ৰং নাম্বাৰ:মূল: মহাশ্বেতা দেৱী, অনুবাদ-উপাসা ভাগৱতী

ৰাতি এক বাজিছে ৷ তীর্থবাবুৰ টোপনি ভাঙি গ’ল ৷ টেলিফোন বাজিছে।মাজৰাতি টেলিফোন বাজিলে কিয়  ইমান ভয় লাগে বাৰু ? : হেল্ল’।শুনক, হস্পিতালৰ পৰা কৈছো ,অপোনালোকৰ পেচেন্টৰ এইমাত্ৰ মৃত্যু হৈছে ৷ হেল্ল’ ৷ : আমাৰ পেচেন্ট?হস্পিতালতটো আমাৰ কোনো পেচেন্ট নাই।আপোনাৰ নম্বৰ? : ৰং নাম্বাৰ ! থৈ দিয়ক। : ৰং নাম্বাৰত ফোন কৰে কিয় ? ৰং নাম্বাৰত? তীর্থবাবুয়ে ফোনটো নমাই থলে ৷ ভয় কৰে।ভীষণ ভয় কৰে। : হঠাৎ ফোনটো বাজি উঠে কিয় ? কিয় ইমান ৰং নাম্বাৰ হয়? সবিতাই সুধিলে। আজি বহুদিন

Read more

বিশ্বাস অবিশ্বাসৰ মাজেদি-সংহিতা ভট্টাচাৰ্য্য

“অ’ মা আমাৰ ক’লীজনী যে ইমান ধুনীয়া! ইমান মৰম লগা ন?”  তৰাৰ কথা শুনি মাক ৰমলাই ঘূৰি চালে ছাগলী পোৱালীটোলৈ। সঁচাকৈয়ে বৰ মৰম লগা।  “এইটো ল’ৰা হে ,ক’লীজনী বুলি কিয় কৈছ?” হাঁহি হাঁহি ৰমলাই জীয়েক তৰাক ক’লে। নাম দুটা বৰ মৰমত দিছে তৰাই। মাকৰ নাম লক্ষ্মী আৰু পোৱালীটোৰ নাম ক’লী।ৰাতিপুৱাৰপৰা ৰাতিলৈকে ছাগলী দুটাৰ লগতে ব্যস্ত তৰা। কি খুৱাম কি নুখুৱাম কিমান যে চিন্তা তাইৰ!পোৱালীটো হোৱাৰপৰা তাইৰ আনন্দ- উলাহত গাত একেবাৰে তত নোহোৱা হৈছে। “ৰমলা, অ’ ৰমলা এইফালে পানী এঘটি লৈ

Read more

দিবা স্বপ্নৰ কৰুণ পৰিণতি-সুভাষ শৰ্মা

হৃদয়খনৰ লগতে এদিন মোৰ চকুযুৰিও তোমাক দিছিলোঁ তোমাৰ চকুৰে দেখিছিলোঁ সকলো আকাশ,বতাহ আৰু হৃদয়। তুমি যি দেখুৱাইছিলা যেনেদৰে দেখুৱাইছিলা মই তাকেই দেখিছিলোঁ। এক সন্মোহিনী আৱেশে গিলি ৰাখিছিল মোৰ সমগ্ৰ সত্বা। তেতিয়া তোমাৰ দৃষ্টিৰে চালে আন্ধাৰবোৰ উজলি উঠিছিল সাতোৰঙী ৰামধেনুৰ ৰঙে ৰঙাই তোলা মোৰ আবেগ আৰু বিবেক মোৰ মন মগজু আৰু হৃদয় তোমাৰ সত্বাত বিলীন হৈছিল। শিহৰিত হৈ পৰিছিল  সময়ৰ প্ৰতিটো বিন্দু জীয়াই থকাৰ হেঁপাহবোৰক  কৰি তুলিছিল উৰ্বৰ দুখবোৰ পাতল পাতল লাগিছিল এক অজান যাদুকৰী শক্তিয়ে দিছিল মোক হেজাৰ অশ্ব শক্তিৰ

