কথাবোৰ গল্পৰ দৰেই-দুলুমণি শইকীয়া
‘বৌটি মোক ইমান ভাত দিছা কিয়?মোৰ মূৰটোহে ভাঙৰ পেটতো নহয় নহয়।’ কথাষাৰ মনত পৰাৰ লগে লগে তৰালীৰ ওঁঠলৈ অজানিতে হাঁহি এটা আহিল।ক’ত আছে বাৰু এতিয়া সি।জীয়াই আছে বা নাই!মনটো বেয়া লাগিল তাইৰ।ইমান সহজ সৰল আছিল সি!তাক জোকালেহে তাৰ খংটো টিঙিচ কৈ উঠিছিল।যত যিমান বেয়া মাত আছে সেইবোৰেৰে গালি দিছিল। এইটোও ঠিক যে সেইখিনি মাত শুনিবলৈকে ইচ্ছা কৰিয়েই তাক ল’ৰা-ছোৱালী বোৰে জোকাইছিল। হাঁহি হাঁহি সৱ পাগল হৈ গৈছিল।কথাবোৰ তাই কাৰোবাক কবলৈ মন গ’ল। সেয়ে , তাই বন্ধু পলাশলৈ ফোনটো লগালে। :
Read more