যাত্ৰা-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

সৌৰভ আৰু শেৱালীৰ জীৱনযাত্ৰা খুউব সুন্দৰভাৱে আগবাঢ়ি আছে। এদিন সৌৰভে শেৱালীক প্ৰশ্ন কৰিলে “আমাৰ জীৱনৰ এই সুবিশাল যাত্ৰাত তুমি মোৰ কাষত সদায়েই থাকিবানে?” শেৱালীয়েও টপৰাই উত্তৰ দিলে… “এইটো কিবা সুধিবলগীয়া কথা নেকি? মই সদায়েই তোমাৰ লগত থাকিম।”  ভবা দৰেই দিনবোৰ আগবাঢ়ি গৈ আছে আৰু ক’ব নোৱাৰাকৈ সৌৰভেই খুব সোনকালে নিজৰ কথাৰপৰা বিচলিত হ’ল। এতিয়া শেৱালীৰ কোঠাত সৌৰভৰ এখন ফটো হৈ এডাল মালাৰে সৈতে জিলিকি আছে।      ************

Read more

নিশাৰ ফুল-হৰিচন্দ্ৰ ডেকা

“পলাশী………. !” ছোৱালীজনীয়ে বিদিশাৰফালে ঘূৰি চালে।অচিনাকি মানুহ এগৰাকীয়ে আচম্বিতে এইদৰে তাইৰ বাহুত খামুচি ধৰি দুৰ্বোধ্য ভাষাত কিবাকিবি কৈ থকা দেখি আচৰিত হ’ল।কথা কোৱাৰ ধৰণ চাই মানুহগৰাকী মানসিকভাৱে অসুস্থ বুলিও পতিয়ন নিয়াব নোৱাৰি ৷ কিবা এটা  যে ভুল হৈছে কথাটো বুজিব পাৰি ছোৱালীজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই কেৱল আতুৰ মাতৃগৰাকীৰ চকুলৈ একেথৰে চাই থাকিল ৷ কাষতে থকা  ছোৱালীজনীৰ মাক উধাতু খাই দৌৰি আহিল ; কন্যাক মানুহগৰাকীৰ কবলৰপৰা উদ্ধাৰ কৰাৰ মানসেৰে তাইক আঁতৰাই নিবলৈ চেষ্টা কৰিলে।ইতিমধ্যে এজন আদবয়সীয়া লোক, বোধকৰো মানুহগৰাকীৰ স্বামী, বেগাবেগিকৈ

Read more

নাৰী মহিমাময়ী-নিবেদিতা শৰ্মা

‘নাৰী’ এটি মাথো শব্দই নহয়।নাৰী শব্দৰ মাজত অন্তৰ্নিহিত হৈ আছে নাৰীৰ সৌন্দৰ্য,মমতা, সাহস আৰু ত্যাগ।নাৰীৰ জীৱনটো সৰ্বগুণেৰে অলংকৃত কৰি আগুৱাই নিবলৈ আমাৰ সমাজ আৰু অভিভাৱক সকলৰ দায়িত্ব অনস্বীকাৰ্য।নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয় ।নাৰী আৰু পুৰুষ পৃথিৱীৰ দুটা অবিচ্ছেদ্য অংগ।নাৰী শব্দটো এটা অতি অনুভূতি প্ৰৱণ শব্দ যাৰ অৰ্থ হৈছে ললনা,তিৰোতা,মহিলা ইত্যাদি। নাৰী শব্দটোতে যেন সকলো সোমাই আছে।নাৰী হ’ব পাৰে কাৰোবাৰ জীয়ৰী কাৰোবাৰ বোৱাৰী কাৰোবাৰ পত্নী।নাৰীৰ অভিধা ইয়াতকৈও বিশাল যাক কেৱল সীমাহীন আকাশৰ লগতহে তুলনা কৰিব পাৰি।সেয়ে হয়তো

