‎হেৰোৱা বাটৰ আঁত-মৌচুমী হাজৰিকা 

হাতত টিকটটো লৈ ভৈৰৱীয়ে আকৌ ভাবিলে যোৱা উচিত হ’বনে ইমান দিনৰ মুৰত!! তাই নিজৰ বিবেক আবেগেৰে বুজায়।সকলো মানুহ এতিয়াও যন্ত্ৰ হোৱা নাই, তাইৰ আবেগ-অনুভূতিবোৰ সিহঁতে বুজিব। আজিকালি তাইৰ ৰাতি টোপনি নহা হৈছে; অকণমান আহিলেই তাইক গাঁৱৰ সেই শৈশৱৰ দিনবোৰৰ সপোনে আমনি কৰে। তাই যাব…… ‎আহিয়েই তাই পথাৰলৈ লৰ মাৰিলে।চেন্দেলযোৰ খুলি তাই সেউজীয়া আলিটোত খোজ দিলে। ‎সেই মুহূৰ্তটোত তাই অনুভৱ কৰিলে—বহুদিনৰ পিছত তাই প্ৰকৃততে মাটিক স্পৰ্শ কৰিছে। চহৰৰ কংক্ৰিটৰ পথত খোজ দি দি তাই যেন তাইৰ ভৰিৰ সংবেদনশীলতা হেৰুৱাই পেলাইছিল।আজি কোমল

Read more

‎ভিক্ষুকৰ জীৱিকা পৰিবৰ্তন,‎মূলঃ অমিতাভ প্ৰামাণিক,‎অনুবাদ-মামণি কলিতা

মই শিয়ালদহ ষ্টেচনৰ মূল শাখাৰ নিয়মীয়া যাত্ৰী। যোৱা পোন্ধৰ বছৰ ধৰি কৰ্মসূত্ৰে সেইটো লাইনৰ ট্ৰেইনত অহা-যোৱা কৰি আছোঁ। ট্ৰেইনৰ বহুসংখ্যক নিতৌ অহা-যোৱা কৰা লোক, হকাৰ আনকি ভিক্ষাৰী কেইজনৰো মুখ চিনাকি হৈ গৈছে। ভিক্ষাৰী কেইজনৰ ভিতৰত এজনৰ নাম আছিল মাধাই, পোন্ধৰ ষোল্ল বছৰ বয়সৰ পৰা তেওঁক ম‌ই দেখি আহিছোঁ। তেওঁ জন্মান্ধ। বাৰাকপুৰৰ পৰা দমদমলৈ অহা বাটছোৱাত ট্ৰেইনত ভিক্ষা খোজে। লাহে লাহে মাধাই ডাঙৰ হোৱা দেখিলোঁ, জীৱনসংগী বিচাৰি পোৱাও দেখিলোঁ, আনকি তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হোৱাও দেখিলোঁ। স্বামী-স্ত্ৰী অন্ধ হ’লেও সন্তানটি

Read more

‎মোৰ সংসাৰ-কংকনা শৰ্মা

সদায় বেলেগৰ সংসাৰৰ কথা কৈ থাকিলে মানুহে ক’ব পাৰে নহয়, ই ঘটিৰামে চাল্লা বেলেগৰ কথাকে উকটি ফুৰে । সেইবাবেই আজি নিজৰ কথাকে ক’ব অমুকাই। ‎মই এজন বেলেগ ধৰণৰ মানুহ।আপুনি মোক অহৌবলিয়া, চেৰাবলিয়া যি কয় ক’ব আৰু মোৰ কামবোৰ দেখি।এদিন এই মহামানৱে চিটি বাছত কণ্ডাক্টৰ বুলি নীলা চোলা পিন্ধা যাত্রী এজনকে ভাড়া দি বহি আছিল। ১২ বজাত মৰি থকা ঘড়ী পিন্ধি বিয়া খাবলৈ গৈছিল।তাত সকলোৱে সোধে,  “ভাইটি টাইম কিমান হ’ল?” মোৰ অৱস্থা এবাৰ কল্পনা কৰকচোন।শেষত ঘড়ীটো পকেটত সুমুৱাই থৈহে বাচিলোঁ লাজ

