দুটা অণুগল্প- দেৱজিত শৰ্মা

 (১) মা                               “মা,মোৰ আজি প্ৰমোচন হ’ল৷”  কোঠাটোলৈ সোমাই আহি সি মাকলৈ চাই ক’লে,  “তুমি সদায়েই কৈছিলা নহয়, কষ্ট কৰিলে ভাল ফল পোৱা যায় বুলি৷ তুমি সুখীনে মা?” বহু কষ্ট কৰি সি এই পদোন্নতি লাভ কৰিছে৷ আন কাৰোবাক কোৱাৰ আগতেই  মাককে সি প্ৰথম খবৰটো দিলে৷  যদিও সি জানে, মাকে কাহানিও একো উত্তৰ নিদিয়ে৷ দিবনো কেনেকৈ, ফটোৱে জানো কাহানিবা উত্তৰ দিব পাৰে! ২)বোজা  “বোৱাৰী মোৰ কাণত লগোৱা মেছিনটো

Read more

সংখ্যাটোৰ আঁৰৰ কথা-অৰবিন্দ গোস্বামী

নয়নমনি হালৈৰ সম্পাদনাত ‘শব্দচিত্ৰ ই-আলোচনী’ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো প্ৰকাশ পোৱাৰ পিছতে এই সংখ্যাৰ সম্পাদক কোন হ’ব—বিষয়টো পেনেলত আলোচনা হৈছিল।দুই এজনে তেতিয়া মোৰ নামটো প্ৰস্তাৱ কৰিছিল যদিও সেই সময়ত মই চকু মুদা কুলিৰ ভাও ধৰিলো।কাৰণ মাৰ্চ মাহৰ শেষত আছিল স্কুলৰ বছৰেকীয়া পৰীক্ষা।গতিকে ‘এইবাৰলৈ আন কোনোবাই দায়িত্ব লওক’ ভাৱ এটা লৈ মনে মনে থাকিলো।ফেব্ৰুৱাৰীৰ শেষলৈ কথাটো পুণৰ চৰ্চালৈ আহিল আৰু আলোচনা অনুসৰি ময়েই দায়িত্বভাৰ ল’বলৈ সন্মত হ’লো।ইতিমধ্যে পৰীক্ষাৰ ৰুটিনো দিছিল আৰু মই হিচাপ-নিকাচ মিলাই ১৫-১৬ দিনমান কাম কৰিবলৈ সুবিধা পাম বুলি

Read more

আব্ৰাহাম লিংকনৰ বিশেষ চিঠিখন-পলাক্ষী লস্কৰ

শিক্ষা দুটা আখৰৰ এটি সৰু শব্দ, কিন্তু ইয়াৰ অৰ্থ ব্যাপক। ইয়াতেই নিহিত হৈ আছে জীৱশ্ৰেষ্ঠ মানুহৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু প্ৰগতি। মানুহে সমাজ পাতি বসবাস কৰিবলৈ শিকাৰপৰাই শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰিবলৈ ধৰিলে। শিক্ষাৰ জয়যাত্ৰাৰ বাবে “শিক্ষানুষ্ঠান” বা বিভিন্ন “টোল” আদিৰ গঠন হ’ল। শিক্ষালাভৰদ্বাৰা শিক্ষাৰ্থী সকলৰ মন, বুদ্ধি , হৃদয়, আৰু শৰীৰৰ বিকাশ ঘটিলেহে পূৰ্ণ মানৱৰূপে স্বীকৃত হয়। স্বামী বিবেকানন্দই কৈছিল….  “শিশুৰ ভিতৰৰ গুণৰাজিক প্ৰকাশৰ বাট দেখুৱাই দিয়াটোৱেই শিক্ষাৰ উদ্দেশ্য হোৱা উচিত।” মানৱ শিশুৰ মাজতেই এজন সুস্থ নাগৰিকৰ গুণসমূহ লুকাই থাকে। এই

