কি ৰং সানিলা-উপাসা ভাগৱতী

কেতেকীৰ ৰেণুৰ দৰে ৰং নে গোন্ধটো কেতেকীৰ দৰে নাই নাই নহয় ন’হলে যে তোৰ কাষ কোনেও নাচাপিব কাষে পাঁজৰে থাকিব সেই বিষধৰ দেখিলেই ফণা মেলি খেদি আহিব। ডালত ওলমি থকা কপৌৰদৰে নেকি জীৱনটো পৰাশ্ৰয়ীৰ? নাই নাই তগৰৰ দৰেহে  গোন্ধে আমোলমোল হিয়া সেইবাবে সকলোৱে গোন্ধতে ওপঙি প্ৰেমক বৰঘৰত স্থান দি হয় উন্মনা তই আহিলে সৰুদৈ,বৰদৈৰ তাণ্ডৱে দুর্বল মনটো মষিমূৰ কৰিলেও পুনৰ ন-কুঁহিৰে নিজৰেই কৰে গুণ-গান মাহ-হালধিৰ আবিৰ সানি আমৰ মূল ,কঁঠালৰ মুচিৰে কি যে ৰান্ধে জুতি জেতুকাৰ ৰঙা ৰঙে, গোন্ধে শিপাই

Read more

মহান দাৰ্শনিক চক্ৰেটিছ আৰু এপিয়লা হেমলক(বিহ)-কুঞ্জ খাউণ্ড

বিশ্ববিখ্যাত দাৰ্শনিক ছক্ৰেটিছ  আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক এথেনিয়ান।তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৪৬৯ ত গ্ৰীচৰ এথেন্স চহৰত।দেউতাক ছক্ষোনাইছাৰ এজন শিলা-কুটী(শিলৰ মূৰ্তি গঢ়াৰ ভাস্কৰ) আৰু মাক ফেনাৰেট  আছিল এগৰাকী ধাই।ছক্ৰেটিছে জান্তিপ নামৰ এগৰাকী মহিলাক বিয়া কৰাইছিল। তেওঁলোকৰ তিনিটা সন্তান আছিল ক্ৰমে লেম্প্ৰ’ক্লেছ, ছ’ফ্ৰ’নিস্কাছ আৰু মেনেক্সিনাছ। ছক্ৰেটিছৰ জীৱনধাৰণ পদ্ধতি আছিল অতি সাধাৰণ। সাধাৰণ কাপোৰ আৰু সুদা ভৰিৰেই তেওঁ চলা-ফিৰা কৰিছিল। তেওঁ দৰ্শন সম্পৰ্কীয় জ্ঞানৰ বাবে কোনো বিদ্যালয় বা দাৰ্শনিকৰ ওচৰত শিক্ষা লোৱা নাছিল। নিজৰ আৰ্জিত শিক্ষা, জ্ঞান আৰু অভিজ্ঞতাৰপৰাই তেওঁ নিজস্ব এটা দৰ্শন গঢ়ি

Read more

নিশাৰ ফুল-হৰিচন্দ্ৰ ডেকা

“পলাশী………. !” ছোৱালীজনীয়ে বিদিশাৰফালে ঘূৰি চালে।অচিনাকি মানুহ এগৰাকীয়ে আচম্বিতে এইদৰে তাইৰ বাহুত খামুচি ধৰি দুৰ্বোধ্য ভাষাত কিবাকিবি কৈ থকা দেখি আচৰিত হ’ল।কথা কোৱাৰ ধৰণ চাই মানুহগৰাকী মানসিকভাৱে অসুস্থ বুলিও পতিয়ন নিয়াব নোৱাৰি ৷ কিবা এটা  যে ভুল হৈছে কথাটো বুজিব পাৰি ছোৱালীজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই কেৱল আতুৰ মাতৃগৰাকীৰ চকুলৈ একেথৰে চাই থাকিল ৷ কাষতে থকা  ছোৱালীজনীৰ মাক উধাতু খাই দৌৰি আহিল ; কন্যাক মানুহগৰাকীৰ কবলৰপৰা উদ্ধাৰ কৰাৰ মানসেৰে তাইক আঁতৰাই নিবলৈ চেষ্টা কৰিলে।ইতিমধ্যে এজন আদবয়সীয়া লোক, বোধকৰো মানুহগৰাকীৰ স্বামী, বেগাবেগিকৈ