Read more

অক্সিজেন থেৰাপি-কুমকুম শৰ্মাবৰুৱা

‘জীতেন অ’, কোনফালে যোৱানো?আহাঁচোন এইফালে,’……নুমলি আইতাই আগ্ৰহেৰে মাতিলে। ‘জেঠাই,ইয়ালৈকে আহিছোঁ।আপোনালোকৰ ৰবীন ককাইদেৱে মোক ৰঘূ গছজোপা কাটিবলৈ মাতিছিল,’ জীতেনে সোমাই আহি ক’লে। ‘ অ’ হয়নেকি।সেইজোপা সিনো কেলেই কটাব খুজিছে । ৰ’বা সোধো তাক মই।’ ‘ট্ৰেক্টৰখন থ’বলৈ গেৰেজ এটা সাজিব খুজিছোঁ আৰু এনেয়েও ইমান পাতবোৰ সৰি থাকে তলত,’ ৰবীনে ওলাই আহি ক’লে। ‘তাৰ তলতে সাজিলেই হ’ব ট্ৰেক্টৰখন থোৱা ঘৰ।নেকাটিলেও জুৰিব।গছজোপাই ছাঁ পেলাই গোটেই ঘৰটোকে জুৰ পেলাই থয়।অতবোৰ চৰাই -চিৰিকটিয়ে বাঁহ লৈছে।তোৰ বেয়া নালাগিলনে সেইজোপা কটাবলৈ।নেলাগে কাটিব। জীতেন ,তুমি বাৰীখনৰ অপতৃণবোৰকে উঠোৱাগৈ। ৰ’বা

Read more

দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুষমা বিচাৰি-জয়ন্ত গগৈ

ৰাতিপুৱাই বন্ধু প্ৰভাতৰ ফোনটো পালোঁ। সি জানিব বিচাৰিলে মই এইকেইদিন ফ্ৰি আছোঁ নে নাই। বিশেষ ব্যস্ত বা কোনো ফালেই যোৱাৰ প্ৰ’গ্ৰাম নাই বুলি জনোৱাৰ লগে লগেই সি জনালে দূৰ্গাপূজাৰ পিছতে সিহঁতৰ ( প্ৰভাত আৰু একে সহপাঠী এজনৰ) , নাহৰকটীয়া জয়পুৰৰ দিহিং পাটকাই বৰ্ষাৰণ্যলৈ সিহঁতৰ ৰিচাৰ্চৰ কামত তিনিটা দিনৰ বাবে অহাৰ প্লান কৰিছে। গতিকে ৰিচাৰ্চ সহকাৰী হিচাবে স্থানীয় মোকেই সিহঁতে নিৰ্বাচন কৰিছে। উক্ত কেইদিনত সিহঁতৰ পথপ্ৰদৰ্শক তথা সহকাৰী হ’ব লাগে বুলি জনালে। মনটো ভালেই লাগিল। এইখন বিখ্যাত অৰণ্যৰ মাজলৈ পুনৰ যোৱাৰ

Read more

নদীয়াল-কুশল মহন্ত

অৰণ্যৰ সিপাৰে আন্ধাৰ নামিলে। উৰুখা পঁজাত , ভাগৰুৱা পথিক এতিয়া, শেতেলিত টোপনিত লালকাল। সপোনত বন কুকুৰাই খোঁচৰে ইতিহাস। বুকুৰ শুকাবলৈ ধৰা ঘাঁ ডোখৰত সময়ৰ আঁচোৰ…. সজীৱ যাতনাত ছটফটাই কেঁচা কলিজাই , নৈৰ যুঁৱলিত হেৰুৱাই , এৰি অহা ঘৰৰ ভেটিত, এতিয়া, নৈখনৰ বালিৰ পলস ! শিপাৰ সন্ধানত, মন-পখিলা উৰি যায় , জোনাকী বাট বিচাৰি.. কি জানিবা ? পলসত এটি অংকুৰিত বীজে থিতাপি লৈ গঢ়ে এডৰা সেউজীয়া…   *******

