মাৰচুপিয়েল_প্ৰজাতি(Marsupial variety)-কুমকুম দেৱী শৰ্মাবৰুৱা

কিছুমান জন্তুৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকে যিবোৰ আন জন্তুৰ নাথাকে। মাৰচুপিয়েল প্ৰজাতিৰ জন্তুবোৰে পেটৰ জোলোঙাত পোৱালি ভৰাই লৈ ফুৰে। সিহঁত বেলেগ বেলেগ পৰিৱেশত থাকিবৰ বাবে অভিযোজন হয়। সাধাৰণতে স্তন্যপায়ী জন্তুৰ ঠেংকেইখন দীঘল দীঘল থাকে দৌৰিবলৈ সুবিধা হ’বৰ বাবে। কিছুমানৰ পিছ ঠেং কেইখন দীঘল থাকে জঁপিয়াই জঁপিয়াই সোনকালে গৈ খোৱাবস্তু বিচাৰি পাবলৈ বা শত্ৰুৰ পৰা হাত সাৰিবলৈ। ইহঁতৰে কিছুমানৰ আকৌ মজবুত চুটি ঠেং থাকে খান্দিবলৈ, হাঁহৰ দৰে ঠেং থাকে সাঁতুৰিবৰ বাবে অথবা হাতৰ দৰে ঠেং থাকে গছত উঠিবৰ সুবিধাৰ বাবে। এই

Read more

সাক্ষাৎকাৰ

(আজীৱন অসমীয়া সাহিত্যৰ সাধিকা, ‘জোনাকী মন’ৰ স্ৰষ্টা, ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত পৰিৱেশন হোৱা গীতৰ গীতিকাৰ কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ।সাক্ষাৎকাটি গ্ৰহণ কৰিছে সমীৰণ শৰ্মাই।অন্যান্য ক্ষেত্ৰত সহযোগ কৰিছে উপাসা ভাগৱতীয়ে) সমীৰণ: বাইদেউ নমস্কাৰ। আৰম্ভণিতে আপোনাৰ জন্ম, পিতৃ-মাতৃ আৰু বৰ্তমানৰ পৰিয়ালৰ বিষয়ে অলপ জনাওকচোন। শৰ্মাবৰুৱা: নমস্কাৰ, মোৰ জন্ম হয় যোৰহাট কেন্দুগুৰিৰ ২ নং ব্ৰাহ্মণ গাঁৱত ১৯৬১ চনৰ ১৯ জানুৱাৰীত।মোৰ মাতৃৰ নাম স্বৰ্গীয় অৰুণি দেৱী আৰু পিতৃৰ নাম স্বৰ্গীয় ৰামেশ্বৰ শৰ্মা। ঘৰখনত সাতোটি সন্তানৰ ভিতৰত মই নুমলীয়া আছিলোঁ। বিভিন্ন সৰু -সুৰা ব্যৱসায়

Read more

মানৱীয়তা-কংকনা দেৱী

সন্ধ্যা ঘৰৰ একমাত্ৰ ছোৱালী। মাক দেউতাক আৰু তাই। তেওঁলোক যিহেতু ব্ৰাহ্মণ পৰিয়ালৰ, সেয়ে দেউতাকে গোঁসাই ধুৱাই মাক আৰু সন্ধ্যাৰ লগত চাহ খাবলৈ চাহৰ টেবুলত বহিল। চাহ খোৱাৰ মাজতেই সন্ধ্যাই মাক আৰু দেউতাকক ক’লে,  “মোৰ বৰ দৰকাৰী বস্তু অলপ ল’বলৈ আছিল। মা ,দেউতা তোমালোকৰ ভিতৰত যিকোনো এজন মোৰ লগত বজাৰলৈ ওলাব পাৰিবা নে?” মাকে ক’লে, “পইচা বেছি নাই মোৰ হাতত। তই অকলেই যা নহ’লে। ১০০০ টকাহে আছে, তাৰ পৰাই তোক ৭০০ টকা মান দিলে হে বজাৰত গৈ কিবা এটা ল’ব পাৰিবি।”