Read more

জীৱন বৰ অনুপম -নন্দিতা ভাণ্ডাৰ কায়স্থ

‘ময়ো যাম দিয়া তোমাৰ লগত।বহুদিন ঘৰৰপৰা ক’তো ওলায়েই যোৱা নাই।’ চাদৰৰ আঁচলত হাতৰ আঙুলিৰে বৃত্ত বনাই বনাই ৰুনাই স্বামী নিলয়ক আদৰুৱা মাতেৰে কয়। ‘তুমি! তুমি গৈ কি কৰিবা? মোৰ কলিগৰ পাৰ্টি। তোমাৰ তাত কোনো প্ৰয়োজন নাই। আৰু তুমি সেইখন সমাজৰ কথা কি জানানো? স্বামীৰ মুখেৰে যেন সেয়া কথা নহয় তাইৰ হৃদয়ক ক্ষত বিক্ষত কৰা এপাট জোঙা শব্দভেদী শৰহে।  আস! কি ক’লে মানুহজনে! তাই তেওঁৰ সমাজৰ কথা বুজি নাপায়!ইমান কেঁচা নেকি তাইৰ মগজু!কোনো দিনে দ্বিতীয় স্থানলৈ নামিবলগীয়া নোহোৱা মেধাবী বুলিয়েই জনাজাত

Read more

পৰিচয়-দীপাংকৰ মল্ল বৰুৱা

মই নিজকে সুধিলোঁ, মই কোন? নামটোৱে দাবী কৰিলে মই এটা নাম পদবীটোৱে দাবী কৰিলে মই এটা পদবী চেহেৰাটোৱে দাবী কৰিলে মই এটা চেহেৰা কিন্তু ক’তা, এটাৰ মাজতোচোন মই নিজকে বিচাৰি নাপালোঁ এটা মাথোঁ চিৎকাৰ অন্তৰৰ পৰা অহা এটি হাহাকাৰ মই নিজকে যেন হেৰুৱাই পেলাইছোঁ লাহে লাহে, ক্ষণে ক্ষণে  মই নিজকে বিচাৰি চাম মাৰ সেই চেনেহী কোলাত দেউতাৰ সেই স্নেহভৰা কথাত শৈশৱৰ বন্ধুবোৰৰ কোলাহলত কৈশোৰৰ সেই সপোনৰ মাজত যৌৱনৰ উশৃংখল মুহূৰ্তবোৰত নিজৰেই বুকুৰ নিভৃত গহ্বৰত তিল তিলকৈ মই গঢ়ি উঠিছোঁ  ক্ষণে

Read more

সোণৰ কণীপৰা হাঁহ-হৰিচন্দ্ৰ ডেকা

চয়নিকা তাইৰ নাম।দেখাই শুনাই যিদৰে মৰমলগা, কথা বতৰাও তাইৰ হিয়া শাঁতপৰা।দেউতাক জীৱন বৰুৱাৰ একমাত্ৰ সন্তান, মাক-দেউতাকৰ আলাসৰ লাৰু। বৰুৱা কলেজ এখনৰ অধ্যাপক ৷ মাকেও স্কুলত চাকৰি কৰিছিল।ছোৱালীজনীৰ লালন- পালনত প্ৰতিবন্ধকতা সৃষ্টি হোৱাৰ ভয়তে তেওঁ স্কুলৰ চাকৰি এৰি দিলে।জীৱন বৰুৱা মানুহজনে লিখা মেলা কৰে, অনবৰতে নিজৰ জগতখনতে থাকে ৷ পিছে জীয়েকৰ মৰমেহে তেওঁক বাহিৰৰ পৃথিৱীখনলৈ লৈ আহে।সহজ সৰলভাবে চলি থকা এখন সুখৰ সংসাৰ ৷ ছোৱালীজনীয়ে আই.আই.টিৰপৰা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙত মাষ্টাৰ্চ কৰি পি. এইচ.ডি.কৰাৰ অপেক্ষাত ঘৰতে আছে ।দেউতাকৰ চাকৰি থাকোঁতেই ছোৱালীজনীক বিয়া দিবলৈ 

Read more

লিমাৰিক-হৰেশ্বৰ গোস্বামী

এইবাৰ নিবনুৱাৰ হ’ব  চাকৰি  বহু বিভাগত আছে খালীপদ ভৰি            যদি কিবা মেৰপাক            লাগে আকৌ ক’ৰবাত  হাই কৰ্টে লগে লগে থ’ব বন্ধ কৰি।             আহিন মানে বুজিবা পূজাৰ বতৰ  চিন্তা লাগিল এতিয়া অভিভাৱকৰ          ধন-বিত  নাইকিয়া          উপায়ো নাই এতিয়া দিবই  লাগিব যে কাপোৰ সিহঁতৰ।       অভিজাত হ’বলৈ বুলি কৰি সি পণ বিলাতী কুকুৰ পোহাৰ কৰিলে মন           আনিলে এটা কুকুৰ           জাত হ’ল লাব্ৰাডোৰ  পস্তাইছে খৰচ কৰি সাঁচতীয়া ধন। ফুৰিবলৈ মন কৰি উঠিলে ৰে’লত  পাহৰিলে ল’বলৈ দৰকাৰী  টিকট            টি টি য়ে  খুজিলে সেয়া            নাই

