সংখ্যাটোৰ আঁৰৰ কথা 

‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ  ১ম বছৰৰ অন্তিম সংখ্যাটো প্ৰকাশ হোৱাৰ  দুদিনমানৰ পাছতেই  ‘শব্দচিত্ৰ’ গোটৰ প্ৰাণস্বৰূপ অৰবিন্দ গোস্বামীয়ে এদিন মোলৈ ফোন কৰি কলে,   “বাইদেউ  , অনুৰোধ এটা কৰো— ৰাখিব দেই।” মই ভাবিলো যে গোটত মাজে -সময়ে দুই এটা অনুবাদ গল্প প’ষ্ট কৰো বাবে পাছৰ সংখ্যাটোত প্ৰকাশ কৰিবলৈ  তেনে গল্প এটা লিখিবলৈ ক’ব।মই ক’বলৈ কোৱাত যিটো অনুৰোধ কৰিলে যে মোৰ কাণৰ কাষত এজাক কোদোৱেহে যেন গোঁ-গোঁৱাই উঠিল।উচপ খাই উঠিছিলো।তথাপিও, কৌশলেৰে মোৰপৰা সন্মতি আদায় কৰিহে এৰিলে অৰবিন্দই।সেয়ে—- এয়া মই দুআষাৰ কথা লিখি আপোনালোককো জনাব লগা

Read more

মৰমৰ প্ৰতিদান-কুমকুম দেৱী শৰ্মাবৰুৱা

নীলা বছেৰেকীয়া পৰীক্ষাৰ পাছত পেহীয়েকৰ ঘৰলৈ যাবলৈ উত্ৰাৱল হৈ পৰিল। তাত তাই পেহীয়েকৰ অকৃত্ৰিম মৰমৰ লগতে ওচৰ-চুবুৰীয়া সমনীয়া ল’ৰা-ছোৱালীৰ লগত মুকলিমনেৰে খেলিবলৈ পায়।পেহীয়েকৰ ছোৱালী পৰীও তাইতকৈ এবছৰৰহে সৰু। নিজৰ ঘৰ নগৰত হোৱা বাবে পাৰ্কলৈ গৈ কেতিয়াবা খেলাৰ বাদে বাহিৰলৈ ওলাবলৈ মাকে নিদিয়ে। গাড়ী-মটৰৰ ভয়,কোনোবাই ধৰি নিয়ে বুলি ভয় ,মুঠতে বহুতো সমস্যা। নীলাৰ লগতে মাকো এইবাৰ তিনিদিনৰ কাৰণে ৰূপাপেহীৰ ঘৰলৈ ওলাল।ৰূপাপেহীয়ে আনন্দতে প্ৰথমদিনাই ঘৰৰে হাঁহ এজনী মৰাই সুন্দৰকৈ ৰান্ধি খুৱালেই। পাছদিনা নীলা পথাৰত পুখুৰী সিঁচা চাবলৈ ওলাল।আঁঠজনমান লোকে লাহনীৰে পানী সিঁচি

Read more

‘নাপায়’ কোৱাৰ বৈজ্ঞানিক যুক্তি-ধীৰাজ কুমাৰ বায়ন  

: ঐ মাজনী, তুমি মোৰ কথাবোৰৰ কিয় গুৰুত্ব নিদিয়া? এতিয়া ডাঙৰ হৈছা।দুদিন পিচত এখন ঘৰৰ বোৱাৰী হ’বা।এনেকৈ হ’লে কেনেকৈ চলিবা? মই আৰু কিমান ক’ম যে ৰাতি হ’লে ঘৰ সাৰিব নাপায়,চুলি চুচা, নখ কটা কামবোৰ কৰিব “নাপায়”। তোমাক কৈ কৈ ভাগৰি গৈছোঁ দেই।  : এ ৰ’বা না মা, এইটো নাপায়, সেইটো নাপায়। এইযে নাপায়, নাপায় বুলি কৈ থাকা কি কাৰণে নো নাপায় বুজাই দিয়াচোন মা।  আমাৰ আইতা, মাহঁতে ৰাতি এই কামবোৰ কৰিব নাপায় বুলি কৈছিল।আমিও এই বয়সলৈকে সেইবোৰ তেনেকৈয়ে মানি আহিছোঁ