Read more

শৈলশৃংগ-সমুজ্জ্বল কাশ্যপ

                              (১) মহাৰাজ সুদক্ষিণৰ সোণালী ৰাজত্বকাল। পাটকাই পাহাৰৰ এক নিভৃত, দুৰ্গম অথচ স্বৰ্গীয় কোণত অৱস্থিত সৰু চহৰ ‘মেঘগড়’। চাৰিওফালে অভ্ৰভেদী পৰ্বতমালা, শিখৰবোৰে অহৰহ আকাশৰ সৈতে কথা পাতিছে। পাহাৰৰ বুকু ফালি কুল্-কুল্ বৈ গৈছে প্ৰাচীন দিহিংগিয়া নৈখন। নদীৰে বৈ অহা স্ফটিকৰ দৰে পানীয়ে কঢ়িয়াই আনিছে সুদূৰ হিমবাহৰ শীতলতা আৰু অৰণ্যৰ সুবাস। পাহাৰৰ শিখৰত অৱস্থিত দেৱতা গিৰিশ্বৰৰ প্ৰাচীন শিলৰ মন্দিৰটো। মন্দিৰৰ প্ৰধান পুৰোহিত দেৱেশ্বৰ ভট্টাচাৰ্য – এজন ধৰ্মপ্ৰাণ

Read more

মৰমৰ সোণ-পূৰ্ণিমা শইকীয়া গগৈ

মৰমৰ            সোণ,                     তহঁতৰ মঙ্গল কামনা কৰিলোঁ। ভগৱানৰ ওচৰত পুৱা গধূলি প্ৰাৰ্থনা কৰোঁ ভগৱানে তহঁতক ভালে ৰাখক। কথাখিনি ক’বলৈ বহু দিনৰ পৰাই চেষ্টা কৰি আছিলোঁ। দৈনিক তোৰপৰা ফোনটো ঠিকেই আহে। আমাৰ খা-খবৰ কৰ। দেউতাৰে সময় মতে প্ৰেচাৰ, চুগাৰৰ দৰৱ খাইছে নে নাই সোধ। কিন্তু মোৰ কিবা ক’বলৈ আছে নেকি সেই কথা সুধিবলৈ বা মোৰ কথা শুনিবলৈ সময়ৰ অভাৱ। সেয়ে মোৰ ক’বলগীয়া খিনি প্ৰতিদিনেই লিখি ৰাখোঁ। দৈনিক সময় মতে সকলো ঔষধ খোৱাৰ পিছতো দেউতাৰৰ শৰীৰটো যথেষ্ট দুৰ্বল। যোৱা সপ্তাহত গাটো বেছিকৈয়ে বেয়া

Read more

জাপানী গ্ৰন্থ ‘ইকিগাই’ আৰু জীৱনৰ অৰ্থ-মৌচুমী হাজৰিকা

জাপানৰ অতি জনপ্ৰিয় গ্ৰন্থ ‘ইকিগাই’য়ে সমগ্ৰ বিশ্বৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে। “ইকিগাই” শব্দটো জাপানী ভাষাৰপৰা আহিছে, যাৰ অৰ্থ হৈছে “জীয়াই থকাৰ কাৰণ” বা “জীৱনৰ উদ্দেশ্য”। এই গ্ৰন্থত জীৱনক সুখী, সুস্থ আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ মূল ধাৰণা হ’ল—প্ৰতিজন মানুহৰ জীৱনত এক বিশেষ উদ্দেশ্য থাকে। যেতিয়া মানুহে নিজৰ ভালপোৱা কাম, নিজৰ দক্ষতা, সমাজৰ প্ৰয়োজন আৰু জীৱিকাৰ উৎসৰ মাজত সমন্বয় ঘটাব পাৰে, তেতিয়াই তেওঁ নিজৰ ইকিগাই বিচাৰি পায়। এই ইকিগাইয়ে মানুহক প্ৰতিদিনে নতুন উদ্যমেৰে আগবাঢ়িবলৈ প্ৰেৰণা

