Author: xobdochitraadmin
সম্পাদকীয়-সমীৰ কাশ্যপ বৰা
দুৰ্যোগ কেতিয়াও সময় আৰু পৰিস্থিতি চাই নাহে, ই আকস্মিকভাৱেই আহি ইমানেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে, যাৰ সৈতে যুঁজা কঠিন হৈ পৰে। কোৱা হয় প্ৰকৃতিৰ ওপৰত কোনো নাই। প্ৰকৃতিয়ে যেনেকৈ সৃষ্টিত সমল যোগায়, ঠিক তেনেকৈ ধ্বংসও কৰিব পাৰে। যাক প্ৰতিৰোধ কৰা মানুহৰ বাবে অসম্ভৱ। সময়ে সময়ে প্ৰকৃতিৰ কিছুমান কাৰ্য কলাপে মানুহ, প্ৰকৃতি আৰু জীৱকুলৰ ওপৰত যি প্ৰভাৱ পেলাই যায়, তাক স্বীকাৰ কৰি লোৱাৰ বাহিৰে অন্য কোনো উপায় নাথাকে। সেয়া লাগিলে ইতিবাচকেই হওক বা নেতিবাচক। প্ৰকৃতিৰ সকলো সৌন্দৰ্যৰ আঁৰতো কোনো এক সময়ৰ
Read moreসময়ৰ কথকতা-ববিতা শৰ্মা
প্ৰায় তিনি বিঘা মাটিৰ বাৰীখনক লৈ প্ৰকাণ্ড চৌহদটো।চৌহদটোৰ মাজতে আছে ওখ পকা ভেঁটিৰ কাঠৰ বাটাম দিয়া প্ৰকাণ্ড ঘৰটো।বাঁহৰ কামিৰ ওপৰত বিলাতী মাটিৰ প্ৰলেপ সানি মজবুতকৈ সজা বেৰবোৰত চূণ সানি দেখনিয়াৰ কৰি তোলা হৈছিল।বাটামত সনা হৈছিল ক’লা ইন্দ্ৰকূট। খিৰিকীবোৰ আহল-বহল।সন্মুখৰ কাঠৰ দুৱাৰখনত দুপাহ পদুম ফুল।এতিয়া অৱশ্যে যত্নৰ অভাৱত ঘৰটোৰ এফাল জহি-খহি গৈছে।আগফালে আৰু পাছফালে দুখন বেচ আহল-বহল চোতাল। পাছচোতালখন আগচোতালতকৈ তুলনামূলকভাৱে অলপ বেছি বহল।ঘৰটোৰ একাষে এটা ভঁৰাল। উৱলি যোৱা বেৰকেইখন আৰু খুটা চাৰিটাৰে সাক্ষী গোপাল ভঁৰালটোৰ আকাৰ-প্ৰকাৰ চায়ে এসময়ত যে বেচ বুজনেই
Read moreকুঁৱলীৰে ঢকা সেউজ ৰানী মুন্নাৰৰপৰা সৰোবৰ আৰু বনাঞ্চলেৰে ভৰা থেক্কাড়ী(পেৰিয়াৰ)লৈ -ৰঞ্জনা দত্ত
(যোৱা সংখ্যাৰ পিছৰপৰা) (২) সমুদ্ৰপৃষ্ঠৰ পৰা ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত দক্ষিণৰ কাশ্মীৰ নামেৰে জনপ্ৰিয় মুন্নাৰত আজি আমাৰ প্ৰথম ৰাতিপুৱা। হোটেলৰপৰা বাহিৰলৈ ওলাইয়ে মুন্নাৰৰ বিষয়ে উচ্চাৰিত আন এটা মৰম লগা উপমা আপোনা আপুনি মুখেৰে ওলাই আহিল। ‘ৱাহ! মিষ্টিক মুন্নাৰ’ ! সঁচাই কুঁৱলীময় মুন্নাৰ! চাৰিওফালে ঘন কুঁৱলীৰ মাজে মাজে ভুমুকি মৰা নাতিদূৰৈৰ ওখ চাপৰ চাহ বাগিছাৰ টিলা সদৃশ পাহাৰবোৰে মনটো সজীৱ কৰি তুলিলে। মুন্নাৰৰ অৰ্থ- Moonu( তিনি)+ Aaru(নদী)।মানে তিনিখন নদী । মুধিৰাপুঝা, নাল্লাথান্নী আৰু কুণ্ডালা নদীৰ সংগম স্থলীত অৱস্থিত এই সৰু
