হৈমন্তিক_বিষাদ-শিখা গোস্বামী মহন্ত

“হেমন্ত বৰ বিষাদৰ ঋতু৷ মই মানি ল’ম যদি ই মোক কন্দুৱাই” ঠিক এই সময়খিনিৰপৰাই হাতত সাৰে-ভৰিত সাৰে কথাবোৰ,সময়বোৰ মোৰ পৰা পলায় মোৰ বুকুত দুটি স্থলপদ্ম নাভিমূলত আৰু অগণন নাভিৰ এখন আকাশ আৰু মোতেই এক অৰণ্যৰ সাম্ভাব্য সেউজ… আমন্ত্ৰণে মোক অহংকাৰী কৰিব নোৱাৰাকৈ মই অবোধ অপেক্ষা থকা হ’লে যন্ত্ৰণাৰ যান্ত্ৰিক বেলিক থুকুচিব পৰাকৈ… হেমন্তৰ হেঙুলীয়া বেলিৰ স’তে যুঁজো মই **********

Read more

স্বৰ্ণ-মৃগ-চন্দামিতা শৰ্মা

জোন-তৰাৰ শ্যামবছা আকাশ। গলা ৰূপ হৈ পৃথিৱী বুৰাই পেলোৱা জোনাক৷ কোনোবা প্ৰখ্যাত চিত্ৰকৰে অঁকা এখন যেন নিখুঁত চিত্ৰ–য’ত জোনাকত ওপঙি আছে গোদাবৰী নৈ, পঞ্চৱটীৰ  সুশোভিত সৌন্দৰ্য৷ পূৰ্ণ চন্দ্ৰটো গোদাবৰীৰ পানীত এখন ৰূপৰ কাঁহীৰ দৰে  জিলিকি আছে। নৈৰ পানীত জিলিকি উঠা উজ্জ্বল জোনটো একুৰা জুই হৈ বিয়পি গৈছে কিন্তু এই জুই শান্ত, সমাহিত, শীতল, চকুক বিমুগ্ধ কৰিব পৰা৷ একো একোটা তৰাই সোণালী মুকুতাৰ ৰূপ লৈ নৈখনত সাঁতোৰ মেলিছে যেন জলকেলি  কৰি থকা কোনোবা অপ্সৰাৰ জাক৷ গলা ৰূপ হৈ পৃথিৱীক বুৰাই  পেলোৱাৰ

Read more

বৰষা_যেতিয়া_নামে-সমুজ্জ্বল কাশ্যপ

দুপৰীয়া ডেৰমান বাজিছে। বাহিৰত প্ৰখৰ ৰ’দ। আনদিনাৰ দৰে আজিও সি অফিচৰ পৰা দৌৰাদৌৰিকৈ ওলাই আহিল৷ উদ্দেশ্য, স্মিতাক লগ কৰা। : ছেঃ আজিও দেৰি হ’ল। পাঁচ মিনিটৰ বাট যদিও এইটো সময়ত যান-জঁটৰ বাবে পঁচিছ মিনিটমান লাগে। তাই প্ৰায়েই ৰৈ থাকিবলগীয়া হয়। কিবা এটা খোৱাৰ অজুহাত লৈ দুয়ো স্মিতাৰ অফিচৰ সম্মুখৰ ৰেষ্টোৰাখনত একেলগে অলপ সময় বহে। স্মিতাৰ মানসিক অৱস্থাটোৰ কথা ভাবি অন্যমনষ্ক হৈ থকা সিদ্ধাৰ্থৰ কাষেৰে কাৰ এখন সাউৎকৈ পাৰহৈ ঠিক তাৰ আগতে ৰৈ গ’ল। যেনে তেনে ব্ৰেকডাল টানিহে সি খুন্দা নলগাকৈ

Read more

দাশুৰ কীৰ্তি,মূল লেখক -সুকুমাৰ ৰায়,অনুবাদ-উপাসা ভাগৱতী

নবিচান্দে স্কুললৈ আহি ক’লে, কালি তাক  হেনো ডকাইতে ধৰিছিল। শুনিয়েই স্কুলৰ সকলোৱেই হা হা কৰি দৌৰি আহিল। ‘ডকাইতে ধৰিছিল। কি কৈছ অ?’ ডকাইত নহয়নো কি? আবেলি সময়ত সি জ্যোতিলালৰ ঘৰলৈ পঢ়িবলৈ গৈছিল, তাৰপৰা ঘূৰি অহাৰ সময়ত ডকাইতে তাক ধৰি তাৰ মূৰত এচাট মাৰিলে, তাৰ নতুন মৰমৰ কাপোৰযোৰত  বোকা পানীৰ ফিচকাৰি মাৰি গ’ল । আৰু যাবৰ সময়ত কৈ গ’ল  মনে মনে থিয় হৈ থাক, নহ’লে ধাৰাম কৰি মূৰটো উৰাই দিম । সেইবাবে সি ভয়ত কম্পিত হৈ ৰাস্তাৰ কাষত প্ৰায় বিশ মিনিট

Read more
1 72 73 74