উপল ধৰা-চন্দামিতা শৰ্মা

“Raped and murder”- শব্দ দুটাৰে পোষ্টমৰ্টেমৰ কাগজখন দাঙিব নোৱাৰাকৈ গধূৰ হৈ পৰিছে।নিস্তব্ধ- নিতাল সময়।যেন মৃত্যুমুখী মানুহ এজনৰ শেষ হ’বলৈ উপক্ৰম হোৱাৰ উশাহ। চুমকীৰ অন্ত্যেষ্টিক্ৰিয়া সমাপনৰ পিচত ঘৰ সোমাই দেখিলোঁ- সকলো যেন কিবা উদং।অনুভৱ কৰিলোঁ নিস্তব্ধতাৰ একধৰণৰ তীক্ষ্ণ দংশনৰ দৰে প্ৰভাৱ আছে। চুমকীৰ অনুপস্থিতিয়ে  এক দৃঢ় উপস্থিতিৰ সঞ্চাৰ কৰিছে। শেষ হৈও শেষ নোহোৱাৰ স্থিতি। -চুমুকী বা ক’ত দেতা? ঋতুৰ প্ৰশ্ন।  চুমকী বা ঋতুৰ কথা পতা আৰু খেল-ধেমালিৰ একান্ত সংগী।ঋতুৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মই ৰৈ দিলোঁ- সময়ে উত্তৰ দিব।সময়ত নিজৰ উত্তৰ

Read more

সাক্ষাৎকাৰ

(‘শব্দচিত্ৰ ই আলোচনীৰ এই সংখ্যাৰ সাক্ষাৎকাৰ যুগুতাইছে কুমকুম দেৱী শৰ্মাবৰুৱাই) বিশিষ্ট শিক্ষাবিদ,লেখক, সমাজ সংগঠক তথা ‘অসম সাহিত্য সভা’ৰ প্ৰাক্তন উপ -সভাপতি শ্ৰীযুত ভূপেন শইকীয়াদেৱৰ সাক্ষাৎকাৰ ল’বলৈ ‘শব্দচিত্ৰ’ৰ প্ৰশাসক মণ্ডলীয়ে মোক দায়িত্ব প্ৰদান কৰাত মনে মনে খুব আনন্দিত হৈছিলো।শইকীয়াদেৱৰ দৰে এগৰাকী বৰেণ্য,সুবিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল ব্যক্তিৰ সৈতে সাক্ষাৎকাৰৰ মুহূৰ্ত মোৰ জীৱনৰ বাবে চিৰস্মৰনীয় হৈ ৰ’ব। আহকচোন,শ্ৰীযুত ভূপেন শইকীয়াদেৱৰ মনৰ সৈতে কিছু সময় একাত্ম হৈ পৰোঁ। মই : নমস্কাৰ ছাৰ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰপৰা আপোনাৰ লগত সাহিত্যৰ বিষয়ে দুআষাৰ কথা পাতিব

Read more

ভ’লী,মূল লেখক:খাজা আহমেদ আব্বাছ,ভাবানুবাদ-চিত্ৰলেখা দেৱী

তাইৰ নাম আছিল সুলেখা, কিন্তু  নিচেই সৰুৰেপৰা তাইক সকলোৱে  ‘ভ’লী’ অৰ্থাৎ ভেবেলী বুলিহে মাতিবলৈ লৈছিল৷ তাই আছিল খাজনা সংগ্ৰহৰ কাৰ্যালয়ত চাকৰি কৰা ৰামলালৰ চতুৰ্থ  কন্যা৷ যেতিয়া তাইৰ বয়স দহ মাহ হৈছিল, এদিন তাই মজিয়াত মূৰটো দি পৰিল আৰু কিজানি এইবাবেই তাইৰ মগজুৰ কোনো অংশ বিকল হৈ পৰিল। তেতিয়াৰ পৰাই তাই মানসিকভাৱে অনগ্ৰসৰ শিশু হিচাবে থাকি গ’ল আৰু ‘ভ’লী’ অৰ্থাৎ ভেবেলী বুলি জনাজাত হৈ পৰিল। জন্মতে ছোৱালীজনী বৰ ধুনীয়া আৰু মৰম লগা আছিল। কিন্তু, তাই দুবছৰীয়া হওঁতেই সৰুআইৰ আক্ৰমণৰ বলি হ’ল।

