ঘৰৰ সংজ্ঞা-চিত্ৰলেখা দেৱী

তলসৰা  বকুলৰ মালা গাঁথি থাকোঁতেই  পোখা মেলিছিল বুকুৰ কোণত  এটি বকুলৰ বীজে। মোৰ বাৰীত ৰুই থ’লে  ছিঙিব পাৰিমচোন – এপাহ, দুপাহ  তল সৰিবলৈ নৌপাওঁতেই  । দেউতাই কলে – থ থ, বকুল নোৰোৱে ঘৰত ; মোৰ বাৰীৰে ডাল-গছবোৰ ভাগি গৈছে তগৰ, খৰিকাজাঁইৰ ভৰত। শিৰত সেন্দুৰেৰে এওঁৰ হাতত ধৰি যাওঁতেও  বুকুত কঢ়িয়ালোঁ বীজটি ; জানোচা জেগা অকণ পাওঁ। ঠাই ক’ত —ঠাই  ? ঘৰ-বাৰী ভৰি আছে ৰঙীন ফুলেৰে। শহুৰ, শাহু, দেওৰ, ননদ ভিন্ন চখ সকলোৰে  এওঁ ক’লে — ঠাই নাই, ঠাই নাই;  আগৰে

Read more

বিহু-অনামিকা কলিতা

চিকিৎসকে পৰীক্ষা কৰি চাই কেইবাবিধো ঔষধ দি গুছি গ’ল।পথৰ দাঁতিত পৰি থকা বৃদ্ধ মানুহজনক এখন বৃদ্ধ আশ্ৰমত থকাৰ সুবিধা কৰি দিলে তেওঁ । বিহুৰ বজাৰ কৰিলেনে?ঘৰলৈ অহাত শ্ৰীমতীৰ প্ৰশ্নৰ উত্তৰত  এক সন্তুষ্টিৰ হাঁহিৰে ক’লে, : আজি ঘৰত যি আছে হ’ব দিয়া। কাইলৈ কৰিম। ************

Read more

এনেকৈয়ে আগুৱাই জীৱন-দুলুমণি শইকীয়া

: অনুৰাগ,তুমি কিয় এনেকুৱা কৰিছানো,কোৱাচোন কি হৈছে তোমাৰ?মই একো ধৰিব পৰা নাই দেই!!কি দেখিনো মৌন হৈ গ’লা তুমি!মোৰ উপস্থিতিয়ে তোমাক আনন্দ দিব পৰা নাই নেকি বাৰু?মই বৰ অশান্তি পাইছোঁ দেই এনেদৰে থাকি। ঠিক আছে তেন্তে। আজিলৈ যাওঁগৈ ব’লা।এনেদৰে থাকিব নোৱাৰি আৰু। অনুৰাগে তাইৰ হাতখনত থাপ মাৰি ধৰি ক’লে…. : অনামিকা,মোক ক্ষমা কৰিবা।তোমাক বহুত কথা ক’বলৈ আছে।এদিন সকলো ক’ম তোমাক ।কিন্তু আজি জোৰ নকৰিবা প্লিজ ।মোৰ মনটো কিবা এটা ভাল লগা নাই। : তোমাৰ মনটো বেয়া লগা বাবেই কৈছোঁ অনু,আজি যাওঁগৈ

Read more

চুনামী-নমী ফুকন বৰা

: হেল্ল’ বাইদেউ , হেল্ল’ —শুনিছেনে ? : শুনি আছো কোৱা গীতি। : বাইদেউ আজি ইমনক লৈ আমি এফালে যাবলগা আছে।অনুগ্ৰহ কৰি আপুনি বাৰু অলপ সোনকালে আহি মাঁহতৰ লগত থাকিব পাৰিবনে? : অঁ,ঠিক আছে।মই এয়া যাবলে লৈছিলোৱেই ।তুমি নিশ্চিন্ত মনেৰে যাব পাৰা। : বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ দিম ——–। : নালাগে ধন্যবাদ,মাত্ৰ তুমি তোমালোকৰ কাম কৰি যোৱা।  ফোনটো কাটিয়েই মোৰ কামবোৰ সামৰি ছাৰক কৈ  লৰালৰিকৈ ই-ৰিক্সা এখন লৈ ঘৰ পালোহি।দেখিলো গীতুহঁতৰ গাড়ীখন সিহঁতৰ গাড়ী ৰখা জেগাতেই আছে। তাৰমানে

Read more

জুনুকা-পল্লৱী কৌশিক শৰ্মা

নাই,  এটা চৰম সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাক জুনুকাই আৰু নুই কৰিব নোৱাৰে। বিশ্বাসৰ চিলাখন ভূলুণ্ঠিত হোৱাৰ পিছত, ভ্ৰম এটাকে সত্য বিবেচনা কৰি হাত সাবটি বহি ৰোৱাটো কোনোমতে যুক্তিসংগত নহয়।  প্ৰচণ্ড আক্ৰোশত যোৱা কেইবাদিনো ধৰি অৱহেলিতভাৱে পৰি ৰোৱা চাউল সিজোৱা চিলভাৰৰ চৰুটো দমকলৰ পাৰলৈ উলিয়াই নিলে তাই।চৰুটোৰ তলিৰ অৱশিষ্ট ভাতকেইটাৰ ওপৰত ইতিমধ্যে ভেঁকুৰে তৰপ বান্ধিছিল। ফলত অকটা গোন্ধ এটা বাহিৰ হৈ পেটটো পকাই ধৰিলে।এনেয়ো আজিকালি অদ্ভুত গোন্ধ কিছুমানে অহৰহ খেদি ফুৰা হৈছে মানুহজনীক। যেন পানীটোপাও ডিঙিৰে নসৰকিব! চাদৰৰ আঁচলেৰে নাকটো সোপা মাৰি

