হৃদয়ৰ আহ্বান-ৰঞ্জিত কুমাৰ শৰ্মা

‘আজি তই যোৱাৰ পাচত ছোৱালীজনীক লৈ কল্পনা আহিছিল৷’— নিশাৰ সাঁজ খাবলৈ বহা দিগন্তলৈ দাইলৰ বাতিটো আগুৱাই দি মাকে ক’লে৷ ‘কিয়? কিবা কামৰ কথা কৈছে নেকি?’— দাইল অকণমান কাঁহীখনত বাকি লৈ দিগন্তই সুধিলে৷ ‘কাম থাকিলেহে আহিব পাৰে নেকি? এনেই আহিছিল৷ ছোৱালীজনীক আৰ্ট স্কুলৰপৰা আনোতে দুয়ো সোমাইছিল৷ ভালেদিনেই হ’ল কল্পনাৰ তালৈ যোৱা নাছিলোঁ, আজি দুয়োৰে লগত ময়ো সিহঁতৰ ঘৰ পালোগৈ৷’ ‘তই গৈছিলি? কিয়?’— প্ৰথম গৰাহ ভাত মুখত ল’বলৈ লৈও ৰৈ যোৱা দিগন্তই মাকক সুধিলে৷ ‘একো কাৰণ নাই অ’৷ তাই ফোন কৰি মাতিয়েই

Read more

সপোন-মামণি কলিতা

ৰাতিপুৱাৰপৰা নীলাৰ মনটো বেয়া লাগি আছে। ঘৰৰ কামবোৰ কৰিব লাগে বাবে কৰি আছে যদিও অন্যমনস্ক হৈ থকা বাবে নীলে তাইক মাজে মাজে কিবা হৈছে নেকি সুধিছে যদিও তাই একো হোৱা নাই বুলি পুনৰ কামত মনটো লগাবলৈ চেষ্টা কৰিছে। ৰাতিপুৱা বিস্কুট আৰু একাপ চাহ দুয়ো খাই লৈ তেওঁলোকৰ কণমানি ৰিধিকো শুৱাৰপৰা উঠাই মুখ ধুৱাই গাখীৰ আৰু বিস্কুট দি লৈ দুয়োজনে সমানে ঘৰৰ কামবোৰ আগবঢ়াই গৈছে, ৰ’বলৈ সময় নাই। নীল আৰু নীলাই অফিচলৈ যাওঁতে ৰিধিক প্লে স্কুলত থৈ যাব। নীলা এইক্ষেত্ৰত বৰ

Read more

সোঁৱৰণ-হৰিচন্দ্ৰ ডেকা

তুমি সুধিছিলা সিদিনা মোক কিমান গভীৰতাত তোমাৰ স্থান মোৰ হিয়াৰ নিৰলা পঁজাত ?  মই ক’লোঁ তোমাৰ কপালত সেন্দূৰীয়া জোনটো আঁকি দি, চোৱাচোন মোৰ বুকুত হাত থৈ, শুনিছানে কলিজাৰপৰা অহা এটি অনুৰণনৰ শিহৰণ মোৰ হৃদয়ৰ স্পন্দনত ? ৰিণিকি -ৰিণিকি বাজি থকা এটি মৃদু সুৰ উষ্ম নিশাহৰ  ? এবাৰ কাণ পাতি শুনাচোন মোৰ মনৰ আকুলতাখিনি তোমাৰ হিয়াৰ মণিকাঞ্চনত ৷ বাজি উঠিব তোমাৰ হিয়াতো নিজান পখীৰ সুমধুৰ সুৰ। আলফুলে সাঁচি থোৱা  দুয়োৰে আমাৰ জীৱনৰ গান। যদিহে বিচৰা তুমি হিয়া উজাৰি দিম মোৰ সাঁচি

