ৰুগীয়া_প্ৰেম-অজান অনুভৱ বৰা

(এক) “ফোনটো ধৰিবলৈ ইমান‌ সময় লাগে?কাৰ লগত লাগি আছিলি?শেষ কৰি দিছ তই‌ মোক”- সদায় কৰাৰ দৰে ৰিয়ানে আজিও তুলিকাৰ ওপৰত চিঞৰি উঠিছে ।তাই‌ বুজাবলৈ চেষ্টা কৰি কৰি ভাগৰি পৰে, সদায়ে ৰিয়ানৰ অশ্ৰাব্য  গালি-গালাজবোৰ কাণত বাজি থাকে ।  তথাপি তাই‌ ৰিয়ানৰ কাষ চাপি যায়।তাক সাবটি ধৰে। মানসিক ৰোগ বিশেষজ্ঞা তুলিকাই ঠিকেই বুজে  thantophobia ত আক্ৰান্ত ৰোগী এজনৰ বাবে এইখিনি মৰমৰ কিমান প্ৰয়োজন ।    (দুই) “তই মোক বুকুত কেনেকৈ হাত দিব পাৰিলি?ইমান দিনৰ বন্ধুত্বৰ এয়া কি উপহাৰ দিলি? ….”  গালি পাৰি

Read more

উত্তৰণ-হৰিচন্দ্ৰ ডেকা

(গল্পটোৰ পটভূমি সত্তৰ – আশী দশকৰ । গতিকে পঢ়ুৱৈয়ে সেই সময়ৰ গুৱাহাটী মহানগৰীখনৰ কথা কল্পনা কৰি পঢ়ে যেন) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনৰ বাকৰি আজি লোকাৰণ্য, চাৰিওফালে দলদোপ-হেন্দোলদোপ৷ লাউড স্পিকাৰত বাজি থকা সুমধুৰ অসমীয়া গানে চৌদিশ ৰজনজনাই আছে৷ গোটেই মহানগৰীখনেই আলোকসজ্জাৰে সজাই তোলা হৈছে, যেন চহৰখনত আবতৰীয়া দেৱালীহে উৎযাপন কৰা হৈছে।সৰু সৰু ছোৱালীবিলাকে মাক-বায়েকৰ  পাট-মুগাৰ মেখেলা-চাদৰ পিন্ধি হাতত ফুলৰ তোৰা লৈ ইফালে সিফালে দৌৰি ফুৰিছে৷অসমীয়া তথা হিন্দী কথাছবি জগতৰ অপ্ৰতিদ্বণ্ডী গায়িকা মলয়া দেৱীক গুৱাহাটী বিশ্ববিদ্যালয়ে আজি কলা-সংস্কৃতিত তেখেতৰ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে

Read more

নাককাটি-ৰঞ্জিত কুমাৰ শৰ্মা

বঙাইগাঁও চহৰৰপৰা দক্ষিণ দিশত প্ৰায় তেৰ কিলোমিটাৰ দূৰত্বত আছে দেৱানগাঁও নামৰ এখন গাঁও৷ বইটামাৰী ৰাজহ চক্ৰৰ অধীনৰ এই গাঁওখনৰ পূৱফালে বৈ গৈছে টুনীয়া নৈ৷ নৈখনৰ কাষতে আছে ‘নাককাটি পাহাৰ’৷জনশ্ৰুতিমতে পাহাৰখনৰ পুৰণি নাম আছিল মহাৰাণী৷ এই সম্পৰ্কত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে এটা কাহিনীও৷ কাহিনীটো এনেধৰণৰ—  বঙাইগাঁও জিলাত থকা পাহাৰবোৰৰ ভিতৰত এখন পাহাৰৰ নাম হ’ল ভূমিশ্বৰ৷ কাহিনীটোত এই ভূমিশ্বৰক ৰজা বুলি কোৱা হৈছে৷ ভূমিশ্বৰ ৰজাৰ ৰাণী আছিল মহাৰাণী৷ ভূমিশ্বৰ ৰজাৰ সৰু ভাতৃ এজন আছিল ভাওৰীয়া৷ মহাৰাণী আৰু ৰজাৰ ভাওৰীয়া ভাতৃৰ

