এই প্ৰেম সেই প্ৰেম-পদ্মলোচন ভৰদ্বাজ
তই বিচাৰিলেও বা নিবিচাৰিলেও মই প্ৰায়েই তোৰ কাষত বহোঁ সপোনত৷৷ তই ক’লেও বা নক’লেও কথাবোৰ আধৰুৱা হৈ থাকিলেও মই তোৰ কথা ভাবোঁ৷ এই যে আমি দুয়ো দুয়োকে একো ন’কলো তাত আমাৰ প্ৰাপ্তি আছেনে? কেতিয়াবা ভাবো, কৈ দিলেনো কি হ’লহেঁতেন!! ক’ৰবাত পঢ়িছিলোঁ “নোপোৱাৰ বেদনাই হেনো প্ৰেমক পূৰ্ণতা দিয়ে৷৷ তোৰ মনত আছেনে!! ভৰ দুপৰীয়া তোৰ বাৰীৰ পাছফালৰ ঔজোপাৰ কাষত ৰৈ মই মৰা সুহুৰিটো, কৃষ্ণৰ বাঁহীতকৈ কম নাছিল কিন্তু৷ তই বাউলী হৈ দৌৰিছিলি কলঙৰ পাৰলৈ৷৷ আৰু দুপৰীয়াটোৱে লাহে লাহে সেন্দুৰ বুলিছিল, এটা ধামখুমীয়া
Read more