Read more

সমন্বয়ৰ ডোলেৰে বন্ধা বিহু অসমৰ পৰা বিশ্ব দৰবাৰলৈ-নিবেদিতা শৰ্মা 

শীতৰ শুষ্কতাই প্ৰকৃতিৰ বুকু নিৰস কৰি থৈ যোৱা গছ-লতিকাই বৰদৈচিলাজনীৰ আগমনত জীপাল হৈ উঠি ন-কুহিঁপাতেৰে দেহটো জুৰায়।প্ৰকৃতিৰ এনে কোমল পৰিৱেশত আত্মহাৰা হৈ নানা ৰঙী ফুলবোৰো হাঁহিৰে মুখৰিত হয়।প্ৰকৃতিৰ অন্যতম অৱদান চৰাই চিৰিকটিবোৰেও প্ৰকৃতিৰ গাভৰু বুকুত নানা মাতেৰে প্ৰেমৰ গীত গায়।বসন্তৰ পৰশত নিজস্ব ভাষাৰে ভাব-অনুভূতি প্ৰকাশি বন-উপবনত প্ৰাণোচ্ছল অনুৰণন তোলে সৌন্দৰ্যপিয়াসী বিহংগই।কুলি,কেতেকীৰ হিয়াভঙা বিননিত দুখৰ নিজৰা বোৱাই কোনোবা দুখী প্ৰেমিক প্ৰেমিকাই। বিৰিখৰ ’’কুহিঁপাত” বিহংগৰ কোলাহলে আপোন আপোন অস্তিত্ব ঘোষণা কৰাৰ লগতে প্ৰকৃতিৰ বুকুলৈ ৰঙালী বিহুৰ আগমনৰ বতৰা বিলায়।কুলিটিৰ যাদুকৰী ঐক্যতান গুঞ্জৰিত

Read more

নতুন পথৰ পোহৰ,মূল: অনন্যা পোদ্দাৰ,ভাবানুবাদ-অঞ্জু মহন্ত

সেইদিনা শৈবালৰ হাতৰ সেই চৰটোৱে যে পুষ্পিতাৰ জীৱনৰ গতি এনেকৈ সলনি কৰি দিব, সেয়া সপোনতো কল্পনা কৰিব পৰা নাছিল পুষ্পিতাই। ইমান বছৰ শৈবালৰ সৈতে থকা সময়খিনিত মাথোঁ অনুভৱ হৈছিল, শৈবাল অবিহনে এই জীৱন অচল! শৈবাল নাথাকিলে পুষ্পিতাৰ ইহকাল-পৰকাল সকলো যেন স্তব্ধ হৈ যাব! কিন্তু ক’ত! তেনেধৰণতো একোৱেই নহ’ল। শৈবালৰ অবিহনেও পুষ্পিতাৰ পৃথিবীখনতো সুন্দৰকৈ চলিছে, একোৱেইতো ৰৈ যোৱা নাই। তেনেহ’লে ইমানদিন কিহৰ বাবে এনেকৈ সাবটি আছিল তাই সংসাৰ খন? আজি অফিচলৈ যোৱাৰ সময়ত বাছৰ খিৰিকীৰে পুষ্পিতাই এক মূহূৰ্তৰ বাবে শৈবালক দেখিছিল।

Read more

বে-হিচাপ-কৰবী দাস

দাইলখন ফোৰণ দি গেছটোৰ এফালে প্ৰেচাৰ কুকাৰটোত ভাতখিনি উঠাই দি দৌৰা-দৌৰিকৈ কাম খিনি কৰি শেষ কৰি ডাক্তৰৰ ওচৰলৈ যাবৰ বাবে সাজু হ’ল বাসৱীয়ে। যোৱা তিনি-চাৰি মাহৰপৰা হৈ থকা বুকুৰ বিষটোৱে অসহ্য কৰি দিছে বাসৱীক।ল’ৰা-ছোৱালী দুয়োটাকে স্কুললৈ পঠিয়াই তাই চিটি বাছত উঠিল হস্পিতাললৈ বুলি।দুঘণ্টা অপেক্ষাৰ অন্তত ডাক্তৰক দেখুৱালে।এসোপামান পৰীক্ষা কৰিব দিলে। কাউণ্টাৰত প্ৰেচক্ৰিপচনখন দেখুওৱাত ল’ৰাজনে পৰীক্ষাবিলাক কৰিবনে নকৰে বাসৱীক সুধিলে। একেলগে পৰীক্ষা বোৰ কৰিবৰ  মন আছিল যদিও সমস্যা হ’ল টকাৰ হিচাপটো শুনি। চিটিস্কেন, এক্সৰে, তেজৰ পৰীক্ষা সকলো মিলাই আঠ হেজাৰ টকা

Read more

ব’হাগ-মোহাইমিনুৰ ৰহমান 

বৃষ্টিৰ প্লাৱনেৰে সু-সজ্জিত  আজি মোৰ জন্মভূমিৰ  প্ৰতিজোপা গছ সেউজীয়া বৰণৰে কুলিৰ কুউ কুউ মাতত বাপতি সাহোন ব’হাগৰ আগমণ শিপিনীৰ হাতৰ পৰশ তাঁতশালৰ খিতিক্-খিতিক্ শব্দ ডিঙিত স্বাভিমান গামোচা লৈ নতুনত্বক আলিংগন যৌৱনৰে ভৰপূৰ দেহ-মন ঢোল পেঁপা গগনাৰ মাতত অসমী আইৰ বুকুত শান্তিৰ বাতাবৰণ  ব’হাগ মানে প্ৰেম কপৌ পাহি মুগা ৰিহা অলংকৃত গাভৰু নাচনীৰ তত নাই গাত বিহুৱা ডেকাজাককো স্পৰ্শ কৰি যায়হি মৰমৰ সুবাস বিলোৱা প্ৰেমৰ ধুমুহা এজাক  আকৌ যদি লওঁ পুনৰ জনম অসমী আইৰ বুকুত বহাগীৰ কোলাতে মেলিম জীৱনৰ প্ৰথম দুচকু