Read more

অণুগল্প-নাজিয়া হাচান

(১) ভোগ মছজিদৰপৰা আজানৰ সুৰটো ৰিণিকি ৰিণিকি উৰি আহিল।দোপাট্টাখন মূৰলৈ আৰু অলপ টানি মানুহগৰাকীয়ে এটা খেজুৰ আৰু এগিলাচ পানী নিৰাকাৰজনৰ নাম লৈ মুখত দি,বিৰিয়ানিখিনিৰ আগভাগ সহায়িকা ৰুণু দেৱীৰ পৰিয়াললৈ বুলি টিফিন বাকচ  এটাত সুন্দৰকৈ সজাবলৈ ল’লে। -বাইদেউ আপোনালোকে নোখোৱাকৈ মোলৈ বিৰিয়ানিৰ আগ ভাগ কিয় সজাইছে? মইতো ৰোজাও নাৰাখোঁ বাইদেউ! আপোনালোকলৈ প্ৰথমে ৰাখি যি ৰয় মোক দিলেই হ’ল হয়….! ―একো নকৈ মিচিকিয়া-হাঁহিৰে মানুহগৰাকীয়ে ৰুণুৰ হাতখনত মৰমেৰে টিফিন বাকচটো উঠাই দিয়ে। বিৰিয়ানি চামুচ মুখত লৈ মানুহগৰাকীয়ে নিজকে ক’লে―ৰোজা ৰখা নাই তাই,জানো;কিন্তু ভোক

Read more

ভৰি নোহোৱাকৈ খোজৰ  চাপ: অনুবাদক – চিত্ৰলেখা দেৱী

(প্ৰখ্যাত ইংৰাজ সাহিত্যিক  H G WELLS ৰ  THE INVISIBLE MAN নামৰ গ্ৰন্থৰ কিয়দংশৰ ভাবানুবাদ । এই অংশটো দশম শ্ৰেণীৰ ইংৰাজী দ্ৰুতপাঠৰপৰা লোৱা  হৈছে ।) ল’ৰা দুটাই বোকা লগা দুটা খালী ভৰিৰ খোজৰ চাপবোৰ চাই চাই অবাক  হ’বলৈ ধৰিলে।লণ্ডন চহৰৰ মাজ মজিয়াত থকা ঘৰ এটাত  মানুহ এজনে খালী ভৰিৰ কেনেকৈ চাপ  পেলাব পাৰিছে?আৰু  মানুহজনেই বা ক’ত? সিহঁতে তধা লাগি চাই  থাকোঁতেই এটা উল্লেখযোগ্য দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিলে। এটা সতেজ খোজৰ চিন এফালে দেখা গ’ল। ইটোৰ পিচত সিটো খোজৰ চাপ ঘৰটোৰ খটখটিৰে 

Read more

বিজ্ঞাপন-হৰগোবিন্দ দাস

মহানন্দ বৰুৱা অঞ্চলটোৰ ভিতৰতে জনাজাত আঢ্যৱন্ত শ্ৰেণীৰ গণ্য- মান্য ব্যক্তি ৷দুজন পুত্ৰ তেওঁৰ।চাকৰিসূত্ৰে দুয়োজনে পৰিয়ালসহিতে ঘৰৰপৰা বাহিৰত থাকে। আলধৰা ল’ৰা এটি ৰাখি বৰুৱা- বৰুৱানীয়ে সংসাৰখন চলাই আছিল।কিন্তু বিধিৰ বিপাক,বৰুৱানীয়ে মাত্ৰ দুদিনৰ জ্বৰতে বৰুৱাৰ সঙ্গ চিৰদিনৰ বাবে ত্যাগি অজান দেশলৈ গুচি গ’ল।বৰুৱাই বাহিৰত চিকিৎসাৰ ব্যৱস্থা কৰাৰ কোনো সুযোগেই নাপালে ৷ পত্নী ঢুকোৱাৰ পাচত বৰুৱাই একাকীত্বত ভুগিছে ৷ পুত্ৰ-বোৱাৰী সকলো নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত ৷ ফোন এটা কৰি দেউতাকৰ খা- খবৰ অকণ লবলৈকো যেন সিহঁতৰ আহৰি নাই ৷ মহানন্দ বৰুৱাই বাতৰি

