মৃত্যু এক আৰম্ভণি-শিবেশ দে                      

এয়া যৌৱন যাৰ সমদলত যোৱা শ্ৰেষ্ঠ সময়।  এয়া যৌৱন যাৰ যুদ্ধত যোৱা শ্ৰেষ্ঠ সময়।  ঋতু আহে ঋতু যায়  ক্লান্ত পখী ঘৰলৈ উৰা মাৰে  সূৰ্য্য ডুবা আকাশত জোনটি ভাহে  পোহৰৰ চাকি জ্বলে  সেই চহৰত বৰ্ষা  নামে  প্ৰতিটো টোপালে টোপালে   মোৰ তেজ গোট মাৰে ।  মই  কাহানিও দেখা নাই বৰ্ষাসিক্ত খেতি পথাৰ  দেখা নাই পথাৰৰ মাজত  পৰি থকা ধৰ্ষিতা  দেখা নাই তাৰ অসহায়  পিতৃৰ বৃষ্টিত ভিজা মুখ  মই কাহানিও দেখা নাই বৰ্ষাকালীন সন্ধিয়া  কোনো বেশ্যাৰ দুখ, বৰ্ষাসিক্ত চহৰখন আজি ৰক্তৰঞ্জিত  লাঞ্ছিত বঞ্চিত

Read more

অহঙ্কাৰ-হৰিচন্দ্ৰ ডেকা

“বোৱাৰী ! ক’ত আছা ? তৎক্ষণাত এইফালে আহা।” “কওকচোন মা।” শাহুৱেকৰ কৰ্কশ মাতত পাকঘৰৰ পৰা উধাতু খাই লৱৰি আহিল বিস্মিতা ৷ “এই ফুলৰ টাবকেইটা কোনে ইয়াত থ’লে?” “মই সজাই থ’লোঁ মা; এতিয়া চাওকচোন কিমান ধুনীয়া লাগিছে৷” “তোমাৰ ধুনীয়া লাগিলে নহ’ব নহয়, ময়ো ভাল পাব লাগিব৷ এইখন কাৰ ঘৰ জানানে?” “আমাৰ ঘৰ মা।” সাধাৰণতে অতি অমায়িক বুলি সকলোৱে প্ৰশংসা কৰা বিস্মিতাই চকু দুটা ডাঙৰকৈ মেলি শাহুৱেকৰ ফালে চাই ক’লে ৷ “নহয়, এইখন মোৰ ঘৰ; গতিকে ইয়াত সকলো কাম মোৰ মতে হ’ব

Read more

এনাজৰী-কমলা দাস

নিৰজা দেৱীয়ে গৰম টাৱাখনত ৰুটিখন দুই ফালে লুটিয়াই সেকি লৈ চেপেনা ডালেৰে চেপি ধৰি টাৱাখনৰ পৰা উঠাই গেছৰ চুলাটোৰ ওপৰত লাহেকৈ পেলাই দি ধৰি থাকিল। আধা সেকা শুকান ৰুটিখনে জুইৰ তাপ পাই ফুটবলটোৰ দৰে ফুলি উঠিলত জুইৰ পৰা উঠাই আনিলে। তেওঁৰ ভাগৰ ৰুটি দুখন তেনেদৰে বনাই হটকেচটোত সাঁফৰ মাৰি থলে। শুকান ৰুটি হটকেচত গৰমে গৰমে তেনেদৰে কিছু সময় ভৰাই থলে কোমল হয়। ৰুটি দুখন বনাই থৈ তেওঁ পাকঘৰৰপৰা ওলাই আহিল। ৰাতিৰ আহাৰ খোৱা সময়ত সকলোৰে লগত একেলগে খাব।  বোৱাৰীয়েকে ভাত

