৰ দেশৰ লগতে অসমতো চলি আছিল শাৰদীয় দুৰ্গোৎসৱ।যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছিল শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা৷অসুৰ বিনাশি সমাজৰপৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছিল ভক্তসকল৷শেৱালী

Read more

 সম্পাদকীয়

জয়জয়তে ‘শব্দচিত্ৰ – জীৱন জিজ্ঞাসা” ই-আলোচনীৰ লগত জড়িত সমূহ কলা কুশলী তথা প্ৰশাসক আৰু গোটৰ সদস্য সদস্যালৈ অশেষ ধন্যবাদ আৰু সেৱা আগবঢ়াইছো। এই সম্পাদকীয়টো লিখি থকা সময়তেই  আমাৰ অসম প্ৰদেশত বানপানীৰ সংহাৰী ৰূপ পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। বানপানী আৰু অসমৰ বহুত পুৰণি সম্পৰ্ক। বছৰি বান আহে, মথাউৰি ভাগে। চহা মানুহ আৰু ঘৰচীয়া,বনৰীয়া জীৱ-জন্তুৰ দুখ কুলাই পাচিয়ে নধৰা হয়। বৰষুণ এজাকৰ আশাত ফাগুন চ’ত মাহত হামৰাও কাঢ়ি ফুৰা মানুহেই আকৌ আহাৰত বৰষুণ নাহিবলৈ প্ৰাৰ্থনা জনায় কেৱল বানপানীৰ বাবেই। মন্ত্ৰী-আমোলাই বানাক্ৰান্ত অঞ্চল

Read more

সম্পাদকীয়

প্ৰাক্‌ক্ষণতঃ পোনপ্ৰথমে সকলোলৈকে আমাৰ সম্পাদনা সমিতিৰ হৈ  নমস্কাৰ তথা ৰঙালী বিহুৰ ওলগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সম্পাদকীয় পৃষ্ঠাৰ আৰম্ভণিতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ যোৱা ফেব্ৰুৱাৰী মাহত আমাৰ মাজৰপৰা চিৰদিনৰ বাবে হেৰাই যোৱা আমাৰ গ্ৰুপৰ অন্যতম এগৰাকী অগ্ৰণী সদস্যা, শিক্ষক তথা সু – লেখিকা ৰীনা দাসলৈ। বিহুৰ চিত্ৰণঃ বৰ্তমান ব’হাগ বিহুৰ বতৰ। সেয়ে প্ৰতিজন অসমীয়াৰে এতিয়া মন সাতখন আঠখন। নহ’বই বা কিয়!বসন্তৰ আগমনত প্ৰকৃতিয়ে ন মেলা পাতে। ফাগুনৰ পছোৱা বতাহজাকে বসন্তক আগমন জনায় ধৰাৰ বুকুলৈ। এনে পৰিৱেশত মনুষ্য জাতিয়েও বসন্তক

Read more

সম্পাদকীয়

পোন প্ৰথমেই সকলোকে শীতকালীন অভিবাদন জনালোঁ..।লগতে দেৰিকৈ হ’লেও ইংৰাজী নৱবৰ্ষ আৰু  মাঘ বিহুৰ শুভকামনা যাচিলো। শেহতীয়াকৈ সাহিত্যতত্বৰ বিষয় এটা পঢ়ি থাকোঁতে ‘কুইয়ৰ তত্ব’ৰ সম্পৰ্কত গল্প এটা পঢ়িছিলোঁ যিয়ে মোক চকুপানী উলিয়াই দিলে।গল্পটো আছিল গল্পকাৰ অজন্তাৰ ‘কিন্নৰ’ শীৰ্ষক গল্পটি।বৰ্তমান সময়ত সাহিত্যত ‘কুইয়ৰ তত্ব’ এটা সৰ্বস্ব চৰ্চিত বিষয় যদিও আমাৰ সমাজত এতিয়াও সেই বিষয়টো প্ৰেক্টিকেলী সকলোৱে আদৰি ল’ব পৰা নাই। মানুহ বুলি ক’লে আমি ‘পুৰুষ’ আৰু’নাৰী’ এই ধাৰণাই কৰোঁ। আচলতে,’মানুহ’ নামৰ শব্দটোৰ ভিতৰত এটা উভয়লিংগ সূচক ধাৰণাই সোমাই আছে।মানুহৰ ‘পুৰুষ’ আৰু ‘নাৰী’

Read more

সম্পাদকীয়

দুৰ্গোৎসৱ ভাৰতীয় সমাজৰ এক ধৰ্মীয় পৰম্পৰা।দুৰ্গা দেৱীৰ পূজাক কেন্দ্ৰ কৰিয়েই এই উৎসৱ উদযাপন কৰা হয়।সমাজৰপৰা আসুৰিক শক্তিক বিনাশ আৰু মানৱ জাতিৰ কল্যাণ কামনা কৰিয়েই দেৱী দুৰ্গাক পূজা কৰা হয় বুলি লোকবিশ্বাস আছে।কোৱা বাহুল্য যে অসমতো প্ৰতি বছৰেই অতি জাক-জমকতা আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজনেৰেই এই উৎসৱ পালন কৰা হয়। অৱশ্যে ভাৰতৰ বিভিন্ন ৰাজ্যতো দুৰ্গাৰ ধৰ্মীয় পৰম্পৰা পালন কৰা দেখা যায়। দুৰ্গা পূজাত দুৰ্গা দেৱীকে ধৰি কাৰ্তিক, গণেশ, লক্ষী আৰু স্বৰস্বতী,এই পঞ্চ দেৱ-দেৱী পূজাৰ আয়োজন কৰা হয়। দুৰ্গা পূজাৰ লগত কিছু পৰম্পৰা

Read more
1 2