Read more

ব’হাগ বিহুৰ এটা দিন-ইলি তালুকদাৰ

বিহুৰ বতৰ বুলিলে  মনলৈ যিবোৰ ভাৱ আহে সেয়া  ডেকাৰপৰা বুঢ়ালৈ সকলোৰে বাবে একেই চাগৈ। নহ’লে মোৰ দৰে বুঢ়ী এজনীৰ বিহুৰ দিনত জীয়ৰী জীৱনৰ উৰণীয়া দিনবোৰৰ লগত যোৰ পাতি থকা বিহুনাম দুটামান গাবলৈ, ঢোলৰ চাপৰ শুনিলে এতিয়াও এপাক বিহু নাচিবৰ মন যায়নে?ঘৰত  আজি মই আৰু মোৰ বুঢ়াটো। ল’ৰা-ছোৱালীহাল ওলাই গৈছে।পাকঘৰত কাম কৰি আছিলোঁ। মাইকত ভাঁহি অহা বিহুগীত শুনি মন ৰাইজাই কৰা বতৰ। অকল মোৰেই নহয়, মোৰ নিচিনাকৈ বুঢ়াৰো চাগৈ অৱস্থা নাই। ডেকা বয়সত কম টটাটিঙা আছিলনে এই বুঢ়া?এতিয়াও যেন বুঢ়া আগৰদৰেই

Read more

প্ৰমূৰ্ত-অংকিতা বৰুৱা

: তুমি সুখী নে ৰাগিনী ? : সুখী প্ৰিয়ম।অন্ততঃ সুখী হোৱাৰ কৌশলবোৰ আয়ত্ব কৰি লবলৈ শিকিছোঁ। : কিমান বছৰৰ পাছত আমি লগ হৈছোঁ বাৰু আজি মনত আছেনে তোমাৰ? : পঁচিশ বছৰ।সেই যে দৰং কলেজত হায়াৰ ছেকেণ্ডেৰী শেষৰ পৰীক্ষাৰ দিনা তুমি মোৰ লগত তোমাৰ ৰঙা ৰেঞ্জাৰ চাইকেলখন হাফ পেডেল মাৰি মাৰি মোৰ হোষ্টেলৰ পদূলিলৈকে আহিছিলা!সেয়াই শেষ দেখা হৈছিল আমাৰ! জীৱনৰ সকলো সমীকৰণ সলনি হ’ব পৰাকৈ এক দীৰ্ঘ সময়ৰ ব্যৱধান আছিল এই পঁচিশটা বছৰ।অপলক নেত্ৰে চাই ৰ’ল প্ৰিয়মে তাইলৈ।ইমান সূক্ষ্মতাৰে তাই কথাখিনি

Read more

তাই-ৰাজু কুমাৰ নাথ

         (১) সময়ৰ দুৰন্ত গতি,  তাইৰ হাতে ফুটা ঘটি,  ফুৰে লোকৰ ৰটনা ৰটি,  এদিন পৰিল সকলোৰে যতি।             (২) ৰূপ, ধন, যৌৱন হয় জানো আপোন? সময়ত নিজেই ভাঙে নিজৰেই দাপোন,  ধনেও লগ এৰে, লৰ মাৰে অযুত সপোন,  মৰি আহে মন পাৰভঙা নদীৰ কান্দোন ।             (৩) তাই দুচকুৰ মায়াজাল এৰুৱালে, অহংকাৰেই পতন পলমকৈ বুজিলে, নতুনকৈ নিজকে তাই পুনৰ সজালে, মৰম আৰু আদৰেৰে জগতখন জিনিলে। ************

Read more
1 55 56 57 58 59 81