Read more

ইচ্ছা-মামণি কলিতা

অকলশৰীয়া মানুহগৰাকীক দেখিলে ওচৰ চুবুৰীয়াই সদায় কয়….. “আপুনি নিমাওমাওকৈ অকলে থাকি কি ভাল পায়? ল’ৰা ছোৱালীৰ ওচৰলৈ গুচি নাযায় কিয়”?  এই কথাৰ একো উত্তৰ নিদি তেওঁ মিচিকিয়াই হাঁহে। চুবুৰীৰ মানুহবোৰে তেওঁ নুশুনাকৈ ফুচফুচনিৰ মেল পাতি হাঁহে। নিজৰ ঘৰত থাকি মুকলিকৈ উশাহ লোৱাৰ সুখ আনৰ ঘৰত কেনেকৈ পাব; লাগিলে তেওঁৰ নিজৰ পুত্ৰ কন্যাৰ ঘৰেই হ‌ওক। আজিকালি সকলো নিজৰ নিজৰ কেৰিয়াৰ গঢ়াত ব্যস্ত।আগৰ দিন নাই। নিজৰ সৰু অৱস্থালৈ মনত পেলাই সেই সময়বোৰলৈ ঘূৰি যাবলৈ হেঁপাহ জাগে। ককা-আইতা,বৰদেউতা,বৰমা,দদাইদেউ,খুৰী আদিৰ যৌথ পৰিয়ালত কোনো অকলশৰীয়া

Read more

নদীৰ কাষত ৰৈ-ৰঞ্জিত কুমাৰ শৰ্মা  

নদী ঐ বৈ থাক অবিৰাম নীলাভ্ৰই দিগন্ত চুলে তোৰ লাৱণ্য চোৱাৰ হেঁপাহ পূৰাম৷ তোৰ পাৰতে কটাম এটি বিয়লি বেলা দুনয়ন ভৰি চাম চিকমিক তৰংগৰ চঞ্চল খেলা৷ তোৰ বুকুত ওপঙি থাকে যে খেলি তলুৱাত তুলি ল’ম পশ্চিমৰ সেই সেন্দূৰীয়া বেলি।  নীড়মুখী পক্ষীয়ে লৈ আহিলে গধূলি ৰৈ থাকিম চাবলৈ তোৰ বুকুত চন্দ্ৰমাৰ ৰূপালী৷ ************

Read more

সম্পাদকীয়

ফুল!  কিমান যে কোমল শব্দ এটা!  শব্দটোতেই যেন সোমাই আছে  অন্তহীন কোমলতা! ফুলক কেন্দ্ৰ কৰিয়েই অলেখ কাহিনী ৰচিত হৈছে আৰু হৈ থাকিব। ফুল ভাল নোপোৱা মানুহ চাগৈ এই পৃথিৱীত নায়েই। উপহাৰস্বৰূপে এপাহ ফুল পালে আমাৰ কিমান যে আনন্দ লাগে!কম বেছি পৰিমাণে সকলোৱে ফুল ভাল পায়। ৰং-বিৰঙী ধুনীয়া ধুনীয়া ফুলবোৰ ৰমকজমককৈ বাগিচা শুৱাই ফুলি থকা দেখিলে আমাৰ মনবোৰ খুবেই আনন্দ লাগে। নয়ন সাৰ্থক হয়।  মধুৰ বতাহত হালি জালি বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰা সেই ধুনীয়া ফুলবোৰ সুন্দৰ কৈ ফুলাবলৈ গৃহস্থই কৰা আদৰ

Read more

মৰমৰ মূল্য-পূৰ্ণিমা শইকীয়া গগৈ 

দীঘল পদুলীটোলৈ কেইবাবাৰো অহা-যোৱা কৰিলে সনাতন শইকীয়াই। এই সময়ছোৱা বৰ আগ্ৰহেৰে ৰৈ থাকে তেওঁ। কিন্তু আজি সময় পাৰেই হ’বৰ হ’ল। ভায়েক বিনন্দৰ দেখা দেখিয়েই নাই।  “হেৰি ভাত খাওকহি আহক। কিমাননো  বাটলৈ অহা-যোৱা কৰি থাকে।” পৰিবাৰ নিৰ্মলাই মাত লগালে।  “অলপ সময় ৰ’বাচোন। মোৰ ভোক লগা নাই নহয়। আজিৰ দিনটোত ভাতকেইটা তাৰ সৈতে খাইহে  ভাল লাগে।”  পিছে দুপৰীয়া হোৱালৈকে বিনন্দ নাহিল। সনাতন শইকীয়াই অকলেই ভাত খালে। নিৰ্মলাই বৰ সুন্দৰকৈ ভাত সাঁজৰ যোগাৰ কৰিছিল। বিনন্দই ভাল পোৱা পাৰ মাংসৰ আঞ্জা, কচুশাকৰ সৈতে কণবিলাহী

Read more
1 56 57 58 59 60 81