Read more

তৃষ্ণা,লেখক :: কা টা চিক্কান্না (Ka Ta Chikkanna),অনুবাদ-ৰঞ্জনা দত্ত

“মই তোক কেতিয়াবাৰ পৰাই মাতি আছোঁ । তই লৰচৰেই কৰা নাই দেখোন? সোনকালে আহি মোক দাইলবোৰ বাছি দেহিচোন। তেতিয়াহে চম্বৰ দাইলখন অলপ ডাঠ হ’ব।” তাই বোধহয় এতিয়ালৈকে তাক এইবাৰৰ সৈতে দহ বাৰ মান মাতিলে । কিন্তু জাভাৰাই কোনো উত্তৰ নিদিয়াকৈ নিজৰ কাম কৰাতে মগ্ন । তাৰ কামটো হ’ল—খেৰী ঘৰৰ কোঠালীটোৰ একেবাৰে কোণত বহি, বুকুখনে সমুখত মজিয়াখন চুই যোৱাকৈ হাউলি, কোঁচৰ ওপৰত কিতাপখন লৈ, কেৰাচিনৰ লেমৰ ক্ষীণ পোহৰত শেঙুণেৰে বন্ধ নাকেৰে জোৰেৰে উশাহ লৈ কিতাপখনত থকাৰ দৰে লিখিবলৈ কৰা চেষ্টা ।

Read more

সুখৰ বন্যা-ৰাস্না বৰা

আজি অনিমা আৰু জিতেনৰ কন্যা গিতাশ্ৰীৰ বিয়া । সুন্দৰ পেণ্ডেল, মাছে-মঙহে এসাঁজ সুন্দৰ ভাত ,মিঠাই আদিৰে অতিথি আপ্যায়নত ব্যস্ত দুয়ো পিতৃ-মাতৃ। বেণ্ডপাৰ্টীৰ সুন্দৰ সুন্দৰ গীতৰ তালে তালে ছোৱালীহঁতে হেঁপাহ পলুৱাই নাচি-বাগি ফুৰ্তি কৰিছে।দৰাঘৰৰপৰা দিয়া পাতল বেঙুনীয়া পাটৰ সাজজোৰ, আ-অলংকাৰেৰে জীয়েকক আজি পৰীতকৈও ধুনীয়া দেখিছে অনিমাই।নিজৰ মাকৰেই যেন নজৰ লাগিব। সাউতকৈ অনিমাই মাজৰ আঙুলিত কাজল অকণ লৈ কোনেও নেদেখাকৈ জীয়েকৰ কাণৰ কাষত অকণমানকৈ ফোঁট এটা দিলে । আজি তাইৰ অতীতৰ বহুত কথাই মনৰ মাজত অগা-ডেৱা কৰিছে। ছোৱালীজনীৰ জন্মৰ পিছৰপৰাই প্ৰতি বছৰে

Read more

অবিনাশী প্ৰেম-কুমকুম দেৱী শৰ্মাবৰুৱা

“প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল।”                            -ৰসৰাজ বেজবৰুৱা।     বতৰটো বৰ ঠাণ্ডা।এনেয়েও মাঘৰ ঠাণ্ডা যোৱাই নাই,তাতে আকৌ চিপচিপীয়া বৰষুণ।আজি বাগ্ দেৱী বীণাপাণি সৰস্বতী দেৱীৰ পূজা।সৰুৰপৰা ডাঙৰলৈ ছোৱালীবিলাক সাজি-কাচি বিদ্যালয়লৈ যোৱা দৃশ্যটো বৰ মনোৰম।কিমান দিনৰ পৰা যে জল্পনা-কল্পনা কৰে কোনে কি পিন্ধিব।চুলি মেলি পুষ্পাঞ্জলি দিব।পুৰোহিতৰ লগে লগে উচ্চাৰণ কৰে পুষ্পাঞ্জলিৰ মন্ত্ৰ। ” ওম সৰস্বত্যৈ নম: নিত্যং ভদ্ৰকালৈ নমো নম:। বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানেভ্য এবচ: এশ পুষ্পাঞ্জলি ওম সৰস্বত্যৈ দেব্যৈ নম:।”  তাৰ পিছত ওচৰৰ স্কুল-কলেজতো এপাক মাৰি নিজৰখনত খাবলৈ অহা হয়।কেতিয়াবা লগৰ ছোৱালীৰ

Read more

সৰাপাতৰ সখী-ৰঞ্জিত কুমাৰ শৰ্মা 

মোৰ দৃষ্টিদূৰত্বৰ ব্যাসাৰ্ধত থকা জলফাইজোপাৰ তললৈ ফাগুণৰ পচোৱাই তাইক লৈ আহে৷ তাইৰ আপোন আপোন লাগে ফাগুনৰ সৰাপাত— পথিকৰ গচকত পৰা সম্পৰ্ক ত্যাগী বান্ধোন ছিগি সৰা৷ তাইৰ বাৰু নামটো কি জানকী নে সীতা? কেতিয়াবা গুণগুণায় কেতিয়াবা উচুপে মাতটো যে ইমান মিঠা! তাই যেন সৰাপাতৰ সখী আলফুলে তুলি লয় সৰাপাত— সেউজীয়াখিনি বিলাই পতিত হোৱা যদিওবা ৰং সনা ৰঙা-সেন্দূৰীয়া৷ তায়ো বাৰু ত্যাগ কৰিছে নেকি সেউজীয়া বনবাসত নাইবা স্বৰ্ণলংকাত? নহ’লেনো ইমান আপোন কিয় সৰাপাত— ৰঙীন অথচ বিচ্ছিন্ন বৰ্ণিল অথচ অনাদৃত! তাইৰ সেওঁতাত সমাজক দেখুওৱা

