লোক-সাহিত্যৰ সুনীয়া-সঁফুৰা : গোঁসানীৰ নাম-ড০ মৃদুস্মিতা ফুকন
সন্তান সৃষ্টিৰ অসীম ৰহস্য বহন কৰা, জন্মদাত্ৰী মাতৃগৰাকীক কেন্দ্ৰ কৰি আমাৰ সমাজত অলেখ কল্পনা,ভাৱ-অনুভূতিৰ সৃষ্টি হৈছে| নাৰীৰ মোহময়ী মাতৃৰূপত আকৃষ্ট হৈ দুৰ্গা,জগদ্ধাত্ৰী,কালী,অন্নপূৰ্ণা,শীতলা,মনসা,বাসন্তী আদি নাম দি ‘যা দেৱী সৰ্বভূতেষু মাতৃৰূপেন সংস্থিতা’ বুলি প্ৰণাম কৰিছে। ই হ’ল নাৰী-সত্তাই গোপনে আমাৰ ধৰ্ম উদ্ভাৱনাৰ অন্তৰালত ক্ৰিয়া কৰাৰ ফল।সামাজিক মানসিকতাইহে বাস্তৱ প্ৰয়োজনত ধৰ্মৰ ভাৱাদৰ্শসমূহৰ জন্ম দিয়ে।সেইদৰে লৌকিক প্ৰয়োজনত জন্ম হয় সমাজৰ লোকসাহিত্যসমূহৰ। লোক-সাহিত্যৰ এটা উল্লেখযোগ্য ভাগ হ’ল লোকগীত। অসমীয়া লোকগীতৰ বিভিন্ন শাখাসমূহৰ ভিতৰত অন্যতম গোট হ’ল ভক্তিমূলক গীতসমূহ।এই গীতসমূহৰ ভিতৰতো আকৌ গোঁসানীৰ নামবোৰ হৃদয় পৰশা
Read more