কি ৰং সানিলা-উপাসা ভাগৱতী
কেতেকীৰ ৰেণুৰ দৰে ৰং নে গোন্ধটো কেতেকীৰ দৰে নাই নাই নহয় ন’হলে যে তোৰ কাষ কোনেও নাচাপিব কাষে পাঁজৰে থাকিব সেই বিষধৰ দেখিলেই ফণা মেলি খেদি আহিব। ডালত ওলমি থকা কপৌৰদৰে নেকি জীৱনটো পৰাশ্ৰয়ীৰ? নাই নাই তগৰৰ দৰেহে গোন্ধে আমোলমোল হিয়া সেইবাবে সকলোৱে গোন্ধতে ওপঙি প্ৰেমক বৰঘৰত স্থান দি হয় উন্মনা তই আহিলে সৰুদৈ,বৰদৈৰ তাণ্ডৱে দুর্বল মনটো মষিমূৰ কৰিলেও পুনৰ ন-কুঁহিৰে নিজৰেই কৰে গুণ-গান মাহ-হালধিৰ আবিৰ সানি আমৰ মূল ,কঁঠালৰ মুচিৰে কি যে ৰান্ধে জুতি জেতুকাৰ ৰঙা ৰঙে, গোন্ধে শিপাই
Read more