Read more

দেৱকন্যা-শিখামণি গগৈ

কেঁউ– কেঁউ– কেঁউ খৰি লুৰি থকা লাচিত উচপ খাই উঠিল।খৰি নুৰা হাতত লৈয়ে ইফালে-সিফালে চালে সি।তাৰ ভ্ৰম হোৱা নাইতো!এইখন হাবিত কেঁচুৱাৰ কান্দোন!নাই এনেয়ে কিবা শুনিলে চাগে’ সি। উস্‌!শুকান বগৰীৰ ডাল এটাকে খামোচ মাৰি ধৰি ভাঙিব লওঁতে, কাঁইট এটাই তলুৱাতে বৰ বেয়াকৈ বিন্ধিলে তাক।তেজ অকণো ওলালে।এইবোৰ সময়তে তাৰ জেতুকীলৈ বৰ খং উঠে।ইমান খৰি গোটাই দিলেও তাইক খৰিৰে নোজোৰে।পুৱাই ৰিক্সাখন উলিয়াই লৈ পেডেলডালত ভৰিখন থ’বলৈ পায়হে।ক’ৰবাৰপৰা জাঁপ মাৰি আহি তাই,  চাউল-দাইল-আলুৰ কথা নক’লেও, খৰি কেইডালমান আনিবলৈ ক’ব নাপাহৰে।ঘৰখনত পাঁচোটি মানুহ।সেই পাঁচোটি মানুহলৈ

Read more

যোগ -উৰ্ব্বশী ভাগৱতী

মহীধৰৰ জীয়েক মামনিৰ বিয়া।চহৰৰ ল’ৰা।বৰকেৰাণী চাকৰি। তাতে এটাই ল’ৰা। মাটিয়ে-সম্পত্তিয়ে উভৈনদী। মামনিৰ কপাল ফুলিল বুলিহে গাঁৱত এতিয়া আলোচনা। এৰা,কাৰ ভাগ্যত কি লিখা থাকে কোনে জানে সকলোবোৰ বিধাতাৰ লিখন। চহৰত থাকিলেও ল’ৰাৰ মাক-দেউতাকে পুৰণিকলীয়া নীতি-নিয়মবোৰ এৰি দিয়া নাই। ছোৱালী পছন্দ হ’লেও দুয়োৰে জোৰা মিলাবলৈ মামনিৰ সোঁৱৰণীখন বিচাৰিলে তেওঁলোকে। ঘৈনীয়েকৰ যৌতুকত দিয়া লোৰ বাকচটোৰ তলিত সযতনে মেৰিয়াই থোৱা মামনিৰ সোঁৱৰণীখন লৈ দেউতাকে চহৰৰ ল’ৰাৰ ঘৰ পালেগৈ। আথে-বেথে বহুৱাই চাহ-জলপানেৰে আপ্যায়ন কৰিলে ল’ৰাৰ মাকে। তেনেতে দেউও আহি পালেহি হাতত মোনা এটা লৈ… “পিছে

Read more

নিশাৰ প্ৰহৰী-প্ৰণামিকা গগৈ

ব’হাগ বিহুৰ সময়ৰ কথা।মই মোৰ মানুহজন আৰু আমাৰ ছোৱালীজনীক লৈ মাহতঁৰ ঘৰৰপৰা ভাত খাই উভতি আহিছোঁ।নিশা প্ৰায় এঘাৰ বাজিছে।মোৰ মাৰ ঘৰৰপৰা মোক বিয়া দিয়া ঘৰলৈ দূৰত্ব নিচেই কম।খোজকাঢ়ি গ’লেও বৰ বেছি দহমিনিটমান লাগে।কিন্তু যিহেতু বিহুৰ সময় গতিকে আমি সেইদিনা ঘূৰি ঘূৰি বিহু চাই চাই যোৱাৰ বাবে ঘৰলৈ গাড়ী লৈয়েই গৈছিলো। ঘৰ পাই দেখিলো ঘৰৰ পৰিবেশ নিমাওমাও।মানে সকলোবোৰ শুই নিঃপালি দিলে।মোৰ মানুহজনে গাড়ীখন গেৰেজত ভৰাই মানে আমি মাক জীয়েক দুয়োজনী ঘৰৰ পাচফালে গ’লো,পাচফালৰ বাৰাণ্ডাত উঠি বোৱাৰীজনীক মাতিম বুলি।যিহেতু সকলো টোপনিত, গতিকে

Read more
1 64 65 66 67 68 81