Read moreসংখ্যাটোৰ আঁৰৰ কথা
প্ৰথমে সকলোলৈ আমাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু অভিবাদন জনালো, যদিওবা বৰ্ত্তমান বিপৰ্যয়ৰ পৰিস্থিতিয়ে আমাৰ সকলোকে শাৰীৰিক আৰু মানসিক ভাৱে জুৰুলা কৰি তুলিছে,তথাপিও আমি সাহসেৰে যুঁজিবই লাগিব। দুৰ্যোগে সকলো কাঢ়ি নিলেও আমাক একতাৰ এখন ঘৰ দিলে, মানৱতাৰ ধৰ্ম দিলে। অনাগত দিনত এই একতাই আমাৰ সকলোকে আৰু অধিক শক্তিশালী কৰি তুলিব। আমাৰ সম্পাদনাৰে “শব্দচিত্ৰ—জীৱন জিজ্ঞাসা” ই- আলোচনীখনৰ পঞ্চম বৰ্ষৰ তৃতীয় সংখ্যাৰ আঁৰৰ কথা ক’বলৈ গ’লে বহুতো ভাল লগা অনুভৱেই জড়িত হৈ আছে, যাক শব্দৰে প্ৰকাশ কৰিবলৈয়ো কম হয়। ৬ জুলাইৰ ৰাতিৰ
Read moreঅনুগল্প-মৃদুস্মিতা ফুকন
(১) স্বত্ব আজি কাছাৰীৰ ৰঙা মোহৰ মৰা কাগজখনত চহীটো কৰিবলৈ দি সি মানুহজনৰ হাতখনত খামুচি ধৰিলে। এসময়ত তেওঁ যেনেকৈ আখৰ শিকাবলৈ গৈ খামুচি ধৰিছিল তাৰ কোমল হাতখন। (২)জীৱনৰ_ৰং ন বোৱাৰীজনীৰ বাবে শিলৰ পটাত পিহা সেউজীয়া জেতুকাৰ ৰঙচুৱা ছিটিকণি দুটামানে যেন মালতীৰ বগা কাপোৰযোৰত ফুলহে বাচি দিলে! (৩)পৰম্পৰা যোনিপীঠৰ ৰজোকালীন ৰক্তবস্ত্ৰ দেহত পৰিধান কৰি স্বস্তিৰ নিশ্বাস লৈ,
Read moreগছ আৰু মানুহ-ড° মৃদুস্মিতা ফুকন
এজন বৰ মৰমীয়াল খৰিকটীয়া আছিল| তেওঁ সকলোকে মৰম কৰিছিল| মানুহ বা জীৱ-জন্তুৰ কথাতো বাদেই, তেওঁ যিখন হাবিত খৰি লুৰিছিল, সেই হাবিখনৰ প্ৰতিজোপা গছলৈকে তেওঁৰ বৰ মৰম।অনাহকত তেওঁ কোনোজোপা গছৰে ডাল এটাও নাভাঙে বা পাত এখিলাও নিছিঙে। এদিন হাবিত খৰি লুৰি থাকোঁতেই শুনিলে,- ক’ৰবাত কোনোবাই যেন কেঁকাই আছে। তেওঁ ইফালে-সিফালে চাই কাকো নেদেখি কেঁকনিটো অহাৰ ফাললৈ দুখোজমান আগুৱাই গ’ল। এইবাৰ তেওঁ কেঁকনিটো ওচৰৰে সৰল গছৰ ধুনীয়া সৰু পুলি এটাৰপৰা অহা যেন পালে। পুলিটো ওচৰৰ পৰা গৈ চাওঁতে দেখিলে কোনোবাই পুলিটোৰ ডাল
Read moreসাহিত্য জগতলৈ ছাত্ৰ সমাজৰ ভূমিকা-বৰষা ডেকা