Read more

গ্ৰন্থ:১৯৬২,লেখক: মৃণাল তালুকদাৰ-মামণি কলিতা

মৃণাল তালুকদাৰৰ ‘১৯৬২’ পঢ়িলোঁ। এক ভ্ৰমণ কাহিনীৰ আলমত লিখিছে। বিগত ৫০ বছৰে সকলোৰে অলক্ষিতে লুকাই থকা এক অলিখিত বুৰঞ্জী। দেশ,প্ৰদেশ,গাঁও আগেয়ে নাম নুশুনা অজস্ৰ এলেকাৰ কাহিনী। নতুন নতুন ঘটনাৰ মোৰ। অনন্য বৰ্ণনা আৰু উপস্থাপনে পাঠকক টানি লৈ যায় সেই দুঃসময়লৈ। যি সময়ৰ বুৰঞ্জী আজিও মানুহে নাজানে সঁচা কি। এখন যুদ্ধ। নাম ভাৰত-চীন যুদ্ধ। সৰুৰেপৰা শিকোৱা হৈছে সেয়া চীনৰ আক্ৰমণ বুলি। কিন্তু সেয়া কিমানদূৰ সত্য বাৰু? ব’মডিলা পাৰ হৈ আহিও চীনা সৈন্য কিয় ঘূৰি গ’ল? দৰাচলতে কাৰ আৰু কিহৰ কাৰণে হৈছিল

Read more

সম্পাদকীয়

  পুৱাৰ সূৰুয যেনেদৰে পূব আকাশত উদিত হয়, একেদৰে নিৰ্দিষ্ট সময় হ’লে ই পশ্চিম আকাশত মাৰ যায়। এয়া সময় অথবা কালচক্ৰৰ অমোঘ বিধান। একেদৰে মানৱ জীৱন জন্মৰে আৰম্ভ হয় আৰু ইয়াৰ মৃত্যুত সমাপ্তি ঘটে। আজিৰেপৰা কুৰি বৰ্ষৰ আগলৈকে বাৰ্ধক্য কোনোধৰণে সংশয়ৰ কাৰণ নাছিল। এনে নহয় যে তেতিয়া ৰোগ-ব্যাধিবোৰ নাছিল। ৰোগ-ব্যাধি মানুহৰ তেতিয়াও আছিল, আজিও আছে আৰু আগলৈও থাকিব। পাৰ্থক্য ইমানেই যে আজিৰ দিনৰ ৰোগ-ব্যাধিবোৰৰ স্বৰূপ বহু পৰিমাণে সলনি হ’ল। আজিৰ দিনত বাৰ্ধক্য মানেই যেন ৰোগ হ’বই। আশী আৰু নব্বৈৰ দশক

Read more

পিতৃঋণ,মূল লিখক :অজ্ঞাত,অনুবাদ-সুস্মিতা দাস

নিজে প্রতিষ্ঠিত হোৱা পিছত এজন ল’ৰাই নিজৰ প্রথম মাহৰ দৰমহা আনি দেউতাকৰ হাতত দিলে। টকা খিনি দিয়া সময়ত দেউতাকক ক’লে –   : দেউতা তুমি এদিন কৈছিলা পিতৃঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। কিন্তু জানা দেউতা, যোৱা ছাবিশ বছৰে তুমি যিমান টকা মোৰ নামত খৰচ কৰিছা সেই আটাইবিলাক টকা ম‌ই মাত্ৰ তিনি বছৰত তোমাক ঘূৰাই দিব পাৰিম। দেউতাই তেতিয়া মিচিকিয়া হাঁহি এটা মাৰি কলে,  : এটা গল্প শুনিবিনে? ল’ৰাজন অলপ অপ্রস্তুত হোৱা যেন লাগিল। তলমুৱাকৈ ক’লে –  : কোৱা দেউতা,শুনিম…… : তোৰ

Read more

দিনলিপিত এটুকুৰা বাস্তৱ-পল্লৱী কৌশিক শৰ্মা

হস্পিটেলৰ পৰা ওলাই আহি খৰধৰকৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলোঁ মই । সম্প্ৰতি মোৰ মন আৰু মগজুৰ সমস্ত চিন্তাশক্তি হিম’গ্লবিনৰ অভাৱত শেঁতা পৰা এখন মুখ আৰু গাঁতত পোত খোৱা অনুজ্জ্বল চকু এযুৰিয়েহে অধিকাৰ কৰি লৈছে। উশাহটো যেন কিহবাই চেপি ধৰিছে মোৰ ! হাতৰ ঘড়ীটোত ঘণ্টাৰ কাটাডাল দুইৰ ঘৰত লাগিবলৈ এতিয়াও সম্পূৰ্ণ এঘণ্টা বাকী। মানে,পৰীৰো স্কুল ছুটীৰ সময় হোৱা নাই। অঙ্গীম কলেজৰপৰা বাহিৰে বাহিৰে হস্পিটেললৈকে যোৱাৰ কথা। এবাৰ দুয়োকে লগ কৰি যাব পৰা হ’লেও ! পিচে , অফিচলৈ গৈ হেড এচিষ্টেণ্টৰপৰা

