অপেক্ষা,মূল:হুমায়ুন আহমেদ,অনুবাদ-অঞ্জু মহন্ত

বছিৰ মোল্লাৰ  সকলোতকৈ ডাঙৰ গুণ হৈছে তেওঁ কোনো কথাতেই খং নকৰে। খং উঠিবলগীয়া ঘটনা যেতিয়া কিবা ঘটে, তেওঁ সমগ্ৰ চকু-মুখমণ্ডলত একধৰণৰ উদাস ভাৱ প্ৰকাশ কৰি মৃদু কণ্ঠে কয়,”আচ্ছা,আচ্ছা।” খং নকৰা মহৎ গুণটিৰ বাবে তেওঁ একেৰাহে তিনিবাৰ ইউনিয়ন কাউন্সিলৰ চেয়াৰমেন হৈছে,পকীঘৰ সাজিছে। দহ বছৰ আগতে মাটিৰ পৰিমাণ যি আছিল আজি সেয়া বাঢ়ি তিনিগুণ হৈছে। সম্প্ৰতি এখন পাৱাৰ টিলাৰ কিনিছে। বহু দূৰ-দূৰণিৰ পৰা মানুহে চেয়াৰমেন চাহাবৰ ঘৰৰ বাৰান্দাত  পলিথিন কাগজেৰে ঢাকি ৰখা যন্ত্ৰটি চাবলৈ আহে। বছিৰ মোল্লাই যন্ত্ৰটো এতিয়াও পথাৰলৈ নমোৱা নাই।

Read more

আত্মবিশ্বাস-কমলা দাস

দিনটোৰ কামবোৰ সামৰি, সন্ধিয়া পৰত ল’ৰাটোক পঢ়া টেবুলত বহাই থৈ শাহুৱেকক চাবলৈ কৈ  ময়ুৰী ওচৰৰ মানুহ ঘৰলৈ বুলি ওলাই গ’ল।  সেইখন ঘৰৰ গৃহিনী জনীক খুড়ী সম্বন্ধৰে মাতে ময়ুৰীয়ে। ছল চাই কঠীয়া পাৰিব জনা সেইজনী খুড়ীয়েকে বহুত দিনৰ আগতেই ময়ুৰীয়ে নিজ হাতে বোৱা পাটৰ কাপোৰ এযোৰ কিনি নিছিল। নিয়াৰ সময়ত দামটো কিস্তি কিস্তি কৈ দিয়াৰ কথা কৈছিল যদিও, এটা কিস্তি দিয়াৰ পাছত আজিলৈকে তেওঁৰ খবৰ নাই। ( চিনাকি মানুহ খিনিয়ে প্ৰায়েই কিস্তিত কাপোৰ বিচাৰে!)   ময়ুৰীয়ে খবৰ ল’লে তেওঁৰ হাতত টকা

Read more

আধুনিক প্ৰযুক্তি আৰু বৰ্তমান সমাজ-পৰিস্মিতা গোস্বামী

বৰ্তমান যুগটো হৈছে আধুনিকতাৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ৷ বিজ্ঞানৰ ন ন উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰয়োগে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত প্ৰভূত পৰিমাণে বৰঙণি যোগাইছে। প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশলসমূহে সভ্যতাৰ বিকাশ ঘটাই মানুহৰ চিন্তাধাৰা, আদৰ্শ, লক্ষ্য, উদ্দেশ্য, মূল্যবোধ, নৈতিকতা আৰু পৰিৱেশ আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে মানুহৰ দৃষ্টিভংগী আৰু জ্ঞানৰ পৰিসৰ প্ৰসাৰত বাৰুকৈয়ে উৎসাহিত কৰিছে। বিশেষকৈ আধুনিকতাৰ প্ৰভাৱত শিক্ষাৰ দিশতো উন্নতি হৈছে। নাৰী শিক্ষা আধুনিক সমাজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু আধুনিকতাই এই দিশটোক আগুৱাই লৈ