Read more

মহাজন-হৰিচন্দ্ৰ ডেকা

: খুখ্না কা দেখোন! চুঁচি-মাজি কেনিনো যোৱা? বোৱাৰীৰ মৰমে চাগৈ চহৰৰ পৰা হাত বাউল দি মাতিছে? : এৰা অ’ বাপধন ! পিছে বোৱাৰীৰ মৰমত বুলিয়ে কৱ নে নাতিৰে মোহ নাজানো, সিহঁতৰ আকৌ বাৰীৰ শাক পাচলি অথবা পুখুৰীৰ মাছ নহ’লে পেটেই নভৰে। দেখিছই নহয়, চিকনে সময় নাপাই বুলিহে, বাপধনে অকলে কিমান কৰিব?হওঁতে পাচলিৰ ফাৰ্মখনত গাঁৱৰে কিমানজন বেকাৰ ল’ৰাই কাম কৰি আছে, এয়া গাঁওখনৰে কাৰণে মঙ্গলৰ কথা নহয়নে বাপধন? তাতেই আজি মৈমনচিঙিয়া জালোৱা মাতি ফিচাৰীৰ পৈণত মাছবোৰ বিক্ৰী কৰি দিলে৷ বোলো এই

Read more

উৎকণ্ঠা-মানসী শৰ্মা

এফালে বিবেকৰ লগত যুঁজ আনফালে পেটৰ তাড়না। ‎‎এই যন্ত্ৰণাৰ ভৰ সহ্য কৰাতো যে বৰ কঠিন। ‎‎এইবাৰ বেজিনী বুঢ়ীৰ দৰবেও কাম নিদিলে ‎‎কোনোবাই দেখে বুলি ইফালে-সিফালে চাই তাই ‎ৰিপৰ্টৰ বাবে অপেক্ষা কৰি ৰ’ল। ‎ ‎*******

Read more

মই তোৰ জুবিনে কৈছোঁ গৰিমা-আস্মা ইয়াছমিন। (ৰাণী) 

‘মাজ ৰাতি মোৰ কাষত কোনেনো কান্দে? কাৰ উচুপনিয়ে নিশাৰ নীৰৱতা ভেদি মোৰ বুকু ভাঙে…!’ তই নাকান্দিবি গৰিমা,  একবিংশ শতিকাৰ মই আটাইতকৈ সাহসী, শক্তিশালী ৰজা,  বলবান যোদ্ধা,  টকাৰে নহয় কামেৰে।  গৰ্ব, অহংকাৰেৰে নহয়, মমতাৰে।  তথাপিও তই জান  যেতিয়া তোৰ চকুত চকুলো দেখোঁ পৃথিৱীৰ আটাইতকৈ দুৰ্বল পুৰুষজন মই হৈ পৰোঁ অ’ গৰিমা…!  ৰাতি যেতিয়া তই মোৰ সমাধিত ৰৈ  কান্দি কান্দি হাতযোৰ কৰি আছিলি,  মই তোৰ কাষে কাষে আছিলোঁ।  তোক এবাৰ চুই চাবলৈ,  সাবটি ধৰি চকুহাল মচি দিবলৈ,  কিমান যে চেষ্টা কৰিলোঁ মই 

Read more

দ্বিতীয় বিশ্বযুদ্ধৰ ঐতিহাসিক ষ্টিলৱেল ৰোড আৰু বৰ্ণ বৈষম্যৰ বিদ্ৰোহী নায়ক হাৰ্মান পেৰী-জয়ন্ত গগৈ

অসমৰ মাৰ্ঘেৰিটাৰ ইতিহাসত ১৮৮৪ চনটো এটা সোণালী বছৰ। ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত এই কয়লাক্ষেত্ৰখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আৰু এই উপলক্ষে ডিব্ৰুগড়ৰপৰা এখন বিশেষ ৰে’ল লিডুৰ কলিয়াৰীলৈ প্ৰেৰণ কৰা হয়। ৰেলখনে আদিম অৰণ্যৰ মাজমজিয়াত ডুব গ’ল আৰু সেই দিনটোতে অসমৰ কয়লা চহৰখনক ইটালীৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জিওভানাক সন্মান জনাই মাৰ্ঘেৰিটা নামেৰে নামাকৰণ কৰা হয়। এই কয়লা খনিৰ নগৰতে ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সম্বলিত ঐতিহাসিক চিহ্নৰ প্ৰতীক হিচাপে কয়লা সংগ্ৰহালয় (Coal Heritage Park & Museum) হৈছে উত্তৰ-পূব ভাৰতৰ কয়লা খননৰ ইতিহাস

Read more
1 2 3 4 81