Read more

এথোপা_ৰঙা_গোলাপ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

: আজি ৰঙা গোলাপৰ দিন! বিদ্যুতে মুখৰ ভিতৰতে কথাষাৰ ক’লে যদিও ৰঞ্জনাই শুনিলে। পুৱা ঘৰ সাৰি থকাৰপৰাই মুখখন ঘূৰাই তালৈ চাই তাই সুধিলে, : কি, কি কৈছা? : নাই, একো নাই! বিদ্যুতৰ নিৰুত্তাপ উত্তৰ। তাই আৰু সেইখিনিত ৰৈ নাথাকিল, ঝাড়ুটো লৈ তাই ভিতৰ সোমাই গ’ল। পুৱা ঘৰখনত তাইৰ অলেখ কাম। আজি দেওবাৰ, জানমণিৰ স্কুল নাই। তথাপিও ঘৰখনত জানো কমখন কাম! ৰাতিপুৱা শুই উঠিয়েই যে ঝাড়ুটো হাতত লয় সেই হাত আৰু যেন থমকি নৰ’বই। কোনো বনকৰা মানুহ নোহোৱাকৈয়ে তাই ঘৰখনৰ আল

Read more

হালধীয়া-শ্ৰুতিমালা মিশ্ৰ

যি কথা কোৱা নহ’ল  সেই কথাই বুকুত দৌল বান্ধিলে  নোকোৱাকৈ ৰৈ যোৱা অজস্ৰ কথাই  ঘূলি পকাই পকাই বালিতে পোত খাই ৰʼল।           সকলো কথাইতো কোৱা নাযায়  কথাই পাক হেৰুৱায়  কথাই বাট হেৰুৱায়।          নোকোৱা কথাবোৰে বালিঘৰ সাজিলে,  ঠহৰ ঠহৰলৈ ভাগিলে কলিজাৰ আগফাল-পিছফাল।  অজস্ৰ বিষাদৰ হালধীয়াত বুৰ গৈ  নোকোৱা কথাবোৰে মুখ বান্ধিলে,  নিজৰ মাজতেই সমাধি লʼলে নিজেই নিজক শিকালে  নিজেই নিজক বুজালে  নিজৰ কোলাতে নিজকে নিচুকালে।         সকলো কথাই কোৱা নাযায়  সকলো কথাই শব্দ হৈ নোলায়  সকলো কথাৰ অৱয়ব নাথাকে।        

Read more

স্তব্ধ হ’ল কবিতা-সুমিতা শইকীয়া

আজি বহুদিনেই হ’ল প্ৰেমৰ কবিতা নিলিখা, পাহৰি পেলালোঁ মৌসনা মিঠা মিঠা অনুভৱ প্ৰেমৰ৷ যিদিনা তুমি মোৰ৭পৰা বহু দূৰলৈ গুচি গ’লা,  সেইদিন ধৰি মোৰ কবিতাবোৰো মোৰ পৰা কাঢ়ি লৈ গ’লা।  দুনাই জী নুঠে কেতিয়াও!  সকলো ভাব, চিন্তাধাৰা ,  তোমাৰ নামত উচৰ্গা কৰিছিলোঁ  মোৰ মৰম আৰু ভালপোৱাৰ লগত৷ মোৰ প্ৰেমক  টুকুৰা-টুকুৰ কৰি ডাষ্টবিনৰ আৱৰ্জনা বুলি, দলিয়াই দিলা দূৰলৈ মোৰ ভালপোৱাক নিঠৰুৱা কৰি৷ আৰু সেই তেতিয়াৰপৰা  প্ৰেমৰ বৰষুণৰ শব্দবোৰ, ডাৱৰৰ দৰে গোট মাৰিছিল ভগা কলিজাত মোৰ৷ সেয়ে কৈছোঁ, মোৰ কবিতাই  নাপায় আৰু প্ৰাণ,

Read more

শিপা-পল্লৱী কৌশিক

প্ৰায় ডেৰবছৰৰ মূৰত এয়া , পুনৰ উভতি আহিছোঁ মোৰ কৰ্মজীৱনলৈ। অভিমন্যু অবিহনে পাৰ কৰি অহা নিসংগতাৰ সময় এছোৱাৰ পৰা নিজকে উদ্ধাৰ কৰি এই ব্যস্ততা মোৰ বাবে উপভোগ্য হৈ উঠিছে যদিও জীউক ঘৰখনত অকলে এৰি থৈ অহাটোহে এটা চিন্তনীয় বিষয় হৈ পৰিছে । কেতিয়াবা ভাবোঁ , গাঁথনিৰ বাবে তৈয়াৰ কৰা মিশ্ৰণটোত চিমেণ্ট আৰু বালিৰ অনুপাত ঠিকে আছে নে নাই , অথবা এচপৰা এচপৰা ইটাৰে ৱালখন গাঁথি যাওঁতে উলম্ব ৰেখাডালে সঠিক দিশে গতি লৈছে নে নাই , ঠিকেই মন কৰিছোঁ যদিও জীউৰ