Read more

কৃষ্ণচূড়া-জ্যোৎস্না ৰাণী দাস

কৃষ্ণচূড়া, তুমি ফুলাৰ বতৰতে উঠি আহে তেজগোৰা বেলি  বুকুৰ আকাশত হেন্দোলনি তুলি হাঁহি থাকে হেঁপাহৰ জোনাক কলিজাৰ আঁচলত বান্ধি নিচুকনি গীত জাগি উঠে তন্দ্ৰাৰ ৰাগি… মই পোহৰ পিয়াসী… কৃষ্ণচূড়া দিয়া মোক তোমাৰ ৰং সেই ৰঙে গাই শুনাওক  নিচুকনি গীত কত বিৰহী প্ৰেমাস্পদৰ ভগ্ন হিয়াৰ মালিতাৰ কথা শুনায় লিখা আকৌ ভালপোৱাৰ সংগীত। নাচি উঠক বুকুৰ সেউজীয়া হেঁপাহৰ ৰং সানি উটি যাওঁক বিষাদ কৃষ্ণচূড়া তুমিতো নোহোৱা দুখৰ মালিতা জ্বলোৱা বুকুত আশাৰ শলিতা… আচলতে চকুপানীবোৰ মাথো অজুহাত পোৱা-নোপোৱাৰ হিচাপ-নিকাচো এটা অজুহাত মৃত শব্দৰ

Read more

সোঁৱৰণ- দেৱজিত শৰ্মা

আবেলিৰ ষ্টপে’জ এটাত ৰৈ ৰৈ ভাগৰি পৰি, কেতিয়াবা আশাহত হৈছে নে আপুনি? এই যে পাকচক্ৰৰ দৰে ঘূৰি ঘূৰি সময়বোৰ! বালিৰ দৰে হাতৰ ফাঁকেৰে সৰি পৰে৷ কোনোবা বছৰৰ  কোনোবা দিন এটাত বুকুলৈ নদী এখন বৈ আহিছিল, আৰু আপুনি সুঁতি হৈছিল৷ এৰাতি উজাগৰে থাকি আপুনি নক্ষত্ৰৰ লগত কথা পাতিছিল, শিতানত পৰি আছিল আকাশ এখন৷ উচুপনিবোৰত ৰামধেনু আঁকিছিল প্ৰত্যাশাৰ, আৰু বিদায়ত নাছিল পুনৰ লগ নোপোৱাৰ সম্ভাৱনা৷ তেনে এখন আকাশৰ প্ৰাৰ্থনাত গণি শেষ কৰে নে নিদ্ৰাহীন তমসা ৰাতি৷ এই যে যাওঁ বুলিয়েই অচিনাকি হয়

Read more

আবিয়ৈ-নমী ফুকন বৰা

”মই গৈ আছোঁ পী ,তই  সাজু হৈ থাক।” —-ভতিজাক জুমনৰ ফোনটো পায়েই নীলিমা বাইদেউৰ মনটো সুখেৰে উপচি পৰিল যদিও এক দুখবোধে তেওঁক কোঙা কৰি পেলালে । শংকিত হৈ পৰিল তেওঁ । পাৰিবনে জুমনৰ সিদ্ধান্তত সহমত প্ৰদান কৰিব ! এক গভীৰ ধৰ্মসংকটত পৰি তেওঁ বিছনাখনতে বাগৰ দিলে । ককায়েকৰ দুই সন্তান জুমন আৰু সুমন।কৰ্মৰ তাগিদাত ককায়েক আৰু বৌৱেক দুয়ো ঘৰৰ বাহিৰত। মাকৰ লগত নীলিমা গাঁৱৰ পুৰণি ঘৰতে আছিল।কিন্তু  কেইবছৰমানৰ আগতে  মাকজনী কোনোধৰণৰ অসুখ -বিসুখ নোহোৱাকৈ হঠাৎ অজান মুলুকলৈ গুচি যোৱাৰ পৰা

Read more

অণুগল্প-কুশল মহন্ত      

বিসৰ্জন    বায়েকৰ অন্তিম সময়ৰ অন্তিম কথা মানি তাই ভিনিহীয়েকৰ লগত বিয়াত বহিল ।  তাই নিজস্ব আশা- আকাংক্ষাৰ বিসৰ্জন দিলে । আজি আকৌ তাই ভিনিহীয়েকৰ অত্যাচাৰ সহিব নোৱাৰি , নদীত জাপ দি তাইৰ অস্তিত্বকে বিসৰ্জন দিলে । ভাড়াতীয়া লাহে লাহে কোষটোৱে থিতাপি ল’লে তাইৰ গৰ্ভত । অনুভৱ কৰিছিল তাই কোষটোৰ অস্তিত্ব । শৰীৰত সৃষ্টি হৈছিল মমতাৰ অমৃত ধাৰা । এদিন কোষটো সন্তানৰূপে ভূমিস্থ হৈছিল কিন্তু তাই একোলা সন্তানটোক ল’ব নোৱাৰিলে আৰু নেদেখিলে, কাৰণ চুক্তি পত্ৰমতে তাই এগৰাকী ভাড়াতীয়া মাতৃহে , সন্তান