সাহিত্য মানে কেৱল কাগজৰ ক’লা ক’লা আখৰৰ শাৰী নহয়। সাহিত্য মানে এটা জাতিৰ শ্বাস-প্ৰশ্বাস। যেতিয়া জাতিটোৱে কান্দে, তেতিয়া কোনোবা এজন কবিৰ কলমৰ পৰা চকুপানী বৈ আহে। যেতিয়া জাতিটোৱে সপোন দেখে, তেতিয়া কোনোবা এজন গল্পকাৰৰ কল্পনাত নতুন পৃথিৱী এখন গঢ় লৈ উঠে। আৰু এই নিশ্বাসক প্ৰতিটো পুৱাই নতুনকৈ তেজ দি জীয়াই ৰাখে কোনে? তেওঁলোকেই হ’ল আমাৰ ছাত্ৰ সমাজ। কাৰণ ছাত্ৰ জীৱনটোৱেই হ’ল সেই মধুৰ সময় য’ত মনত ভয় নাথাকে, কলমত বান্ধোন নাথাকে। যি অনুভৱ হয় তাকেই শব্দৰ ৰূপ দিবলৈ ইচ্ছা হয়।
Read moreসংগীত জ্যোতি ৰাজেন গোহাঁই-ববিতা শৰ্মা
অসমীয়া আধুনিক গীতক এক বিশেষ মাত্ৰা প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰা ব্যক্তিসকলৰ ভিতৰত গায়ক, সুৰকাৰ তথা সংগীত সংযোজক ৰাজেন গোহাঁইদেৱো অন্যতম । অসমীয়া আধুনিক গীতৰ উত্থান আৰু প্ৰসাৰত আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ বিশেষ ভূমিকা আছে । এই আকাশবাণী কেন্দ্ৰ দুটিৰ অংশ হিচাপে ৰাজেন গোহাঁইদেৱেও অসমীয়া আধুনিক গীতক বিশেষ মাত্ৰাৰে সজাই ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে নিজকে সমৰ্পন কৰিছিল । বিশেষকৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত গোহাঁইদেৱে সহকৰ্মী হিচাপে অসমৰ সংগীত জগতৰ দুজন বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল।এজন হ’ল গীতিকাৰ, সুৰকাৰ হীৰেন গোহাঁই আৰু
Read moreবিবাহঘটিত,লিখকঃ তাৰাপদ ৰায়,ভাবানুবাদ-অঞ্জু মহন্ত
প্ৰথম তৰঙ্গ: পঙ্কজবাবুৰ বিপদ কোট-পেণ্ট পিন্ধি অফিচলৈ ওলাইছিল পঙ্কজবাবু। অফিচত তেওঁৰ পৰিচয় মিষ্টাৰ পি.চক্ৰৱৰ্তী। যিয়েই নহওক এইটো এটা পাৰিবাৰিক কাহিনী।এই গল্পটোত আমি তেওঁক পঙ্কজবাবু বুলিয়েই ক’ম। পঙ্কজবাবুৰ পত্নীৰ নাম সুহাসিনী। মানুহজনীৰ নামটো যে উপযুক্ত নহয়, এই গল্পটো পঢ়িলে সকলোৱে বুজি পাব। কোট-পেণ্ট পিন্ধি, টাইৰ নট বান্ধি আছে, ৰাস্তাত অফিচৰ গাড়ীয়ে হৰ্ণ দিছে এনেকুৱা সময়তে সুহাসিনীয়ে ক’লে, “হেৰা তোমাৰ কোটৰ পকেটত এটা ফুটা আছিল।” পঙ্কজ বাবুয়ে নিৰ্বিকাৰভাৱেৰে ক’লে, ” জানো।” “সেই ফুটাটো মই চিলাই কৰি ঠিক কৰি দিছোঁ।” সুহাসিনীয়ে ক’লে। পঙ্কজ
Read more