সোঁৱৰণ- দেৱজিত শৰ্মা
আবেলিৰ ষ্টপে’জ এটাত ৰৈ ৰৈ ভাগৰি পৰি, কেতিয়াবা আশাহত হৈছে নে আপুনি? এই যে পাকচক্ৰৰ দৰে ঘূৰি ঘূৰি সময়বোৰ! বালিৰ দৰে হাতৰ ফাঁকেৰে সৰি পৰে৷ কোনোবা বছৰৰ কোনোবা দিন এটাত বুকুলৈ নদী এখন বৈ আহিছিল, আৰু আপুনি সুঁতি হৈছিল৷ এৰাতি উজাগৰে থাকি আপুনি নক্ষত্ৰৰ লগত কথা পাতিছিল, শিতানত পৰি আছিল আকাশ এখন৷ উচুপনিবোৰত ৰামধেনু আঁকিছিল প্ৰত্যাশাৰ, আৰু বিদায়ত নাছিল পুনৰ লগ নোপোৱাৰ সম্ভাৱনা৷ তেনে এখন আকাশৰ প্ৰাৰ্থনাত গণি শেষ কৰে নে নিদ্ৰাহীন তমসা ৰাতি৷ এই যে যাওঁ বুলিয়েই অচিনাকি হয়
Read more