Read more

স্বাস্থ্য আৰু চাইকেল-হৰগোবিন্দ দাস

এনে এটা সময় আছিল- যিসময়ত পৰিয়াল এটাত এখন চাইকেল থকাটো পৰিয়ালটিৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছিল ৷কিন্তু অতি সাম্প্ৰতিক কালত দিনে দিনে , ক্ষণে ক্ষণে চাইকেলৰ গুৰুত্ব যেন বহু পৰিমাণে হ্ৰাস পাইছে। ১৮১৭ খ্ৰীষ্টাব্দত জাৰ্মান বিজ্ঞানী  বেৰণ কালভনৰ চাইকেলৰ প্ৰথম নমুনাক সম্বল কৰি ভিন্নজনৰ নিৰলস সাধনাৰ ফলত অনেক ৰূপান্তৰৰ মাজেৰে চাইকেলে যাতায়াত ব্যৱস্থাত এক বিৰল কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বৰ্তমান সময়ত চাইকেলৰ গুৰুত্ব,জনপ্ৰিয়তা অভূতপূৰ্বভাৱে কমি অহা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি চাইকেলৰ বিকল্পস্বৰূপে বিভিন্ন মডেলৰ বাইক, স্কুটি, সৰু

Read more

প্ৰয়োজন- ৰঞ্জিত কুমাৰ শৰ্মা

নিজৰ গাড়ীখনৰ চালকৰ আসনৰ কাষৰ দুৱাৰখন খুলিবলৈ লওঁতেই স্থানীয় মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপক ড° প্ৰমোদ দত্তই হলিৰামক দেখিলে৷ দত্তই হলিৰামক তেওঁৰ পিনেই আহি থকা দেখি দুৱাৰখন নোখোলাকৈয়ে থিয় হৈ ৰ’ল৷ গাড়ীখন দেখিয়েই হলিৰাম আগবাঢ়ি আহিছিল৷ প্ৰমোদ দত্তই তিনিমাহমান আগতে কিনিছিল গাড়ীখন৷ বগা ৰঙৰ গাড়ীখন হলিৰামৰ চিনাকি৷ দত্তই গাড়ীখনৰ নামটোও তাক কৈছিল৷ ইনুভা নে কি তেনেকুৱা কিবা এটা নাম! হলিৰামৰ তেনেকৈয়ে মনত আছে৷ হলিৰামে দিন হাজিৰা কৰে৷ তাৰ পৰিবাৰে ইঘৰ-সিঘৰত কাম কৰে৷ মাজে-সময়ে হলিৰামে অধ্যাপক দত্তৰ ঘৰতো ইটো-সিটো কৰি দিয়ে৷ প্ৰমোদ

Read more

অপেক্ষাৰ অন্তত-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

পুৱতিৰ ফেহুঁজালি আঁতৰাই  ৰাঙলী বেলিটিয়ে ভুমুকি মাৰে, বিগত দিনৰ অৱসাদ পাহৰায় লাহে লাহে আগবাঢ়ি আহে, নতুন উদ্যম লৈ নতুন প্ৰভাতক  আদৰি ল’বলৈ ……………..। পুৱতিৰ লগতে শোৱাপাটী এৰি  দিনটোৰ লগতে মিলি যাওঁ দিনৰ শেষত মাথো ক্লান্ত দেহ মনেৰেই  তোমাৰ আগমনৰ বাট চাওঁ………..। নিয়ৰে ঢকা শুভ্ৰ শেৱালিৰ দলিচাত  জোনাকৰে নিশা তোমাৰ কাষত বহি  চাই ৰওঁ পূৰ্ণিমাৰ জোনটোলৈ….. কিমান শান্ত, কিমান কোমল….. জোনৰ পোহৰত দেখা পোৱা  তোমাৰ মুখখনলৈ মই চাই থাকোঁ , এক বুজাব নোৱাৰা শিহৰণ বৈ যায়…  মোৰ দেহৰ প্ৰতি শিৰা উপশিৰাই।

Read more
1 70 71 72 73 74 81