Read more

লাক, মিৰাকল্ আদিৰ  কথা-ড° মৃদুস্মিতা ফুকন

১ জুলাই|চিকিত্‍সকসকলৰ বাবে এক বিশেষ দিন।সেই উদ্দেশ্যে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ ল’বলৈ চিকিত্‍সক স্বামীৰ  সৈতে ওলালোঁ।হাঁহি-আনন্দৰ সেই অনুষ্ঠান উপভোগ কৰি ঘৰ আহি পাই দেখোঁ, আজি প্ৰায় ১২ বছৰে পিন্ধি থকা ঘড়ীটো মোৰ হাতত নাই।স্বাভাৱিকতে মনটো বৰ বেয়া লাগিল।সেইদিনা ঘড়ীটো পিন্ধাৰ সময়ত আক’ মনতে ভাবিছিলোঁ… ‘আমনি লাগিছে আৰু এই ঘড়ীটো পিন্ধি পিন্ধি!বেয়াও নোহোৱা হ’ল ই!’ জগৰ লাগিল নেকি বাৰু ঘড়ীটোৰ?য’ত মানুহৰ জীৱনটোৱেই অস্থায়ী, সেই কথা জনা-বুজাৰ পাছতো এনে পাৰ্থিৱ অস্থায়ী বস্তু কিছুমানৰ সৈতে কিয় যে আমাৰ এনে গভীৰ সম্পৰ্ক

Read more

ৰত্নাকৰ-বৰষা ডেকা

এটা জাতি বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্ট্যপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোণ আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচ্চিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচ্চিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচ্চিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচ্চিত্ৰই স্থান, কালৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

Read more

লগ পাম তোমাক ইপাৰে!-ৰিমঝিম বৰঠাকুৰ

আইতা….. সৱিতা….. আইতা….. সৱিতা…..      দহবছৰীয়া নাতিনীয়েক জিয়াই যিমান জোৰেৰে চিঞৰিছে ককাকে লগে লগে সমানে ঘৈণীয়েকৰ নাম ধৰি চিঞৰিছে। এই সময় সিহঁতৰ বাবে খুউব ধুনীয়া। ককাক আৰু নাতিনীয়েকৰ সময়। আবেলি প্ৰায় চাৰিমান বজাত জিয়াই ককাকক লৈ ওলাই যায় সিহঁতৰ ঘৰৰপৰা অলপ দূৰৈত থকা পাৰ্কখনৰ ওচৰলৈ। তাতেই দুয়োটাই এক, ডেৰঘণ্টামান কটাই আকৌ ঘৰলৈ উভতি আহে। জিয়াৰ দেউতাকে ককাকক একেবাৰে সিহঁতৰ ঘৰলৈ লৈ অনাত তাইৰ বিৰাট ফূৰ্তি। অন্তত: এতিয়া তাইৰ লগত সকলো সময়তে থাকিবলৈ কোনোবা এজন আছে।তাইৰ মাক-দেউতাকেও ভাল পাইছে তেওঁলোকেও তেওঁলোকৰ

Read more

শ্ৰদ্ধাঞ্জলি-পূৰ্ণিমা শইকীয়া গগৈ

শ্ৰাদ্ধৰ সকলো আয়োজন চলি থকাৰ মাজতে হঠাতে বৰ পুত্ৰ প্ৰশান্তৰ মনত পৰিল কথাটো।শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলি জনাবলৈ দেউতাকৰ ফটো এখন লাগিব।তাৰ ওচৰত নাই।ভায়েক দিগন্ত আৰু ৰক্তিমৰ ওচৰতো নাই।কি হ’ব এতিয়া?সকলোৰে ঘৰত শ্ৰাদ্ধৰ দিনা ধূপ,বন্তি জ্বলাই ফুলেৰে সজাই থোৱা ফটো সিহঁতে দেখিছে। সকলোৰে হাতত দামী দামী মোবাইলত পৰিয়ালৰ লগত তোলা বহুত ফটো আছে। কিন্তু দেউতাৰ ফটো এখন তুলি থোৱাৰ কথা কোনেও নাভাবিলে। শেষত তিনি পুত্ৰই মাকৰ কাষ চাপিল। ”তোমাৰ ওচৰত দেউতাৰ ফটো আছে নেকি?” মাকে নতুন ঘৰত এলাগী হৈ পৰি থকা পুৰণি