Read more

অহমিকাৰ বীজত অহংকাৰৰ বটবৃক্ষ-বিৰিঞ্চি মহন্ত

“অহংকাৰে মানুহক কেতিয়াও মহান নকৰে বৰং ই লাহে লাহে মানুহক নিসংগ কৰি তোলে।” ( ৰবীন্দ্ৰনাথ ঠাকুৰ) সৰুতে এটা সাধু শুনিছিলোঁ। এটা অহংকাৰী কুকুৰা আছিল। সি থকা ঠাইখিনিত তাৰ সমান ডাঙৰ অৰ্থাৎ হৃষ্ট-পুষ্ট চেহেৰা আন কুকুৰা নাছিল বাবে অন্য কুকুৰাবোৰে তাক সমীহ কৰিছিল। তাৰ কাষলৈ কোনো আহিলেও, সি যুঁজ কৰি আঁতৰাই পঠিয়াইছিল। সি কাৰো লগ ল’বলৈ বিচৰা নাছিল। সি পুৱাই ডাক দিয়াৰ লগে লগে ঘৰৰ গৃহস্থই সাৰ পাইছিল। গৃহস্থই তাৰ খোৱা-বোৱাত যত্ন লৈছিল। আনবোৰতকৈ তাক প্ৰাধান্য দিয়া বুলি ভাবি সি লাহে

Read more

২০২৫ বৰ্ষৰ পাখিলগা সময়ৰ অভিজ্ঞতা-বৰষা ডেকা

সময় কাৰোৰে বাবে কেতিয়াওঁ ৰৈ নাথাকে। সময় পৰিৱৰ্তনশীল। আজিৰ কৰিবলগীয়াখিনি আমি কাইলৈ কৰিম বুলি ভাবিলেও যেন সময় গৈয়ে থাকে। নদীৰ পানী যেনেকৈ অহৰহ বৈ থাকে ঠিক তেনেকৈ সময় কেতিয়াওঁ স্তব্ধ নহয়। মানুহৰ জীৱনটো দুদিনীয়া সেয়ে আমি প্ৰতিদিনে সৎ কৰ্ম,সৎ চিন্তাৰে আগুৱাই গৈ বাস্তৱৰ পৃথিৱীখনৰ লগত চিনাকি হ’ব লাগে। মানুহৰ জীৱনত কেতিয়াও কাৰোৰে লগত হিচাপ- নিকাচৰ পিছত দৌৰি নাথাকি নিত্য বৰ্তমান কৰ্মৰ যোগেদি জীৱন জীয়াব লাগে। প্ৰত্যেকদিনাই আমি নতুন নতুন কাম,নতুন চিন্তা, নতুন নতুন উদ্ভাৱনৰ দিশে ধাৱমান হ’ব লাগে।  মানৱ জীৱন

Read more

গগণ চৌধুৰীৰ ষ্টুডিঅ’,মূল : সত্যজিত ৰায়,অনুবাদ-ৰঞ্জনা দত্ত

এটা ফ্লেট দিনৰ ভাগত দেখি পচন্দ হ’লেও, তাত গৈ নথকা পৰ্যন্ত  তাৰ সুবিধা অসুবিধাসমূহ  ভালদৰে ধৰিব নোৱাৰি। সুধীন চৰকাৰে ভবানীপুৰৰ এই ফ্লেটটোত থাকিবলৈ লোৱাৰ পাছৰে পৰাই এই কথাটো অনুভৱ কৰিলে। এই এটা কথাতেই ভাগ্যদেৱীয়ে এটা শুকান হাঁহি মাৰিলে; নহ’লে তেওঁ যে সুধীনৰ প্ৰতি বিশেষ প্ৰসন্না তাৰ উদাহৰণৰ অভাৱ নাই। যিদৰে তেওঁৰ পদোন্নতিৰ কথাটোৱেই ধৰা যাওক। তেওঁ এতিয়া অফিচৰ এটা ডিপাৰ্টমেণ্টৰ হেড। ইমান সোনকালে তেওঁ ইমান ওপৰলৈ উঠাৰ কথা নহয়, হাজাৰ হওক  তেওঁৰ বয়সটোতো বেছি নহয় – এই আহাৰত একত্ৰিছত ভৰি

Read more
1 2 3 4 74