মৃত্যু এক আৰম্ভণি-শিবেশ দে
এয়া যৌৱন যাৰ সমদলত যোৱা শ্ৰেষ্ঠ সময়। এয়া যৌৱন যাৰ যুদ্ধত যোৱা শ্ৰেষ্ঠ সময়। ঋতু আহে ঋতু যায় ক্লান্ত পখী ঘৰলৈ উৰা মাৰে সূৰ্য্য ডুবা আকাশত জোনটি ভাহে পোহৰৰ চাকি জ্বলে সেই চহৰত বৰ্ষা নামে প্ৰতিটো টোপালে টোপালে মোৰ তেজ গোট মাৰে । মই কাহানিও দেখা নাই বৰ্ষাসিক্ত খেতি পথাৰ দেখা নাই পথাৰৰ মাজত পৰি থকা ধৰ্ষিতা দেখা নাই তাৰ অসহায় পিতৃৰ বৃষ্টিত ভিজা মুখ মই কাহানিও দেখা নাই বৰ্ষাকালীন সন্ধিয়া কোনো বেশ্যাৰ দুখ, বৰ্ষাসিক্ত চহৰখন আজি ৰক্তৰঞ্জিত লাঞ্ছিত বঞ্চিত
Read more