Read more

চৌষষ্ঠি বিধ কলা-ইলি তালুকদাৰ

এসময়ত কৈশোৰ কালত শিষ্যসকলে অধ্যয়নৰ উদ্দেশ্যে গুৰুগৃহলৈ গৈছিল। তেতিয়া তেওঁলোকক গুৰুৱে ব্ৰহ্মচৰ্য্যৰ লগতে যিকোনো এটা কলা শিক্ষা দান কৰিছিল। এই কলা মুঠতে চৌষষ্ঠিবিধ।কোৱা হয় যে এই কলাসমূহৰ যিকোনো এবিধৰ বিষয়ে জ্ঞান নাথাকিলেও গাৰ্হস্থ্য জীৱন সম্পূৰ্ণকৈ কোনেও ভোগ কৰিব নোৱাৰে। গতিকে এই কলাসমূহৰ অলপ অলপ শিক্ষা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিৰে কৰ্তব্য। এই চৌষষ্ঠি কলানো কি ? তলত এই চৌষষ্ঠি কলা চমুকৈ বৰ্ণনা কৰা হৈছে। চৌষষ্ঠি কলা হ’ল ——- ১) সংগীত কলা অৰ্থাৎ সৰ্বপ্ৰধান কলা হ’ল গান বা গীত। ২) বাদন কলা

Read more

বগা ৰঙেৰেও বোলাব পৰা হ’লে জীৱন ছবি-মৃণাল  নাথ 

জেতুকাৰ ৰং কিয় ৰঙা হয়? ৰঙা হয় কিয় সেন্দূৰ  বৈধব্যতাক উপহাস কৰি ৰংবোৰ কিয় হয় আনন্দত বিভোৰ? সেন্দূৰেই যদি উদণ্ড উচ্ছৃংখল স্বামীৰ জীয়াই থকাৰ প্ৰমাণ,  নাৰীৰ একেই আচৰণক কিয় সেই সমাজত বেশ্যা উপাধিৰে কৰা হয় অপমান! নাৰী সৌন্দৰ্যৰ প্ৰতীক নাৰীয়েই আৰতি নাৰী মানেই প্ৰাৰ্থনা নাৰী মানেই আৰাধনা।  কবিৰ কবিতাত নাৰী মাতৃ নাৰী প্ৰেয়সী সমাজৰ মুখে মুখেহে মাথো নাৰী চঞ্চলা, প্ৰেম-পিয়াসী। নাৰী মানেই কুন্তী নাৰী মানেই দ্ৰোপদী  নাৰী মানেই সীতা নাৰী মানেই সাবিত্ৰী। নাৰী মানেইতো লক্ষ্মণৰ ভাতৃপ্ৰেমত উপেক্ষিতা উৰ্মিলা নাৰী মানেইতো

Read more

সম্প্ৰদায়-আৰতি ডেকা

মৌচুমী আৰু মৌমন সৰুৰেপৰাই একেলগেই পঢ়া শুনা কৰি দুয়োজন এতিয়া নিজৰ কৰ্মজীৱনত ব্যস্ত। :মৌমন, আজি তিনিবছৰ এৰি চাৰিবছৰত সোমাল…. আমাৰ প্ৰেম এইবাৰ দিঠকত নিশ্চয় দেখা পাম।  :হয় মৌচুমী,আজি ভেলেন্টাইন দে’।এই দিনটোতেই    তোমাক মই প্ৰেম নিবেদন কৰিছিলো।এতিয়া কোৱা তোমাক কি উপহাৰ লাগিব?? : বাঃ! মই  যি বিচাৰোঁ– তুমি সচাঁকৈ মোক দিব পাৰিবা নে?? :মই কথা দিছো মৌচুমী কোৱা। :মোক তুমি আজিয়েই সেন্দূৰ পিন্ধাই তোমাৰ অৰ্দ্ধাঙ্গিনী কৰি ল’ব পাৰিবা? : উসঃ! কি ডাঙৰ বৰ বিচাৰিলা!!  মই হৈছো নিম্নজাতৰ দাসৰ ল’ৰা আৰু

Read more

মানুহৰ আশা-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

পথৰ দাঁতিয়েদি গৈ আছে… সেই মানুহজন… হাড়ে-চালে লগা সেই মানুহজন।  খাবলৈ ভাত নাই, পীড়িত মানৱ, পিন্ধিবলৈ কাপোৰ নাই, সংকীৰ্ণ সি  তেওঁ জীয়াই আছে কিহৰ আশাত? এমুঠি ভাত বিচাৰি হাবাথুৰি খোৱা,  সেই মানুহজনে ৰাস্তাৰ কাষত বহি… অট্টালিকাৰ সপোন দেখে।  পেটৰ ভোকত পেটত এটুকুৰা গামোচা বান্ধি  তেওঁ ভিক্ষা বিচাৰে…. তেওঁ যে ক্ষুধাৰ্ত…… তেওঁ যে সমাজৰ পৰা বঞ্চিত…. তেওঁক লাগে কেৱল পেট ভৰাই খাবলৈ  এসাঁজ ভাত….. গা ঢাকি ৰাখিবলৈ এটুকুৰা কাপোৰ… কিন্তু তেওঁ পাইছে জানো? তেওঁৰ আশা আশা হৈয়েই ৰয়… তেওঁ যে সংকীৰ্ণ,