Read more

তেজীমলাৰ সৈতে অলপ বাঙ্ময় সময়-জ্যোতিমণি দেৱী

 (১) অলপ স্বগতোক্তিৰে—হাতো নেমেলিবি ফুলো নিচিঙিবি ক’ৰে বাটৰুৱা তইঃ গোটেই ৰাস্তাটোৱেই ভীৰ, বহুত ভীৰ৷ ভীৰ ঠেলি ঠেলি এক যান্ত্ৰিক অৱয়ব গোটেই শ্ৰী-চেহেৰাত সানি গৈ থাকোঁ। গোলকীকৰণৰ বাবে আজিকালি একো বস্তুৰেই অভাৱ নোহোৱাকৈ দোকানেই দোকান , যেন নানান বৰণৰ সমাহাৰেৰে সজা একো একোখন দলিচাহে আৰি থোৱা থাকে সমস্ত পথৰ দাঁতিত ৷ পথৰ দাঁতিয়ে দাঁতিয়ে বহা পাচলি বেপাৰীবোৰে আকৌ ৰাস্তাৰ কাষবোৰ একৰকম নানাৰঙী পাচলিৰে উদ্যানহেনকৈ  ফুল ফুলাই থয় ৷ মোৰ কৰ্মথলীৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰমান দূৰৈৰপৰাই আৰম্ভ হয় এই পাচলি বজাৰখন৷ বজাৰখনৰ

Read more

নৈপৰীয়া বতাহজাকৰ দৰে-পলাশ কুমাৰ নাথ

নৈপৰীয়া বতাহজাকৰ দৰে বাদুলি এজাকৰ সৈতে  তামোল গছৰ পাতেদি  গাঁৱলীয়া সপোনবোৰ অহা যোৱা কৰে………। কলৰ পাতবোৰে আনন্দত গা লৰাই নাচিছে। চকু টিপিয়াই উৰি গ’ল  জোনাকী পৰুৱাজাক টোকোৰা চৰাইৰ বাহলৈ…. আঁৰলে-নিৰলে কয় বাৰীৰ থেকেৰা পকিছে……  তৰাবোৰে মিচিকিয়াই হাঁহে……… টোকোৰাই গেৰিয়ায় বেলিফুল ফুলিছে তহঁতৰ ঘৰৰ মূধচত  জোনে এঙামুৰি দিছে……।

Read more

গলগ্ৰহ-গীতামণি দত্ত

জীৱনটো সুন্দৰভাৱে চলাই নিবলৈ কিমান টকা পইচাৰ প্ৰয়োজন হয়, হয়তো ইয়াৰ হিচাপ কোনেও উলিয়াব নোৱাৰে অথচ জীৱনত এই কথা কোনোদিন ভাবিও চোৱা নহয়।অসৎ উপায় অৱলম্বন কৰি হ’লেও টকা পইচা,সা-সম্পত্তি গোটাব লাগে—এয়াই এচাম মানুহৰ ধাৰণা। চলিহাই আজি অকলশৰে ঘৰৰ বাৰান্দাত বহি তাকে ভাবি আছে।তেওঁ চাকৰিকালত কেৱল ধন ঘটাতে ব্যস্ত থাকিল।ন্যায় অন্যায় ভাবিবলৈ তেওঁৰ অলপো আজৰি নাছিল। সোঁৱে-বাঁৱে কেৱল ধন ঘটিব লাগে তাকেইহে জানিছিল।আজি তেওঁ মৰ্মে মৰ্মে উপলদ্ধি কৰিছে যে এই বিশাল অট্টলিকাটো তেওঁ কাৰ কাৰণে বনালে।ল’ৰা ছোৱালীৰ কাৰণে নে ,নাতি পুতিৰ

Read more
1 68 69 70 71 72 81