Read more

মা তোৰেই মৰমত-মানসী শৰ্মা

তাই গাটো ধুই লৰালৰিকৈ শাহুৱেক উঠাৰ উমান পাই  পাকঘৰ সোমালগৈ।শাহুৱেকে নিজে  চাহকাপ বনাবলৈ  অহাৰ আগতেই তাই  চাহৰ চচটো গেছত উঠাই দিলে।  শাহুৱেকে মনতে  ভাবিলে  “আজি দেখোন শেনৰ  এজাত।” শাহুৱেকে মুখখন ধুই অহাৰ লগে লগেই হাজাৰ কামৰ মাজতো চাহকাপ তায়েই দিবলৈ চেষ্টা কৰে।শাহুৱেকে  কথাটো সিমান ভাল নাপালে।তেখেতে সন্দেহ কৰিবলৈ ল’লে। “মই চাহৰ লগত পিঠা, লাডু খাওঁ  বুলিয়েই এই নিজেই চাহ দিবলৈ লৈছে।ৰ’ তোক মজা দিম।মোৰ খোৱা তই  সৰহ দেখ।”   তেওঁ বোৱাৰীৰ খুঁত  ধৰিবলৈ সুযোগ বিচাৰি থাকিল। এদিন সুযোগ মিলিল। তাইৰ হাজাৰ 

Read more

অসমীয়া ফকৰা-যোজনাত নাৰী-ড° মৃদুস্মিতা ফুকন

লোক-সাহিত্যৰ বিভিন্ন বিভাগসমূহৰ ভিতৰত ফকৰা-যোজনাৰো সাহিত্যিক তথা সামাজিক মূল্য অনস্বীকাৰ্য। কোনো এটা গূঢ় তত্ত্ব বা একোটা গধুৰ কথাৰ সাৰমৰ্ম কম কথাৰে, সৰ্ব-সাধাৰণে বুজি পোৱাকৈ ফকৰা-যোজনাৰে বুজাই ক’ব পাৰি। নিৰক্ষৰ চহালোকৰ জীৱনৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰালস্বৰূপ এনে ফকৰা-যোজনাসমূহৰ প্ৰচলন পৃথিৱীৰ প্ৰায় সকলো ভাষা-ভাষীৰ মাজতে প্ৰচলিত। তাৰ ভিতৰত সৰ্বাধিক স্থান অধিকাৰ কৰিছে নাৰীকেন্দ্ৰিক ফকৰা-যোজনাই। অসমীয়া ফকৰা-যোজনাও নাৰীকেন্দ্ৰিক ফকৰা-যোজনা, পটন্তৰ আদিৰে চহকী। এগৰাকী নাৰী জীয়াৰী- বোৱাৰী, স্ত্ৰী, ভনী আৰু গৌৰৱময়ী মাতৃ। নাৰীৰ এই সকলো ৰূপেই সুন্দৰভাৱে প্ৰতিফলিত কৰাবলৈ এই ফকৰা-যোজনাসমূহ যথেষ্ট। তদুপৰি এইসমূহৰ

Read more

নিহত মই,মূল বাংলা কবিতা: ডঃ হিমাদ্ৰি সাহা, অনুবাদ-ডুলুমণি দাস

তোমাৰ হাতত নিহত হোৱাৰ পাছতো জীয়াই আছোঁ মই, এতিয়াও যি ৰাতি মোক হত্যা কৰা হৈছিল তোমাৰ মুখত লাগি আছিল  শেৱালি ফুলৰ স্নিগ্ধ হাঁহি৷ তুমি মোক শুৱাই থৈ আহিছিলা  সোণালী শস্যৰ পথাৰত তোমাৰ হাতত লাগি আছিল মোৰ সেউজীয়া ৰক্ত ৷ মোৰ হৃদপিণ্ডৰ মাজত মোৰেই পছন্দৰ  এটি গন্ধৰাজ ফুল   সিঁচি দিছিলা তুমি। সেইকাৰণেই  মই এতিয়াও জীয়াই আছোঁ সেয়ে পাৰা যদি মোক তুমি  প্ৰতি ক্ষণতে হত্যা কৰা৷ প্ৰবলা হৈ মই জীয়াই থাকিব খোজোঁ। ************

Read more
1 54 55 56 57 58 81