Read more

ভগ্ন সপোন-নিবেদিতা শৰ্মা

দুৱাৰ খনত আউজি স্হবিৰ হৈ পৰিছিল মল্লিকা।অলপ আগতে পাৰ হৈ যোৱা ধুমুহাজাকে বিধ্বস্ত কৰি থৈ গ’ল তাইৰ সকলো আশা-আকাংক্ষা,ঘৰ-দুৱাৰ,হেঁপাহ…. সকলো।হেপাঁহৰ ঘৰখন সাজিবলৈ তাই বহুত কষ্ট কৰিছিল ,এটাই আশা আছিল অতীতৰ দুখ-যন্ত্ৰণাবোৰে যাতে মল্লিকা আৰু ৰাতুলৰ সংসাৰখনত অকণো আউল লগাব নোৱাৰে। ৰাতুলে এটা কোম্পানীত চাকৰি কৰি ঘৰখন নিয়াৰিকৈ চলাই নিছে যদিও মল্লিকাই সিহঁতৰ ল’ৰা-ছোৱালী দুটাই যাতে টকা পইচাৰ বাবে কষ্ট নাপায়,সেই নিমিত্তে ৰাতুলক সহায় কৰিবৰ বাবে ছাগলী,হাঁহ ,মুৰ্গী পোহাৰ লগতে কাপোৰ বোৱা,চিলাই কৰা কাম আদি কৰি দিনটো সেইবোৰৰ লগতে ব্যস্ত হৈ

Read more

অনুতাপ-গীতামণি দত্ত

মঞ্জুলাৰ আজি বিয়া ঠিক হ’ল।দৰাৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত।ল’ৰাজন চৰকাৰী চাকৰিয়াল। চৰকাৰী চাকৰিয়াল ল’ৰা পাই ঘৰৰ আটায়ে আনন্দিত হ’ল।মঞ্জুলাৰ দেউতাকেও একমাত্ৰ ছোৱালীজনী চাকৰিয়াল ল’ৰা জনৰ ওচৰত গটাব পাৰি মনতে শান্তি পালে।দুজন ল’ৰাৰ মাজত এজনী ছোৱালী। বহুত মৰম-চেনেহৰ মাজত মঞ্জুলা ডাঙৰ দীঘল হৈছে।  চাকৰি কৰা ল’ৰা পাই ল’ৰাৰ বিষয়ে একো খবৰ খাতি নকৰাকৈ বিয়াখন ঠিক কৰি পেলালে।এনেদৰেই এদিন মঞ্জুলাই দিচাংমুখৰ হৰকান্তৰ লগত বিয়া হৈ আহিল। কলৰ তলৰপৰা হৰকান্তৰ মাকে আদৰি বোৱাৰীয়েকক ঘৰৰ ভিতৰলৈ লৈ গ’ল । অচিনাকি পৰিবেশ এটাত মঞ্জুলাই বৰ অকলশৰীয়া

Read more

প্ৰশান্তি-সংহিতা ভট্টাচাৰ্য্য

: ছাৰ,কামটো হ’বগৈনে? মহিলা গৰাকীৰ মাতত মই টেবুলখনৰপৰা ওপৰলৈ মূৰ তুলি চালোঁ। বগা মেখেলা চাদৰ এযোৰৰ সৈতে প্ৰায় ত্ৰিশ বছৰ মান বয়সৰ এগৰাকী মহিলা। কোলাত তিনিমহীয়া কেঁচুৱা এটা লৈ আছে। আৰু লগতে হাতত এটা ফাইল। মহিলা গৰাকীক দেখি বুজিবলৈ বাকী নাথাকিল। গিৰিয়েক ঢুকোৱা বেছি দিন হোৱা নাই। গিৰিয়েকৰ পেঞ্চনৰ কামতে অহা- যোৱা কৰি আছে। দুদিনমান লক্ষ্য কৰিছোঁ যদিও আজিহে ভালকৈ মন কৰিলোঁ মই। : দুদিনমান লাগিব। এইবোৰ কাম ইমান সোনকালে নহয়।—–গহীনভাবে মই উত্তৰ দিলোঁ। মানুহগৰাকী লাহে লাহে গুচি গ’ল। :

Read more
1 60 61 62 63 64 81