Read more

মৰুভূমিৰ মাজৰ এখন পৰিত্যক্ত শাপগ্ৰস্ত গাঁও কুলধৰা-ৰঞ্জনা দত্ত

বেচ ডাঙৰ এলবামখনৰ পাতত শুকান পথাৰৰ মাজত বালি পাথৰেৰে নিৰ্মিত ঘৰ দুৱাৰ মন্দিৰৰ ভগ্নস্তুপেৰে ভৰি থকা ফটো এখন দেখুৱাই মানুহ জনে ক’লে- “ মানুহে কয় সন্ধ্যা লগাৰ পিছত গাঁওখনত কোনো সোমাব নোৱাৰে। কিছুমান ৰহস্যময় শব্দ বতাহত ভাঁহি থাকে। জীৱ জন্তুৰ কথাটো বেলেগেই ইয়াত আনকি চৰাই চিৰিকতিৰ মাতো শুনিবলৈ পোৱা নাযায়।” “এইখন কুলধৰা গাঁৱৰ ফটো নেকি?” মই আগ্ৰহেৰে সুধিলো। “হয় এইখন কুলধৰাৰ ফটো”। মানুহজনে আন এখন ফটোত তৰ্জনী আঙুলিটো ৰাখি ক’লে- “আৰু এইটো চেলিম সিঙৰ ঘৰ। এওঁৰ অত্যাচাৰৰ বাবেই এৰাতিৰ ভিতৰতে

Read more

অংগীকাৰ-ইলি তালুকদাৰ

কলিং বেলটো বাজি বাজি ৰৈ গ’ল। হাতত থকা মোবাইলটোত সময় চালোঁ। আবেলি ৩ বাজিছে। কোন হ’ব পাৰে? অনিচ্ছা স্বত্বেও বিছনাৰ মোহ এৰি দুৱাৰখন খুলি দেখিলোঁ  সুন্দৰ পৰিপাটি পোছাকেৰে দীৰ্ঘকায় মানুহ এজন। মুখখন চিনাকি যেন লাগিল। : ইমন , চিনি পোৱা নাই মোক ? মই নীলকান্ত দাস। তুমি কলেজত কাম কৰি থাকোতে যে মোৰ ঘৰত ভাৰা কৰি আছিলা?”   মানুহজনে একে উশাহে কোৱা কথাখিনি শুনাৰ লগে লগে চাতকৈ মনত পৰি গ’ল। : দাদা, আহক আহক, মনত পৰিছে মোৰ… বুলি ঘৰৰ ভিতৰলৈ মাতি

Read more

প্ৰাতঃভ্ৰমণ আৰু মনৰ চেঁকুৰ-ৰঞ্জনা দত্ত

শুকাই অহা অস্থিৰস  আৰু ছানি পৰা দুচকুৰে মন্থৰ হৈ পৰিছে মোৰ গতি, খোজৰ লগে লগে অবুজন মনটো আজিকালি  লেকাম নোহোৱা ঘোঁৰাৰ দৰে চেঁকুৰিবলৈ লৈছে  অতীতৰ মাজলৈ। অনেক দূৰলৈ গুচি যায়  বাৰে বাৰে তাক আঁজুৰি  আনো বাস্তৱলৈ…. প্ৰাতঃভ্ৰমণত দেখা  কোনোবা পদব্ৰাজকৰ  ভৰিৰ গচকত মৰা শামুকটো  আৰু তাৰ পেটৰপৰা ওলাই অহা  অগণন হালধীয়া পূৰঠ ডিম্বই মনটোক জোকাৰি যায়। স্কুলৰ বন্ধত ভৈয়ামলৈ যাওঁ   ককাদেউতাৰ ঘৰত থকা পুখুৰীৰ দলঙত বহি  আইতাৰ চাউল ধোৱা খৰাহীৰ ফাঁকেৰে  সৰি পৰা খুদবোৰ খাবলৈ অহা  জাক জাক পুঠি খলিহনা 

Read more
1 77 78 79 80 81