Read more

সাহসৰ ছাঁ-নাজিয়া হাচান

প্ৰায়ে নিশা মাজভাগত, ৰিধিমা শুই থকা কণমানি বিচনাখনৰ একেবাৰে কাষত, লাখুটি লৈ বহি থকা বুঢ়া মানুহ এজনৰ ছাঁ এটা আঠুৱাখনৰ বাহিৰফালে তাই অস্পষ্টকৈ দেখা পায় আৰু ঠিক সেই সময়খিনিত ৰিধিমাৰ সৰ্বশৰীৰ শিলৰ দৰে যেন জঠৰ হৈ পৰে; ডিঙিটো শুকাই যোৱাৰ দৰে অনুভৱ কৰি তাই মানুহজনীয়ে চেষ্টা কৰিও শৰীৰৰ কোনো অংগ সক্ৰিয় কৰি ৰাখিব নোৱাৰে। মাথোন থৰ চকু হালেৰে বুঢ়া মানুহজনৰ ছাঁটো স্থিৰ হৈ লক্ষ্য কৰি থাকে। আজিও হঠাৎ মাজ নিশা ছাঁটো সেইদৰে তাইৰ কাষত বহি থকা দেখি, সমস্ত শক্তিৰে হাত-ভৰি

Read more

বক্তা, বক্তৃতা আৰু শ্ৰোতা: অপ্ৰতুল অনুভৱ -হৰগোবিন্দ দাস

(এই চমু নিবন্ধটি দেশৰ অজস্ৰ নৱ প্ৰজন্মৰ হাতত  সসন্মানে অৰ্পণ কৰিলোঁ ৷)    সাম্প্ৰতিক সময়ত সমাজত শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান, সাহিত্য, সাংস্কৃতিক, গ্ৰন্থ উন্মোচনী অনুষ্ঠান, বিভিন্ন বিষয়ৰ সম্বৰ্ধনা সভা,ভিন্ন ভিন্ন সামাজিক উৎসৱ- পাৰ্বন, বিভিন্ন সংঘ, সংগঠন আদিয়ে সমাজৰ হিতৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰা দৃষ্টিগোচৰ হয় ৷ তদুপৰি বিজ্ঞান বিষয়ক, প্ৰদূষণ বিষয়ক আদিৰ নতুন নতুন সংগঠনৰ জন্ম হৈ থকাত সমাজত সভা-সমিতিৰ সংখ্যাও বৃদ্ধি পাই অহাটো পৰিলক্ষিত হয় ৷ এনেকুৱা বিভিন্ন সভা-সমিতিত মাজে সময়ে যোগদান কৰাৰ সৌভাগ্য আমাৰো নোহোৱা নহয় ৷ কিছুমান সভাত উপস্থিত

Read more

পাপুৰ কথাৰে -সমুজ্জ্বল কাশ্যপ 

আকাশখন গোমা। সন্ধিয়াৰ আগতেই চৌদিশ অন্ধকাৰ হৈ আহিছে। হয়তো এজাক বৰষুণ  ডাঙৰকৈয়ে আহিব। গৌৰী মাষ্টৰ এতিয়াও স্কুলৰ পৰা অহা নাই৷ কণমানিটোক বুকুত বান্ধি মঞ্জুৰ মনত চিন্তা। পথাৰৰ মাজৰ অকলশৰীয়া টিঙৰ চালিৰ ঘৰটোত তেওঁৰ অকলে বৰ ভয় লাগে। তাতে আজি বতৰটো যেনেকৈহে আহিছে! : মাষ্টৰ বোপা এতিয়াও অহা নেকি আই?  : অ’…… আমৈ আহিছ! তেওঁচোন আহিয়েই পোৱা নাই৷ পাঁচ বাজিবৰ হ’ল। ইফালে পাপু স্কুলৰপৰা আহিয়েই ওলাই গ’ল, এতিয়াও ঘৰ সোমোৱা নাই। মোৰ বৰ চিন্তা হৈছে। : তহঁতৰ গৰুদুটা আনি পিচফালে বান্ধি