Read more

জ্ঞানৰ জ্যোতি-কুমকুম দেৱী শৰ্মাবৰুৱা

প্ৰভাতী সূৰুযে আনে              সদ্ভাৱনা নতুন দিনৰ, বিয়লিৰ আকাশ উজলে               কৰ্মৰ গৌৰৱেৰে দিনান্তৰ | শিশু এটি হয় যদি                সোণালী সপোন, বৃদ্ধজন হ’ব এক                       প্ৰজ্ঞাৰ দাপোন | জীৱনৰ প্ৰতিক্ষণত                       দেখি শিকি পায়,  অভিজ্ঞতাৰ  সঁফুৰা মেলি                     সৌৰভ বিলায় | সূৰ্যৰ দৰে তেওঁ                      স্ব-আলোকেৰে, উদ্ভাসিত হৈ থাকে                        জ্ঞানৰ জ্যোতিৰে। **********

Read more

সময়-মোহাইমিনুৰ ৰহমান

ভূমিষ্ঠ হোৱাৰ প্ৰথম কান্দোনটিৰপৰাই জীৱনৰ প্ৰতিটো শ্বাস-প্ৰশ্বাসত ছাঁৰ দৰে লাগি থকা সময় যে আমাৰ আপোন সংগী। জীৱনৰ তিতা-মিঠাৰ  বাৰেৰহণীয়া অভিজ্ঞতাৰে মানুহ হিচাপে  গঢ়ি তোলাত সহায় কৰা  প্ৰকৃত শুভাকাংক্ষী। সময়ে শিকায় জীৱনৰ প্ৰতিটো স্তৰত একো একোটি নতুন পাঠ দিয়ে জীৱনৰ প্ৰতিটো ক্ষণক নিজস্ব শৈলীৰে গঢ়ি তোলাৰ বাট। শৈশৱৰে আৰম্ভণি কৰা জীৱন নামৰ সোণোৱালী কিতাপখনৰ পাত লুটিয়াই প্ৰতিজন মনুষ্যই ভৰি থয়হি যৌৱনৰ বিয়লি বেলাত। কত যে ৰঙীণ সপোন কল্পনাৰ পৃথিৱীত প্ৰেমমত্ত  হিয়াৰ উগুল-থুগুল। সেই ৰঙীণ সপোনকো পৰিহাৰ কৰি প্ৰতিজন মনুষ্যই এদিন উপস্থিত

Read more

জীৱন তই আগবাঢ়ি যা-প্ৰদীপ চন্দ্ৰ বৰা

জীৱন তই গৈ থাক আগুৱাই গৈ থাক  তোৰ বুকুত যে সীমাহীন ঘাত প্ৰতিঘাত কণ্টকাকীৰ্ণ আৰু সেন্দুৰীয়া বাট ৷ হাঁহি আৰু চকুলো  সুখ আৰু দুখ যন্ত্ৰণা আৰু আনন্দ নীৰৱে সহি যা সকলো ৷ টেঙা আৰু জ্বলা তিতা আৰু মিঠা  ল’লি আকোঁৱালি দিলি আগবাঢ়ি  ৷  সততা আৰু নিষ্ঠাৰে দায়িত্ব আৰু কৰ্তব্যৰে যা আগুৱাই অনাগত দিনবোৰত যা আগুৱাই খোজত খোজ মিলাই সমাজৰ লগত। দাবানলত দে দ’লিয়াই দুৰ্বলতা দুৰ্যোগ দুৰ্ভাৱনা হিংসা  অপ্ৰীতি অসূয়া ৷   খুলি পেলা অভদ্ৰতাৰ মুখা বাচি ল বাঞ্চনীয় সোণালী ৰেখা ৷

Read more
1 78 79 80 81