Read more

সম্পাদকীয়

সময়ে বাগৰ সলাই আকৌ এটা নতুন বৰ্ষত প্ৰৱেশ কৰিলে আৰু সেয়ে পোনপ্ৰথমে মই সকলোলৈকে নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।কালচক্ৰৰ লগতে আমাৰ জীৱনত সুখ আৰু দুখৰো এক চক্ৰ অবিৰাম গতিশীল হৈ আছে,যেন এটা আনটোৰ পৰিপূৰক। সুখ- দুখ বুলি কওঁতেই কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ কবিতা এফাকি মনলৈ আহিল—-                          “সুখ সুখ বুলি মানুহ বলিয়া                নেদেখে সুখৰ মুখ,                 সুখ বিচাৰোতে পায় সংসাৰত                 দুখৰ ওপৰি দুখ।” আচলতে সুখ মানেনো কি?আমি  ইয়াক কিয়  ইমানকৈ খেদি ফুৰো?সুখ বিচাৰি ফুৰোতেই আমাৰ অমূল্য জীৱনটো কেনেকৈ  পাৰ

Read more

অণুগল্প- কমলা দাস। 

 (১) প্ৰত‍‍্যুত্তৰ কি খবৰ ধৰিত্ৰী, চিনি পাইছানে?   বিয়া ঘৰত লগৰ এজনীৰ লগত হাঁহি হাঁহি কথা পাতি থকা তাইক উদ্দেশ্য কৰি দূৰৰ পৰাই তাইৰ নাম ধৰি মতা মানুহজনলৈ তাই ঘূৰি চালে।  তাক দেখি তাই ঠিকেই  চিনি পালে। দেখিবলৈ মন নোযোৱা এজন অপ্ৰিয় মানুহ। দাঁতকেইটা উলিয়াই এটা ব্যংগাত্মক হাঁহি মাৰি সি তাইৰ ফালে  আগুৱাই আহিল।   নিজৰ মানুহজনে ডেকা কালতে তাইক চিৰদিনলৈ এৰি যোৱাত,অকলশৰীয়া তাইক সি বহু বছৰলৈকে বহুতো অশ্লীল ইঙ্গিত দি আমনি কৰিছিল। এবাৰ তাই খুব বেয়াকৈ কোৱাৰ ফলত বহু বছৰ মাত-বোল,দেখাসাক্ষাৎ নাছিল

Read more

অসমীয়া সংস্কৃতিত জাপিৰ ব্যৱহাৰ-পলাক্ষী লস্কৰ

অসমীয়া  সংস্কৃতিৰ বাৰে -বৰণীয়া ক্ষেত্ৰখন বিভিন্ন লোক কলা আৰু থলুৱা শিল্পৰ অৱদানেৰে সমৃদ্ধ। নিজৰ স্বকীয় বৈশিষ্টৰে ভৰপূৰ সম্পদবোৰৰ প্ৰতিটোৱেই বৈশিষ্ট্যপূৰ্ণ। অসমীয়া জাতীয় কৃষ্টিৰ এক আপুৰুগীয়া আৰু মৰ্যাদাপূৰ্ণ সম্পদ হ’ল –“-জাপি”। জাপি হৈছে বাঁহৰ কাঠীৰে টুপী আকৃতিৰ দুখন তাল হাজি টকৌপাত বা জেঙুপাতেৰে ছোৱা এবিধ ঘূৰণীয়া আকৃতিৰ সামগ্ৰী। সমাজৰ চহা জীৱনৰ সেউজীয়া পথাৰখনৰপৰা বিয়া-সবাহ, উৎসৱ-পাৰ্বন, সন্মানৰ অভ্যৰ্থনা আদি অনুষ্ঠানসমূহত জাপি বিশেষৰূপে ব্যৱহাৰ হৈ আহিছে। অসমত জাপিৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছে তাক সঠিককৈ কোৱা টান। ৭ম শতিকাৰ  কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজত্বকালত চীনা

Read more
1 57 58 59 60 61 81