Read more

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত-সংহিতা ভট্টাচাৰ্য

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত সমগ্ৰ জীৱন নিৰৱচ্ছিন্ন ভাবে অসমীয়া ভাষা সাহিত্যৰ সেৱাত আত্মনিয়োগ কৰা সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্য হ’ল এক অসাধাৰণ সৃষ্টিশীল ব্যক্তিত্বৰ অধিকাৰী। ‘দুই বন্ধু’ গল্পটোৰে সাহিত্য জীৱন আৰম্ভ কৰা ভট্টাচাৰ্য্য দেৱৰ প্ৰথম উপন্যাস হ’ল চীনাযুদ্ধৰ পটভূমিত লিখা ‘বুদ্ধদেৱৰ মৃত্যু’। ইয়াৰ পিছত ঊনবিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্যৰ এক সংকটপূৰ্ণ সময়ক লৈ ৰচনা কৰা উপন্যাস ‘সাঁচিপাতৰ পুথি’, আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ মৰ্মস্পৰ্শী সত্যকাহিনীৰ আধাৰত ৰচিত ‘চৰাইদেও’, মহাকাব্যৰ আধাৰত ৰচিত প্ৰথম অসমীয়া

Read more

সম্পাদকীয়-ইলি তালুকদাৰ

চিৰ চেনেহী মোৰ ভাষা জননী।  বিদ্যালয়ত পঢ়ি থাকোঁতে ইংৰাজী সাহিত্যত ফ্ৰান্সৰ প্ৰখ্যাত সাহিত্যিক আলফন্স ডাউডেডে  (Alphonse Dauded) লিখা ‘The last lesson’ নামৰ পাঠ এটা পঢ়াৰ সুযোগ মিলিছিল। সেই বয়সতে পাঠটো পঢ়ি মাতৃভাষা কিমান আপোন হ’ব পাৰে আৰু আপোন ভাষাটো হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে সেই কথা অনুধাৱন কৰি বুকুখন শোকে খুন্দা মাৰি ধৰিছিল। প্ৰুছিয়াৰ হাতত ফ্ৰান্সৰ পৰাজয়ৰ পাচত আলচেছ (Alsace) আৰু লোৰেইন(Lorraine)ৰ শিক্ষানুষ্ঠান সমূহত ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা প্ৰচলনৰ বাবে বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছিল। তাৰেই পটভূমিত ৰচিত এই

Read more

মই কাপুৰুষ নহয়-প্ৰদীপ বৰা

২০১০ চনতে ভাগ্যপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  পৰা অৱসৰ গ্ৰহণ কৰা ৰাজ্যিক কৃতী শিক্ষকৰ  সন্মান  পোৱা  অধ্যক্ষ  ভৱানী বল্লভ গোস্বামীয়ে  বোৱাৰী পুৱাতে  বিছনা ত্যাগ কৰি  জুহালত অলপ পানী গৰম কৰি মুখ ধুই  এগিলাচ গৰম পানী খাই  শাকনিবাৰীত সোমাই  কেইটামান পাচলি ছিঙি আনিলে। হেণ্ডালিত থকা লতাজাতীয় পাচলিৰ গছবিলাকৰ বুঢ়া পাতবিলাক কাটি পেলালে ৷  তাৰ পিছত কিছুসময় বাৰাণ্ডাৰ আৰামী চকীখনত গাটো এৰি দি কিছুমান বেবেৰিবাং চিন্তাৰ জগতখনৰ মাজত কুৰুকি কুৰুকি সোমাই পৰিল। মোবাইলটোত তেতিয়া সময়  ৭ বাজি ৩৫ মিনিট । বহুত দিনৰ মূৰত 

Read more
1 66 67 68 69 70 81